ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

অসমত নিৰুদ্দিষ্ট দিব্যাংগ মহিলাক তেওঁৰ পৰিয়ালৰ সৈতে পুনৰ্মিলিত কৰালে ‘আধাৰ’-য়ে

Posted On: 21 JUL 2023 5:44PM by PIB Guwahati

আকৌ এবাৰ ‘আধাৰ’-য়ে এটা পৰিয়ালক পুনৰ একত্ৰিত কৰিছে। এইবাৰ অসমত এগৰাকী দিব্যাংগ মহিলাক কেবা সপ্তাহ ধৰি ঘৰৰ পৰা সন্ধানহীন হৈ থকাৰ পিছত পৰিয়লৰ সৈতে পুনৰ মিলিত কৰালে।

কথা কোৱাত আৰু শ্ৰৱণ শক্তিৰ দুৰ্বলতা থকা, যোগাযোগ কৰিবলৈ অক্ষম মহিলাগৰাকীক শোণিতপুৰ জিলাৰ খানামুখ গাঁৱত থকা তেওঁৰ ঘৰৰ পৰা প্ৰায় ১৬৫ কিলোমিটাৰ দূৰৰ কামৰূপ জিলাৰ ‘সোণাপুৰ নিউ মাৰ্কেট’ত গৃহহীন অৱস্থাত ঘূৰি থকা কৰি থকা অৱস্থাত উদ্ধাৰ কৰে অসম আৰক্ষীয়ে। আৰু আৰক্ষীয়ে এই উদ্ধাৰ কাৰ্য সম্ভৱ কৰে ‘আধাৰ’ কাৰ্ড ব্যৱহাৰ কৰি। 

আৰক্ষীয়ে তেওঁক ভাৰত চৰকাৰৰ ‘মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়’ৰ ‘মিছন শক্তি’ৰ ‘সম্বল উপ-আঁচনি’ৰ অধীনত ‘মহিলাসকলক মনো-সামাজিক পৰামৰ্শ আৰু অস্থায়ী আশ্ৰয় প্ৰদান কৰা’ এক বেচৰকাৰী সংগঠন ‘সখী ৱান ষ্টপ চেণ্টাৰ’লৈ প্ৰেৰণ কৰে। যেতিয়া লিখনি আৰু সাংকেতিক ভাষাৰ জৰিয়তে যোগাযোগ স্থাপন কৰিব পৰা নগ'ল, মহিলাগৰাকীক তেতিয়া ছবি দেখুওৱা হৈছিল আৰু তেওঁ আধাৰ কাৰ্ড এখনলৈ আঙুলিয়াই দিছিল।  

যেতিয়া ‘ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ’ (ইউআইডিএআই)ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰা হৈছিল, কাৰ্যালয়টোৰ তৰফৰ পৰা এইক্ষেত্ৰত সমৰ্থন আগবঢ়াইছিল আৰু পৰামৰ্শ দিছিল যে মহিলাগৰাকীয়ে সম্ভাৱ্য আধাৰ নামভৰ্তিৰ বাবে তেওঁৰ আঙুলিৰ ছাপৰ ‘বায়োমেট্ৰিক’ দাখিল কৰিব পাৰে।

তেওঁৰ হাতৰ ছাপ দাখিল কৰাৰ পিছত, তেওঁৰ ইতিমধ্যে সংগৃহিত হৈ থকা আধাৰ ‘বায়োমেট্ৰিক’ মিলোৱা হয় আৰু আধাৰৰ বিৱৰণৰ পৰা  তেওঁৰ ঘৰৰ ঠিকনা উলিয়াই এই মাহৰ আৰম্ভণিতে তেওঁক তেওঁৰ পৰিয়ালৰ সৈতে পুনৰ মিলিত কৰিব পৰা যায়।

‘আধাৰ’ নামভৰ্তিয়ে কেৱল জীৱন ধাৰণৰ সহজতা আৰু উন্নত সেৱা প্ৰদানতে সহায় নকৰে, বৰঞ্চ তেওঁলোকৰ পৰিয়ালৰ পৰা পৃথক হোৱা ব্যক্তিসকলক পুনৰ সংযোগ কৰাতো সহায় কৰিব পাৰে। সেয়েহে, ‘ইউআইডিএআই’-য়ে সদায়ে শিশুসকলক অতি সোনকালে নামভৰ্তি কৰাৰ বাবে উৎসাহিত কৰি আহিছে, আৰু পাঁচ বছৰ হোৱাৰ পিছত নামভৰ্তি তথা তেওঁলোকৰ ‘বায়মেটিক্স’সমূহ পঞ্জীয়ণ কৰোৱা আৰু ১৫ বছৰ বয়সৰ পিচত এইসমূহৰ শেহতীয়াকৰণৰ ব্যৱস্থা কৰা হয়। এনে নামভৰ্তি আৰু শেহতীয়াকৰণ বিনামূলীয়া আৰু সমগ্ৰ দেশৰ সকলো ‘আধাৰ নামভৰ্তি আৰু শেহতীয়াকৰণ কেন্দ্ৰ’তে এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰি।



(Release ID: 1941616) Visitor Counter : 129