মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

দেশজুৰি ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন


৫ দিনীয়া উদযাপনত ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশে বিভিন্ন গতিবিধি/কাৰ্যক্ৰম হাতত লয়; বিভিন্ন গতিবিধি আয়োজিত

Posted On: 24 JAN 2023 7:07PM by PIB Guwahati

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ২৪ জানুৱাৰী, ২০২৩ত ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰে। লিংগ বৈষম্য আঁতৰাবলৈ কন্যা শিশুৰ অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু ছোৱালীৰ শিক্ষা, স্বাস্থ্য আৰু পুষ্টিৰ ওপৰত আলোকপাত কৰাৰ দৃষ্টিৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰা হয়।

এই বছৰ, এই দিৱস উদযাপনৰ অংশ হিচাপে, মন্ত্ৰালয়ে এই অনুষ্ঠানক জনভাগিদাৰী কৰাৰ সিদ্ধান্ত লয়, ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশ আৰু জিলাসমূহক ১৮ৰ পৰা ২৪ জানুৱাৰী, ২০২৩লৈকে কন্যা শিশুক মূল্য দি গতিবিধি আয়োজন কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। ছচিয়েল মিডিয়া প্লেটফৰ্মবিলাকত চলিত প্ৰচাৰাভিযানক তুলি ধৰিবলৈ হেষ্টেগ আছিল #akamceIebratinggirlchildmwcd।

এনজিচিডিৰ ৫ দিনীয়া উদযাপনত ৰাজ্য/কেন্দ্ৰ শাসিত প্ৰদেশসমূহে বিভিন্ন গতিবিধি/কাৰ্যক্ৰম হাতত লয়। কন্যা শিশুৰ মূল্যৰ ওপৰত চিএছআৰ সন্দৰ্ভত বিশেষ গাঁও সভা/মহিলা সভা, শপত গ্ৰহণ অনুষ্ঠান/স্বাক্ষৰ অনুষ্ঠান, ঘৰে ঘৰে কাৰ্যক্ৰম, বিদ্যালয় (চৰকাৰী/বেচৰকাৰী)ৰ সৈতে কাৰ্যক্ৰম, বিদ্যালয়ৰ মাজত পোষ্টাৰ/শ্লোগান লিখা/ছবি অঁকা/দেৱাল লিখন প্ৰতিযোগিতা, সামূহিক সংবেদনশীল কৰা কাৰ্যক্ৰম, ছোৱালীৰ স্বাস্থ্য আৰু পুষ্টি সম্পৰ্কীয় বিষয়ৰ ওপৰত আলোচনা প্ৰদৰ্শনী, বৃক্ষ ৰোপণ অভিযান আয়োজিত হয়। শিক্ষা, ক্ৰীড়াৰ ক্ষেত্ৰত স্থানীয় পাৰদৰ্শী লোকক সন্মান/সম্বৰ্ধনা জনোৱা হয়।

***



(Release ID: 1893543) Visitor Counter : 175