প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বৈদ্যুতিক বাহনৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা দৃঢ় পদক্ষেপৰ প্ৰভাৱ এতিয়া সমগ্ৰ দেশতে দৃশ্যমান হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

Posted On: 19 APR 2023 3:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বৈদ্যুতিক বাহনৰ জনপ্ৰিয়তা বৃদ্ধি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা দৃঢ় পদক্ষেপৰ প্ৰভাৱ এতিয়া সমগ্ৰ দেশতে দৃশ্যমান হৈছে৷

কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰী ড০ মহেন্দ্ৰ নাথ পাণ্ডেই এক টুইটত জনায় যে শূন্য কাৰ্বন নিৰ্গমনৰ দৃষ্টিভংগীৰে দেশে দ্ৰুতগতিত বৈদ্যুতিক বাহনক আকোঁৱালি লৈছে৷

কেন্দ্ৰীয় মন্ত্ৰীৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

“বহুত উৎসাহজনক খবৰ! বৈদ্যুতিক বাহনৰ জনপ্ৰিয় বৃদ্ধি কৰাৰ বাবে চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াৰ প্ৰভাৱ এতিয়া সমগ্ৰ দেশতে দৃশ্যমান হৈছে৷”

***



(Release ID: 1918076) Visitor Counter : 88