তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
অসমত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’-ৰ শুভাৰম্ভ
‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ লক্ষ্য হৈছে চৰকাৰী ধ্বজাবাহী আঁচনিসমূহৰ এশ শতাংশ ৰূপায়ণ নিশ্চিত কৰা
Posted On:
15 NOV 2023 3:23PM by PIB Guwahati
আজি সমগ্ৰ দেশতে "বিকশিত ভাৰত সংকল্প যাত্ৰা"ৰ শুভাৰম্ভ কৰা হৈছে। দেশৰ দুৰ্গম তথা প্ৰত্যন্ত অঞ্চলসমূহলৈকে চৰকাৰী আঁচনিসমূহৰ কাৰ্যকৰী প্ৰসাৰ নিশ্চিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই যাত্ৰা হৈছে এক পৰিৱৰ্তনশীল পদক্ষেপ। সংকল্প যাত্ৰাৰ গুৰুত্ব হ'ব অনাময় সুবিধা, অত্যাৱশ্যকীয় বিত্তীয় সেৱা, বিদ্যুৎ সংযোগ, এলপিজি চিলিণ্ডাৰৰ প্ৰৱেশাধিকাৰ, দৰিদ্ৰ লোকসকলৰ বাবে বাসস্থান, খাদ্য সুৰক্ষা, সঠিক পুষ্টি, নিৰ্ভৰযোগ্য স্বাস্থ্যসেৱা, বিশুদ্ধ খোৱা পানী আদিৰ দৰে কল্যাণমূলক আঁচনিসমূহৰ লাভ প্ৰদান কৰাৰ লগতে জনসাধাৰণৰ কাষলৈ গৈ তেওঁলোকৰ মাজত সজাগতাৰ সৃষ্টি কৰা। যাত্ৰাৰ সময়ত নিশ্চিত কৰা বিৱৰণৰ জৰিয়তে সাম্ভাব্য হিতাধিকাৰীসকলৰ নামভৰ্তি কৰা হ'ব।
অসমত তিনিখন জিলা- বাক্সা, কোকৰাঝাৰ আৰু কাৰ্বি আংলঙত ‘বিকশিত ভাৰত যাত্ৰা’ৰ শুভাৰম্ভ কৰা হৈছে। দেশজুৰি ৰূপায়িত হ’ব লগা ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ প্ৰতি ৰাজ্যসমূহৰ প্ৰতিশ্ৰুতিবদ্ধতাত গুৰুত্ব আৰোপ কৰি ৰাজ্যিক মন্ত্ৰীসকলে এই কাৰ্যসূচীৰ উদ্বোধনত নেতৃত্ব প্ৰদান কৰে। দেশৰ বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি এক অংশীদাৰী প্ৰতিশ্ৰুতিৰে অধিক সামগ্ৰিক আৰু উন্নত ভাৰতৰ দিশত এই যাত্ৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে। বাক্সা জিলাৰ ‘বৰামা উচ্চতৰ মাধ্যমিক বিদ্যালয়’ৰ খেলপথাৰত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’-ৰ কাৰ্যসূচীত ‘বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন’ৰ অধ্যক্ষ শ্ৰী কাতিৰাম বড়োৰ সৈতে অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে।
বাক্সাত ‘আইইচি ভান’ৰ শুভাৰম্ভ ঘোষণা কৰে অসম চৰকাৰৰ ‘বন আৰু পৰিৱেশ বিভাগ’ৰ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
একেদৰে, কোকৰাঝাৰ জিলাৰ ‘দক্ষিণ কাঁশীবাৰী খেলপথাৰ’ত অনুষ্ঠিত কাৰ্যসূচীত ‘বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন’ৰ ‘মুখ্য কাৰ্যবাহী সদস্য’ শ্ৰী প্ৰমোদ বড়োৰ সৈতে অসম চৰকাৰৰ ‘হস্ততাঁত আৰু বস্ত্ৰ বিভাগ’ৰ মন্ত্ৰী শ্ৰী ইউ জি ব্ৰহ্মই অংশগ্ৰহণ কৰে।
অসম চৰকাৰৰ ‘হস্ততাঁত আৰু বস্ত্ৰ বিভাগ’ৰ মন্ত্ৰী শ্ৰী ইউ জি ব্ৰহ্ম, ‘বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন’ৰ ‘মুখ্য কাৰ্যবাহী সদস্য’ শ্ৰী প্ৰমোদ বড়ো, কোকৰাঝাৰৰ উদ্বোধনী অনুষ্ঠানত
কাৰ্বি আংলঙৰ মাঞ্জাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ ‘ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আৰু পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগ’ৰ মন্ত্ৰী শ্ৰী যোগেন মহন, ‘কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ’ৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী তুলিৰাম ৰংহাং আৰু অন্যান্য জ্যেষ্ঠ চৰকাৰী বিষয়াসকল উপস্থিত আছিল।
পতাকা জোকাৰি ‘আইইচি ভান’ৰ যাত্ৰাৰম্ভ কৰে অসম চৰকাৰৰ ‘ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আৰু পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগ’ৰ মন্ত্ৰী শ্ৰী যোগেন মহনে, কাৰ্বি আংলঙত
হাতে হাতে ‘কেলেণ্ডাৰ’ আৰু ‘পুস্তিকা’ লৈ বাক্সাৰ অনুষ্ঠানটোৰ একাংশ অংশগ্ৰহণকাৰী
ব্যাপক সজাগতা সৃষ্টিৰে সকলো যোগ্য হিতাধিকাৰীক অত্যাৱশ্যকীয় সেৱা লাভৰ সুযোগ প্ৰদান কৰাৰ লগতে সমাজৰ অন্তিম গৰাকী নাগৰিক পৰ্যন্ত আঁচনিসমূহৰ লাভ প্ৰদানৰ বাবে সজাগতা সৃষ্টি কৰাত গুৰুত্ব দিয়াটোৱেই হৈছে এই যাত্ৰাৰ লক্ষ্য।
JN/SS/KB
(Release ID: 1977117)
Visitor Counter : 673