উপ-ৰাষ্ট্ৰপতি সচিবালয়
গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত উপ- ৰাষ্ট্ৰপতিৰ ভাষণৰ পূৰ্ণপাঠ
Posted On:
30 OCT 2023 4:41PM by PIB Guwahati
আপোনালোক সকলোকে জনাইছো শুভ দিন
এয়া এক মহা মিলনৰ স্থান, কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত নানান বহুমূলীয়া অৱদান আগবঢ়াইছে৷ ৰাজনীতিৰ ক্ষেত্ৰ খনতো এই শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ অৱদান অতুলনীয়৷ এই খন শিক্ষানুষ্ঠানৰ পৰাই অসমে আঠজন মুখ্যমন্ত্ৰী লাভ কৰিছে। এগৰাকী শিক্ষাৰ্থীয়ে উত্তৰ-পূবৰ এখন ৰাজ্য-নাগালেণ্ডৰ মুখ্যমন্ত্ৰীও হৈছিল।এনে এখন ঐতিহ্য্যমণ্ডিত শিক্ষানুষ্ঠানত উপস্থিত থাকিবলৈ পাই অতিশয় গৌৰৱ বোধ কৰিছো৷
বন্ধুসকল, আপোনোলোকে এক ইতিবাচক মনলৈ আজিৰ এই শিক্ষানুষ্ঠানলৈ আহিছে। আপোনালোকে ভাৰতৰ ভৱিষ্যতৰ কথা ইয়াত আনৰ সৈতে পাতিব পাৰিছে৷ আপোনালোকেই সিদ্ধান্ত ল'ব যে ২০৪৭ চনত ভাৰতৰ ৰূপ কেনে হ'ব৷ সেই সময়তে ভাৰতে দেশ খনৰ স্বাধীনতাৰ শতবাৰ্ষিকী উদযাপন কৰিব৷ আমি এতিয়া শিক্ষাৰ বিষয়ত অধিক গুৰুত্ব দিছো। আমাৰ এনে পদক্ষেপ ৰাষ্ট্ৰৰ বাস্তৱিক বিকাশৰ প্ৰতি এক প্ৰতিশ্ৰুতিৰ উদাহৰণ স্বৰূপ হৈ পৰিছে৷
সমাজ সলনি কৰাৰ ক্ষেত্ৰত শিক্ষা হৈছে আটাইতকৈ প্ৰভাৱশালী অস্ত্ৰ ৷ শিক্ষা এক স্থায়ী পৰিৱৰ্তনশীল প্ৰক্ৰিয়া৷ সমজাৰ অসমতাবোৰ দূৰ কৰিবলৈ আমি মানসম্পন্ন শিক্ষা অতিকৈ গুৰুত্বপূৰ্ণ বিষয়৷ মই সেয়ে এই কথাত সমৰ্থন কৰোটে শিক্ষানুষ্ঠানসমূহে সচৰাচৰ কৰি থকা সাধাৰণ কাম কৰাৰ প্ৰয়োজন নাই। উদ্ভাৱন, গৱেষণা, বিকাশৰ সৈতে জড়িত নতুন নতুন বিষয়সমূহৰ প্ৰতি আমি মন দিব লাগিব৷ এনেবোৰ কথা পৰিৱৰ্তনৰ বাবে অতি গুৰুত্বপূৰ্ণ । এই প্ৰতিষ্ঠানৰ সৈতে নালন্দা আৰু তক্ষশীলাৰ নাম একে সময়তে উচ্চাৰিত হৈছে৷ আমি নিঃসন্দেহে নালন্দা আৰু তক্ষশীলাৰ সমকক্ষ হ‘ব পাৰিম৷
মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম যে চৌদিশে বিয়পি থকা কটন বিশ্ববিদ্যালয় আৰু ইয়াৰ পূৰ্বসূৰী কটন মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ দ্বি-বাৰ্ষিক সভা অনুষ্ঠিত কৰক। প্ৰাক্তন ছাত্ৰসকলক পুনৰ সমাজৰ আগলৈ উলিয়াই আনি তেওঁলোকক তেওঁলোকৰ সেৱা আগবঢ়োৱাৰ সুবিধা দিয়ক৷
বন্ধুসকল, আপোনালোকৰ ওপৰত মা কামাখ্যাৰ আশীৰ্বাদ আছে, তেওঁ আমাক অনুপ্ৰাণিত কৰে ৷ মহিলা সবলীকৰণৰ বাবেও আমি এতিয়া অনুপ্ৰাণিত হৈছো৷ এই বছৰৰ ২১ ছেপ্টেম্বৰত, দেশখনত এক যুগান্তকাৰী ঘটনা ঘটা আমি দেখিছো৷এটা এনে ঘটনা যিয়ে আমাৰ ভাগ্যক উন্নতিৰ দিশলৈ আগুৱাই নিব পাৰে৷ সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বাবে ধন্যবাদ যে সংসদ আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰি এই দেশৰ আধাসংখ্যক জনসংখ্যাক ন্যায় প্ৰদান কৰা হৈছে। এয়া কেৱল মহিলাৰ বাবেই নহয়, পুৰুষৰ বাবেও আনন্দৰ বিষয় ।কিয়নো তেওঁলোকে মানসম্পন্ন নেতৃত্ব লাভ কৰিব আৰু আমি এনেদৰেই এই দেশৰ ভাগ্য গঢ়ি তুলিব পাৰিম।
সেই ঐতিহাসিক দিনটোত মোৰ ৰাজ্যসভাত সভাপতিত্ব কৰাৰ সৌভাগ্য হৈছিল। সেইদিনা সমগ্ৰ বিশ্বই ভাৰতীয় গণতন্ত্ৰলৈ লক্ষ্য্য কৰি আছিল ৷ সেইদিনা ১৭ গৰাকী মহিলা সাংসদেও সংসদত প্ৰতিনিধিত্ব কৰিছিল৷ ২১ ছেপ্টেম্বৰত হিন্দু কেলেণ্ডাৰ অনুসৰি প্ৰধানমন্ত্ৰীৰো জন্মদিন আছিল । তেঁৱেই এই প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰিছিল। কি যে এক আনন্দদায়ক কাকতালীয় ঘটনা আছিল সেয়া !
ভাৰত এতিয়া সলনি হৈছে,, ভাৰতে উত্থানৰ পথত খোজ দিছে। ভাৰতৰ এনে উত্থান অপ্ৰতিৰোধ্য! পৃথিৱীখনে আমাৰ বিকাশত স্তম্ভিত হৈ পৰিছে। আমাৰ অমৃত কাল আমাৰ বাবে গৌৰৱৰ কাল । কাৰণ আমি এনে এক পথত খোজ দিছো যি আমাৰ সভ্যতাৰ নীতি অনুসৰি সকলোৰে কল্যাণৰ বাবে কাম কৰি গৈছে।
মাত্ৰ বিগত তিনিটা মাহলৈ চাওঁক। আমি কেনে ঐতিহাসিক পৰিৱৰ্তনৰ মুহূৰ্ত দেখিছোঁ, সংসদৰ এক বিশেষ অধিৱেশন আৰু মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰাৰ ঘটনা দেখিছো। ২৩ আগষ্ট ২০২৩ তাৰিখে, চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা ভাৰত আমাৰ এই গ্ৰহটোৰ একমাত্ৰ দেশ হৈ পৰিছে। আমি সেই দিনটোক মহাকাশ দিৱস হিচাপে ঘোষণা কৰিছো। আমি বিশ্ববিখ্যাত সন্মিলন কেন্দ্ৰ ভাৰত মণ্ডপম উদ্বোধন কৰিছো। আমাৰ জি-২০ ৰ সফলতাই সকলোকে বিমোহিত কৰিছে। অসমতো জি-২০-ৰ বহু গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত জি-২০ ৰ কাৰ্যসূচী আয়োজন কৰা হৈছে।
এতিয়া ভাৰতে সকলো ক্ষেত্ৰতে এটা উচ্চ মান নিৰূপন কৰিবলৈ সক্ষম হৈছে বুলি বিশ্বৰ নেতাসকলে স্বীকাৰ কৰিছে । আমাৰ কূটনৈতিক শক্তিলৈ চাওক; দিল্লী ঘোষণাপত্ৰ ইতিহাসত এক নতুন ইতিহাস হৈ পৰিছে৷ এয়া ৰাষ্ট্ৰৰ সৰ্বশ্ৰেষ্ঠ কূটনৈতিক বিজয় ৷ ভাৰতৰ কণ্ঠস্বৰ, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কণ্ঠস্বৰ এতিয়াৰ দৰে কেতিয়াও ইমান প্ৰভাৱশালী হোৱা নাছিল ! ভাৰত শব্দটোৱে এক বিশেষ দৃষ্টিভংগী লৈ আগুৱাই গৈছে। এনেদৰেই ভাৰতে অগ্ৰদূতৰ ভূমিকালৈ লৈ আগুৱাই গৈ থাকিব৷
আপোনালোক ল'ৰা আৰু ছোৱালীবোৰ অত্যন্ত ভাগ্যৱান । আপোনালোকে এনে এক সময়ত বাস কৰিছে যিটো সময়ত আপোনালোকৰ বাবে সম্ভাৱনাৰ নতুন পথ কাটি দিয়া হৈছে। মাত্ৰ এক দশক আগতে, আমি সমগ্ৰ বিশ্বৰ বাবে চিন্তাৰ কাৰক হৈ পৰিছিলো। ২০২২ চনত ভাৰতে অৰ্থনৈতিক ক্ষেত্ৰ খনত গ্ৰেট ব্ৰিটেইনক অতিক্ৰম কৰাই নহয়, ফ্ৰান্সকো অতিক্ৰম কৰিছে। ভাৰত পঞ্চম সৰ্ববৃহৎ গোলকীয় অৰ্থনীতিত পৰিণত হৈছে৷ ২০৩০ চনত আমি জাপান আৰু জাৰ্মানীকো অতিক্ৰম কৰি তৃতীয় সৰ্ববৃহৎ গোলকীয় অৰ্থনীতি হিচাপে পৰিগণিত হ'ব পাৰিম বুলি আশা ৰাখিছো।
আমি এনেদৰে আগুৱাইছো, কাৰণ পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্ব আছে। তেওঁ আপোনালোকৰ মুখ্যমন্ত্ৰীৰ দৰেই আগুৱাই যোৱাৰ ভাৱনাৰে পৰিচালিত হৈ আছে৷ তেওঁ সকলো কথাই ডাঙৰকৈ ভাবে, সেইবোৰ ডাঙৰকৈ অৰ্জনো কৰে!
আপুনি হয়তো প্ৰথম বাৰৰ বাবে একেজন মানুহেই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি সেয়া উদ্বোধন কৰা দেখিছে ৷ এতিয়া আধাৰশিলাই সকলো থমকি ৰোৱা নাই৷ এতিয়া আপোনালোকে এক উন্নয়নৰ পৰিৱেশ লাভ কৰিছে। সন্মানীয় ৰাজ্যপালে ল'ৰা আৰু ছোৱালীৰ নিযুক্তিৰ বিষয়ে নানান কথা কৈছে ।
আন্তৰ্জাতিক মুদ্ৰা নিধিৰ মতে ভাৰত এতিয়া বিশ্বৰ এক উজ্জ্বল অৰ্থনীতি।ভাৰত এতিয়া বিনিয়োগ আৰু সুযোগৰ গোলকীয় গন্তব্যস্থান হৈ পৰিছে। যুৱ প্ৰজন্মই নিজৰ শক্তি, সম্ভাৱনা আৰু প্ৰতিভাৰ ব্যৱহাৰ কৰিব পৰাৰ পৰিবেশ ৰচনা হৈছে৷
চৰকাৰী আঁচনিবোৰলৈ চালে দেখা পাওঁ যে সেইবোৰৰ বেছিভাগেই যুৱ কেন্দ্ৰিক আৰু মহিলা কেন্দ্ৰিক। আমাৰ আঁচনিবোৰৰ মুখ্য হিতাধিকাৰীসকল হৈছে আমাৰ মহিলাসকল। এতিয়া মহিলা আৰু টুৱসকলৰ বাবে সুযোগৰ কোনো অভাৱ নাই। মূলধনৰ কোনো অভাৱ নাই। মাতোৰ মুকলি মনেৰে ওলাই আহি উন্নয়নৰ যাত্ৰাত অংশগ্ৰহণ কৰিলেই সকলো সম্ভাৱনাৰ দুৱাৰ খোল খাই পৰিব৷
এতিয়া আমাৰ দেশৰ মানুহে কোৱাণ্টাম কম্পিউটিঙৰ কথা কয়। কোৱাণ্টাম কম্পিউটিঙত আমি নেতৃত্ব বহন কৰা থকা খুবসংখ্য্যক দেশৰ মাজৰে এখন হৈ পৰিছো। আনহাতে ৰাষ্ট্ৰীয় হাইড্ৰজেন আয়োগৰো প্ৰচুৰ সম্ভাৱনাৰ কথা এতিয়া সকলোৱে স্বীকাৰ কৰিছে৷
এটা সময় আছিল যেতিয়া আমি এই দেশলৈ নতুন প্ৰযুক্তি অহাৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল। কেতিয়াবা ২০ বছৰ বা ১০ বছৰলৈ সেই অপেক্ষা কৰিবলগীয়া হৈছিল। এতিয়া প্ৰযুক্তি আমাৰ পৰাই আৰম্ভ হয়! যিসকলে এটা সময়ত আমাক পৰামৰ্শ দিছিল তেওঁলোকে এতিয়া আমাৰ পৰামৰ্শ গ্ৰহণ কৰিছে । দুটা পৰিসংখ্যাৰ বিষয়ে ক’ব বিচাৰিছো। ২০২২ চনত, আমাৰ ভাৰতৰ ইণ্টাৰনেটৰ জনমূৰি তথ্যৰ ব্যৱহাৰ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনাত অধিক আছিল। আমাৰ প্ৰত্যক্ষ ডিজিটেল লেনদেন হৈছে আমেৰিকা যুক্তৰাজ্য, ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ মিলিত লেনদেনৰ চাৰিগুণ।
ভাৰতত এতিয়া সঠিক সময়, সঠিক পৰিস্থিতি, সঠিক প্ৰণালীৰ মাজেৰে সকলো সম্ভৱ । আমি কেৱল প্ৰথমে পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু প্ৰণালীটোৱে আমাক আগুৱাই নিব৷ চৰকাৰে সকলোকে সহায় কৰিবলৈ প্ৰতিটো ক্ষেত্ৰতে ইতিবাচক নীতি গ্ৰহণ কৰি আহিছে৷ আমি সেইবোৰৰ সুবিধা ল‘ব লাগে৷ প্ৰতিভা থাকিলে সেয়া বিকশিত কৰাৰ পথ প্ৰশস্ত হৈছে৷ এয়াই হৈছে আজিৰ উন্নত ভাৰত৷
আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত এতিয়া বিকাশ হৈছে, অভূতপূৰ্ব প্ৰগতি হৈছে৷ শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী উন্নয়ন হৈছে৷ যি কথা আগতে হোৱা নাছিল৷
মই পশ্চিম বংগৰ ৰাজ্যপাল থকাৰ সময়তে ভাৰতৰ নতুন শিক্ষা নীতি প্ৰস্তুতৰ কাম চলিছিল , তিনি দশকৰ পিছত, সেয়া বাস্তৱ হৈছে৷ নতুন শিক্ষানীতত ডিগ্ৰীক অগ্ৰাধিকাৰ নিদি দক্ষতা-মুখী বিকাশত গুৰুত্ব দিয়া হৈছে৷ সকলোকে একোজন উপযোগী নাগৰিক কৰি তুলিবলৈ এই নীতিয়ে অনুপ্ৰাণিত কৰিছে।ভাৰতৰ বাবে এয়া হৈছে এক ডাঙৰ পৰিৱৰ্তন।
এতিয়া আমি সকলোৱে বৃত্তৰ পৰিধিৰ বাহিৰলৈ গৈ কেৱল উন্নয়নৰ চিন্তা কৰিব লাগিব আৰু উদ্ভাৱনৰ পৰিবেশ গঢ় দিব লাগিব৷
দেশৰ প্ৰগতিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানো থাকে। আমি সেইবোৰ হেলাৰঙে অতিক্ৰম কৰিব লাগিব৷
মই সকলোকে অনুৰোধ জনাইছো, দেশৰ ওপৰত বিশ্বাস ৰাখক, ভাৰতকলৈ গৌৰৱান্বিত হওঁক, আমাৰ সফলতাবোৰক আৰু অধিক গুৰুত্বপূৰ্ণ কৰি তোলক ৷ ভাৰত বিৰোধী ঘটনাবোৰ নিষ্ক্ৰিয় কৰাটোও এইক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় কৰ্তব্য।
আমাৰ শক্তি আছে, আমাৰ বুদ্ধিমত্তা আছে, আমি নতুনকৈ কথাবোৰ চিন্তা কৰিব পাৰো, আলোচনা কৰিব পাৰো৷ এয়া ভাল লক্ষণ৷
যেতিয়া ৰাষ্ট্ৰখনে সকলো বিষয়তে আগবাঢ়ি আছে, বিশ্বই আমাক প্ৰশংসা কৰিছে আৰু আমাৰ সফলতা তাতেই৷
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কি বাতত এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিল: অৰ্থনৈতিক জাতীয়তাবাদ আমাৰ অৰ্থনীতিৰ এক অবিচ্ছেদ্য অংশ যাৰ বাবে আমি অৰ্থনৈতিক জাতীয়তাবাদৰ অংশীদাৰ হ'ব লাগিব।
অৰ্থনৈতিক জাতীয়তাবাদ আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, ই চিন্তা উদ্ৰেককাৰী বিষয় । আমাৰ চিলা বোৰ বাহিৰৰ পৰা আহে, মমবাতি বাহিৰৰ পৰা আহে, চাকিবোৰ বাহিৰৰ পৰা আহে, শিশুৰ পুতলা বাহিৰৰ পৰা আহে।এনে কথাই অৰ্থনীতিত প্ৰভাৱ পেলাব৷
আমাক আমাৰ চিন্তাধাৰাত তাৎক্ষণিক পৰিৱৰ্তনৰ প্ৰয়োজন হৈছে৷ মাননীয় প্ৰধানমন্ত্ৰীৰ আবেদন ভোকেল ফ’ৰ লোকেলৰ প্ৰতি আমি আগ্ৰহী হ’ব লাগিব।
যদি প্ৰতিজন নাগৰিকেই নিজৰ দেশৰ সামগ্ৰী ব্যৱহাৰৰ বাবে সংকল্পবদ্ধ হয় তেন্তে দেশে উন্নতি কৰিবই৷ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ প্ৰতি অনুৰোধ জনাম, সামান্য লাভৰ আশাত বাহিৰৰ পৰা সামগ্ৰী নানিব৷ ই ভাৰতত সমস্যাৰ সৃষ্টি কৰিব । আমাৰ দেশৰ লোকসকলে যি সামগ্ৰী নিজে তৈয়াৰ কৰিব পাৰে সেই কথাত প্ৰেৰণা যোগাব লাগে৷ তেতিয়া বহুতে কৰ্মসংস্থানো লাভ কৰিব৷
...
(ৰিলিজ আইডি: 1973069) ভিজিটৰ কাউণ্টাৰ : 129
(Release ID: 1973156)
Visitor Counter : 139