শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

শ্ৰী ৰামেশ্বৰ তেলীয়ে জি-২০ দেশসমূহক ই ডব্লিউ জিৰ তিনিটা অগ্ৰাধিকাৰ ক্ষেত্ৰ বিশ্বব্যাপী দক্ষতাৰ ব্যৱধান, গিগ আৰু প্লেটফৰ্ম অৰ্থনীতি আৰু সামাজিক সুৰক্ষাৰ বহনক্ষম বিত্তীয় যোগান সন্দৰ্ভত আলোচনা কৰিবলৈ আৰু সেইবোৰক স্পষ্ট ৰণনীতিলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনায়

বৈঠকৰ প্ৰথম দিনটোত অন্তৰ্ভুক্ত আছিল বহনক্ষম বিত্ত কাৰ্যকৰী গোট, ডিজিটেল অৰ্থনীতি কাৰ্যকৰী গোট, শিক্ষা কাৰ্যকৰী গোট, জি-২০ উদ্যোগ গৱেষণা কেন্দ্ৰ আৰু এল২০, বি২০ চেয়াৰৰ দ্বাৰা অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব দিয়া অধিৱেশনসমূহ

Posted On: 03 APR 2023 5:59PM by PIB Guwahati

কেন্দ্ৰীয় শ্ৰম, নিযুক্তি আৰু পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলীয়ে আজি গুৱাহাটীত অনুষ্ঠিত জি-২০ ৰ এক বৈঠকত জি২০ দেশসমূহক নিয়োগ কৰ্ম গোটৰ (ইডব্লিউজি) তিনিটা অগ্ৰাধিকাৰ ক্ষেত্ৰ  বিশ্বব্যাপী দক্ষতাৰ ব্যৱধান, গিগ আৰু প্লেটফৰ্ম অৰ্থনীতি আৰু সামাজিক সুৰক্ষাৰ বহনক্ষম বিত্তীয় যোগানৰ বিষয়ে আলোচনা কৰিবলৈ আৰু সেইবোৰক স্পষ্ট ৰণনীতিলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনায়।

আজি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় এমপ্লয়মেণ্ট ৱৰ্কিং গ্ৰুপৰ (ইডব্লিউজি) বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত যোধপুৰত অনুষ্ঠিত প্ৰথম ইডব্লিউজি বৈঠকত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ প্ৰশংসা কৰে। তেওঁ কয় যে জি-২০ প্ৰতিনিধি, নলেজ পাৰ্টনাৰ আৰু অতিথিসকলৰ সামূহিক প্ৰচেষ্টাই ইডব্লিউজিৰ তিনিটা অগ্ৰাধিকাৰ ক্ষেত্ৰৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে আৰু প্ৰথম বৈঠকত লাভ কৰা এই অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ প্ৰতি সকলোৱে প্ৰেৰণ কৰা ইনপুট সকলোৰে বাবে এক উন্নত পৃথিৱী গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ হৈ দেখা দিছে।

মন্ত্ৰী শ্ৰী তেলীয়ে আজি কয় যে বিবৃত্তি প্ৰণয়নৰ পিছত প্ৰতিখন দেশৰ সংশ্লিষ্ট মন্ত্ৰালয়সমূহে আলোচনা  আগবঢ়াই নিব। তেওঁ লগতে কয় যে জি-২০ ৰাষ্ট্ৰসমূহত ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে বিশ্ব অৰ্থনীতিৰ ভৱিষ্যতৰ দিশ নিৰ্ধাৰণ কৰাৰ বাবে এই নথি  হৈ পৰিব অন্যতম মূল চাবিকাঠি। তেওঁ কয় যে মুখ্য অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহৰ ওপৰত সুস্থিৰ ফলাফলৰ দিশত আগবাঢ়িবলৈ হ’লে প্ৰয়োজন হ’ব সামূহিক আৰু গঠনমূলক আলোচনাৰ। তেওঁ লগতে কয় যে জি-২০ ৰাষ্ট্ৰসমূহে এই আলোচনাসমূহ অতি গুৰুত্ব প্ৰদান আৰু দায়িত্ব সহকাৰে বহন কৰিব লাগিব। কেৱল সেয়াই নহয়, বিশ্বব্যাপী ৰাজহুৱা নীতিবোৰ এনেদৰে প্ৰস্তুত কৰিব লাগিব যাতে ই নিষ্পেষিত, আটাইতকৈ সুবিধাবঞ্চিত আৰু দৰিদ্ৰ লোকসকলে প্ৰথমেই লাভ কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকক যাতে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত মূলসুঁতিলৈ আনিব পৰা যায়।

উল্লেখ্য যে অসম চৰকাৰৰ পৰিৱেশ আৰু বন, এক্ট ইষ্ট পলিচী আৰু সংখ্যালঘু কল্যাণ মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও উপস্থিত লোকসকলক সম্বোধন কৰে। অনুষ্ঠানটোত জি-২০ত জন-ভাগীদাৰীৰ সৈতে সংগতি ৰাখি শ্ৰমিকসকলৰ সমস্যা সমাধান সূত্ৰ বিচাৰি শিক্ষাৰ্থীসকলে ৰচনা কৰা এক প্ৰবন্ধ সংকলনো উন্মোচন কৰা হয়।

বৈঠকৰ প্ৰথম দিনটোত শিক্ষা কৰ্মগোট, ডিজিটেল অৰ্থনীতি কৰ্মগোট, বিত্ত ট্ৰেক, জি-২০ উদ্যোগীকৰণ গৱেষণা কেন্দ্ৰ, এল ২০ আৰু বি-২০ অধ্যক্ষৰ দ্বাৰা বিভিন্ন অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানেৰে আলোকপাত কৰা হয়।

আজি বহনক্ষম বিত্ত কাৰ্যকৰী গোটে প্ৰথমটো প্ৰেজেণ্টেচনৰ আঁত ধৰে। আনফালে জি-২০ ফাইনেন্স ট্ৰেকৰ সৈতে ইডব্লিউজিৰ সহযোগিতাৰ তৃতীয় মুখ্য অগ্ৰাধিকাৰ ক্ষেত্ৰ অৰ্থাৎ সামাজিক সুৰক্ষাৰ বহনক্ষম বিত্তৰ সৈতে সম্পৰ্কিত দিশবোৰো এই গোটটোৱে দাঙি ধৰে। উল্লেখ্য যে ফাইনেন্স ট্ৰেকৰ দ্বাৰা মোকাবিলা কৰা মুখ্য বিষয়বোৰৰ ভিতৰত আছে বিশ্বব্যাপী অৰ্থনৈতিক বিপদাশংকা নিৰীক্ষণ কৰা, বহনক্ষম বিত্ত, ভৱিষ্যতৰ স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ বাবে বিত্ত যোগান, প্ৰস্তুতি আৰু সঁহাৰি, আৰু অধিক স্থিৰ আৰু স্থিতিস্থাপক বিশ্বব্যাপী বিত্তীয় গাঁথনিৰ বাবে সংস্কাৰ সাধন।

২০২১ চনত স্থাপিত ডিজিটেল ইকনমি ৱৰ্কিং গ্ৰুপে (ডিইইউজি) আজি আগবঢ়ায় পৰৱৰ্তী প্ৰেজেণ্টেচন। দুয়োটা কৰ্মী গোটৰ মাজত বিভিন্ন উমৈহতীয়া ক্ষেত্ৰ  থকাৰ বাবেই ডিইউজিৰ সৈতে ইডব্লিউজিৰ সহযোগিতা আছে।

ইফালে এডুকেশ্বন ৱৰ্কিং গ্ৰুপে (এডব্লিউজি) তৃতীয় প্ৰেজেণ্টেচনটো উপস্থাপন কৰে। উল্লেখ্য যে শিক্ষা কাৰ্যকৰী গোটৰ লক্ষ্য হৈছে প্ৰযুক্তিগত সঁজুলি, ডিজিটেলাইজেশ্যন, সাৰ্বজনীন মানদণ্ডৰ শিক্ষা, আৰু একাধিক উৎসৰ জৰিয়তে শিকাৰ ফলাফল আৰু ন্যায়সঙ্গত প্ৰৱেশাধিকাৰ শক্তিশালীকৰণ। শিক্ষাৰ বিষয়বস্তুৰ আলোচনাৰ মুখ্য ক্ষেত্ৰবোৰই ইডব্লিউজিৰ ভাৰতৰ অধ্যক্ষতাত অগ্ৰাধিকাৰ ক্ষেত্ৰৰ সৈতে সামৰি লয়, যিয়ে গোলকীয় দক্ষতাৰ ব্যৱধানবোৰ হ্ৰাস কৰি আনে বা নাইকিয়া কৰে।

আনফালে চতুৰ্থ প্ৰেজেণ্টেচনটো উপস্থাপন কৰে জি-২০ উদ্যোগ গৱেষণা কেন্দ্ৰই (ইআৰচি)। জি-২০ উদ্যোগী কাৰ্য পৰিকল্পনাৰ ৰূপায়ণৰ নেতৃত্ব দিছে ইআৰচি, চীনৰ চিংঘুয়া বিশ্ববিদ্যালয়ৰ লগতে উদ্যোগী গৱেষণা কেন্দ্ৰই, যাৰ লক্ষ্য হৈছে শৈক্ষিক আৰু নীতিগত প্ৰভাৱ আৰু উদ্যোগী আৰু নিযুক্তিৰ ফলাফল থকা এক প্ৰতিষ্ঠানত পৰিণত হোৱা। জি-২০ অৰ্থনীতিৰ ওপৰত উদ্যোগী গৱেষণা কেন্দ্ৰৰ কাৰ্যকলাপ আৰু সফলতাৰ আপডেটৰ ওপৰতো এক অধিৱেশন অনুষ্ঠিত হয়।

এই অধিৱেশনলানিৰ পিছতে এল২০ চেয়াৰ (লেবাৰ ২০) আৰু বি২০ চেয়াৰ (বিজনেছ ২০)ৰ সভাবোৰৰ ফলাফল উপস্থাপন কৰা হয়। এল২০-এ বিশ্বব্যাপী লাখ লাখ শ্ৰমিকক প্ৰতিনিধিত্ব কৰিবলৈ জি-২০ দেশবোৰৰ ট্ৰেড ইউনিয়নৰ নেতাসকলক আহ্বান কৰে। ই শ্ৰমিক-সম্পৰ্কীয় সমস্যাবোৰ নাইকিয়া বা হ্ৰাস কৰাৰ লক্ষ্যৰে বিশ্লেষণ আৰু নীতিৰ পৰামৰ্শৰ সৈতে জি-২০-ৰ কামত অৰিহণা যোগাইছে। আনফালে বি২০ হৈছে বিশ্বব্যাপী ব্যৱসায়িক সমুদায়ৰ সৈতে আনুষ্ঠানিক জি-২০ ৰ আলোচনা মঞ্চ। উল্লেখ্য যে অধিৱেশনবোৰৰ মাজে মাজে অনুষ্ঠিত একোটা যোগ বিৰতি কাৰ্যসূচীতক সকলোৱে প্ৰসংশা কৰে।

ইফালে, দিনটোৰ আৰম্ভণিতে শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়ৰ সচিব শ্ৰীমতী আৰতি আহুজাই ২০২৩ চনৰ ৩-৫ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় বৈঠকত জি-২০ ইণ্ডিয়ান প্ৰেচিডেন্সিৰ অধীনত নিযুক্তি কৰ্মী গোটৰ (ইডব্লিউজি) সামগ্ৰিক আলোচনাৰ বিষয়ে সংবাদমেলত অৱগত কৰে।

তেওঁ কয় যে ইডব্লিউজিৰ সকলোৰে বাবে শক্তিশালী, বহনক্ষম, ভাৰসাম্যগত আৰু চাকৰি সমৃদ্ধ বিকাশৰ বাবে অগ্ৰাধিকাৰযুক্ত শ্ৰম, নিযুক্তি আৰু সামাজিক সমস্যা সমাধানৰ নিৰ্দেশনা আছে। তেওঁ  জনায় যে ১৯ খনৰো অধিক জি-২০ সদস্য দেশ, খন অতিথি দেশ আৰু ৫টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ৭৪ গৰাকী প্ৰতিনিধিয়ে চলিত বৈঠকত অংশগ্ৰহণ কৰিছে

https://www.youtube.com/live/PMIwfR1Lirc?feature=share

*****

MJPS



(Release ID: 1913452) Visitor Counter : 220


Read this release in: English , Urdu , Hindi