তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘ষষ্ঠ ৰোজগাৰ মেলা’ সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, ৭০,০০০ সফল প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিতৰণ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত 'ৰোজগাৰ মেলা'ত উপস্থিত থাকি ৩৮৯ গৰাকী সফল প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে

Posted On: 13 JUN 2023 4:37PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰে ‘ৰাষ্ট্ৰীয় ষষ্ঠ ৰোজগাৰ মেলা'ত ভাষণ প্ৰদান কৰে আৰু বিভিন্ন চৰকাৰী বিভাগ আৰু সংগঠনৰ বিভিন্ন পদসমূহৰ বাবে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰায় ৭০,০০০ সফল প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে অনুষ্ঠিত কাৰ্যক্ৰমত সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ৭০,০০০তকৈয়ো অধিক ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ ফলত ‘ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা’ বৰ্তমান চৰকাৰৰ নতুন পৰিচয় হৈ উঠিছে।

 

ইফালে গুৱাহাটীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা ‘আয়ুষ’ দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 'ৰোজগাৰ মেলা'ত অংশগ্ৰহণ কৰি ৩৮৯ গৰাকী সফল প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। নৱ নিযুক্ত প্ৰাৰ্থীসকলে ভাৰতীয় ষ্টেট বেংক (এছবিআই), মিজোৰাম গ্ৰাম্য বেংক,  চিজিএছটি আৰু শুল্ক (ৰেভিনিউ চিবিআইচি), কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদ (চিবিডিটি), ডাক বিভাগ, বেংক অব ইণ্ডিয়া, কেন্দ্ৰীয় বেংক, নাবাৰ্ড, চিআইডিবিআই, মহাৰাষ্ট্ৰৰ বেংক, কানাৰা বেংক, পঞ্জাৱ নেশ্যনেল বেংক (পিএনবি), ইউকো বেংক, ৰে'ল বিভাগ, ভাৰতীয় ভূতাত্ত্বিক জৰীপ, অইল ইণ্ডিয়া,  এনইপিএ, ডিআৰডিঅ’, ‘চিডিএছ’(প্ৰতিৰক্ষা)তথা পৰিসাংখ্যিক মন্ত্ৰালয়ত যোগদান কৰিব।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত সমবেতসকলক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে দেশৰ যুৱপ্ৰজন্মক সামৰ্থ্যবান কৰাৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে। বিগত ৯টা বছৰত যুৱপ্ৰজন্ম, মহিলা, কৃষক আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৱলীকৰণৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি আমাৰ দেশৰ যুৱপ্ৰজন্মই যোগ্যতাক আধাৰ কৰি চাকৰি লাভ কৰাৰ এই সুযোগ লাভ কৰিব পাৰে, কিয়নো কংগ্ৰেছৰ ছয় দশকজোৰা অপশাসনৰ যিকোনো ত্ৰুটিকে এতিয়া দুৰ্নীতিৰ বিৰুদ্ধে গঢ়ি তোলা এক দক্ষ ব্যৱস্থা আৰু শূন্য সহনশীলতাৰ মনোভাৱেৰে আঁতৰ কৰা হৈছে। এই পৱিত্ৰ উপলক্ষত মই আপোনালোক সকলোকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ এক দৃষ্টিভংগী- '২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ ভাৰত' গঢ়ি তোলাৰ অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছোঁ। আমাৰ উন্নতি, বিকাশ আৰু আত্মনিৰ্ভৰ হোৱাৰ অন্বেষণত 'সবকা সাথ সবকা বিকাশ' দৰ্শনৰ সৈতে সকলোকে লৈ যোৱাৰ বাবে মোদীজীয়ে জনোৱা আহ্বানৰ পৰিপ্ৰেক্ষিতত, ভাৰতীয়সকলে আশা আৰু উত্সাহেৰে এই যাত্ৰাত যোগদান কৰিবলৈ আগবঢ়ি আহিছে। আজি মোদীজীৰ গতিশীল নেতৃত্বত ভাৰত ‘বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি’ত পৰিণত হৈছে- এয়া এক বাস্তৱ যাক লৈ প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱবোধ কৰে। মোদীজীৰ নেতৃত্বত  ভাৰতে ‘২০৪৭ চনৰ ভিতৰত আত্মনিৰ্ভৰ’ হোৱাৰ লগতে এখন আধুনিক, উন্নত দেশ হোৱাৰ দিশত আগবাঢ়িছে। প্ৰধানমন্ত্ৰী মোদীজীৰ চৰকাৰৰ বিগত ৯টা বছৰত যুৱসমাজ, মহিলা, কৃষক আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ সবলীকৰণৰ বাবে বিভিন্ন কাৰ্যসূচীয়ে 'হাম কিচি চে কম নেহী'ৰ প্ৰতিধ্বনি সৃষ্টি কৰিছে।

অধিক তথ্যৰ বাবে সংলগ্ন হওক: https://pib.gov.in/PressReleasePage.aspx?PRID=1931879

..........................


(Release ID: 1932300) Visitor Counter : 86
Read this release in: English