নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

ৰাষ্ট্ৰীয় জলপথ (NW) ২ আৰু আইবিপিআৰৰ জৰিয়তে পেট্ৰলিয়াম কাৰ্গ’ ৰপ্তানিৰ বাবে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (IWAI) নুমলীগড় শোধনাগাৰ লিমিটেডৰ (NRL) সৈতে বুজাবুজিৰ চুক্তিত (MoU) স্বাক্ষৰ কৰে

শ্ৰী সৰ্বানন্দ সোণোৱালে ইয়াক উত্তৰ-পূব ভাৰতৰ এক্সিম বাণিজ্যৰ প্ৰোৎসাহনৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে

“ভাৰতৰ এক্ট ইষ্ট পলিচিক উদ্দীপনা যোগান আৰু হাইড্ৰ’কাৰ্বন ভিজন, ২০৩০ৰ বিশাল সম্ভাৱনা মুকলি কাৰ্য্য উত্তৰ-পূবৰ বাবে পিএম গতি শক্তিৰ প্ৰকৃত প্ৰতিফলন হিচাপে পৰিগণিত হৈছে”: শ্ৰী সোণোৱাল

এনআৰএলে বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ আন-আন দেশৰ বাবে আইডব্লিউএআই যোগীঘোপা এমএমটি জেটীৰ জৰিয়তে প্ৰতিমাহে ১০,০০০ মেট্ৰিক টন পেট্ৰলিয়াম সামগ্ৰী পৰিবহণ কৰিব

ছয় ১০০০-১৫০০ মেট্ৰিক টন ক্ষমতাৰ ফ্লেট বটম বাৰ্জ স্থাপন কৰা হ’ব

নিকটৱৰ্তী ৰেল ষ্টেচনৰে সংযোগসহ যোগীঘোপাত ৪০ একৰ ভূমিৰ উন্নয়ন সাধন কৰা হ’ব

Posted On: 24 AUG 2023 5:06PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি অসমৰ গুৱাহাটীত ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (IWAI) আৰু নুমলীগড় শোধনাগাৰ লিমিটেড (NRL)ৰ মাজত এক বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই চুক্তিৰ অধীনত বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ আন-আন দেশলৈ পেট্ৰলিয়াম সামগ্ৰী ৰপ্তানিৰ বাবে ৰাষ্ট্ৰীয় জলপথ-২ (ব্ৰহ্মপুত্ৰ) আৰু ভাৰত-বাংলাদেশ প্ৰট’কল ৰুট (IBPR) ব্যৱহাৰ কৰা হ’ব।

এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য হৈছে ভাৰতৰ এক্ট ইষ্ট পলিচিক উদ্দীপনা যোগাবলৈ পিএম গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনক সুদৃঢ় কৰি তোলা। এনআৰএলে আইডব্লিউএআই যোগীঘোপা মাল্টি মডাল টাৰ্মিনেলৰপৰা প্ৰতিমাহে প্ৰায় ১০,০০০ মেট্ৰিক টন (MT) পেট্ৰলিয়াম আৰু পেট্ৰ’কেমিকেল সামগ্ৰী ৰপ্তানি কৰিব। এনআৰএলে ৰেল সংযোগসহ যোগীঘোপা লজিষ্টিক পাৰ্কত পিঅ’এল অইল টাৰ্মিনেল স্থাপন কৰিব। এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক্সিম (EXIM) বাণিজ্যৰ এক নতুন অধ্যায় উন্মোচনেৰে এনডব্লিউ ২ আৰু আইবিপিআৰৰ জৰিয়তে অভ্যন্তৰীণ জলপথ পৰিবহণক সক্ষম কৰি ‘উত্তৰ-পূবৰ বাবে হাইড্ৰ’কাৰ্বন ভিজন, ২০৩০’ক বাস্তৱায়িতকৰণ।

                                                        

এই কাৰ্য্যসূচীত ভাষণ প্ৰদানেৰে শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, উত্তৰ-পূব ভাৰতত বাণিজ্যৰ প্ৰসাহনৰ ক্ষেত্ৰত অভ্যন্তৰীণ জলপথৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে অঞ্চলটো কাৰ্গ সৰবৰাহৰ ক্ষেত্ৰলক্ষণীয় পৰিৱৰ্তন সাধনৰ বাবে প্ৰধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনক সুদৃঢ় কৰি তোলা। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ সবল নেতৃত্বত দূৰদৰ্শী এক্ট ইষ্ট নীতিয়ে হাইড্ৰকাৰ্বন ভিজন, ২০৩০ৰ সম্পূৰ্ণ সম্ভাৱনা মুকলিৰ অভিমুখে উত্তৰ-পূব ভাৰতক সুদৃঢ় কৰি তুলিছে। মোদী জীয়ে উত্তৰ-পূব ভাৰত দেশবিকাশৰ ইঞ্জিন হোৱাৰ সম্ভাৱনা আছে বুলি অনুভৱ কৰিছে। আমাৰ জলভাগৰ চহকী আন্তঃজাল (inter web) আৰু হাইড্ৰকাৰ্বনৰ সমৃদ্ধ সম্ভাৱনাক সম্ভৱপৰ উত্তম পদ্ধতিৰে অন্বেষণ কৰিব লাগিব যাতে উত্তৰ-পূৰ্বাঞ্চলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ এই দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত শক্তি প্ৰদান কৰিব পাৰে।

এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে আইডব্লিউএআইৰ সঞ্চালক এ চেলভা কুমাৰ আৰু এনআৰএলৰ মুখ্য মহা প্ৰবন্ধক (বিপণন) সুব্ৰত দাসে। এই বুজাবুজিৰ চুক্তিৰ অধীনত আইডব্লিউএআইয়ে কাৰ্গ’ সৰবৰাহৰ বাবে নিজা টাৰ্মিনেল, কাৰিকৰী সহায়, পেট্ৰলিয়াম পাইপলাইন স্থাপনৰ বাবে ভূমি, আইবিপিআৰৰ ভিন্ন স্থানত বাংকাৰিংৰ সুবিধা, জাহাজৰ জৰিয়তে সহায়, জাহাজৰ উপলব্ধকৰণত কাৰিকৰী সহায় যেনেঃ টাগ, ৱৰ্ক ব'ৰ্ড, চাৰ্ভে জাহাজ আৰু আন-আন সুবিধা আগবঢ়াব। এনআৰএলে যোগীঘোপাৰ নিকটৱৰ্তী ৰেলৱে ষ্টেচনৰে সংযোগ স্থাপন ব্যৱস্থাসহ ৪০ একৰ ভূমি আগবঢ়াব; ল’ডিং আৰু আনল’ডিং সুবিধা স্থাপন তথা যোগীঘোপা এমএমটি পাৰ্কৰ আইডব্লিউএআই জেটিৰপৰা এনডব্লিউ - ২ আৰু আইবিপিআৰৰ জৰিয়তে প্ৰতিমাহে ১০,০০০ মেট্ৰিক পেট্ৰলিয়াম আৰু পেট্ৰ'কেমিকেলছ সামগ্ৰী পৰিবহণৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিব।

                                                        

শ্ৰী সোণোৱালে কয়, এনআৰএলে নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প (NREP) ৰূপায়ণ কৰি আছে যি শোধনাগাৰ সম্প্ৰসাৰণসহ আধুনিকীকৰণ প্ৰকল্প ইয়াৰ কেপেক্স ₹২৮,০২৬ কোটি। এই প্ৰকল্পৰ অংশ হিচাপে এনআৰএলে ১৬ অভাৰ ডাইমেনচন কনচাইনমেন্ট/অভাৰৱেট কনচাইনমেন্ট (ODC/OWC) পৰিবহণ কৰিব। ইতিমধ্যে পাঁচটা অডিচি পেকেজ পশ্চিম ভাৰতৰ প্ৰধান ঔদ্যোগিক কেন্দ্ৰৰপৰা হালদিয়া বন্দৰেদি আইবিপিআৰ তথা এনডব্লিউ২ৰ জৰিয়তে এনআৰএল প্ৰকল্পস্থলীলৈ সফলতাৰে পৰিবহণ কৰা হৈছে। এতিয়ালৈকে পৰিবহণ কৰা সামগ্ৰীৰ ওজন প্ৰায় ৪,৫০০ মেট্ৰিক টন আৰু ইয়াক স্থলপথেদি পৰিবহণৰ বেলিকা প্ৰায় ৩০০ খন ট্ৰাকৰ প্ৰয়োজন হলহেঁতেন।

অভ্যন্তৰীণ জলপথৰ ভূমিকাক আলোকপাতেৰে শ্ৰী সোণোৱালে কয়, মাননীয় প্ৰধানমন্ত্ৰীৰ এক্ট ইষ্ট পলিচি সংগতি ৰাখি আইডব্লিউএআই তথা বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে ভাৰতৰ জলপথ খণ্ডটোলক্ষণীয় পৰিৱৰ্তন সাধন কৰিছে যোৱা ৯টা বছৰ। এই ব্যৱস্থাসমূহৰ ফলশ্ৰুিত ব্যতিক্ৰমীভাৱে উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে ২০১৩-১৪ত ৰাষ্ট্ৰীয় জলপথেদি সৰবৰাহ হোৱা সামগ্ৰীৰ পৰিমাণ মাত্ৰ ৬.৮৯ এমএমটি আছিল ইয়াৰ বিপৰীতে, ২০২২-২৩ত ইয়াৰ পৰিমাণ ১২৬.১৫ এমএমটিলৈ বৃদ্ধি পায়। প্ৰধানমন্ত্ৰী মোদী জীৰ সুদক্ষ নেতৃত্বত এই হাৰ ১৭৩৪% বৃদ্ধি পালে। ক্ৰুজ পৰ্যটনৰ বাবে ২০১৩-১৪ ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা মাত্ৰ ৩ ৰপৰা ২০২২-২৩ত ১০লৈ ২৩৩% ৰোধিক বৃদ্ধি পালে। জলপথসমূহত বিনিয়োগ ২০২২-২৩ত ₹৫৪৪.৩১ কোটিলৈ বৃদ্ধি পাইছে, যোৱা ৯ বছৰত এয়া ১৯৮% বৃদ্ধি। উত্তৰ-পূৰ্বাঞ্চলত ২০টা ৰাষ্ট্ৰীয় জলপথ আৰু ₹৮০০ কোটিৰো অধিক টকাৰ ভিন্ন প্ৰকল্প অঞ্চলটোৰ এই ৰাষ্ট্ৰীয় জলপথসমূহৰ উন্নয়নৰ বাবে ৰূপায়ণ কৰা হৈছে। পাণ্ডু আৰু ধুবুৰীত স্থায়ী টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে। বিগত দুবছৰত ধুবুৰী টাৰ্মিনেলৰ ব্যাপক ব্যৱহাৰৰ লগতে ৩৮৫খন মালবাহী জাহাজ ধুবুৰীৰপৰা বাংলাদেশলৈ ৰাওনা হৈছে। আজি অঞ্চলটোৰ সক্ৰিয় জলপথসমূহে ভাৰতৰ বিকাশৰ ইঞ্জিন - উত্তৰ-পূবক শক্তি প্ৰদানকাৰী পৰিৱৰ্তনশীল পৰিবহণ সমাধান প্ৰশস্ত কৰিছে। মোদী জীৰ উৎসাহজনক নেতৃত্ব এই বিকাশৰ কাহিনীৰ বৰ্ধন ঘটিয়েই আছে কাৰণ এক্ট ইষ্ট পলিচিৰ শক্তিশালী ৰূপায়ণে উত্তৰ-পূৰ্ঞ্চল বিকাশ আৰু উন্নয়নৰ নতুন শিখৰত উপনীত কৰাব

                                                      

এই অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী; অসমৰ পৰিবহণ, আবকাৰী আৰু মীন মন্ত্ৰী শ্ৰী পৰিমল শুক্লবৈদ্য; অসমৰ উদ্যোগ আৰু বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী বিমল বৰা; আইডব্লিউএআইৰ অধ্যক্ষ শ্ৰী সঞ্জয় বন্দোপাধ্যায়; এনআৰএলৰ অধ্যক্ষ আৰু অইলৰ চিএমডি ডঃ ৰঞ্জিত ৰাথ; এনআৰএলৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকন; গুৱাহাটী পৌৰ নিগমৰ (GMC) মেয়ৰ মৃগেন শৰণীয়াকে প্ৰমুখ্য কৰি আইডব্লিউএআই আৰু এনআৰএলৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

বৰ্তমান এনআৰএলে ইয়াৰ শোধন ক্ষমতা ৩.০ ৰপৰা ৯.০ এমএমটিপিএলৈ বৃদ্ধিৰ অৰ্থে ₹২৮,০০০ কোটিৰো অধিক অনুমোদিত ব্যয় সাপেক্ষে এটা প্ৰকল্প ৰূপায়ণ কৰি আছে। ২০২৫ৰ আৰম্ভণিতে এয়া সম্পূৰ্ণকৰণৰ পৰিকল্পনা কৰা হৈছে। এনআৰএলে এটি পেট্ৰ’কেমিকেলছ প্ৰকল্প স্থাপনৰ অৰ্থে ₹৭,২৩১ কোটি ব্যয় সাপেক্ষে এটা প্ৰকল্প ৰূপায়ণৰ কামো আৰম্ভ কৰিছে। এনআৰএলে ডিজেল, পেট্ৰল, ছলভেন্ট আৰু পলিপ্ৰ’পাইলিনকে ধৰি যোগীঘোপাৰ আইডব্লিউএআই জেটীৰ জৰিয়তে বছৰি ২০০ টিএমটি সামগ্ৰী বাংলাদেশলৈ ৰপ্তানিৰ পৰিকল্পনা কৰিছে।

বৰ্তমান আইডব্লিউএআইয়ে পাণ্ডু বন্দৰলৈ বিকল্প পথ (NW2), পাণ্ডু (NW 2)ত জাহাজ মেৰামতিৰ সুবিধা, যোগীঘোপা (NW 2)ত আইডব্লিউটি টাৰ্মিনেল স্থাপন, বগীবিল (NW 2)ত আইডব্লিউটি টাৰ্মিনেল স্থাপন আদি প্ৰকল্পৰ কাম কৰি আছে। যোগীঘোপা, পাণ্ডু, বিশ্বনাথ ঘাট, শদিয়া, হাটশিঙিমাৰী, উৰিয়ামঘাট আৰু নিমাটিত ভাসমান জেটী (NW 2 ত), প্ৰট'কল ৰুট-১০ৰ সোণমুৰাত আইডব্লিউটি টাৰ্মিনেল স্থাপন তথা বদৰপুৰ আৰু কৰিমগঞ্জ (NW 16)ত টাৰ্মিনেলৰ সংস্কাৰ সাধনৰ কাম অব্যাহত ৰাখিছে। উত্তৰ-পূবৰ বাবে সামুদ্ৰিক দক্ষতা বিকাশ কেন্দ্ৰ ইতিমধ্যে কাৰ্য্যক্ষম হৈ উঠিছে। এই কেন্দ্ৰত নিয়মীয়াভাৱে প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হৈছে।

ইয়াৰ পূৰ্বে এনআৰএল আৰু আইডব্লিউএআইয়ে ২০২১ৰ ২৬ আগষ্টত ৰাষ্ট্ৰীয় জলপথৰ ব্যৱহাৰেৰে মেৰিটাইম ৰুটৰ জৰিয়তে অ’ডিচি আৰু অ’ডব্লিউচি পৰিবহণৰ বাবে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল। চলিত বৰ্ষৰ জুনত নুমলীগড়ৰ সমীপৰ এটা জেটীত এনেধৰণৰ প্ৰথম চালান গ্ৰহণ কৰা হৈছিল।

*******



(Release ID: 1951846) Visitor Counter : 264


Read this release in: English , Urdu , Hindi