নৌ-পৰিবহন মন্ত্ৰালয়

বিশ্বৰ সৰ্ববৃহৎ সামুদ্ৰিক সংগ্ৰহালয় কমপ্লেক্স, এনএমএইচচি, লোথালৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সে ভাৰতৰ বিবিধ সামুদ্ৰিক ইতিহাস শিকা আৰু বুজাৰ কেন্দ্ৰ হিচাপে কাম কৰিব

এনএমএইচচি কমপ্লেক্সটো ৪০০ একৰ ভূমিত বিয়পি পৰিব আৰু আনুমানিক ৪৫০০ কোটি টকা ব্যয় হ'ব

এনএমএইচচি চৌহদত পৃথিৱীৰ আটাইতকৈ ওখ লাইটহাউচ সংগ্ৰহালয়, এছিয়াৰ সৰ্ববৃহৎ জলজ সামুদ্ৰিক সংগ্ৰহালয় আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ নৌ সংগ্ৰহালয় থাকিব।

Posted On: 02 JUL 2023 5:45PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে গুজৰাটৰ গান্ধীনগৰত আজি লোথালৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ পৰ্যালোচনা কৰে। বৈঠকত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী আৰু ৰাসায়নিক আৰু সাৰ মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়া, বন্দৰ, জাহাজ আৰু জলপথ আৰু পৰ্যটন ৰাজ্যিক মন্ত্ৰী শ্ৰীশ্ৰীপদ য়েছো নায়েক, বন্দৰ, জাহাজ আৰু জলপথ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰো উপস্থিত থাকে।

এনএমএইচচি চৌহদৰ ভিতৰত এখন নৌ সেনা গেলেৰী "ভাৰতীয় নৌ সেনা আৰু উপকূলৰক্ষী বাহিনীৰ যাত্ৰা" বিকাশৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ (ভাৰতীয় নৌ সেনা আৰু উপকূলৰক্ষী বাহিনী) সৈতে এক বৈঠকত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

"মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে গুজৰাটৰ লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স ৰ বিকাশ কৰি আছে। ই ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ সামুদ্ৰিক ঐতিহ্য প্ৰদৰ্শনকৰাৰ পৰিকল্পনা কৰিছে। এনএমএইচচি হৈছে এম.ও.পি.এছ.ডব্লিউ.-ৰ অধীনত সাগৰমালা কাৰ্যসূচীৰ অন্যতম ফ্লেগশ্বিপ প্ৰকল্প আৰু ই হ'ব বিশ্বৰ সৰ্ববৃহৎ সামুদ্ৰিক সংগ্ৰহালয় কমপ্লেক্স। '

"এনএমএইচচিয়ে ভাৰতৰ বিবিধ সামুদ্ৰিক ইতিহাস শিকা আৰু বুজাৰ কেন্দ্ৰ হিচাপে কাম কৰিব আৰু এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে ভাৰতৰ সাধাৰণ মানুহে ইয়াৰ ইতিহাস সহজে বুজি পাব পাৰে। সোণোৱালে গুজৰাট চৰকাৰক প্ৰকল্পটোৰ উন্নয়নত নিৰন্তৰ সমৰ্থন ৰখাৰ বাবে ধন্যবাদ জনাইছিল।

গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে প্ৰকল্পটোৰ অগ্ৰগতিত আনন্দ প্ৰকাশ কৰে আৰু ৰাজ্য চৰকাৰৰ পৰা ইয়াক আৱণ্টন কৰা বিভিন্ন দায়িত্ব পালনত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে। ড০ মনসুখ মাণ্ডৱিয়াই গুজৰাট ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে সকলোকে সমন্বয় কৰিবলৈ নিৰ্দেশ দিয়ে।

গুজৰাট চৰকাৰে প্ৰকল্পটোৰ বাবে ৩৭৫ একৰ ভূমি আৱণ্টন কৰিছে আৰু কৰ্মচাৰী কোৱাৰ্টাৰৰ বিকাশৰ বাবে অতিৰিক্ত ২৫ একৰ ভূমিও আৱণ্টন কৰা হৈছে। ৰাজ্যিক ঘাইপথৰ পৰা এনএমএইচচি প্ৰকল্পস্থলীলৈ ৪ লেনপথ নিৰ্মাণৰ কাম চলি আছে, প্ৰায় ২৫ কিলোমিটাৰ নৰ্মদা পানীযোগান সম্পূৰ্ণ হৈছে, প্ৰায় ১৭ কিলোমিটাৰ ট্ৰেন্সমিচন লাইন স্থাপন আৰু ৬৬ কেভি জিআইএছ উপকেন্দ্ৰ স্থাপনৰ বাবে বিত্তীয় সাহায্য চলি আছে আৰু মৌলিক আন্তঃগাঁথনিৰ বিকাশৰ বাবে ১৫০ কোটি টকাৰ অৰিহণা যোগোৱা হৈছে।

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সাগৰমালা কাৰ্যসূচীৰ অধীনত এনএমএইচচি প্ৰায় ৪০০ একৰ এলেকাত বিকশিত কৰা হৈছে যাৰ আনুমানিক ব্যয় হৈছে ৪৫০০ কোটি টকা আৰু ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠান বা সংগঠন আৰু চিএছআৰৰ পৰা পুঁজিযোগে বিকশিত কৰাৰ পৰিকল্পনা কৰা হৈছে। ভাৰতৰ মুখ্য বন্দৰসমূহে প্ৰকল্পটোৰ বাবে ২০৯ কোটি টকাৰ অৰিহণা যোগাই আছে।

প্ৰকল্পটোৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠকত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইকে কয়, "এনএমএইচচিক বিশ্বমানৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন স্থলী হিচাপে বিকশিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে, যি হৈছে দেশত এনে ধৰণৰ প্ৰথম। ইয়াত অন্তৰ্ভুক্ত থাকিব সামুদ্ৰিক সংগ্ৰহালয়, লাইট হাউচ, সংগ্ৰহালয়, সামুদ্ৰিক থীম পাৰ্ক আৰু বিনোদন উদ্যান ইত্যাদি। ই প্ৰাচীনকালৰ পৰা আধুনিক সময়লৈকে দেশৰ সামুদ্ৰিক ঐতিহ্যক এক শৈক্ষিক দৃষ্টিভংগীৰে প্ৰদৰ্শন কৰিব।

"এনএমএইচচিয়ে আমাক অমৃত কাল আৰু এমআইভি ২০৩০ৰ দিশত এখোজ আগুৱাই নিব। ই ভাৰতক বিশ্বৰ মঞ্চত প্ৰতিষ্ঠা কৰিব আৰু আমাৰ সামুদ্ৰিক খণ্ডৰ সমৃদ্ধ ঐতিহ্যৰ বিষয়ে লোকসকলক শিক্ষিত কৰিব।"

প্ৰকল্পটোৰ সাম্প্ৰতিক স্থিতি:

চাৰ্গৱাড়া গাঁৱৰ পৰা প্ৰকল্পস্থলীলৈ 1.58 কিলোমিটাৰ 4-লেনৰ পথ নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ গৈ আছে।  ২৫ কিলোমিটাৰ পানী যোগান লাইন আৰু ১০ লাখ লিটাৰ ক্ষমতাৰ পানীৰ টেংকৰ কাম সম্পূৰ্ণ হৈছে। প্ৰথম পৰ্যায়ৰ অগ্ৰগতি সম্প্ৰতি ৩০ শতাংশতকৈও অধিক। প্ৰথম ৫ খন গেলেৰীৰ বাবে গেলেৰীৰ নিবিদা জাৰি কৰা হৈছে আৰু নৌ সেনাৰ গেলেৰী আৰু লোথাল চহৰৰ প্ৰস্তুতিও অন্তিম পৰ্যায়ত আছে। যোধপুৰত বিশেষ গুলপীয়া শিলৰ খনি চিনাক্ত কৰা হৈছে আৰু এনএমএইচচিৰ তৃতীয়পক্ষক চুক্তিবদ্ধ কৰা হৈছে। সংগ্ৰহালয়সমূহত শিল্পকলাৰ বাবে বিভিন্ন ৰাজ্যিক বিভাগ আৰু প্ৰতিষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰা হৈছে।

এন.এম.এইচ.চি.-ক ভাৰতৰ সামুদ্ৰিক ঐতিহ্যৰ প্ৰতি সমৰ্পিত দেশত ইয়াৰ ধৰণৰ প্ৰথম প্ৰকল্প হিচাপে বিকশিত কৰা হৈছে। ই কেৱল ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ সামুদ্ৰিক গৌৰৱ প্ৰদৰ্শন নকৰে, লগতে আমাৰ দেশৰ শক্তিশালী সামুদ্ৰিক ইতিহাস আৰু জীৱন্ত উপকূলীয় পৰম্পৰাৰ ওপৰতো আলোকপাত কৰিব। ই আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ সামুদ্ৰিক ঐতিহ্যৰ প্ৰতিচ্ছবি শক্তিশালী কৰিব।

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে গুজৰাটৰ সাগৰমালা কাৰ্যসূচীৰ অধীনত ৫৭,০০০ কোটি টকাৰ ৭৪ টা প্ৰকল্প দেশৰ বন্দৰ খণ্ডৰ উন্নয়নৰ প্ৰতি ইয়াৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে চিনাক্ত কৰিছে। ইয়াৰ ভিতৰত ৯,০০০ কোটি টকাৰ ১৫টা প্ৰকল্প সম্পূৰ্ণ হৈছে; ২৫,০০০ কোটি টকাৰ অধিক মূল্যৰ ৩৩ টা প্ৰকল্প ৰূপায়ণৰ কাম চলি আছে আৰু ২২,৭০০ কোটি টকাৰ ২৬ টা প্ৰকল্পৰ উন্নয়ন চলি আছে। কেন্দ্ৰীয় মন্ত্ৰালয়, মুখ্য বন্দৰ, ৰাজ্যিক সামুদ্ৰিক বোৰ্ড আৰু অন্যান্য ৰাজ্যিক সংস্থাসমূহে যুটীয়াভাৱে এই প্ৰকল্পসমূহ ৰূপায়ণ কৰি আছে।

 

****



(Release ID: 1940750) Visitor Counter : 81


Read this release in: English , Urdu , Hindi , Gujarati