ৰাষ্ট্ৰপতি সচিবালয়

ত্ৰয়োদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ অংশগ্ৰহণ

ৰাষ্ট্ৰপতি মূৰ্মুৰ সকলো নাগৰিককে ভোটদানক ৰাষ্ট্ৰ-নিৰ্মাণলৈ তেওঁলোকৰ বৰঙণি বুলি বিবেচনাৰ আহ্বান

Posted On: 25 JAN 2023 3:07PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুয়ে আজি (২৫ জানুৱাৰী, ২০২৩) নতুন দিল্লীত অনুষ্ঠিত ত্ৰয়োদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ আৰু উপস্থিতসকলক সম্বোধন কৰে। ইয়াতে ৰাষ্ট্ৰপতিগৰাকীয়ে ২০২২ ত নিৰ্বাচনসমূহ পৰিচালনাৰ ক্ষেত্ৰত অসামান্য প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ বিষয়াসকলক ২০২২ বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে। ভোটাৰৰ সজাগতাৰ ক্ষেত্ৰত আগবঢ়োৱা মূল্যৱান বৰঙণিৰ বাবে চৰকাৰী সংবাদ মাধ্যম আৰু যোগাযোগ সংস্থা তথা আন-আন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ অংশীদাৰসকলকো ৰাষ্ট্ৰীয় বঁটাসমূহ প্ৰদান কৰা হয়।

ইয়াত সমবেত লোকসকলক সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সংবিধান সভাৰ সদস্যসকলে নাগৰিকসকলৰ জ্ঞানৰ প্ৰতি অপৰিসীম বিশ্বাস প্ৰকাশেৰে প্ৰাপ্তবয়স্ক ফ্ৰেঞ্চাইজিৰ ভিত্তিত নিৰ্বাচনৰ ব্যৱস্থা কৰিছিল। ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ এই বিশ্বাসক সত্য প্ৰমাণিত কৰিছে। ভাৰতৰ গণতন্ত্ৰক বিশ্বৰ সৰ্ববৃহৎ, স্পন্দনশীল আৰু সুস্থ গণতন্ত্ৰ হিচাপে সন্মান কৰা হয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিগত সাতটা দশকত আমাৰ দেশত নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে সামাজিক বিপ্লৱ সম্ভৱ হৈ উঠিছে। আমাৰ গণতন্ত্ৰৰ এক বৃহৎ সফলতা এয়ে যে দুৰ্গম অঞ্চলসমূহত বসবাস কৰা সাধাৰণ ভোটাৰসকলে দেশ বা ৰাজ্যখন কোনে আৰু কেনেকৈ শাসন কৰিব, তাৰ নিৰ্ণয়ত তেওঁলোকৰ এটি গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি অনুভৱ কৰে। সংবিধানখনত সন্নিৱিষ্ট সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ লক্ষ্যত উপনীত হ’বলৈ আমাৰ গণতন্ত্ৰ নিৰন্তৰভাৱে অগ্ৰসৰ হৈ আহিছে বুলি তেওঁ কয়। তেওঁ নিৰ্বাচন আয়োগ আৰু আন সকলো অংশগ্ৰহণকাৰীৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আমাৰ গণতন্ত্ৰ অধিক শক্তিশালী হ’ব বুলি আস্থা প্ৰকাশ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভোটাৰসকলক উৎসাহিত কৰিবলৈ নিৰ্বাচন আয়োগৰ মূলমন্ত্ৰ ‘কোনো ভোটাৰ বাদ নপৰা’ (no voter to be left behind), এটি প্ৰশংসনীয় বাৰ্তা। এই বাক্যই সকলো ভোটাৰৰ বাবেই ভোটদান প্ৰক্ৰিয়াটোক সহজ কৰি তুলিবলৈ নিৰ্বাচন আয়োগৰ লক্ষ্যক প্ৰতিফলিত কৰিছে। এই বৰ্ষৰ ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ বিষয়বস্তু ‘নাথিং লাইক ভোটিং, আই ভোট ফৰ চিঅ’ৰ’ য়ে ভোটাৰসকলৰ সংকল্পক প্ৰকাশ কৰিছে বুলি তেওঁ কয়। তেওঁ আৰু কয় যে নিৰ্বাচন আয়োগ আৰু ভোটাৰসকলৰ সামূহিক বৰঙণিয়ে আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোক সুদৃঢ় কৰিছে। তেওঁ সকলো নাগৰিককে ভোটদানক ৰাষ্ট্ৰ-নিৰ্মাণলৈ তেওঁলোকৰ বৰঙণি হিচাপে বিবেচনা কৰিবলৈ আহ্বান জনায় আৰু ‘ৰাষ্ট্ৰ সৰ্বোচ্চ’ মনোভাৱেৰে ভোটদান কৰিব লাগিব বুলি কয়।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোত মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ ক্ৰমাগতভাৱে বৃদ্ধি পোৱাটো আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়া আৰু আমাৰ গণতন্ত্ৰৰ এক বৃহৎ সাফল্য। ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা অলপ বেছি আছিল। লগতে মন কৰিবলগীয়া কথাটো হৈছে আমাৰ সংসদৰ ইতিহাসত প্ৰথমবাৰৰ বাবে উভয় সদনতে মহিলা সাংসদৰ সংখ্যাই শতক অতিক্ৰম কৰিছে। গাওঁ পঞ্চায়তৰপৰা সংসদলৈকে মহিলাসকলে যথেষ্ট অৰিহণা যোগাইছে। তেওঁলোকৰ অংশগ্ৰহণ তথা সংখ্যা আৰু বৃদ্ধি পাব লাগে।

ৰাষ্ট্ৰপতিগৰাকীয়ে মুখ্য নিৰ্বাচনী আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰপৰা ‘ইলেকটিং দ্য ফাৰ্ষ্ট চিটিজেন – এন ইলাষ্ট্ৰেটেড ক্ৰনিকেল অৱ ইণ্ডিয়াজ প্ৰেচিডেনচিয়েল ইলেকচনছ’ শীৰ্ষক এখনি গ্ৰন্থৰ প্ৰথম কপিটো গ্ৰহণ কৰে। এই গ্ৰন্থখনে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনসমূহৰ ঐতিহাসিক যাত্ৰাৰ আভাস দাঙি ধৰিছে।

২০১১ ৰপৰা ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰতিষ্ঠা দিৱস (১৯৫০ ৰ ২৫ জানুৱাৰী) উপলক্ষে সমগ্ৰ দেশতে প্ৰতি বছৰে ২৫ জানুৱাৰীৰ দিনটোক ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উদযাপনৰ মূল উদ্দেশ্য হৈছে নাগৰিকসকলৰ মাজত নিৰ্বাচনী সজাগতা সৃষ্টি আৰু নিৰ্বাচনী প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক উৎসাহিত কৰা। ৰাষ্ট্ৰীয় ভোটাৰ দিৱসে নতুনকৈ যোগ্য যুৱ ভোটাৰসকলকে প্ৰমুখ্য কৰি ভোটাৰসকলৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণৰ বাবে অনুগ্ৰহ কৰি ইয়াত ক্লিক কৰক-

*****
 

(Release ID: 1893597)



(Release ID: 1893763) Visitor Counter : 134