আয়ুষ

কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শ্বিলঙত নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ’পেথীৰ ছটা নতুন ভৱন উদ্বোধন

₹৬০.১৬ কোটি ব্যয় সাপেক্ষে এনইআইএএইচত প্ৰজেক্ট II-ৰ অধীনত সামৰ্থ্যৰ সম্প্ৰসাৰণ কৰা হৈছেঃ শ্ৰী সৰ্বানন্দ সোণোৱাল

Posted On: 15 MAY 2023 6:32PM by PIB Guwahati

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ’পেথীত (NEIAH) প্ৰজেক্ট IIৰ অংশ হিচাপে ছটা নতুন ভৱন উদ্বোধনেৰে সামৰ্থ্যৰ সম্প্ৰসাৰণ কৰে। ৬০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে এই নতুন ভৱনসমূহ নিৰ্মাণ কৰা হৈছে।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি শ্ৰী সোণোৱালে কয় যে এই অগ্ৰণী প্ৰতিষ্ঠানখনিৰ সম্প্ৰসাৰণে অঞ্চলটোত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ভূমিকাক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আমি আগন্তুক বছৰসমূহত দেশখনৰ স্বাস্থ্যসেৱা সমাধান প্ৰদান ব্যৱস্থাত সংহত চিকিৎসাৰ বিশাল ভূমিকা দেখিবলৈ পাইছো। এই নতুন ভৱনসমূহৰ জৰিয়তে চৰকাৰে কৰা বিনিয়োগে দেশৰ এই অঞ্চলত পৰম্পৰাগত চিকিৎসা বিজ্ঞানক সজীৱ কৰি তুলিবলৈ আমাৰ প্ৰচেষ্টাক উৎসাহিত কৰি তুলিব। মন্ত্ৰীজনে লগতে এনইআইএএইচে শীঘ্ৰেই এম্বুলেন্স সেৱা আৰম্ভ কৰিব বুলি ঘোষণা কৰে।

পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত উত্তৰ-পূবৰ ভূমিকা সম্পৰ্কে ব্যক্ত কৰি সৰ্বানন্দ সোণোৱালে লগতে কয়, “আমাৰ উত্তৰ-পূবক পৃথিৱী মাতৃয়ে আশীৰ্বাদ প্ৰদান কৰিছে যাৰ প্ৰাকৃতিক দানে আমাক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সুস্থ হোৱাত সহায় কৰি আহিছে। আমি এই ব্যৱস্থাটোক আগুৱাই নিব বিচাৰো যাতে ই আৰু বহু লোকক সহায় কৰিব পাৰে আৰু তেওঁলোকক এটি উন্নত মানৰ জীৱন-যাপনত সহায় কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদী জীৰ দৃষ্টিভংগী হৈছে এটি ফলপ্ৰসূ আৰু কাৰ্য্যক্ষম স্বাস্থ্যসেৱা প্ৰদান ব্যৱস্থা গঢ়ি তোলা। গৱেষণাৰ সামৰ্থ্য গঢ়ি তোলা তথা সম্প্ৰসাৰণ আৰু পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ বৈজ্ঞানিক ভিত্তি গঢ়ি তোলাৰ নিৰন্তৰ প্ৰেৰণাৰে আজি উদ্বোধন কৰা ছটা নতুন ভৱনে এই লক্ষ্যত উপনীত হোৱাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মই বিশ্বাস কৰোঁ।”

এনইআইএএইচত অধিক সংখ্যক লোকে উন্নত ফলাফল লাভৰ লগতে ইয়ালৈ আগমন ঘটা ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০২২-২৩ বিত্তীয় বৰ্ষত চিকিৎসালয়খনৰ অ’পিডি ক্লিনিকলৈ ৫২,০৮৮ জন ৰোগীৰ আগমন ঘটাৰ সমান্তৰালকৈ ৫০৪ জন ৰোগীক হিলিং আৰু ৰিক’ভাৰীৰ বাবে আইপিডি ৰোগী হিচাপে ভৰ্তি কৰা হয়। আয়ুৰ্বেদত এনইআইএএইচৰ অ’পিডি ক্লিনিকলৈ ৩৬,৬৮৩ জন ৰোগীৰ আগমন ঘটাৰ লগতে প্ৰতিষ্ঠানখনৰ আইপিডি শাখাত ৪৮২ জন ৰোগী ভৰ্তি হৈছে। হোমিঅ’পেথীত ইয়াৰ অ’পিডি ক্লিনিকলৈ ১৯,৩৯৭ জন ৰোগীৰ আগমন ঘটাৰ সমান্তৰালকৈ ২২ জন ৰোগী ইয়াৰ অধীনত ভৰ্তি হয়। একে সময়ছোৱাতে ৩৫টা স্বাস্থ্য শিবিৰ আৰু ৪টা চিএমই (Continuing Medical Education) এনইআইএএইচে পৰিচালনা কৰে।

উক্ত ছটা নতুন ভৱনত আছে ১০৪ জন আবাসীৰ বাবে বয়জ হোষ্টেল, ১০৪ গৰাকী আবাসীৰ বাবে গাৰ্লছ হোষ্টেল, টাইপ III কোৱাৰ্টাৰ ৮ ইউনিট, টাইপ আইভিএ কোৱাৰ্টাৰ ৬ ইউনিট, টাইপ আইভিবি তথা ডাইৰেক্টৰ ৰেচিডেন্স ৭ ইউনিট, ২৫টা ইউনিটৰ সৈতে এটা ছিনিয়ৰ ৰেচিডেন্ট হোষ্টেল আৰু ১৯টা কোঠা তথা ২টা ছ্যুটৰ সৈতে এটা অতিথিশালা। আনুমানিক ₹৬০.১৬ কোটি টকা ব্যয় সাপেক্ষে এই ভৱনকেইটা নিৰ্মাণ কৰা হৈছে।

এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে মেঘালয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ মেজেল আম্পাৰিন লিণ্ডু, মেঘালয় চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী এএল হেকে ভাগ লয়। নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ (NEHU) উপাচাৰ্য্য প্ৰফেচৰ প্ৰভা শংকৰ শুক্লা; উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (NEIGRIHMS) সঞ্চালক প্ৰফেচৰ (ডাঃ) নলিন মেহতা আৰু এনইআইএএইচৰ সঞ্চালিকা ডাঃ নীতা মহেছেকাৰেও উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

শৈক্ষিক দিশত এনইআইএএইচে ইতিমধ্যে ছটা আণ্ডাৰগ্ৰেজুৱেট বেটচত আয়ুৰ্বেদিক চিকিৎসা আৰু চাৰ্জাৰী স্নাতক (BAMS) আৰু হোমিঅ’পেথিক চিকিৎসা আৰু চাৰ্জাৰী স্নাতক (BHMS)ৰ শিক্ষা প্ৰদান কৰিছে। ২০১৬-১৭ত ৫০ জন ছাত্ৰ-ছাত্ৰীৰপৰা এতিয়া প্ৰতিটো বেটচতে ৬৩ জনলৈ আসনৰ সংখ্যা বৃদ্ধি কৰা হৈছে। এই পাঠ্যক্ৰমসমূহ মেঘালয়ৰ শ্বিলংস্থিত নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ (NEHU)ৰ অনুমোদিত।

নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী (NEIAH) হৈছে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ এটি স্বায়ত্তশাসিত প্ৰতিষ্ঠান। আয়ুৰ্বেদ আৰু হোমিঅ'পেথী চিকিৎসা ব্যৱস্থাৰ অধীনত উত্তৰ-পূৰ্বাঞ্চল আৰু ছিকিমৰ জনসাধাৰণক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ বাবে এনইআইএএইচ প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান এই প্ৰতিষ্ঠানখনিয়ে ইয়াৰ সংলগ্ন চিকিৎসালয়সমূহৰ লগতে এখনি আয়ুৰ্বেদ মহাবিদ্যালয় আৰু এখনি হোমিঅ'পেথী মহাবিদ্যালয় পৰিচালনা কৰি আছে। প্ৰতিষ্ঠানখনিয়ে ৬০ খন বিচনাযুক্ত আয়ুৰ্বেদিক আৰু ২০ খন বিচনাযুক্ত হোমিঅ'পেথিক চিকিৎসালয় পৰিচালনা কৰি আছে।

এনইআইএএইচ কেম্পাছৰ চিকিৎসালয়সমূহ ব্যক্তিগত ৱাৰ্ড, লেবাৰ ৰুম, অপাৰেচন থিয়েটাৰ, যোগ কেন্দ্ৰ, ফিজিঅ’থেৰাপি ইউনিট, পঞ্চকৰ্মা ইউনিট আদিৰে সুসজ্জিত। ইচিজি, ইউএছজি, এক্স-ৰে, লেবৰেটৰী, নাদী তৰংগনী আদিকে প্ৰমুখ্য কৰি ইনভেষ্টিগেচন সুবিধাসমূহো প্ৰতিষ্ঠানখনিত উপলব্ধ। আয়ুৰ্বেদত ৭টা অ’পিডি আৰু হোমিঅ’পেথীত ৫টা অ’পিডিৰে সজ্জিত এই প্ৰতিষ্ঠানখনি। ইয়াত আয়ুৰ্বেদৰ বাবে ৬০খন বিছনা আৰু হোমিঅ’পেথীৰ বাবে ২০খন বিচনাৰে পূৰ্ণাংগ আইপিডিৰ সুবিধা আছে। প্ৰতিষ্ঠানখনি ২০ একৰোধিক ভূমিত বিস্তৃত।

*******



(Release ID: 1924360) Visitor Counter : 105


Read this release in: English , Urdu , Hindi , Manipuri