প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 NOV 2023 9:50AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

শ্ৰী মোদীয়ে কয় যে দেৱভূমি উত্তৰাখণ্ডই ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ সমৃদ্ধিত অমূল্য অৱদান আগবঢ়াই আহিছে।

এটা এক্স প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাৰ সমৃদ্ধিৰ ক্ষেত্ৰত দেৱভূমি উত্তৰাখণ্ডই অমূল্য অৱদান আগবঢ়াই আহিছে। প্ৰাকৃতিক পৰ্যটনৰ বাবে বিখ্যাত এই ৰাজ্যখনৰ মোৰ পৰিয়ালৰ সকলো সদস্য কঠোৰ পৰিশ্ৰমী হোৱাৰ লগতে অত্যন্ত সাহসীও। আজি ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেওঁলোকলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

*******

DS/ST/SB


(रिलीज़ आईडी: 1975824) आगंतुक पटल : 122
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam