শক্তি মন্ত্ৰালয়

অৰুণাচল প্ৰদেশৰ দিবাং বহুমুখী প্ৰকল্পৰ বাবে ৰে’লৱে চাইডিং নিৰ্মাণৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ ৰাইটছৰ সৈতে এনএইচপিচিৰ বুজাবুজি চুক্তিত স্বাক্ষৰ

Posted On: 21 AUG 2023 7:56PM by PIB Guwahati

এনএইচপিচিৰ ২,৮৮০ মেগাৱাটসম্পন্ন দিবাং বহুমুখী প্ৰকল্পৰ বাবে অৰুণাচল প্ৰদেশৰ পাচিঘাটত ৰে'লৱে চাইডিং নিৰ্মাণৰ বাবে ৰে'ল মন্ত্ৰালয়ৰ অধীনত এক মিনিৰত্ন পৰিকল্পনা 'এ' কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ৰাইটছৰ সৈতে ভাৰতৰ প্ৰধান জলবিদ্যুৎ সংস্থা এনএইচপিচি লিমিটেডে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে।

এনএইচপিচি আৰু ৰাইটছৰ মাজত কৌশলগত অংশীদাৰীত্ব উভয় সংস্থাৰ দক্ষতাৰ পৰিপূৰক। প্ৰকল্প ব্যৱস্থাপনা পৰামৰ্শদাতা হিচাপে ৰাইটছে ইয়াৰ মূল শক্তি ব্যৱহাৰ কৰি, অৰুণাচল প্ৰদেশত এনএইচপিচি দিবাং আৰু অন্যান্য আগন্তুক প্ৰকল্পসমূহৰ বাবে ৰে'ল আন্তঃগাঁথনি সুবিধা উন্নয়নৰ বাবে ব্যাপক আৰু দক্ষ সমাধান আগবঢ়াব।

২০২৩ চনৰ ২১ আগষ্টত ফৰিদাবাদৰ এনএইচপিচি কৰ্পোৰেট কাৰ্যালয়ত এনএইচপিচিৰ সঞ্চালক (প্ৰকল্প) শ্ৰী বিশ্বজিৎ বসু, এনএইচপিচিৰ কাৰ্যবাহী সঞ্চালক (দিবাং)ৰ উপস্থিতিত দিবাঙৰ মহাপ্ৰৱন্ধক(চিভিল),আৰু আৰু এনএইচপিচিৰ কৰ্পোৰেট কাৰ্যালয়ৰ সংশ্লিষ্ট কাৰ্যবাহী সঞ্চালকৰ উপস্থিতিত ৰাইটছৰ কাৰ্যবাহী সঞ্চালক আৰু দিবাঙৰ মহাপ্ৰৱন্ধক (চিভিল)দ্বাৰা এই বুজাবুজি চুক্তি স্বাক্ষৰ সম্পন্ন হয়।

                                                          

এনএইচপিচি লিমিটেড হৈছে ভাৰতৰ মুখ্য জলবিদ্যুৎ কোম্পানী। এনএইচপিচিৰ মুঠ স্থাপন ক্ষমতা হৈছে সহায়ক কোম্পানীৰ জৰিয়তে ১,৫২০ মেগাৱাট সহ ইয়াৰ ২৫ টা শক্তি কেন্দ্ৰৰ জৰিয়তে নৱীকৰণযোগ্য শক্তি(বায়ু আৰু সৌৰসহ)ৰ ৭,০৯৭.২ মেগাৱাট।

 

 

************



(Release ID: 1950948) Visitor Counter : 98


Read this release in: English , Urdu , Hindi , Telugu