উপ-ৰাষ্ট্ৰপতি সচিবালয়

উপ-ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে সংগীত নাটক অকাডেমি অমৃত বঁটা

উপ-ৰাষ্ট্ৰপতিয়ে সংবাদ মাধ্যমক আমাৰ সাংস্কৃতিক ঐতিহ্যক স্বীকৃতি দিবলৈ আৰু আমাৰ প্ৰতিভাশালী শিল্পীসকলক প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে

উপ-ৰাষ্ট্ৰপতিয়ে বিশিষ্ট ব্যক্তিত্বৰ সাফল্য স্বীকাৰ কৰাৰ ক্ষেত্ৰত ঐতিহাসিক বৈষম্যৰ ওপৰত আলোকপাত কৰে

শ্ৰী ধনখৰে কয় - ২০৪৭ চনত ভাৰতে বিশ্ব-মঞ্চত শীৰ্ষস্থানত উপনীত হ'ব

উপ-ৰাষ্ট্ৰপতিয়ে জি-২০ সন্মিলনৰ সময়ত বিশ্বৰ আগত ভাৰতীয় সংস্কৃতিৰ উজ্জল প্ৰদৰ্শনৰ প্ৰশংসা কৰে

Posted On: 16 SEP 2023 7:18PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে আজি ৫০০০ বছৰতকৈও অধিক সময় ধৰি বৰ্তি থকা ভাৰতৰ গৌৰৱময় সাংস্কৃতিক ঐতিহ্যক বিশ্বত প্ৰচাৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সংবাদ মাধ্যমক আমাৰ সাংস্কৃতিক ঐতিহ্যক স্বীকৃতি দিবলৈ আহ্বান জনায় আৰু আমাৰ শিল্পীসকলক এক সংগঠিত ধৰণে সুৰক্ষিত, সমৰ্থন আৰু প্ৰতিপালন কৰাৰ প্ৰয়োজনীয়তাসমূহ তেখেতে ব্যক্ত কৰে।

আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত সংগীত নাটক অকাডেমি অমৃত বঁটা প্ৰদান কৰাৰ পিছত এক সমাৱেশক সম্বোধন কৰি উপৰাষ্ট্ৰপতিয়ে সেই সকল ব্যক্তিক সন্মান জনাই আনন্দ প্ৰকাশ কৰে যিসকলৰ অৱদানে ৰাষ্ট্ৰৰ সাংস্কৃতিক ঐতিহ্য আৰু গৌৰৱ বৰ্তাই ৰাখিছে।

আজি বঁটা প্ৰদান কৰা সকলো ৭৫ বছৰৰ অধিক বয়সৰ ব্যক্তিসকলক গভীৰ প্ৰশংসা প্ৰকাশ কৰি শ্ৰী ধনখৰে এই বিশিষ্ট ব্যক্তিসকলৰ কৃতিত্বক স্বীকাৰ কৰাৰ ক্ষেত্ৰত ঐতিহাসিক বৈষম্যৰ কথা উল্লেখ কৰে। শেহতীয়া বছৰবোৰত পদ্ম বঁটা প্ৰদান কৰি যিসকল অখ্যাত নায়কৰ অৱদানক স্বীকৃতি দিয়া হৈছে, তেওঁলোকৰ কথা উল্লেখ কৰি তেওঁ এনে ব্যক্তিসকলক বঁটা সমূহ প্ৰদানৰ ব্যাপক ৰাজহুৱা অনুমোদনৰ কথা উল্লেখ কৰে।

প্ৰবীণ শিল্পীসকলক আমাৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰকৃত ৰক্ষক আৰু স্থপতিবিদ বুলি বৰ্ণনা কৰি শ্ৰী ধনখৰে কয় যে তেওঁলোকৰ অমূল্য অৱদানক বহু আগতে স্বীকৃতি দিয়া উচিত আছিল। তেওঁ লগতে জি-২০ সন্মিলনৰ সময়ত বিশ্বৰ মঞ্চত ভাৰতীয় সংস্কৃতিৰ উজ্জল প্ৰদৰ্শনৰ প্ৰশংসা কৰে আৰু বিশ্বাস ব্যক্ত কৰে যে সঠিক নেতৃত্বৰ দ্বাৰা, ভাৰতে ২০৪৭ চনত বিশ্বৰ মঞ্চত শীৰ্ষস্থানত উপনীত হ'ব।

ন্যায়াধীশ আনচাৰীয়াৰ ৰায়ৰ উদ্ধৃতি দি উপ ৰাষ্ট্ৰপতিয়ে এজন সৈনিক আৰু এজন অধ্যাপকৰ মাজত হোৱা কথোপকথনৰ কথা উল্লেখ কৰে আৰু স্পষ্ট  কৰে যে আজি সন্মানিত হোৱা এই ব্যক্তিসকল আমাৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰকৃত ৰক্ষক।

অনুষ্ঠানত ভাৰতৰ আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, বৈদেশিক পৰিক্ৰমা আৰু সংস্কৃতি মন্ত্ৰী শ্ৰীমতী মীনাক্ষী লেখি, সংগীত নাটক একাডেমীৰ অধ্যক্ষ ড০ সন্ধ্যা পুৰেচা, ৰ লগতে সংস্কৃতি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, সমগ্ৰ দেশৰ বিশিষ্ট শিল্পী আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।

উপ ৰাষ্ট্ৰপতিৰ ভাষণৰ সম্পূৰ্ণ পাঠ:

https://pib.gov.in/PressReleasePage.aspx?PRID=1957973

*****



(Release ID: 1958124) Visitor Counter : 91