প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছত্তীশগড়ৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
01 NOV 2023 11:42AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে জনসাধাৰণলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জনসাধাৰণৰ সজীৱতাই ছত্তীশগড়ক এখন বিশেষ ৰাজ্য হিচাপে গঢ়ি তুলিছে। ৰাজ্যখনক সংস্কৃতি সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আমাৰ জনজাতীয় সম্প্ৰদায়ৰ অতি গুৰুত্বপূৰ্ণ অৱদান আছে। ৰাজ্যখনৰ গৌৰৱময় পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যই সকলোকে আকৰ্ষিত কৰে। মই ছত্তীশগড়ৰ বাবে এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, যি প্ৰাকৃতিক আৰু সাংস্কৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"ছত্তীশগড়ৰ সকলো ভাই-ভনীক ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসত শুভেচ্ছা জনাইছো। ইয়াৰ মানুহৰ সজীৱতাই ইয়াক এক বিশেষ ৰাজ্য হিচাপে তৈয়াৰ কৰিছে। এই ৰাজ্যখন সংস্কৃতি সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আমাৰ জনজাতীয় সম্প্ৰদায়ৰ এক অতি গুৰুত্বপূৰ্ণ অৱদান আছে। ৰাজ্যখনৰ গৌৰৱময় পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্যই সকলোকে আকৰ্ষিত কৰে। মই ছত্তীশগড়ৰ এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, যি প্ৰাকৃতিক আৰু সাংস্কৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ।"
*****
DS/SK/MK/AT
(रिलीज़ आईडी: 1973695)
आगंतुक पटल : 150
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam