প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হায়দৰাবাদ মুক্তি দিৱস আমাৰ দেশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
17 SEP 2023 8:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে হায়দৰাবাদ মুক্তি দিৱস আমাৰ দেশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্ত।
শ্ৰী মোদীয়ে চৰ্দাৰ পেটেলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, যিয়ে হায়দৰাবাদৰ একত্ৰীকৰণত দৃষ্টান্তমূলক ভূমিকা পালন কৰিছিল।
এক্সৰ জৰিয়তে হায়দৰাবাদ মুক্তি দিৱস উদযাপনৰ বিষয়ে কেন্দ্ৰীয় সংস্কৃতি, পৰ্যটন আৰু ড'নাৰ মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীৰ থ্ৰেডৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;
"হায়দৰাবাদ মুক্তি দিৱস আমাৰ দেশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। আজি আমি হায়দৰাবাদত বিৰাজমান ঐক্যৰ ভাৱনা আৰু দেশৰ ঐক্যৰ বাবে যি ত্যাগ স্বীকাৰ কৰা হৈছে তাক গৌৰৱেৰে স্মৰণ কৰিছোঁ। হায়দৰাবাদৰ একত্ৰীকৰণত এক দৃষ্টান্তমূলক ভূমিকা পালন কৰা চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ আহক।
**************
(ৰিলিজ আই ডি : 1958666)
অতিথি কক্ষ : 155
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam