উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আইআইই)ৰ অষ্টাদশ বাৰ্ষিক সাধাৰণ সংস্থা সভাত সহ-অধ্যক্ষতা শ্ৰী জি কিষাণ ৰেড্ডী আৰু শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ


বৈঠকত উত্তৰ-পূৱ অঞ্চলৰ দক্ষতা বিকাশৰ দিশত এক সমগ্ৰ চৰকাৰী পন্থাৰ পৰামৰ্শ

দক্ষতা বিকাশ এক অগ্ৰাধিকাৰ আৰু প্ৰকল্পসমূহ পিএম-ডেভাইন আঁচনিৰ অধীনত সহায় কৰিব পৰা যায়ঃ শ্ৰী জি কিষাণ ৰেড্ডী

ইয়াৰ দ্বাৰা কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাব আৰু প্ৰতিষ্ঠানটোও শক্তিশালী হ’বঃ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

দুয়োগৰাকী মন্ত্ৰীৰ সহযোগত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ অধীনত কেইবাটাও কাৰ্যসূচীৰ প্ৰস্তুতিৰ ওপৰত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়

উত্তৰ-পূর্বাঞ্চলৰ পৰা ছাত্র-ছাত্রীসকলক ভাৰতৰ বাকী অংশৰ বিভিন্ন পর্যটনস্থলী পৰিভ্রমণ কৰিবলৈ বাছনি কৰা হ’ব যাতে সাংস্কৃতিক আৰু আৱেগিকভাৱে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰিব পৰা যায়

Posted On: 19 JAN 2023 7:54PM by PIB Guwahati

কেন্দ্ৰীয় পৰ্যটন, সাংস্কৃতিক আৰু ড’নাৰ মন্ত্ৰী শ্ৰীযুত জি কিষাণ ৰেড্ডী আৰু কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আইআইই), গুৱাহাটীৰ অষ্টাদশ বাৰ্ষিক সাধাৰণ সংস্থাৰ সভাৰ সহ-অধ্যক্ষতা কৰে।

মন্ত্রী দুগৰাকীয়ে প্রতিষ্ঠানটোৰ কাম-কাজৰ পর্যালোচনা কৰি আগুৱাই যোৱাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে৷ বৈঠকৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ দক্ষতা বিকাশৰ দিশত এক সমগ্ৰ চৰকাৰী পন্থাৰ পৰামৰ্শ দিয়া হয়৷

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ভৱিষ্যতৰ দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া আৰু আই আই ইয়ে কেইবাটাও মন্ত্ৰালয়ৰ সৈতে তৃণমুল পৰ্যায়ত সংগতি ৰাখি কাম কৰিব লাগিব বুলি পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে কয় যে প্ৰতিষ্ঠানটোৱে আইআইটি আৰু আইআইএমৰ দৰে অগ্ৰণী উৎকৃষ্টতা কেন্দ্ৰৰ সৈতে বুজাবুজি চুক্তি সম্পাদন কৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে তথ্য বিশ্লেষণ আদিৰ দৰে অত্যাধুনিক পাঠ্যক্ৰমত ডিগ্ৰী পাঠ্যক্ৰম প্ৰদান কৰিব লাগিব৷

কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে কয় যে আইআইইয়ে ড’নাৰ মন্ত্ৰালয় আৰু ইয়াৰ সংস্থা নেৰামেক আৰু এনইএইচএইচডিচিৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে কাম কৰিব লাগিব। শ্ৰী ৰেড্ডীয়ে লগতে কয়, “দক্ষতা বিকাশ এক অগ্ৰাধিকাৰ আৰু পিএম-ডেভাইন আঁচনিৰ অধীনত প্ৰকল্পসমূহক সমৰ্থন কৰিব পৰা যায়৷

তেওঁ লগতে কয় যে আতিথ্য, নাৰ্চিং, ব্যক্তিগত নিৰাপত্তা আৰু কৃষি আদি কেতবোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰক আইআইইৰ বাবে পৰিচালনাৰ মূল ক্ষেত্ৰ হিচাপে বিবেচিত হ’ব পাৰে।

দুয়োগৰাকী মন্ত্ৰীৰ সহ-অধ্যক্ষতাত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ অধীনত কেইবাটাও কাৰ্যসূচীৰ প্ৰস্তুতিৰ ওপৰত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ড’নাৰ মন্ত্ৰালয় আৰু শিক্ষা মন্ত্ৰালয়, ৰে’ল মন্ত্ৰালয় আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চললৈ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক বিনিময় ভ্ৰমণৰ আয়োজন কৰা হৈছে যাতে তেওঁলোকে বৈচিত্ৰময় সংস্কৃতি, পৰম্পৰা, ভাষা আদিৰ বিষয়ে অধিক নিবিড়ভাৱে বুজিব পাৰে।

কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ভাৰতৰ বাকী অংশৰ বিভিন্ন পৰ্যটন স্থান ভ্ৰমণ কৰিবলৈ নিৰ্বাচিত কৰা হ’ব যাতে সাংস্কৃতিক আৰু আৱেগিকভাৱে ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰিব পৰা যায়। অভিজ্ঞতাভিত্তিক শিক্ষণৰ সুযোগ লাভৰ বাবে ১০০খন বিশ্ববিদ্যালয়ৰ পৰা কমেও ২০ হাজাৰ ছাত্ৰ-ছাত্ৰীক ভাৰতৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিবলৈ নিৰ্বাচিত কৰা হ’ব।

দুয়োগাৰকী মন্ত্ৰীয়ে ভ্ৰমণসমূহ সফল ৰূপায়ণত সহায় কৰিবলৈ আৰু নিৰ্বাচিত বিশ্ববিদ্যালয়সমূহক প্ৰয়োজনীয় সহায় আগবঢ়াবলৈ বহু মন্ত্ৰালয় সমিতি গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

তেওঁলোকে লগতে কয় যে এই ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ সংস্থাসমূহ ভ্ৰমণ, বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময়, সফল ষ্টাৰ্টআপৰ সৈতে পৰিচিত হোৱা আৰু অঞ্চলটোৰ পৰ্যটন সম্ভাৱনাৰ বিষয়ে সজাগতা আদি মূল বিষয়সমূহৰ ভিতৰত অন্যতম৷ ইয়াৰ উপৰিও অঞ্চলটোৰ উত্তম পদ্ধতিসমূহ জানিব পৰাৰ লগতে অঞ্চলটোৰ অনন্য সম্ভাৱনাৰ বিষয়ে সজাগতা প্ৰচাৰ কৰিব পৰা যাব।

***

MG/DP/MPW/RK/DB



(Release ID: 1894607) Visitor Counter : 110


Read this release in: English , Urdu , Hindi , Manipuri