নৌ-পৰিবহন মন্ত্ৰালয়

শ্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ প্ৰথমখন আন্তৰ্জাতিক ক্ৰুজ লাইনাৰৰ ঘৰুৱা জাহাজ পৰিবহণ ফ্লেগ অফ কৰে

২০৪৭ চনৰ ভিতৰত ভাৰতত ৫ মিলিয়ন ক্ৰুজ যাত্ৰীৰ লক্ষ্যত উপনীত হোৱাৰ দিশত এয়া এক বৃহৎ পদক্ষেপ

Posted On: 03 NOV 2023 7:30PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি মুম্বাইৰ পৰা ভাৰতৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ লাইনাৰ কোষ্টা চেৰেনা নামৰ জাহাজখনৰ শুভাৰম্ভ কৰে।

                                                                      

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ভাৰতত কোষ্টা ক্ৰুইজৰ ঘৰুৱা জাহাজ চলাচলৰ শুভাৰম্ভ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান যি ক্ৰুজিং আৰু পৰ্যটনৰ ক্ষেত্ৰত এক নতুন যুগৰ আৰম্ভণিক সূচায়। এই পদক্ষেপ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ "দেখো আপনা দেশ" উদ্যোগৰ দ্বাৰা পৰিচালিত হৈছে।

ভাৰতে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ (এম.ও.পি.এছ.ডব্লিউ.) সৈতে ক্ৰুজ খণ্ডৰ ওপৰত গুৰুত্ব বৃদ্ধি কৰিছে।  ইয়াৰ ইতিবাচক প্ৰভাৱ, নিযুক্তি সৃষ্টিৰ সম্ভাৱনা, বৈদেশিক মুদ্ৰা আৰু অন্যান্য বহুতো লাভালাভৰ বাবে ভাৰতে সক্ৰিয়ভাৱে ক্ৰুজ পৰ্যটনৰ  প্ৰচাৰ কৰি আছে। ইয়াৰ এটা মুখ্য বিষয়বস্তু হৈছে উপকূলীয় ৰাজ্য আৰু দ্বীপসমূহৰ পৰ্যটন স্থলসমূহত ক্ৰুজ গন্তব্যস্থান বিকশিত কৰা।

ভাৰতৰ ক্ৰুজ পৰ্যটন উদ্যোগক প্ৰচাৰ আৰু পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা ধাৰাবাহিক পদক্ষেপৰ বাবেই কোষ্টা ক্ৰুজৰ ঘৰুৱা জাহাজ পৰিবহণৰ আৰম্ভ সম্ভৱ হৈছে। উল্লেখ্য যে,  ই বিশ্বৰ অন্যতম বৃহৎ  আৰু প্ৰতিষ্ঠিত ক্ৰুজিং গ্ৰুপ ইটালীৰ কোষ্টা ক্ৰুজ কাৰ্নিভেল কৰ্পৰেশ্যনৰ এক অংশ ।

ইয়াৰ ব্যৱস্থাসমূহৰ ভিতৰত আছে ক্ৰুজ জাহাজৰ বাবে নিশ্চিত বাৰ্থ, আউষ্টিং চাৰ্জ আঁতৰোৱা, সকলো ডাঙৰ বন্দৰৰ বাবে ৰেহাইমূলক একেধৰণৰ একক হাৰ, ঘৰুৱা ক্ৰুজ জাহাজৰ বাবে ক্ৰুজ শুল্কত ৩০ শতাংশ পৰ্যন্ত শিথিল কৰা, বিদেশী ক্ৰুজ জাহাজৰ বাবে কেবটেজৰ ৰেহাই, সীমা শুল্কৰ বাবে সমান এছঅ'পি, অভিবাসন, চিআইএছএফ, বন্দৰ, যাত্ৰীসকলৰ সুবিধাসমূহ বৃদ্ধিৰ সৈতে ক্ৰুজ টাৰ্মিনেলৰ উন্নীতকৰণ আৰু আধুনিকীকৰণ।

এই ক্ষেত্ৰত শেহতীয়াকৈ গ্ৰহণ কৰা অন্যতম পদক্ষেপসমূহৰ ভিতৰত আছিল উপকূলীয় পথলৈ ৰূপান্তৰিত হোৱা বিদেশী পতাকাযুক্ত বিদেশী জাহাজসমূহক চৰ্ত সাপেক্ষে আই জি এছ টি ৰেহাই প্ৰদান কৰা, যাৰ ফলত বিদেশী ক্ৰুজ অপাৰেটৰৰ ওপৰত আৰ্থিক বোজা যথেষ্ট পৰিমাণে হ্ৰাস পায়।

এই পদক্ষেপসমূহৰ ফলস্বৰূপে ২০১৩-১৪ চনত ১০২টা ক্ৰুজ জাহাজৰ কল আৰু ৮৪,০০০ যাত্ৰী পৰিচালনা কৰাৰ তুলনাত ২০২২-২৩ চনৰ ভিতৰত এই সংখ্যা ২২৭টা কল আৰু ৪.৭২ লাখ যাত্ৰীলৈ বৃদ্ধি পাব। অৰ্থাৎ বিগত ৯ বছৰত ক্ৰুজ কল আৰু যাত্ৰীৰ হাৰ ২২৩ শতাংশ বৃদ্ধি পাইছে। যোৱা ৯ বছৰৰ ভিতৰত ৰিভাৰ ক্ৰুজ পৰ্যটন কাৰ্য্যকলাপতো ১৮০ শতাংশ হাৰ বৃদ্ধি পাইছে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ লাইনাৰৰ বৃদ্ধিয়ে ভাৰতীয় ক্ৰুজিং উদ্যোগৰ প্ৰতি ক্ৰমাৎ আগ্ৰহ প্ৰদৰ্শন কৰিছে। ইয়াৰ লগতে বহু নতুন সেৱা অতি শীঘ্ৰে আৰম্ভ হোৱাৰ আশা প্ৰকাশ কৰা হৈছে।

মন্ত্ৰালয়ৰ আন এক অভিলাষী আঁচনি সাগৰমালা কাৰ্যসূচীৰ অধীনত ক্ৰুজ পৰ্যটন আৰু লাইটহাউছ পৰ্যটনৰ উন্নয়নৰ বিষয়ে সক্ৰিয়ভাৱে বিবেচনা কৰা হৈছে। সাগৰমালাৰ অধীনত সামুদ্ৰিক ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰালয় আৰু পৰ্যটন উন্নয়ন বিভাগৰ সহযোগত সামুদ্ৰিক ৰাজ্যসমূহত পৰ্যটনক প্ৰসাৰিত কৰাৰ বাবে প্ৰকল্পও চিনাক্ত কৰা হৈছে।

এই ক্ষেত্ৰত বিগত ৯ বছৰত সাগৰমালা কাৰ্যসূচীয়ে উপকূলীয় ক্ৰুজ পৰ্যটন আৰু দ্বীপ উন্নয়নৰ প্ৰসাৰৰ বাবে ২৬৭ কোটি টকাৰ ১১টা প্ৰকল্প সম্পূৰ্ণ কৰিছে। ইয়াৰে কিছুমান প্ৰকল্পৰ ভিতৰত চেন্নাইত ক্ৰুজ যাত্ৰী সুবিধা কেন্দ্ৰ, কোচিনত আন্তঃৰাষ্ট্ৰীয় ক্ৰুজ টাৰ্মিনেল নিৰ্মাণ আৰু মৰ্মুগাও বন্দৰত ক্ৰুজ বাৰ্থিং আৰু ক্ৰুজ যাত্ৰীৰ সুবিধা উন্নয়ন আদি উল্লেখযোগ্য।

মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ অধীনত এছিয়া প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতক এক প্ৰধান ক্ৰুজ হাব হিচাপে প্ৰতিষ্ঠা কৰাৰ কথা ইতিমধ্যে চৰকাৰে কল্পনা কৰিছে। এই লক্ষ্যত উপনীত হ’বলৈ  বিভিন্ন কাৰ্যসূচী ৰূপায়ন যেনে অত্যাধুনিক ক্ৰুজ টাৰ্মিনেলৰ উন্নয়ন, মানক প্ৰক্ৰিয়া ৰূপায়ণ আৰু ই-ভিছাৰ সুবিধা প্ৰৱৰ্তন আদি অন্যান্য ব্যৱস্থাও অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ লক্ষ্য হৈছে ভাৰতত বাৰ্ষিক ক্ৰুজ যাত্ৰীৰ সংখ্যা বৰ্তমানৰ ৪.৭২ লাখৰ পৰা ২০৩০ চনৰ ভিতৰত ১৮ লাখলৈ বৃদ্ধি কৰা।

শেহতীয়াকৈ মুম্বাইত সমাপ্ত হোৱা গ্ল’বেল মেৰিটাইম ইণ্ডিয়া ছামিট ২০২৩ৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা মেৰিটাইম অমৃতকাল ভিজন ২০৪৭ অনুসৰি ২০৪৭ চনৰ ভিতৰত ভাৰতত ২৫টা কাৰ্যক্ষম ক্ৰুজ টাৰ্মিনেল থাকিব বুলি অনুমান কৰা হৈছে।  লগতে ইয়াৰ আনুমানিক বাৰ্ষিক ক্ৰুজ যাত্ৰীৰ সংখ্যা হ'ব ৫ মিলিয়ন।

চৰকাৰে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড আৰু পদ্ধতিৰ সৈতে সংগতি ৰাখি এক সুনিৰ্দিষ্ট আৰু সুসংহত ক্ৰুজ পৰ্যটন নীতি আৰম্ভ কৰাৰ পৰিকল্পনাও কৰিছে। এই নীতিয়ে এই উদীয়মান উদ্যোগটোৰ বৃদ্ধিৰ লক্ষ্যৰে কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োটা পৰ্যায়তে জি এছ টি, কৰ, আবকাৰী আৰু শুল্ক আদি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সামৰি ল’ব।

 

*********

 

AR/BM



(Release ID: 1974892) Visitor Counter : 183


Read this release in: English , Urdu , Marathi , Hindi