নৌ-পৰিবহন মন্ত্ৰালয়

নতুন চিএছআৰ নিৰ্দেশনা ‘সাগৰ সামাজিক সহযোগ’ শুভাৰম্ভ কৰিলে শ্ৰী সৰ্বানন্দ সোণোৱালে

স্থানীয় লোকসকলৰ বিভিন্ন সমস্যা অধিক সহযোগিতামুলক আৰু মসৃণভাৱে সমাধান কৰিব পৰাকৈ বন্দৰসমূহ শক্তিশালী কৰাৰ বাবেই নতুন চিএছআৰ নিৰ্দেশনা হাতত লোৱা হৈছে

বাৰ্ষিক ১০০ কোটিতকৈ কম ব্যৱসায়িক লেনদেন কৰা বন্দৰে ৩-৫%, ৫০০ কোটি টকাতকৈ কম লেনদেন কৰা বন্দৰে ২-৩% আৰু ৫০০ কোটিতকৈ অধিক লেনদেন কৰা বন্দৰে ০.৫-২% তেওঁলোকৰ বাৰ্ষিক প্ৰকৃত লাভৰ পৰা ব্যয় কৰিব

Posted On: 27 JUN 2023 6:35PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ শ্ৰী সৰ্বানন্দ সোণোৱালে ‘সাগৰ সমাজিক সহযোগ’ - বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা(চিএছআৰ)ৰ নতুন নিৰ্দেশনা মুকলি কৰে। নতুন নিৰ্দেশনাই বন্দৰসমূহক চিএছআৰ কাৰ্য্যকলাপ প্ৰত্যক্ষভাৱে গ্ৰহণ কৰিবলৈ ক্ষমতা প্ৰদান কৰে। আজি অনুষ্ঠিত এক অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰ আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ য়েছ’ নায়কো অংশগ্ৰহণ কৰে।

                                                         

এই উপলক্ষে আগবঢ়োৱা ভাষণত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সোণোৱালে কয়, ‘আমি নূন্যতম চৰকাৰ, সৰ্বোচ্চ প্ৰশাসন ব্যৱস্থাৰ ধাৰণাটোৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞাবদ্ধ হৈ আছো। চিএছআৰ কাৰ্য্যকলাপৰ বাবে নতুন নিৰ্দেশনাই আমাৰ বন্দৰসমূহক এটা পৰিকাঠামোৰ জৰিয়তে সম্প্ৰদায়ৰ কল্যাণৰ বাবে প্ৰকল্প আৰম্ভ, গ্ৰহণ আৰু ত্বৰান্বিত কৰিবলৈ অনুমতি দিয়ে য'ত স্থানীয় লোকসকলো উন্নয়ন আৰু পৰিৱৰ্তনৰ অংশীদাৰ হ'ব পাৰে। কোনো স্থানত বা কোনো কাৰ্য্যকলাপত পৰিৱৰ্তনৰ এক প্ৰধান এজেণ্ট হৈ জনসাধাৰণৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চিএছআৰৰ ক্ষমতা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত আমি আমাৰ জনসাধাৰণ, আমাৰ প্ৰতিষ্ঠানসমূহক এনেদৰে সবলীকৰণৰ দিশত চেষ্টা চলাইছো, যাতে ই সমাজৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে সম্প্ৰদায়ক পৰিৱৰ্তন আৰু প্ৰগতি ভাৰতৰ প্ৰক্ৰিয়াত অংশীদাৰ হিচাপে আত্মনিৰ্ভৰ হ’বলৈ গঢ়ি তোলে”, মন্ত্ৰীগৰাকীয়ে লগতে কয়।

আজি শুভাৰম্ভ কৰা নতুন চিএছআৰ নিৰ্দেশনাই ২০২১ চনৰ ডাঙৰ বন্দৰ কৰ্তৃপক্ষৰ ধাৰা ৭০ত উল্লেখ কৰা কাৰ্য্যকলাপৰ সৈতে জড়িত প্ৰকল্প আৰু কাৰ্যসূচীত প্ৰভাৱ পেলাব। চিএছআৰ প্ৰকল্পৰ পৰিকল্পনা আৰু ৰূপায়ণৰ উদ্দেশ্যে প্ৰতিটো ডাঙৰ বন্দৰত কৰ্পৰেট সামাজিক দায়বদ্ধতা সমিতি গঠন কৰা হ’ব। সমিতিখনৰ নেতৃত্বত থাকিব মুখ্য বন্দৰৰ উপাধ্যক্ষ আৰু আন ২ জন সদস্য থাকিব। প্ৰতিটো ডাঙৰ বন্দৰে প্ৰতিটো বিত্তীয় বৰ্ষৰ বাবে কৰ্পৰেট সামাজিক দায়বদ্ধতা পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব আৰু ব্যৱসায়িক পৰিকল্পনাত ইয়াৰ চিএছআৰক সত্তাটোৰ ব্যৱসায়ৰ সৈতে জড়িত সামাজিক আৰু পৰিৱেশগত চিন্তাৰ সৈতে একত্ৰিত কৰিব লাগিব।

                                                            

প্ৰকৃত লাভৰ শতাংশ হিচাপে ব’ৰ্ডৰ প্ৰস্তাৱৰ জৰিয়তে চিএছআৰ বাজেট বাধ্যতামূলকভাৱে সৃষ্টি কৰা হ’ব। ১০০ কোটি টকা বা তাতকৈ কম বাৰ্ষিক প্ৰকৃত লাভ অৰ্জন বন্দৰে চিএছআৰ খৰচৰ বাবে ৩-৫%ৰ ভিতৰত নিৰ্ধাৰণ কৰিব পাৰে। একেদৰে বছৰি ১০০কোটিৰ পৰা ৫০০ কোটি টকাৰ ভিতৰত প্ৰকৃত লাভ থকা বন্দৰসমূহে ইয়াৰ প্ৰকৃত লাভৰ ২%ৰ পৰা ৩%ৰ ভিতৰত নিজৰ চিএছআৰ ব্যয় নিৰ্ধাৰণ কৰিব পাৰে, নূন্যতম ৩ কোটি টকাৰ ভিতৰত। বন্দৰসমূহৰ বাবে, যাৰ বাৰ্ষিক প্ৰকৃত লাভ প্ৰতি বছৰে ৫০০ কোটি টকাৰ ওপৰত তেওঁলোকৰ বাবে চিএছআৰ ব্যয় ইয়াৰ প্ৰকৃত লাভৰ ০.৫%ৰ পৰা ২%ৰ ভিতৰত হ’ব পাৰে। চিএছআৰ ব্যয়ৰ ২০% জিলা পৰ্যায়ত সৈনিক কল্যাণ ব’ৰ্ড, ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স আৰু ৰাষ্ট্ৰীয় যুৱ উন্নয়ন পুঁজিৰ বাবে আবণ্টন দিব লাগিব। খোৱাপানী, শিক্ষা, বৃত্তিমূলক প্ৰশিক্ষণ, দক্ষতা বিকাশ, অগতানুগতিক আৰু নবীকৰণযোগ্য উৎসৰ জৰিয়তে বিদ্যুৎ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, অৰ্থনৈতিকভাৱে দুৰ্বল লোকৰ জীৱিকাৰ প্ৰসাৰ আদি ক্ষেত্ৰত সমাজৰ সামাজিক আৰু পৰিৱেশ কল্যাণৰ বাবে ৭৮% ধন মুকলি কৰিব লাগে বন্দৰসমূহে চিএছআৰ কাৰ্যসূচীৰ অধীনত প্ৰকল্পসমূহৰ নিৰীক্ষণৰ বাবে মুঠ চিএছআৰ ব্যয়ৰ ২% ৰাশি নিৰ্ধাৰণ কৰা হৈছে।

***



(Release ID: 1936805) Visitor Counter : 94


Read this release in: English , Urdu , Marathi , Hindi