বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

বিভিন্ন কাৰ্যক্ৰমেৰে আৰম্ভ হ’ল ‘ষ্টাৰ্টআপ ইণ্ডিয়া উদ্ভাৱন সপ্তাহ’(১০ৰ পৰা ১৬ জানুৱাৰী ২০২৩লৈ)


উত্তৰ পূবৰ ষ্টাৰ্টআপৰ বাবে বৈকল্পিক বিনিয়োগ পুঁজি আৰু এচেণ্ড সমাগম সম্পৰ্কীয় কৰ্মশালা

Posted On: 10 JAN 2023 5:20PM by PIB Guwahati

‘ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস’ উদযাপন উপলক্ষে আজিৰে পৰা সমগ্ৰ দেশতে দিনীয়াকৈ ‘ষ্টাৰ্টআপ-ইণ্ডিয়া উদ্ভাৱন সপ্তাহ’ আৰম্ভ হৈছে। এই উপলক্ষে সমগ্ৰ দেশতে অনুষ্ঠিত কৰা বিভিন্ন কাৰ্যক্ৰমৰ জৰিয়তে অংশীদাৰসকলৰ লগতে সংশ্লিষ্ট পক্ষসমূহৰে ঘনিষ্ঠ হোৱাৰ প্ৰয়াস কৰা হ’ব।

‘ষ্টাৰ্টআপ ইণ্ডিয়া উদ্ভাৱন সপ্তাহ’ৰ প্ৰথম দিনটোত সফলতাৰে অনুষ্ঠিত কৰা অনুষ্ঠানবোৰৰ বিষয়ে তলত উল্লেখ কৰা হ’ল

বৈকল্পিক বিনিয়োগ পুঁজিৰ সন্দৰ্ভত কৰ্মশালা:

‘উদ্যোগ সম্প্ৰসাৰণ আৰু আভ্যন্তৰীণ বাণিজ্য বিভাগ’ (ডিপিআইআইটি)য়ে নতুন দিল্লীৰ ‘বাণিজ্য ভৱন’ত ‘ষ্টাৰ্টআপ ইণ্ডিয়া উদ্ভাৱন সপ্তাহ ২০২৩’-ৰ অংশ হিচাপে ‘ডিপিআইআইটি’ৰ সচিব অনুৰাগ জৈনৰ অধ্যক্ষতাত আজি ‘বৈকল্পিক বিনিয়োগ আৰু তেওঁলোকৰ কেন্দ্ৰীয় ভূমিকা’ সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত কৰে।

ষ্টাৰ্টআপসমূহত বিনিয়োগৰ অনুমোদন দিয়াৰ ব্যৱস্থা কৰিব পৰাকৈ ‘ডিপিআইআইটি’য়ে বিত্ত মন্ত্ৰালয় (এমঅএফ), ‘ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ’ (আইআৰডিএআই), আৰু শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় (এমঅএলএণ্ডই)ৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিছে।

কৰ্মশালাখনত ‘ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক’ (এছআইডিবিআই), ‘ভাৰতীয় বীমা নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ’ (আইআৰডিএআই), ‘কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থা’ (ইপিএফঅ'),  ‘পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন প্ৰাধিকৰণ’ (পিএফআৰডিএ), ভা’ৰতীয় জীৱন বীমা নিগম’ (এলআইচি), ‘এছআইডিবিআই’ৰ প্ৰতিনিধিসকলক ‘এআইএফ’ৰ জৰিয়তে ষ্টাৰ্টআপ তন্ত্ৰত ঘৰুৱা মূলধন সংগ্ৰহ কৰাৰ প্ৰসংগত গুৰুত্ব আৰোপ কৰা হয়।

ভাৰতত ষ্টাৰ্টআপ বিনিয়োগৰ দৃশ্যপটৰ এক অৱলোকনৰে দুঘণ্টীয়া কৰ্মশালাখন আৰম্ভ হয় আৰু তাৰ পিছত ‘এআইএফ’ত বিনিয়োগ, ‘এআইএফ’ৰ বাবে নিয়ামক ফ্ৰেমৱৰ্ক আৰু এই সংগঠনবোৰে ‘এআইএফ’ত বিনিয়োগ কৰাৰ সুযোগৰ সন্দৰ্ভত আলোচনাৰে অধিৱেশন আৰম্ভ কৰা হৈছিল। ইয়াৰ পিছতে ভাৰতীয় আৰু গোলকীয় প্ৰেক্ষাপটত লাভ কৰা সাফল্যগাঁথাৰ বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।

 

‘এচেণ্ড সমাগম’

‘ডিপিআইআইটিয়ে ষ্টাৰ্টআপ ইণ্ডিয়া উদ্ভাৱন সপ্তাহ ২০২৩’-ৰ অংশ হিচাপে আজি ‘এচেণ্ড (এক্সেলাৰেটিং ষ্টাৰ্টআপ কেলিবাৰ এণ্ড এণ্টাৰপ্ৰিনিউৰেল ড্ৰাইভ) সমাগম’ৰ আয়োজন কৰে। এই কৰ্মশালাৰ উদ্দেশ্য হৈছে উদ্যোগৰ মুখ্য দিশবোৰৰ সন্দৰ্ভত জ্ঞান বৃদ্ধি কৰা আৰু উত্তৰ-পূবত এক শক্তিশালী ষ্টাৰ্টআপ তন্ত্ৰ গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰখা।

২০২২ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত উত্তৰ-পূব ভাৰতৰ আঠখন ৰাজ্যত উদ্যোগী,  উদীয়মান উদ্যোগী, শিক্ষাৰ্থী আৰু এই দিশৰ বিশেষজ্ঞসকলৰ বাবে ‘ডিপিআইআইটি’-ৰ দ্বাৰা আয়োজিত ‘এচেণ্ড কৰ্মশালা’ৰ পৰৱৰ্তী কাৰ্যক্ৰম হিচাপে ‘এচেণ্ড সমগম’ অনুষ্ঠিত কৰা হৈছে।

‘ভাৰ্চুৱেল মোড’ত অনুষ্ঠিত ‘এচেণ্ড সমাগম’ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সকলো ৰাজ্যৰ ১১০গৰাকীৰো অধিক অংশগ্ৰহণকাৰীয়ে সক্ৰিয় অংশগ্ৰহণ কৰিছে।  ইয়াৰ ভিতৰত আছে ৰাজ্যিক বিষয়া,  ষ্টাৰ্টআপ, আৰু উদীয়মান উদ্যোগীসকলৰ দৰে অংশীদাৰসকল।

আজি অনুষ্ঠিত কাৰ্যক্ৰমসমূহ ভিতৰত ‘ফাউণ্ডাৰ্ছ অব টুডে, লীডাৰ্ছ অব টুমৰো’ শীৰ্ষক ৱেবিনাৰখন উল্লেখনীয় আছিল।

 

***



(Release ID: 1890123) Visitor Counter : 115