প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ নাথদ্বাৰাত থকা ‘শ্ৰীনাথজী মন্দিৰ’ দৰ্শন কৰি পূজা সমাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 10 MAY 2023 1:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ নাথদ্বাৰাত থকা ‘শ্ৰীনাথজী মন্দিৰ’ দৰ্শন কৰাৰ লগতে পূজা সমাপন কৰে। তেওঁ মন্দিৰৰ পুৰোহিতসকলৰ সৈতে বাৰ্তালাপতো মিলিত হয় আৰু ভগৱান ‘শ্ৰীনাথ’লৈ 'ভেত পূজা' আগবঢ়ায়। 

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

"নাথদ্বাৰাত ভগৱান শ্ৰীনাথজীৰ দৰ্শন আৰু আশীৰ্বাদ লাভ কৰাৰ সৌভাগ্য মই পালোঁ। তেওঁৰ পৰা দেশবাসীৰ সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰিলোঁ। "

***


(ৰিলিজ আই ডি : 1923204) অতিথি কক্ষ : 172