ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

মুকলিৰ দহ দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ বাবে ১.৪০ লাখতকৈও অধিক আৱেদন লাভ-শ্ৰী নাৰায়ণ ৰাণে

Posted On: 27 SEP 2023 6:45PM by PIB Guwahati

কেন্দ্ৰীয় ক্ষুদ্ৰ,  লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী নাৰায়ণ ৰাণে এ কয় যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ মুকলিৰ আৰম্ভণিৰ দহ দিনৰ ভিতৰতে এই আঁচনিয়ে ১.৪০ লাখতকৈও অধিক আবেদন লাভ কৰিছে।

প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ সফলতাৰ বিষয়ে তথ্য প্ৰদান কৰি শ্ৰী ৰাণে এ এক্স (পূৰ্বতে টুইটাৰ)ত তেওঁৰ পোষ্টৰ জৰিয়তে জনায় যে প্ৰধানমন্ত্ৰী বিশ্বক্ৰমা আঁচনি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ ফল আৰু আঁচনিখন আৰম্ভ হোৱাৰ দহ দিনৰ ভিতৰত ইমান উচ্চ হাৰৰ আবেদন প্ৰাপ্ত কৰাটো আঁচনিখনৰ সফলতা আৰু সৰ্বোচ্চ গুৰুত্ব লাভৰ প্ৰমাণ।

       

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি আমাৰ সামাজিক আৰু অৰ্থনৈতিকভাৱে দুখীয়া বিশ্বকৰ্মা ভাই-ভনীসকলৰ ব্যাপক বিকাশৰ বাবে এক মাইলৰ খুঁটি হ'ব আৰু ই তেওঁলোকৰ হেৰুওৱা পৰিচয় পুনৰুদ্ধাৰ কৰিব যিটো দীৰ্ঘদিন ধৰি উপেক্ষিত হৈ আছিল।

এই আঁচনিৰ জৰিয়তে বিশ্বকৰ্মা ভাই-ভনীসকলক প্ৰশিক্ষণ, সা-সঁজুলি আৰু জামানত মুক্ত ঋণ প্ৰদান কৰা হ'ব। প্ৰাপ্ত আৱেদনবোৰ সফলতাৰে পৰীক্ষা কৰাৰ পিছত, আঁচনিখনৰ সকলো লাভালাভ আমাৰ বিশ্বকৰ্মা ভাই-ভনীসকললৈ প্ৰদান কৰা হ'ব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ উদ্দেশ্য হৈছে পৰম্পৰাগত কাৰিকৰ আৰু কাৰু-শিল্পীসকলৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ সামগ্ৰীবোৰ ঘৰুৱা আৰু গোলকীয় বজাৰলৈ লৈ যোৱা। আঁচনিখনৰ অধীনত, ১৮ প্ৰকাৰৰ কাৰিকৰী আৰু কাৰু-শিল্পীসকল উপকৃত হ'ব। হিতাধিকাৰীসকলক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব আৰু প্ৰশিক্ষণৰ সময়ত তেওঁলোকে দৈনিক ৫০০ টকাৰ বৃত্তি লাভ কৰিব। ইয়াৰ উপৰিও, টুল কিট ক্ৰয় কৰিবলৈ ১৫,০০০ টকাৰ সাহায্য প্ৰদান কৰা হ'ব। হিতাধিকাৰীসকল ৩ লাখ টকালৈকে আমানত মুক্ত ঋণৰ বাবেও যোগ্য হ'ব

****



(Release ID: 1961713) Visitor Counter : 106