প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মিছন অমৃত সৰোবৰৰ শলাগ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 05 APR 2023 11:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিছন অমৃত সৰোবৰৰ শলাগ লৈ কয় যে সমগ্ৰ দেশতে যি গতিৰে অমৃত সৰোবৰ খন্দা হৈছে, সেই গতিয়ে অমৃত কালৰ বাবে আমাৰ সংকল্পত নতুন শক্তি যোগাব।

এটা টুইটত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে জনোৱা মতে, ৪০ হাজাৰৰো অধিক অমৃত সৰোবৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা হৈছে। তেওঁ লগতে কয় যে ২০২৩ৰ ১৫ আগষ্টৰ ভিতৰত ৫০ হাজাৰ অমৃত সৰোবৰ খন্দাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীজনৰ টুইটটোলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"অভিনন্দন! সমগ্ৰ দেশতে যি গতিৰে অমৃত সৰোবৰ খন্দা হৈছে, সেই গতিয়ে আমাৰ অমৃতকালৰ সংকল্পত নতুন শক্তি যোগাব।"

****

DS/ST/SB


(ৰিলিজ আই ডি : 1914265) অতিথি কক্ষ : 176