প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাৰাণসীত ৩.৮৫ কিলোমিটাৰ দীঘল ৰাজহুৱা পৰিবহণ ৰজ্জুপথ নিৰ্মাণৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 29 MAR 2023 4:16PM by PIB Guwahati

বাৰাণসীত ৬৪৪ কোটি টকা ব্যয়েৰে ৩.৮৫ কিলোমিটাৰ দীঘল ৰাজহুৱা পৰিবহণ ৰজ্জুপথ বা ৰোপৱে’ নিৰ্মাণৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে এটা টুইটযোগে কয় যে বাৰাণসীত ৬৪৪ কোটি টকা ব্যয়েৰে ৩.৮৫ কিলোমিটাৰ দীঘল ৰাজহুৱা পৰিবহণ ৰজ্জুপথ নিৰ্মাণ কৰা হৈছে। এই টুইটটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"বিশ্বাস আৰু প্ৰযুক্তিৰ এক আশ্চৰ্যকৰ সমন্বয়! বাৰাণসীত নিৰ্মাণ কৰা এই ৰজ্জুপথে কেৱল ভক্তসকলৰ বাবে ভ্ৰমণৰ অভিজ্ঞতাক অতি আকৰ্ষণীয় আৰু স্মৰণীয় কৰি তোলাৰ লগতে ই তেওঁলোকৰ বাবে বাবা বিশ্বনাথ ভ্ৰমণ কৰাটোও অতি সুবিধাজনক কৰি তুলিব। "

*****

DS/TS



(Release ID: 1912203) Visitor Counter : 87