সাংস্কৃতিক মন্ত্ৰালয়

কাইলৈ সংগীত নাটক একাডেমী অমৃত বঁটা প্ৰদান কৰিব ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে

পৰিবেশ্য কলাৰ ক্ষেত্ৰখনৰ ৮৪ গৰাকী শিল্পীক পুৰস্কৃত কৰা হ'ব

সংগীত নাটক একাডেমীৰ অমৃত বঁটা প্ৰাপকসকলৰ পৰিবেশ্য কলাৰে ১৬ ৰ পৰা ২০ ছেপ্টেম্বৰলৈকে সংগীত নাটক একাডেমীত অনুষ্ঠিত হ'ব পৰিবেশ্য কলাৰ উৎসৱ

Posted On: 15 SEP 2023 5:27PM by PIB Guwahati

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে আজাদী কা অমৃত মহোৎসৱ উপলক্ষ্যে  ভাৰতৰ পৰিবেশ্য কলাৰ ক্ষেত্ৰ খনৰ ৭৫ বছৰৰ অধিক বয়সৰ আৰু এতিয়ালৈকে কোনো ৰাষ্ট্ৰীয় সন্মান লাভ নকৰা ৮৪ গৰাকী শিল্পীক  সংগীত নাটক একাডেমি অমৃত বঁটা প্ৰদান কৰিব৷আজি এক সংবাদমেল সম্বোধন কৰি সংগীত নাটক একাডেমীৰ অধ্যক্ষ ড০ সন্ধ্যা পুৰেচাই কয় যে সংগীত নাটক একাডেমী অমৃত বঁটা পৰিবেশ্য  কলাৰ ক্ষেত্ৰত প্ৰদৰ্শনকাৰী শিল্পীৰ লগতে শিক্ষক আৰু পণ্ডিতসকলক প্ৰদান কৰা এক ৰাষ্ট্ৰীয় সন্মান। প্ৰাপকসকলক একাডেমীৰ সাধাৰণ পৰিষদে বাছনি কৰে, য'ত বিশিষ্ট সংগীতজ্ঞ, নৃত্যশিল্পী, থিয়েটাৰ শিল্পী , পণ্ডিত আৰু ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মনোনীত ব্যক্তিসকল থাকে। তেওঁ লগতে জনায় যে এই সন্মানত তাম্ৰপত্ৰ আৰু অংগবস্ত্ৰমৰ উপৰি ১,০০,০০০/- টকা (এক লাখ টকা)ৰ নগদ  ধন আছে।

                                                     


আইন আৰু ন্যায় মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) তথা সংস্কৃতি আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু সংস্কৃতি আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখীৰ উপস্থিতিত কাইলৈ অৰ্থাৎ ১৬ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত এক বিশেষ অনুষ্ঠানত ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে সংগীত নাটক একাডেমী অমৃত বঁটা প্ৰদান কৰিব।

বঁটা প্ৰদান অনুষ্ঠানৰ পিছত মেঘদূত  কমপ্লেক্স, সংগীত নাটক একাডেমী, ৩৫, ফিৰোজ শ্বাহ ৰোড, নতুন দিল্লীত ১৬ৰ পৰা ২০ ছেপ্টেম্বৰলৈ প্ৰতিদিনে সন্ধিয়া  ৬ বজাত সংগীত নাটক একাডেমি অমৃত বঁটা প্ৰাপকসকলক লৈ পৰিবেশ্য  কলা উৎসৱ অনুষ্ঠিত হ'ব।

সংবাদমেলত সংস্কৃতি মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰীমতী উমা নন্দুৰী, সংগীত নাটক একাডেমীৰ উপাধ্যক্ষ শ্ৰী জোৰাভাৰসিং যাদৱ আৰু সচিব শ্ৰী ৰাজু দাসো উপস্থিত থাকে।

সংগীত নাটক একাডেমি অমৃত বঁটা প্ৰাপকৰ  তালিকাৰ লিংক তলত দিয়া হৈছে:

 Amrit Award Citation 2023 (1).pdf

 State wise list of Amrit Awardees (3).pdf

 

                                                            ** * ** **



(Release ID: 1957845) Visitor Counter : 130


Read this release in: English , Urdu , Hindi , Tamil