নৌ-পৰিবহন মন্ত্ৰালয়

ডিব্ৰুগড়ৰ বগীবিলত অভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বগীবিলৰ পৰ্যটক তথা কাৰ্গ'কেন্দ্ৰিক অভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল ২০২৪ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্মাণ কৰা হ'ব, ব্যয় হ'ব ৪৬.৬০ কোটি টকা

অসমৰ অভ্যন্তৰীণ জলপথৰ পুনৰুজ্জীৱিতকৰণৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

বগীবিল টাৰ্মিনেলৰ জৰিয়তে ডিব্ৰুগড়ে অভ্যন্তৰীণ জলপথ পৰিবহণৰ প্ৰাণকেন্দ্ৰ হিচাপে ইয়াৰ হৃতগৌৰৱ পুনৰুদ্ধাৰ কৰিব বুলি সৰ্বানন্দ সোণোৱালে পোষকতা কৰে

Posted On: 04 JUL 2023 5:23PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ বগীবিলত ব্ৰহ্মপুত্ৰ নদ (ৰাষ্ট্ৰীয় জলপথ ২)ৰ পাৰত অভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। পৰ্যটক তথা কাৰ্গ'কেন্দ্ৰিক এই অত্যাধুনিক টাৰ্মিনেল ৪৬.৬০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। এই অভিলাষী প্ৰকল্পটো অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কথা আছে। এই টাৰ্মিনেলে মাল আৰু যাত্ৰীৰ সুচল চলাচল ত্বৰান্বিত কৰি সমগ্ৰ অঞ্চলটোৰ অভ্যন্তৰীণ জলপথ পৰিবহণ ব্যৱস্থাক পুনৰুজ্জীৱিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত বেপাৰ-বাণিজ্য আৰু অৰ্থনৈতিক বিকাশৰ পথ প্ৰশস্ত হ'ব।

                                                                     

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "বগীবিলত আন্তঃগাঁথনি অধিক শক্তিশালী কৰি সমগ্ৰ অঞ্চলটোত অভ্যন্তৰীণ জলপথ পৰিবহণ পুনৰুজ্জীৱিত কৰাৰ দিশত আজি এক গুৰুত্বপূৰ্ণ দিন। আজি আধাৰশিলা স্থাপন কৰা অভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলৰ নিৰ্মাণে সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 'জল পৰিবহণৰ উন্নতিৰ জৰিয়তে দেশৰ ৰূপান্তৰ সাধন'ৰ দৃষ্টিভংগী উপলব্ধি কৰাত অসমবাসীক সহায় কৰিব। ব্ৰহ্মপুত্ৰ আমাৰ সভ্যতা-সংস্কৃতিৰ পৰিচায়ক। আমি মহাবাহু ব্ৰহ্মপুত্ৰৰ অপৰিসীম সুযোগ-সম্ভাৱনাক সদ্ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ জৰিয়তে অসম তথা ভাৰতৰ অৰ্থনৈতিক আৰু ব্যৱসায়িক দিশটো অধিক শক্তিশালী কৰিব লাগিব। জল পৰিবহণ হৈছে পাৰিপাৰ্শ্বিকভাৱে অনুকূল, কম খৰচী আৰু সময় হ্ৰাস কৰা এক দক্ষ মাধ্যম। ইয়াক আমি সৰ্বাংগীণ বিকাশ আৰু প্ৰগতিৰ বাবে সৰ্বশ্ৰেষ্ঠ উপায়েৰে ব্যৱহাৰ কৰিব লাগিব।"

                                                                      

সোণোৱালে লগতে কয়, "এসময়ত ডিব্ৰুগড় এক গুৰুত্বপূৰ্ণ নদী বন্দৰ হিচাপে খ্যাত আছিল। এই অঞ্চলৰ মোহনাঘাটৰপৰা থলুৱাভাৱে উৎপাদিত বিভিন্ন সা-সামগ্ৰী ব্ৰহ্মপুত্ৰয়েদি বংগোপসাগৰৰ জৰিয়তে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছিল আৰু লগতে ইয়ালৈ আমদানিও হৈছিল। অসমৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াত ডিব্ৰুগড়ৰ নদী বন্দৰৰ ভূমিকা ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ। কিন্তু স্বাধীনতাৰ পৰৱৰ্তীকালত কংগ্ৰেছৰ অৱহেলা আৰু অপশাসনৰ বাবেই ডিব্ৰুগড়ৰ এই গৰিমা ম্লান পৰি ৰৈছিল। এই দিশত ডিব্ৰুগড়ৰ পূৰ্বৰ গৰিমা পুনৰ ঘূৰাই অনাৰ লক্ষ্যৰে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে। মই বিশ্বাস কৰোঁ যে বগীবিলৰ এই আধুনিক টাৰ্মিনেলে ডিব্ৰুগড়ক এক অন্যতম মুখ্য বাণিজ্যিক কেন্দ্ৰ হিচাপে পুনৰুজ্জীৱিত কৰাৰ দিশত অনুঘটক হিচাপে কাম কৰিব। বগীবিলৰ অভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ উন্নয়নত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ', কিয়নো ই মাল আৰু যাত্ৰী তথা পৰ্যটকৰ পৰিবহণৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব। তেতিয়া তুলনামূলকভাৱে কম পৰিবহণ ব্যয়ৰ সৈতে সা-সামগ্ৰীৰ আমদানি-ৰপ্তানি অধিক সহজসাধ্য হৈ উঠিব।"

                                                                       

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত নিৰ্মাণ হ'বলগীয়া উক্ত টাৰ্মিনেলত বহুতো আধুনিক বৈশিষ্ট্য থাকিব। টাৰ্মিনেলটো কাৰ্যকৰী কৰি তুলিব ইণ্ডিয়ান প'ৰ্ট ৰে'ল এণ্ড ৰ'পৱে কনষ্ট্ৰাকছন লিমিটেডে। টাৰ্মিনেলটোৰ কিছুমান মুখ্য সুবিধাৰ ভিতৰত আছে মাল আৰু যাত্ৰীবাহী বাৰ্থ, প্ৰৱেশ আৰু অন্যান্য অভ্যন্তৰীণ পথ, ট্ৰাঞ্জিট শ্বেড, মুকলি সংৰক্ষণ ক্ষেত্ৰ, ট্ৰাক পাৰ্কিং এলেকা, যাত্ৰী জিৰণি স্থান ইত্যাদি।

যিহেতু পৰিবহণৰ এক ব্যয়সন্মত আৰু দক্ষ মাধ্যম হিচাপে অভ্যন্তৰীণ জলপথৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে, সেয়েহে নতুন উদ্যোগ যেনে খাদ্য প্ৰক্ৰিয়াকৰণ, ফাৰ্মাচিউটিকেল, চিমেণ্ট আদি ডিব্ৰুগড় আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলসমূহত স্থাপন হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু লগতে চাহ, পলিমাৰ, কয়লা, সাৰ আদিৰ দৰে বিদ্যমান মুখ্য বাণিজ্যসমূহো অত্যাধুনিক জল পৰিবহণ ব্যৱস্থাৰ জৰিয়তে অধিক উন্নত হ'ব পাৰে। উক্ত আধুনিক টাৰ্মিনেলে শিৱসাগৰ, মাজুলী, ইটানগৰ, জিৰ' ভেলী, পাছিঘাট, 'য়িং, টাৱাং উপত্যকা আদিৰ দৰে গন্তব্যস্থানৰ পৰ্যটন বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, "মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত 'এক্ট ইষ্ট নীতি'ৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এতিয়া যাতায়াত-যোগাযোগ ব্যৱস্থা সুগম হৈ পৰিছে, যাৰ যোগেদি সমগ্ৰ অঞ্চলটোত সূচনা হৈছে উন্নয়নৰ এক ন-দিগন্ত। প্ৰধানমন্ত্ৰী গতি শক্তিৰ পদক্ষেপসমূহে অসমৰ অৰ্থনৈতিক গতি অধিক ত্বৰান্বিত কৰাৰ লগতে যুৱপ্ৰজন্মৰ বাবে সংস্থাপনৰ পথো প্ৰশস্ত কৰিব। ৰাষ্ট্ৰীয় লজিষ্টিক নীতিয়ে ব্যৱসায়-বাণিজ্যৰ প্ৰক্ৰিয়া এতিয়া সহজসাধ্য কৰি তুলিছে। এই দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি অসমত যাৱতীয় আন্তঃগাঁথনি গঢ় দিয়াত আমি অগ্ৰাধিকাৰ দিছোঁ। তদুপৰি, ব্ৰহ্মপুত্ৰৰ বুকুত মজুত থকা বিভিন্ন পৰ্যটন সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ অত্যাধুনিক অন্বেষণৰদ্বাৰা অনাগত দিনত উপযুক্ত ব্যৱস্থাও গ্ৰহণ কৰা হ'ব। অনাগত দিনত শদিয়াতো অত্যাধুনিক টাৰ্মিনেল নিৰ্মাণৰ আমি চিন্তা-চৰ্চা কৰি আছোঁ।"

                                                                Image       

প্ৰধানমন্ত্ৰীৰ 'এক্ট ইষ্ট নীতি'ৰ অধীনত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে যোৱা ৯ বছৰত ভাৰতৰ জলপথ খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰি তুলিছে। উত্তৰ-পূব অঞ্চলৰ জলপথৰ উন্নয়নৰ বাবে ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰকে ধৰি উল্লেখযোগ্য নদীসমূহত খননৰ সকলো প্ৰচেষ্টা চলাই আহিছে। শিলঘাটলৈকে নদীখনত নেভিগেশ্যনেল সহায়ক আৰু নিশাৰ নেভিগেচন প্ৰণালীৰো ব্যৱস্থা কৰা হৈছে। পাণ্ডু আৰু ধুবুৰীত স্থায়ী টাৰ্মিনেল বিকশিত কৰা হৈছে। যোৱা দুবছৰত ধুবুৰী টাৰ্মিনেল ব্যাপকভাৱে উপযোগী হৈছে আৰু ৩৮৫ খন মালবাহী জাহাজ ধুবুৰীৰ পৰা বাংলাদেশলৈ গৈছে। গুৱাহাটীৰ পাণ্ডু টাৰ্মিনেল কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ ১৮০ কোটি টকাৰ প্ৰকল্প ব্যয়সাপেক্ষে পাণ্ডু টাৰ্মিনেলক ৰাষ্ট্ৰীয় ঘাইপথ-২৭ৰ সৈতে সংযোগ কৰাৰ এক বৈকল্পিক পথৰ নিৰ্মাণৰ কাম চলি আছে।

আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল- বিমল বড়া, সঞ্জয় কিষাণ, পৰিমল শুক্লবৈদ্য, ৰণজিৎ কুমাৰ দাস, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়কসকল- প্ৰশান্ত ফুকন, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈ, নৱ কুমাৰ দলে, তেৰছ গোৱালা, অমিয় কুমাৰ ভূঞা, ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জয় বন্দোপাধ্যায়, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, বিভিন্ন নিগম-নিকায়ৰ অধ্যক্ষসকল তথা বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ।



(Release ID: 1937330) Visitor Counter : 136


Read this release in: English , Urdu , Marathi , Hindi