গৃহ মন্ত্ৰালয়

এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰাৰ উপৰি জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত জম্মুত এক সংবাদমেল সম্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ


“প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰতিটো নিৰাপত্তা সংস্থাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি অনুসৰণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক নিৰ্ণায়ক সমৰসজ্জা ৰচনা কৰিছে”

“মোৰ উদ্দেশ্য আছিল ৰাজৌৰী সন্ত্ৰাসবাদী আক্ৰমণত নিহত সকলৰ পৰিয়ালৰ দুখৰ সমভাগী হোৱা, কিন্তু প্ৰতিকূল বতৰৰ বাবে, মই তালৈ যাব নোৱাৰিলোঁ, আটাইকেইটা ভুক্তভোগী পৰিয়ালৰ সৈতে ফোনত কথা পাতিছো আৰু তেওঁলোকৰ দুখৰ সমভাগী হোৱাৰ চেষ্টা কৰো”

“এই ভুক্তভোগী পৰিয়ালকেইটাৰ সাহস সমগ্ৰ দেশৰ বাবে এক উদাহৰণ, ইমান ডাঙৰ দুৰ্ঘটনাৰ পাছতো কঠোৰ যুঁজ দিয়াৰ মনোবল বজাই ৰখাটো এটা ডাঙৰ কথা”
মোডী চৰকাৰ ভুক্তভোগী সকলৰ পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকক সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

সম্পূৰ্ণ সহানুভূতিৰে, ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক চৰকাৰৰ একাধিক আঁচনিৰ জৰিয়তে লাভালাভ প্ৰদান কৰা হ'ব, ইয়াৰ লগতে এলজি-য়ে তেওঁৰ এক্তিয়াৰৰ অধীনত সাহায্য ব্যৱস্থাৰ সৈতে সকলো সম্ভৱ সহায় প্ৰদান কৰিব

তিনি মাহৰ ভিতৰত জম্মুৰ প্ৰতিটো এলেকাত ইয়াৰ নিৰাপত্তা গ্ৰিডক শক্তিশালী কৰি দুৰ্ভেদ্য কৰি তোলা হ'ব

নিয়া আৰু জম্মু আৰক্ষীয়ে একেলগে শেহতীয়া ঘ

Posted On: 13 JAN 2023 7:25PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি সন্দৰ্ভত জম্মুত এক উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিন্হা, কেন্দ্ৰীয় গৃহ সচিব, জম্মু-কাশ্মীৰৰ মুখ্য সচিব, বিত্তীয় আয়ুক্ত (এচিএছ) গৃহ, জম্মু-কাশ্মীৰৰ ডিজিপি, নৰ্ডাৰ্ণ কমাণ্ড, সেনা আৰু চোৰাংচোৱা বিভাগৰ কমাণ্ডাৰ আৰু বিএছএফ আৰু চিআৰপিএফৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল।

বৈঠকৰ পিছত জম্মুত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে "ৰাজৌৰী সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগী পৰিয়ালৰ খা-খবৰ কৰাৰ মোৰ ইচ্ছা আছিল, কিন্তু বেয়া বতৰৰ বাবে মই তালৈ যাব নোৱাৰিলোঁ, মই আটাইকেইটা পৰিয়ালৰ সৈতে ফোনযোগে কথা পাতিছো আৰু তেওঁলোকৰ দুখত সমভাগী হোৱাৰ চেষ্টা কৰিছো" শ্ৰী শ্বাহে কয় যে সেই সকলো ভুক্তভোগী পৰিয়ালৰ সাহস সমগ্ৰ দেশৰ বাবে এক উদাহৰণ, এনে এক শোকাবহ ঘটনাৰ পাছতো কঠোৰ যুঁজ দিয়াৰ মনোবল বজাই ৰখাটো এটা ডাঙৰ কথা।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰি দেশৰ প্ৰতিটো নিৰাপত্তা সংস্থাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক নিৰ্ণায়ক সমৰসজ্জা প্ৰস্তুত কৰি তুলিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভুক্তভোগী সকলৰ পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকক সহায় কৰিবলৈ সংকল্পবদ্ধ। শ্ৰীশ্বাহে কয় যে সম্পূৰ্ণ সহানুভূতিৰে ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক চৰকাৰৰ বিভিন্ন আঁচনিৰ জৰিয়তে লাভালাভ প্ৰদান কৰা ', লগতে এলজিয়ে তেওঁৰ এক্টিয়াৰৰ আওঁতাত বিভিন্ন সাহায্য ব্যৱস্থাৰ লগতে যথাসম্ভৱ সকলো সহায় আগবঢ়াব।

শ্ৰী অমিত শ্বাহে কয় যে জম্মুৰ নিৰাপত্তা সংস্থাসমূহৰ সৈতে নিৰাপত্তাৰ সকলো দিশ সন্দৰ্ভত এক বিতং বৈঠক অনুষ্ঠিত হয়, অনাগত দিনত এক অতি সুৰক্ষিত গ্ৰিড সৃষ্টিৰ ক্ষেত্ৰতো আলোচনা অনুষ্ঠিত হয়। তেওঁ কয় যে দেশৰ সকলো নিৰাপত্তা সংস্থা সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে আৰু এনে ঘটনা প্ৰতিহত কৰিবলৈ তেওঁলোকৰ মনোবল আত্মবিশ্বাসো তুংগত তেওঁ কয় যে এন আই বা নিয়া আৰু জম্মু আৰক্ষীয়ে এই দুদিনত সংঘটিত সন্ত্ৰাসবাদী ঘটনাৰ যুটীয়া তদন্ত কৰিব আৰু লগতে বিগত ডেৰ বছৰত সংঘটিত সকলো ঘটনাৰ তদন্ত কৰা 'ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বৈঠকত সন্ত্ৰাসবাদী গোটসমূহৰ সমৰ্থন আৰু তথ্য প্ৰণালীৰ বিষয়েও বিতংভাৱে আলোচনা কৰা হয় আৰু সকলো সংস্থাই সৰ্বতোপ্ৰকাৰৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ আশ্বাস দিছে। শ্ৰীশ্বাহে কয় যে এই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে দায়ীসকলক অতি সোনকালে কঠোৰ শাস্তি বিহা হ’ব।

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে লগতে কয় যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ সমস্যা আৰম্ভ হোৱাৰ সময়ৰ তুলনাত, সাম্প্ৰতিক সময়ত তেনে কূটাঘাতমূলক ঘটনা আৰু মৃত্যুৰ সংখ্যা আটাইতকৈ কম হৈছে। তেওঁ কয় যে অনাগত তিনিমাহৰ ভিতৰত জম্মুৰ প্ৰতিটো অঞ্চলৰ নিৰাপত্তা গ্ৰিডক অধিক শক্তিশালী কৰি দুৰ্ভেদ্য কৰি তোলা 'ব। তেওঁ লগতে কয় যে মই জম্মুৰ নাগৰিকসকলক আশ্বাস দিছো যে সন্ত্ৰাসবাদী সংগঠনবোৰৰ উদ্দেশ্য যিয়েই নহওঁক, আমাৰ আটাইবোৰ নিৰাপত্তা সংস্থা জম্মুৰ সুৰক্ষাৰ বাবে সাজু আছে আৰু থাকিব।

***

RK/SM/AY



(Release ID: 1891148) Visitor Counter : 110


Read this release in: English , Urdu , Gujarati , Kannada