যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

২০২২ৰ বৰ্ষান্তিক খতিয়ান : যোগাযোগ মন্ত্ৰালয়


০১.১০.২০২২ত মাননীয় প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰে ‘৫জি’ সেৱাৰ

এটাৰ খেপৰ নিলামত এই পৰ্যন্ত সৰ্বাধিক ৰাজহ আহৰণ। ১,৫০,১৭৩ কোটি টকাৰ নিলাম মূল্যৰ বিনিময়ত বিক্ৰী কৰা হ’ল
৫১,২৩৬মেগাহাৰ্টজ(মুঠৰ ৭১%)

২০২২ৰ ১৭ মে’ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে ‘৫জি’ সেৱাৰ ‘থলুৱা টেষ্ট বেড’

১.৬৪ লাখ কোটি টকাৰ বিত্তীয় পেকেজৰে সৈতে ‘বিএছএনএল’-ৰ পুনৰুজ্জীৱিতকৰণ আৰু ‘বিএছএনএল’ৰ সৈতে ‘বিবিএনএল’ৰ সংলগ্নীকৰণৰ প্ৰস্তাৱলৈ অনুমোদন

দূৰ-সংযোগৰ ‘গ্ৰামীণ-ঘনত্ব’ ২০১৪ চনৰ ৪৪%ৰ পৰা ২০২২ চনৰ অক্টোবৰত বৃদ্ধি পালে ৫৮%লৈ

ব্ৰ’ডবেণ্ড সংযোগৰ পৰিমাণ ২০১৪ৰ মাৰ্চ মাহৰ ৬১ নিযুতৰ পৰা ২০২২ৰ ছেপ্টেম্বৰত বৃদ্ধি পালে ৮১৬নিযুতলৈ, বৃদ্ধিৰ হাৰ ১২৩৮%

২০২২-২৩(এপ্ৰিল-ছেপ্টেম্বৰ)ত দূৰ-সংযোগ খণ্ডলৈ হোৱা ‘এফডিআই’(ইকুইটী প্ৰবাহ)ৰ প্ৰবাহৰ পৰিমাণ আছিল ২০২১-২২ৰ ৬৬৮ মাৰ্কিন ডলাৰৰ বিপৰীতে ৬৯৪ নিযুত মাৰ্কিন ডলাৰ

০৯.১২.২০২২ তাৰিখৰ হিচাপত ‘মোবাইল বেছ ট্ৰেনচিভাৰ ষ্টেশ্যন’ৰ(বিটিএছ) সংখ্যা হ’ল ২৩.৯৮লাখ। ০৯.১২.২০২২ তাৰিখৰ হিচাপত ‘মোবাইল টাৱাৰ’ৰ সংখ্যা হল ৭.৪ লাখ

‘ভাৰত নেট’ : ১.৯০ লাখ গাঁও পঞ্চায়তক সংযোজিত কৰা হৈছে, ৩১ অক্টো

Posted On: 16 DEC 2022 1:55PM by PIB Guwahati
  1. ৫জি সেৱাসমূহ
  • ৫জি স্পেক্ট্ৰামৰ নিলাম
  •  

ভাৰতত ৫জি সেৱাৰ আৰম্ভণিৰ ভেটি ২০২২ চনৰ জুলাই মাহত অনুষ্ঠিত হৈছিল স্পেকট্ৰমৰ অষ্টম নিলামৰ জৰিয়তে। ভাৰত চৰকাৰে ৭২,০৯৮ মেগাহাৰ্টজ স্পেকট্ৰাম নিলামত ৰাখিছিল আৰু,  ইয়াৰে ৫১,২৩৬ মেগাহাৰ্টজ (মুঠৰ ৭১%) ১,৫০,১৭৩ কোটি টকা নিলামৰ মূল্যৰ বিনিময়ত বিক্ৰী কৰা হয়। এয়াই হৈছে একক নিলামৰ পৰা লাভ কৰা নিলামৰ ৰাজহৰ এই পৰ্যন্ত সৰ্বাধিক পৰিমাণ। ইয়াৰ উপৰিও এই নিলামত সৰ্বাধিক সংখ্যক বেণ্ড অৰ্থাৎ ২২টা ‘এল এছ এ’ (অনুজ্ঞাপত্ৰ প্ৰাপ্ত সেৱা এলেকা)ৰ ১০টা ভিন্ন বেণ্ড একেলগে নিলামত ৰখা হৈছিল (অৰ্থাৎ, ৬০০ মেগাহাৰ্টজ, ৭০০ মেগাহাৰ্টজ, ৮০০ মেগাহাৰ্টজ, ৯০০ মেগাহাৰ্টজ, ১৮০০ মেগাহাৰ্টজ, ২১০০ মেগাহাৰ্টজ, ২৩০০ মেগাহাৰ্টজ , ২৫০০ মেগাহাৰ্টজ, ৩৩০০ মেগাহাৰ্টজ আৰু ২৬ গিগাহাৰ্টজ)।

দূৰ-সংযোগ খণ্ডৰ সংস্কাৰ আৰু গ্ৰহণ কৰা স্পষ্ট নীতিৰ সুবাদত ২০২২ চনৰ স্পেকট্ৰম নিলামে এতিয়ালৈকে সৰ্বাধিক নিবিদা লাভ কৰে। শেহতীয়া সংস্কাৰ যেনে- অষ্টম নিলামৰ পৰা আহৰণ কৰা স্পেকট্ৰমৰ ওপৰত শূন্য স্পেকট্ৰাম ব্যৱহাৰৰ চাৰ্জ, বাধ্যতামূলক আপ-ফ্ৰন্ট পেমেণ্ট, ন্যূনতম থ্ৰেছহ’ল্ড পিৰিয়ডৰ পিছত স্পেকট্ৰাম আত্মসমৰ্পণ কৰাৰ ক্ষমতা, বাৰ্ষিক কিস্তিৰ সংখ্যা বৃদ্ধিৰ দৰে সহজ পেমেণ্ট বিকল্প (২০টা বাৰ্ষিক কিস্তি), অতীতৰ বাবদ ধনৰ ওপৰত মৰেটৰিয়ামৰ বিকল্প আদিয়ে স্পেকট্ৰামৰ সফল নিলামত অৰিহণা যোগাইছে। টেলিকম সংযোগৰ বাবে স্পেকট্ৰাম অতি জটিল আৰু টেলিকম সেৱা প্ৰদানকাৰীসকলৰ বাবে স্পেকট্ৰামৰ উন্নত উপলব্ধতাই সেৱাৰ মানো উন্নত কৰিব বুলি আশা কৰা হৈছে।

 

৫জি সেৱাৰ শুভাৰম্ভ

  • ভাৰতত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ২০২২ চনৰ ১ অক্টোবৰত ৫জি সেৱা আৰম্ভ কৰিছিল। টেলিকম সেৱা প্ৰদানকাৰী আৰু শিক্ষা,  স্বাস্থ্য,  শ্ৰমিক সুৰক্ষা,  স্মাৰ্ট কৃষি আদিৰ বাবে ষ্টাৰ্ট-আপসমূহে প্ৰস্তুত কৰা ৫জি ইউজ কেছ এতিয়া সমগ্ৰ দেশতে ব্যৱহাৰৰ বাবে নিয়োজিত কৰা হৈছে।
  •  
  • থলুৱা ৫জি টেষ্ট বেড
  •  
  • ভাৰতৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৫জি নিয়োজনৰ ক্ষেত্ৰত আগভাগ ল’বলৈ দূৰসংযোগ বিভাগে(ডি অ’ টি) পাঁচটা স্থান যথা- CEWiT/IIT মাদ্ৰাজ, IIT দিল্লী, IIT হায়দৰাবাদ, IIT কানপুৰ আৰু IISc বাংগালুৰুত সংহত থলুৱা টেষ্ট বেড সংস্থাপনৰ কৰিব পৰাকৈ বহু-প্ৰতিষ্ঠানিক সহযোগিতামূলক প্ৰকল্পৰ বাবে আৰ্থিক অনুদান আগবঢ়োৱাৰ বাবে অনুমোদন জনায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২২ চনৰ ১৭ মে'ত. থলুৱা ৫জি টেষ্ট বেডখন দেশবাসীৰ বাবে উৎসৰ্গা কৰিছিল।

ভাৰতীয় বৌদ্ধিক পৰিমণ্ডল আৰু উদ্যোগ খণ্ডই পণ্য, প্ৰ’ট’টাইপ, এলগৰিদম, আৰু সেৱাসমূহৰ বৈধতা পৰীক্ষণৰ বাবে থলুৱা ৫জি টেষ্ট বেড ব্যৱহাৰ কৰিব পাৰে। ভাৰত ৫জি প্ৰযুক্তিৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লগে লগে এই খিলঞ্জীয়া টেষ্ট বেডৰ বিকাশ ৫জি আত্মনিৰ্ভৰ ভাৰতৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হৈছে।

B. ২০২২ চনত ভাৰতীয় টেলিকম-ৰ দৃশ্যপট

টেলিফোন সংযোগৰ সংখ্যা বৃদ্ধি:

• ২০১৪ চনৰ মাৰ্চ মাহত ৯৩.৩০ কোটিৰ পৰা ২০২২ চনৰ অক্টোবৰ মাহত মুঠ টেলিফোন সংযোগ ১১৭.০২ কোটিলৈ বৃদ্ধি পাইছে। এই সময়ছোৱাত হোৱা বৃদ্ধিৰ হাৰ হৈছে ২৫.৪২ %। ২০২২ চনৰ অক্টোবৰ মাহত মোবাইল সংযোগৰ সংখ্যা ১১৪.৪ কোটি হৈছিল। ২০১৪ চনৰ মাৰ্চ মাহত ৭৫.২৩% টেলি-সংযোগৰ ঘনত্ব ২০২২ চনৰ অক্টোবৰ মাহত ৮৪.৬৭% হৈছে।

  • • ২০১৪ চনৰ মাৰ্চ মাহত ৫৫.৫২ কোটিৰ পৰা ২০২২ চনৰ অক্টোবৰ মাহত নগৰীয়া টেলিফোন সংযোগ ৬৪.৯৯ কোটিলৈ বৃদ্ধি পাইছে। নগৰাঞ্চলত ১৭.০৬% বৃদ্ধিৰ বিপৰীতে গ্ৰাম্যাঞ্চলত টেলিফোন সংযোগৰ বৃদ্ধি হাৰ হৈছে  ৩৭.৬৯%, যিটো নগৰীয়া বৃদ্ধিৰ দুগুণ। ২০১৪ চনৰ মাৰ্চ মাহত ৩৭.৭৮ কোটিৰ পৰা ২০২২ৰ অক্টোবৰত ৫২.০২কোটিলৈ বৃদ্ধি পাইছে। ইফালে, গ্ৰাম্য টেলি-ঘনত্ব ২০১৪ চনৰ মাৰ্চ মাহৰ ৪৪%ৰ পৰা ২০২২ চনৰ অক্টোবৰ মাহত ৫৭.৯১%লৈ বৃদ্ধি পায়।


ইণ্টাৰনেট আৰু ব্ৰডবেণ্ডৰ অনুপ্ৰেৱেশত দীঘলীয়া জাপ:

• ইণ্টাৰনেট সংযোগৰ সংখ্যা ২০১৪ চনৰ মাৰ্চ মাহৰ ২৫.১৫ কোটিৰ পৰা ২০২২ চনৰ জুন মাহত ৮৩.৬৯ কোটিলৈ বৃদ্ধি পায়। এই বৃদ্ধিৰ হাৰ হৈছে ২৩২%।

• ২০১৪ চনৰ মাৰ্চ মাহত ব্ৰডবেণ্ড সংযোগৰ সংখ্যা আছিল ৬.১ কোটি।  এই সংখ্যা ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ৮১.৬২ কোটিলৈ বৃদ্ধি পাই। এই বৃদ্ধিৰ হাৰ হৈছে ১২৩৮%।

• প্ৰতি জিবি অনাতাঁৰ ডাটাত প্ৰতিজন গ্ৰাহকৰ পৰা আদায় কৰা গড় ৰাজহৰ পৰিমাণ ২০১৪ চনৰ ডিচেম্বৰ মাহৰ ২৬৮.৯৭ টকাৰ পৰা ২০২২ চনৰ জুন মাহত ১০.২৯ টকালৈ হ্ৰাস কৰা হৈছে। এই হ্ৰাসৰ হাৰ হৈছে ৯৬.১৭%তকৈ অধিক।

• প্ৰতিজন অনাতাঁৰ ডাটা গ্ৰাহকৰ গড় মাহিলী ডাটা ব্যৱহাৰ ২০১৪ চনৰ মাৰ্চ মাহত ৬১.৬৬ মেগাবাইটৰ পৰা ২০২২ চনৰ জুন মাহত ১৬.৪০ জিবিলৈ বৃদ্ধি পায়। এই বৃদ্ধি হৈছে পূৰ্বৰ হিচাপত ২৬৬ গুণ।

বিটিএছ আৰু টাৱাৰ:

• ০৯.১২.২০২২ তাৰিখ পৰ্যন্ত ম’বাইল বেছ ট্ৰেন্সচিভাৰ ষ্টেশ্যন (বিটিএছ)ৰ সংখ্যা হৈছে ২৩.৯৮ লাখ।

• ০৯.১২.২০২২ তাৰিখ পৰ্যন্ত মোবাইল টাৱাৰৰ সংখ্যা হৈছে ৭.৪ লাখ।

প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বৃদ্ধি:

২০২১-২২ বিত্তীয় বৰ্ষত হোৱা ৬৬৮ মিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ তুলনাত  ২০২২-২৩ বিত্তীয়বৰ্ষৰ (এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে) সময়ছোৱাত দূৰসংযোগ খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (ইকুইটি ফ্ল’)ৰ পৰিমাণ  আছিল ৬৯৪ মিলিয়ন মাৰ্কিন ডলাৰ।

 

(গ) টেলিকম সংস্কাৰ

i) ইণ্ডিয়ান টেলিগ্ৰাফ ৰাইট অৱ ৱে (সংশোধনী) অধিনিয়ম, ২০২২

ভাৰতীয় টেলিগ্ৰাফ ৰাইট অৱ ৱে (সংশোধনী) অধিনিয়ম, ২০২২ৰ জৰিয়তে দ্ৰুত গতিত ৫জি সেৱা প্ৰৱৰ্তিত  কৰাৰ বাবে টেলিগ্ৰাফ আন্তঃগাঁথনি দ্ৰুত আৰু সহজে নিয়োজিত কৰাত সুবিধা হ’ব। এই সংশোধিত নিয়মসমূহত অন্যান্য বিষয়ৰ লগতে সৰু কোষ আৰু টেলিগ্ৰাফ লাইন সংস্থাপনৰ বাবে ৰাজপথৰ আচবাব ব্যৱহাৰৰ ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে। টেলিকম সেৱা প্ৰদানকাৰী (টি এছ পি) আৰু আন্তঃগাঁথনি প্ৰদানকাৰী (আই পি)ৰ পৰা RoW অনুমতি বিচৰাৰ বাবে মাচুল আৰু শুল্কসমূহৰ পৰিমাণৰ ক্ষেত্ৰত সমগ্ৰ দেশতে যুক্তিসংগত ভাবে ঐক্যতা অনাৰ প্ৰয়াস কৰা হৈছে।

 

ii) অনাতাঁৰ পৰিকল্পনা আৰু সমন্বয় (WPC) প্ৰক্ৰিয়াৰ সংস্কাৰ

অনাতাঁৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত চৰকাৰে তলত দিয়া পদ্ধতিগত সংস্কাৰসমূহৰ ব্যৱস্থা কৰিছে:

ক) উদ্ভাৱন, উৎপাদন আৰু ৰপ্টানিৰ প্ৰসাৰৰ বাবে বিভিন্ন ফ্ৰিকুৱেন্সী বেণ্ডৰ অনুজ্ঞাৰ প্ৰয়োজনীয়তা বাতিল কৰা:

• IoT আৰু M2M, RFID আদি প্ৰয়োগৰ সুবিধাৰ বাবে 865-868 MHz বেণ্ডত স্পেকট্ৰমৰ ক্ষেত্ৰত অনুজ্ঞাৰ প্ৰয়োজনীয়তা বাতিল কৰা হৈছে।

• কণ্টেক্টলেছ ইণ্ডাক্টিভ চাৰ্জিং আদিৰ বাবে ৯ কিলোহাৰ্টজৰ পৰা ৩০ মেগাহাৰ্টজ বেণ্ডৰ ক্ষেত্ৰত অনুজ্ঞাৰ প্ৰয়োজনীয়তা বাতিল কৰা হৈছে।

• বিভিন্ন চুটি-পৰিসৰৰ ডিভাইচ (SRD) এপ্লিকেচনৰ বাবে 433-434.79 MHz বেণ্ডৰ ক্ষেত্ৰত অনুজ্ঞাৰ প্ৰয়োজনীয়তা বাতিল কৰা হৈছে।

 

(খ) চৰকাৰে ৰাষ্ট্ৰীয় ফ্ৰিকুৱেন্সী আবণ্টন পৰিকল্পনা ২০২২ও প্ৰকাশ কৰিছে যিয়ে স্পেক্ট্ৰাম ব্যৱহাৰকাৰীসকলক তাত প্ৰদান কৰা প্ৰাসংগিক ফ্ৰিকুৱেন্সী আৰু পৰিমাপ অনুসৰি তেওঁলোকৰ নেটৱৰ্কৰ পৰিকল্পনা কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিব।

iii) কৃত্ৰিম উপগ্ৰহ সম্পৰ্কীয় সংস্কাৰ

উপগ্ৰহ ভিত্তিক সেৱাৰ দ্ৰুত উদীয়মান ক্ষেত্ৰত নাগৰিকসকলক সুলভ মূল্যৰ সেৱা প্ৰদানৰ গতি ত্বৰান্বিত কৰাৰ লগতে প্ৰৱৰ্তনৰ বিভিন্ন পৰ্যায়ত শুল্কৰ আধিক্য সীমিত কৰি স্বাচ্ছন্দ্যৰে কৰ্ম সম্পাদন কৰাত সহায়ক হোৱাকৈ উপগ্ৰহ ভিত্তিক যোগাযোগ সেৱাৰ সংস্কাৰ সাধন কৰা হৈছে ।

এতিয়ালৈকে উপগ্ৰহৰ ব্যৱহাৰৰ বেছিভাগেই ষ্টেটিক-ব্যৱহাৰত সীমাবদ্ধ হৈ আছে। চৰকাৰে বাণিজ্যিক ভিএছএটি অনুজ্ঞাপত্ৰৰ পৰিসৰ বৃদ্ধি কৰিছে যাতে চলন্ত মঞ্চ(সমূহ)ত ব্যৱহাৰকাৰী টাৰ্মিনেল ষ্টেশ্যন(সমূহ)ৰ ব্যৱস্থা কৰিব পৰা যায়। এই টাৰ্মিনেলসমূহ হ'ব পাৰে:

• বাহনত মাউণ্ট কৰা “ফুল্লী মোবাইল” বা...

• কেৱল ব্ৰীফকেছ আকাৰৰ পৰ্টেবল “পজ আৰু মুভ” ধৰণৰ।

বৰ্তমানৰ প্ৰক্ৰিয়াসমূহ সৰল কৰিবলৈ উপগ্ৰহ সম্পৰ্কীয় অনুমোদন প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰা হৈছে। ইয়াৰ ফলত স্পেকট্ৰামৰ নিয়োজন আৰু সংশ্লিষ্ট ক্লিয়াৰেন্স(সমূহ)ত বৰ্তমানে লোৱা সময় পৰিমাণ যথেষ্ট হ্ৰাস পাব। নেটৱৰ্কসমূহ কাৰ্যকৰী কৰাত সময় ৰাহি কৰাৰ উদ্দেশ্যে স্ব-প্ৰমাণীকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

iv) সমগ্ৰ দেশতে ৰাইট অব ৱে (ROW) আবেদন আৰু অনুমতিৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ “গতি শক্তি সঞ্চাৰ” পৰ্টেলৰ শুভাৰম্ভ ঘোষণা

সমগ্ৰ দেশতে বিশেষকৈ গ্ৰাম্য অঞ্চলত ব্ৰডবেণ্ড সেৱাৰ সাৰ্বজনীন আৰু সমতাপূৰ্ণ সুবিধা আগবঢ়োৱাৰ আছিল ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে অন্যতম গুৰুত্বপূৰ্ণ দৃষ্টিভংগী। এই দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ বাবে সমগ্ৰ দেশতে মসৃণ আৰু সুদক্ষ ৰূপত ডিজিটেল যোগাযোগ আন্তঃগাঁথনি নিৰ্মাণ কৰাটো অতিকে প্ৰয়োজনীয় আছিল। কেন্দ্ৰীভূত পথৰ অধিকাৰ (আৰঅ’ডব্লিউ) অনুমোদনৰ বাবে যুগুতোৱা “গতিশক্তি সঞ্চাৰ” পৰ্টেলটো এতিয়া দেশৰ ৩৬খন ৰাজ্য/কেন্দ্ৰীয়শাসিত কাৰ্যক্ষম কৰি তোলাৰ লগতে ইয়াৰ সৈতে ৰেল মন্ত্ৰালয়, এমঅআৰটিএইচ, আৰু ম’ড-ডিজিএমঅ’ক সংযোজিত কৰা হৈছে।

পৰ্টেলটোৱে দূৰ-সংযোগ আন্তঃগাঁথনিৰ কাম-কাজ কৰাত স্বাচ্ছন্দ্য প্ৰদানকাৰী ৰূপত ভূমিকা পালন কৰি আহিছে।ৰ বাবে “ব্যৱসায় কৰাত সহজ”ৰ বাবে সক্ষমক হিচাপে কাম কৰে। বিভিন্ন সেৱা আৰু আন্তঃগাঁথনি প্ৰদানকাৰীৰ RoW এপ্লিকেচনসমূহৰ সময়োচিত অনুমোদনে বিশেষকৈ ৫জি নেটৱৰ্ক সময়মতে প্ৰৱৰ্তন কৰিব পৰাকৈ দ্ৰুতগতিত আন্তঃগাঁথনি নিৰ্মাণো কৰিব পাৰিব। এই পৰ্টেলৰ জৰিয়তে বিভিন্ন টেলিকম সেৱা প্ৰদানকাৰী (টি এছ পি)ৰ লগতে আন্তঃগাঁথনি প্ৰদানকাৰী (আই পি)ৰ আবেদনকাৰীয়ে অপ্টিকেল ফাইবাৰ কেবল স্থাপনৰ বাবে ৰাইট অব ৱে অনুমতিৰ বাবে আৰু মোবাইল টাৱাৰ স্থাপনৰ বাবে এটা সাধাৰণ একক পৰ্টেলত আবেদন কৰিব পাৰিব। যিহেতু ই ‘আৰঅ’ডব্লিউ’ অনুমতিসমূহৰ প্ৰক্ৰিয়া মসৃণ কৰাৰ লগতে দ্ৰুত অনুমোদনসমূহো মসৃণ কৰে; ই ৫জি সেৱাৰ সহজ ৰোলআউটৰ সুবিধা প্ৰদান কৰিব। সমগ্ৰ দেশতে ‘আৰঅ’ডব্লিউ’ এপ্লিকেচনসমূহৰ ফলপ্ৰসূ নিৰীক্ষণৰ বাবে, পৰ্টেলটোত আনকি ৰাজ্য আৰু জিলা অনুসৰি বিলম্বিত কামৰ স্থিতি প্ৰদৰ্শন কৰা এটা শক্তিশালী ডেচব'ৰ্ডো লগোৱা হৈছে।

v) ৫জি সেৱা প্ৰৱৰ্তনৰ বাবে পি এম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন প্লেটফৰ্ম

পি এম গতিশক্তি এন এম পি (ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন) প্লেটফৰ্মত টেলিকম সম্পদৰ জৰীপ কৰা হৈছে। এতিয়ালৈকে বিএছএনএল, বিবিএনএল, ৰেইলটেল, গেইল, পাৱাৰগ্ৰিড-ৰ দৰে পিএছইউসমূহে স্থাপন কৰা প্ৰায় ১০ লাখ আৰকেমিটাৰ (ৰুট কিলোমিটাৰ) অ’এফচি-ৰ জৰীপ কৰা হৈছে। সকলো টেলিকম সেৱা প্ৰদানকাৰীৰ (টি এছ পি) প্ৰায় ২০ লাখ টেলিকম টাৱাৰৰ ‘ফাইবাৰ-সংযুক্ত’ আৰু ‘ফাইবাৰৰে-সংযুক্ত নোহোৱা’ৰ দৰে তথ্যকে ধৰি সবিশেষ জৰীপ কৰা হৈছে।

পি এম গাতিশক্তি এনএমপি সম্পৰ্কীয় বিআইএছএজি-য়ে বিকশিত কৰা সঁজুলিটোৱে নিকটতম এটা নিৰ্দিষ্ট টাৱাৰলৈ প্ৰয়োজনীয় অ’এফচিৰ আৰু যোৱাৰ পথৰ দৈৰ্ঘ্য গণনা কৰে। ই সহায় কৰে:

ক. ‘ফাইবাৰৰে-সংযুক্ত নোহোৱা’ টাৱাৰৰ ফাইবাৰ-সংযোজন, অৰ্থাৎ উপলব্ধ অ'এফচিক নিকটতম  ‘ফাইবাৰৰে-সংযুক্ত নোহোৱা’ টাৱাৰৰ সৈতে সংযোগ কৰাত

খ. বিক্ৰীযোগ্য অ’এফচি থকা পিএছইউসমূহে সহজেই নিজৰ অ’এফচি প্ৰদৰ্শন আৰু বিক্ৰী কৰিব পাৰে।

গ. যিসমূহ কোম্পানীয়ে তেওঁলোকৰ ‘ফাইবাৰৰে-সংযুক্ত নোহোৱা’ টাৱাৰসমূহ সংযোগ কৰিবলৈ উপলব্ধ অ’এফচি কিনাৰ বিকল্প বিশেষ কষ্ট নকৰাকৈয়ে বিচাৰিব পাৰে।

তদুপৰি ৰাজ্য চৰকাৰে স্থাপন কৰা পথৰ দাঁতিৰ আচবাব (যেনে- বিদ্যুতৰ খুঁটা, বাছ আশ্ৰয় শিবিৰ, ট্ৰেফিক লাইট আদি) সমূহৰো জৰীপ কৰা হৈছে। ড’টিঅটি এনএমপি প্লেটফৰ্মক ৰাজ্যিক এনএমপি প্লেটফৰ্মৰ সৈতে একত্ৰিত কৰা হৈছে যাতে ৰাজ্যৰ বিভিন্ন সম্পদ যেনে- পথৰ দাঁতিৰ আচবাব,  চৰকাৰী মাটি আদি এনএমপি ডিঅটি প্লেটফৰ্মত দেখা যায়। এনএমপি প্লেটফৰ্মত বিভিন্ন সঁজুলি বিকশিত কৰা হৈছে যিয়ে টিএছপিসমূহৰ বাবে ৫জি সেৱা প্ৰৱৰ্তন কৰাটো সহজ কৰি তুলিব। উদাহৰণ স্বৰূপে:

ক. সবাটোকৈ চুটি দূৰত্বৰ সঁজুলি: এইবিধ সঁজুলিটোৱে ইচ্ছা কৰা বিন্দুটোৰ পৰা নিকটতম অ'এফচিৰ দূৰত্ব প্ৰদৰ্শন কৰে, যিটো এটা ‘ফাইবাৰৰে সংযুক্ত নোহোৱা’ মোবাইল টাৱাৰ বা ৫জি চেল/পোলৰ বাবে নতুন স্থান হ'ব পাৰে।

খ. ৫জি পৰিকল্পনা সঁজুলি: এইবিধ সঁজুলিয়ে সেৱা মুকলিৰ বাবে আগ্ৰহ কৰা চহৰ এখনত স্বনিৰ্বাচিত আকাৰৰ গ্ৰীড সৃষ্টি কৰে। পথৰ দাঁতিৰ আচবাব আৰু মোবাইল টাৱাৰৰ স্তৰটোৰ ওপৰাওপৰি কৰি এটা টি এছ পিয়ে কোনটো গ্ৰীডত ৫জি খুঁটা স্থাপনৰ বাবে ব্যৱস্থা আছে নে নাই আৰু নতুন খুঁটা/আন্তঃগাঁথনিৰ প্ৰয়োজন আছেনেকি সেয়া চাব পাৰে।

  1. গ. আৰঅডব্লিউ(ৰাইট টু ৱে) সঁজুলি: এইবিধ সঁজুলি ব্যৱহাৰ কৰি, OFC স্থাপন বা মোবাইল টাৱাৰ সংস্থাপন কৰা পথ ৰাজ্যিক স্থানীয় সংস্থাৰ দৰে কোনবোৰ সংস্থাৰ অধীনত পৰেনেকি সেয়া এটা টি এছ পিয়ে চাব পাৰে।

 

ঘ) প্ৰকল্প আৰু পদক্ষেপসমূহ

১/ ভাৰতনেটৰ জৰিয়তে গাঁৱে গাঁৱে প্ৰদান কৰা সেৱা- ২০২২ চনত অগ্ৰগতিঃ

• দেশৰ সকলো গাঁও পঞ্চায়ত (প্ৰায় ২.৬ লাখ জিপি)লৈ ব্ৰডবেণ্ড সংযোগ প্ৰদানৰ বাবে পৰ্যায়ক্ৰমে ধ্বজাবাহী ভাৰতনেট প্ৰকল্প ৰূপায়ণ কৰা হৈছে। ২০১৭ চনৰ ডিচেম্বৰ মাহত ১ লাখৰো অধিক জিপিক সামৰি লোৱা প্ৰথমটো পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে।

• প্ৰকল্পটোৰ অধীনত ৩১.১০.২০২২ তাৰিখলৈকে ৬,০০,৮৯৮ কিলোমিটাৰ অপটিকেল ফাইবাৰ কেবল স্থাপন কৰা হৈছে। মুঠ ১,৯০,৩৬৪টা জিপি অপটিকেল ফাইবাৰ কেবল (অ’এফচি)ৰ দ্বাৰা সংযোগ কৰা হৈছে আৰু ১,৭৭,৬৬৫টা জিপিত অ’এফচিৰ স্থিতি সেৱাৰ বাবে সাজু স্থিতিত আছে। ইয়াৰ উপৰিও ৪৪৬৬ টা জিপিক ছেটেলাইট মিডিয়াৰ জৰিয়তে সংযোগ কৰা হৈছে। সেৱাৰ বাবে সাজু স্থিতিত থকা মুঠ জিপিৰ সংখ্যা হৈছে ১,৮২,১৩১টা।

 

২/ আওতালৈ নহা গাঁৱত মোবাইল সেৱা:

(ঝ) এল ডব্লিউ ই ক্ষতিগ্ৰস্ত অঞ্চলত ভ্ৰাম্যমাণ টাৱাৰ স্থাপন: ২০.০৮.২০১৪ তাৰিখে এল ডব্লিউ ই ক্ষতিগ্ৰস্ত অঞ্চলৰ ২১৯৯ টা স্থানত মোবাইল সেৱা (২জি ভিত্তিক) প্ৰদানৰ বাবে এটা প্ৰকল্পত অনুমোদন জনোৱা হয়। ইয়াৰ পিছত ২০১৬ চনৰ জুন মাহত অতিৰিক্ত ১৫৬টা ছাইটৰ বাবে মোবাইল সেৱা প্ৰদানৰ অনুমোদন দিয়া হয়। এল ডব্লিউ ই-আইৰ অধীনত অনুমোদিত ২৩৫৫ টা স্থানৰ ভিতৰত ২৩৪৩টা স্থানত বিকিৰণ-ৰ ব্যৱস্থা কৰা হৈছে। বৰ্তমানৰ ২জি ছাইটসমূহ ৪জিলৈ উন্নীতকৰণৰ অনুমোদন দিয়া হৈছে। এল ডব্লিউ ই-২ৰ অধীনত মহাৰাষ্ট্ৰ, ছত্তীশগড়, মধ্যপ্ৰদেশ আৰু ওড়িশাৰ ২৩২টা স্থানক সামৰি ২২৪টা ভ্ৰাম্যমাণ টাৱাৰ আৰু ইয়াৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি স্থাপন আৰু কাৰ্যকৰী কৰা হৈছে।

(ii) ৩৫৪ খন আওতালৈ নহা গাঁৱৰ ভিতৰৰ ২৭৫খন গাঁৱক মোবাইল সেৱাৰে সামৰি লোৱা হৈছে: জম্মু আৰু কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান, গুজৰাট, উত্তৰাখণ্ড, কৰ্ণাটক আৰু পশ্চিম বংগৰ সীমান্তৱৰ্তী অঞ্চলৰ গাঁওসমূহত সংযোগ প্ৰদানৰ উদ্দেশ্যে, চৰকাৰে ৩৫৪খন গাঁও সংযোগ কৰিবলৈ অনুমোদন প্ৰদান কৰিছে। ২০২২ চনৰ অক্টোবৰ পৰ্যন্ত ৩৫৪খন আওতালৈ নহা গাঁৱৰ ভিতৰৰ ২৭৫খন গাঁৱত ২৫৪টা ম’বাইল টাৱাৰ স্থাপন কৰি কভাৰেজ প্ৰদান কৰা হৈছে। এই আঁচনিৰ অধীনত ৫৫খন ‘আওতালৈ নহা গাঁও’ সামৰি লোৱাৰ বাবে আৰু অতিৰিক্ত নিৰ্দেশ দিয়া হৈছে। ২০২২ চনৰ অক্টোবৰ পৰ্যন্ত এই ৫৫খন গাঁৱৰ ভিতৰৰ ১৯খন গাঁৱক ১৯ টা ভ্ৰাম্যমাণ টাৱাৰ আৰু সংশ্লিষ্ট আন্তঃগাঁথনি স্থাপনৰে সামৰি লোৱা হয়।

(iii) আকাংক্ষিত জিলা আঁচনিৰ অধীনত ৫০২ খন আওতালৈ নহা গাঁৱত ৪জি ভিত্তিক মোবাইল সেৱাঃ চাৰিখন ৰাজ্য -উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ আকাংক্ষিত জিলাৰ ৫০২ খন আওতালৈ নহা গাঁৱত ৪জি ভিত্তিক মোবাইল সেৱাৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছে। ২০২২ চনৰ অক্টোবৰ পৰ্যন্ত এই প্ৰকল্পৰ অধীনত ১০৬ টা মোবাইল টাৱাৰ স্থাপন কৰি ১৩২ খন গাঁও সামৰি লোৱা হৈছে।

চৰকাৰে ২০২১ চনৰ নৱেম্বৰ মাহত ৫ খন ৰাজ্য ক্ৰমে অন্ধ্ৰ প্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আৰু ওড়িশাৰ আকাংক্ষিত জিলাৰ ৭২৮৭ খন আওতালৈ নহা গাঁৱত ৪জি মোবাইল সেৱা প্ৰদানৰ বাবে অনুমোদন প্ৰদান কৰিছে।

(iv) সমগ্ৰ দেশৰ আওতালৈ নহা গাঁৱতো ৪জি মোবাইল সেৱাৰে পৰিপূৰ্ণতা প্ৰদানৰ পদক্ষেপ

সমগ্ৰ দেশৰ আওতালৈ নহা গাঁৱসমূহত ৪জি মোবাইল সেৱাৰ প্ৰদান কৰি প্ৰদান সম্পৰ্কীয় প্ৰকল্পলৈ অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পৰ জৰিয়তে দুৰ্গম আৰু জটিল অঞ্চলৰ ২৪,৬৮০খন আওতালৈ নহা গাঁৱত ৪জি মোবাইল সেৱা প্ৰদান কৰা হ’ব। প্ৰকল্পটোত পুনৰ্বাসন, নতুন বসতি, বৰ্তমানৰ সেৱা-প্ৰৱৰ্তনকাৰী প্ৰতিষ্ঠানসমূহে সেৱা প্ৰত্যাহাৰ কৰা গাঁওসমূহ অতিৰিক্তভাবে অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও মাত্ৰ ২জি/৩জি সংযোগ থকা ৬,২৭৯খন গাঁও ৪জিলৈ উন্নীত কৰা হ’ব।

         আত্মনিৰ্ভৰ ভাৰতৰ ৪জি প্ৰযুক্তি ব্যৱহাৰ কৰি বিএছএনএল-য়ে এই প্ৰকল্পটো ৰূপায়ণ কৰি আছে আৰু ‘ইউনিভাৰ্চেল চাৰ্ভিচ অবলিগেচন ফাণ্ড’ৰ জৰিয়তে এই প্ৰকল্পৰ বাবে ধন আগবঢ়োৱা হৈছে। ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

(v) উত্তৰ-পূবাঞ্চলৰ বাবে বিস্তৃত টেলিকম উন্নয়ন পৰিকল্পনা (চিটিডিপি)

 

ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক বিস্তৃত ‘দূৰসংযোগ উন্নয়ন পৰিকল্পনা’ (চিটিডিপি) ৰূপায়ণ কৰিছে। এই আঁচনিৰ অধীনত আওতালৈ নহা গাঁওসমূহত আৰু উত্তৰ-পূবৰ অসমৰ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, আৰু অৰুণাচল প্ৰদেশ (কেৱল ৰাষ্ট্ৰীয় ঘাইপথ)ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ২০০৪ টা টাৱাৰ স্থাপন কৰি অঞ্চলসমূহত ২জি ত মোবাইল সংযোগৰ ব্যৱস্থা কৰাৰ দিহা কৰা হৈছে।

মেঘালয়ৰ আওতালৈ নহা গাঁওসমূহৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নিৰৱচ্ছিন্ন সেৱা প্ৰদান সম্পৰ্কীয় প্ৰকল্পৰ বাবে ২৩.০৫.২০১৮ তাৰিখে অনুমোদন জনোৱা হয় আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ১১৬৪খন আৱৰণ গাঁও আৰু ১১টা স্থানৰ বাবে ৪জি ম’বাইল সেৱা প্ৰদানৰ বাবে টেলিকম সেৱা প্ৰদানকাৰীক কামৰ দায়িত্ব প্ৰদান কৰা হয়। ১০৯৪ টা টাৱাৰ স্থাপন কৰি ১৪৮১খন আওতালৈ নহা গাঁওকো সামৰি লোৱাৰ বাবে প্ৰকল্পটোৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। ২০২২ চনৰ অক্টোবৰ মাহলৈকে মুঠ ৩১৬টা টাৱাৰ স্থাপন কৰা হৈছে, যিয়ে ৪৭৫খন গাঁও সামৰি লৈছে।

অৰুণাচল প্ৰদেশ আৰু অসমৰ দুখন জিলাত (কাৰ্বি আংলং & ডিমা হাছাও) ২,৩৭৪খন আওতালৈ নহা গাঁৱত ৪জি মোবাইল সেৱা প্ৰদানৰ বাবে আন এক প্ৰকল্পলৈ অনুমোদন জনোৱা হয়। ইয়াৰ জৰীপ ইতিমধ্যে সম্পূৰ্ণ হৈছে। অৰুণাচল প্ৰদেশত ২৭ খন গাঁও সামৰি ১৯ টা টাৱাৰ সংস্থাপিত কৰাৰ বিপৰীতে অসমত ৬৭ খন গাঁও সামৰি ৫৪ টা টাৱাৰ কাৰ্যক্ষম কৰি তোলা হৈছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উচ্চমানৰ আৰু উচ্চ গতিৰ ইণ্টাৰনেটৰ সুবিধা উপলব্ধ কৰাৰ বাবে ইউনিভাৰ্চেল চাৰ্ভিচ অবলিগেচন ফাণ্ডয়ে ১৮.০৮.২০২১ তাৰিখে ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ সৈতে বাংলাদেশ ছাবমেৰিন কেবল কোম্পানী লিমিটেড (বিএছচিচিএল), বাংলাদেশৰ পৰা আগৰতলালৈ ইণ্টাৰনেট সংযোগৰ বাবে ১০ জিবিপিএছ ইণ্টাৰনেশ্যনেল বেণ্ডউইডথ ভাড়া কৰাৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে। প্ৰথম ১০ জিবিপিএছ লিংক ২৬.১১.২০২১ আৰু দ্বিতীয় ১০ জিবিপিএছ লিংক ২১.০৪.২০২২ তাৰিখে কাৰ্যক্ষম কৰা হৈছিল।

৩/ দ্বীপপুঞ্জত সংযোগ

ক) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ (৮২+৪২ ৰাষ্ট্ৰীয় ঘাইপথ টাৱাৰ) ৰাষ্ট্ৰীয় ঘাইপথ-৪ (পূৰ্বৰ ২২৩ নং ৰাষ্ট্ৰীয় ঘাইপথ)ৰ কাষেৰে ৮৫খন আওতালৈ নহা গাঁৱত ৪জি মোবাইল সেৱাৰ ব্যৱস্থা আৰু নিৰৱচ্ছিন্ন মোবাইল কভাৰেজৰ ব্যৱস্থা কৰাৰ বাবে ৮২টা টাৱাৰ স্থাপনৰ বাবে চুক্তি স্বাক্ষৰিত কৰা হয়। এই পৰ্যন্ত অনুমোদন জনোৱা ১২৪টা টাৱাৰৰ স্থান জৰীপৰ প্ৰতিবেদনৰ বিপৰীতে ১০৫টা টাৱাৰৰ স্থানলৈ [গাঁও: ৫৮, হাইৱে: ৪৭] অনুমোদন জনোৱা হৈছে। প্ৰকল্পটো সম্পূৰ্ণ কৰা হব ১৪.০৫.২০২৩-ত।

খ) আন্দামান আৰু নিকোবৰ আৰু লক্ষাদ্বীপ দ্বীপপুঞ্জত উপগ্ৰহৰ বেণ্ডউইডথৰ স্থিতি

আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ: ০৯-০৯-২০২১ তাৰিখে বিএছএনএলে ৪ জিবিপিএছলৈ উপগ্ৰহৰ বেণ্ডউইডথ বৃদ্ধি সফলতাৰে ৰূপায়ণ কৰিছে।

লক্ষদ্বীপ দ্বীপপুঞ্জ: ১৪.০৮.২০২১ তাৰিখে ১.৭১ জিবিপিএছলৈ উপগ্ৰহৰ বেণ্ডউইডথ বৃদ্ধি সফলতাৰে ৰূপায়ণ কৰা হৈছে।

গ) কোচি আৰু লক্ষদ্বীপ দ্বীপপুঞ্জৰ মাজত চাবমেৰিন অ’এফচি সংযোগ (১৮৬৯ কিলোমিটাৰ)

০৯.১২.২০২০ তাৰিখৰ কেবিনেট অনুমোদন অনুসৰি কাৱৰাতি আৰু আন দহটা দ্বীপ যথা, কল্পেনি, আগট্টি, আমিনি, এণ্ড্ৰথ, মিনিকয়, বাংগাৰাম, বিত্ৰাক লৈ গঠিত কোচি আৰু লক্ষদ্বীপ দ্বীপপুঞ্জ (কে এল আই প্ৰকল্প)ৰ মাজত চাবমেৰিন অপটিকেল ফাইবাৰ কেবল সংযোগৰ ব্যৱস্থা কৰা হ’ব, চেতলাত, কিলটান আৰু কদমত। ২০২৩ চনৰ মে’ মাহৰ ভিতৰত অৰ্থাৎ ২০২০ চনৰ ১৫ আগষ্টত মাননীয় প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰাৰ তাৰিখৰ পৰা ১০০০ দিনৰ ভিতৰত প্ৰকল্পটো ৰূপায়ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। সম্পূৰ্ণ কৰাৰ লক্ষ্য: ২০২৩ চনৰ মে’ মাহত।

৪) পিএম-ৱানিৰ অধীনত নিয়োগ কৰা এক্সেছ পইণ্টঃ প্ৰধানমন্ত্ৰীৰ ৱাই-ফাই এক্চেছ নেটৱৰ্ক ইন্টাৰফেচ (পিএম-ৱানী)ৰ কাঠামোৰ অধীনত ৰাজহুৱা ৱাই-ফাই নেটৱৰ্কৰ জৰিয়তে ব্ৰডবেণ্ড প্ৰসাৰিত কৰাৰ প্ৰস্তাৱত চৰকাৰে ০৯.১২.২০২০ তাৰিখে অনুমোদন জনায়।

পিএম-ৱানি কাঠামোৰ অধীনত ২২.৯.২২ তাৰিখলৈকে মুঠ হটস্পটৰ সংখ্যা ১১৪০৬৯ হৈছে।

5. টেলিকম পিএলআই আঁচনিৰ অধীনত ডিজাইন-লেড মেনুফেকচাৰিং: ১৭.০২.২০২১ তাৰিখে পাঁচ বছৰৰ বাবে ১২,১৯৫ কোটি টকা ব্যয়ৰে “টেলিকম আৰু নেটৱৰ্কিং প্ৰডাক্টৰ বাবে প্ৰডাকচন লিংকড ইনচেণ্টিভ আঁচনি” অনুমোদন কৰা হয়। এই আঁচনিখনে নিৰ্দিষ্ট সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত ৪ ৰ পৰা ৭% উত্সাহমূলক পুঁজি প্ৰদান কৰে। “মেক ইন ইণ্ডিয়া”ক উৎসাহিত কৰাৰ উদ্দেশ্যে টেলিকম আৰু নেটৱৰ্কিং সামগ্ৰীৰ লক্ষ্য খণ্ডত বিনিয়োগ আকৰ্ষিত কৰাৰ লগতে ঘৰুৱা উৎপাদন আৰু ৰপ্তানি বৃদ্ধিৰ বাবে “আত্ম নিৰ্ভৰ ভাৰত অভিযান”ৰ অধীনত প্ৰডাকচন লিংকড ইনচেন্টিভ আঁচনিৰ ভিত্তিত এই আঁচনিখন প্ৰণয়ন কৰা হৈছে।

কেন্দ্ৰীয় বাজেট ২০২২-২৩ত ৫জি সামগ্ৰীৰ বাবে ডিজাইন-লেড উৎপাদন ঘোষণা কৰা হৈছে। ই ভাৰতত ডিজাইন আৰু নিৰ্মাণ কৰা সামগ্ৰীৰ বাবে বৰ্তমানৰ উত্সাহ দান পুঁজিৰ ওপৰত ১% উত্সাহ দান পুঁজি প্ৰদান কৰিছিল। সেই অনুসৰি টেলিকম আৰু নেটৱৰ্কিং সামগ্ৰীৰ বাবে পিএলআই আঁচনিৰ অধীনত ৫জি সামগ্ৰীৰ ডিজাইন-লেড নিৰ্মাণৰ সুবিধাৰ বাবে দূৰসংযোগ বিভাগে ২৮টা এমএছএমইকে ধৰি মুঠ ৪২টা কোম্পানীক অনুমোদন জনাইছে। ইয়াৰে ১৭টা কোম্পানীক ডিজাইন-লেড উৎপাদন মাপকাঠীৰ অধীনত ১% অতিৰিক্ত উত্সাহ দান পুঁজিৰ বাবে অনুমোদিত। এই ৪২টা কোম্পানীয়ে আঁচনিৰ সময়ছোৱাত ৪,১১৫ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ফলত টেলিকম আৰু নেটৱৰ্কিং সামগ্ৰীৰ ২.৪৫ লাখ কোটি টকাৰ অতিৰিক্ত বিক্ৰী হোৱাৰ লগতে আঁচনিৰ সময়ছোৱাত ৪৪ হাজাৰতকৈ অধিক লোকৰ অতিৰিক্ত নিয়োগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

৬) টেলিকম প্ৰযুক্তি উন্নয়ন পুঁজি (টিটিডিএফ) আঁচনি : টিটিডিএফৰ লক্ষ্য হৈছে গ্ৰাম্য-নিৰ্দিষ্ট যোগাযোগ প্ৰযুক্তি প্ৰয়োগৰ অনুসন্ধান আৰু বিকাশৰ বাবে ধন আগবঢ়োৱা আৰু টেলিকম ইকছিষ্টেম গঢ়ি তোলা আৰু বিকাশৰ বাবে বৌদ্ধিক পৰিমণ্ডল, ষ্টাৰ্ট-আপ, গৱেষণা প্ৰতিষ্ঠান, আৰু উদ্যোগৰ মাজত সহযোগিতা স্থাপন কৰা। ইয়াৰ উপৰিও প্ৰযুক্তিৰ মালিকীস্বত্ব আৰু থলুৱা উৎপাদনক প্ৰসাৰিত কৰা, প্ৰযুক্তিৰ সহযোগী উদ্ভাৱনৰ সংস্কৃতি গঢ়ি তোলা, আমদানি হ্ৰাস কৰা, ৰপ্তানিৰ সুযোগ বৃদ্ধি কৰা আৰু বৌদ্ধিক সম্পত্তি সৃষ্টিৰ লক্ষ্য লোৱা হৈছে। ই গৱেষণা, ডিজাইন, প্ৰট’টাইপিং, ব্যৱহাৰৰ ক্ষেত্ৰ, পাইলট, আৰু ধাৰণা পৰীক্ষণৰ প্ৰমাণ আদিৰ বাবে পৰিৱেশ সৃষ্টি কৰাত সহায় কৰিব। এই আঁচনিৰ জৰিয়তে ঘৰুৱা প্ৰয়োজন পূৰণৰ বাবে নিৰ্মিত থলুৱা প্ৰযুক্তিসমূহক উৎসাহিত আৰু প্ৰৱৰ্তনৰ বাবে ভাৰতীয় প্ৰতিষ্ঠানসমূহক অনুদান প্ৰদান কৰা হয়।

ঙ) গ্ল’বেল সূচকত ভাৰতৰ স্থান:

নেটৱৰ্ক প্ৰস্তুতি অনুক্ৰম ২০২২ (১৫-১১-২০২২ তাৰিখে প্ৰকাশ কৰা হৈছে)

ভাৰতে এই অনুক্ৰমত ২০২১ চনৰ ৬৭ নং স্থানৰ পৰা ২০২২ চনত ৬১ স্থানলৈ জপিয়াবলৈ সক্ষম হয়। এন আৰ আই-২০২২ত ভাৰতৰ স্কৰ ২০২১ চনৰ ৪৯.৭৪ৰ পৰা ২০২২ চনত ৫১.১৯লৈ উন্নত হয়। এই প্ৰতিবেদন ১৫-১১-২০২২ তাৰিখে প্ৰকাশ কৰা হৈছিল।

চ) ভৱিষ্যতৰ বাবে কৰা পৰিকল্পনা

(ঝ) টেলিকম বিল-টেলিকম খণ্ডত নতুন আইনী পৰিকাঠামো: টেলিকম খণ্ডৰ বাবে বৰ্তমানৰ নিয়ন্ত্ৰণ কাঠামো ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। টেলিগ্ৰাফ-ৰ পৰা আমি এতিয়া 4G আৰু 5G, Internet of Things, Industry 4.0, M2M Communications, Mobile Edge Computing আদি নতুন প্ৰযুক্তিৰ যুগত বাস কৰিছো। এই প্ৰযুক্তিসমূহে ভাৰতৰ আৰ্থ-সামাজিক বৃদ্ধিৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। গতিকে ভাৰতক একবিংশ শতিকাৰ পৰিৱেশৰ লগত খাপ খোৱা আইনী পৰিকাঠামোৰ প্ৰয়োজন। যোগাযোগ মন্ত্ৰালয়ে আধুনিক আৰু ভৱিষ্যতৰ বাবে সাজু হব পৰা আইনী পৰিকাঠামো গঢ়ি তুলিবলৈ ৰাজহুৱা পৰামৰ্শমূলক প্ৰক্ৰিয়া আৰম্ভ কৰে। ২০২২ চনৰ জুলাই মাহত ‘ভাৰতত টেলিকমিউনিকেচন নিয়ন্ত্ৰণ কৰা নতুন আইনী পৰিকাঠামোৰ প্ৰয়োজনীয়তা’সন্দৰ্ভত এখন পৰামৰ্শ পত্ৰ প্ৰকাশ কৰা হয় আৰু মতামত বিচৰা হয়।

আলোচনা আৰু আলোচনাৰ ভিত্তিত যোগাযোগ মন্ত্ৰালয়ে এতিয়া ভাৰতীয় দূৰসংযোগ বিধেয়ক, ২০২২ৰ খচৰা প্ৰস্তুত কৰিছে যিটো অধিক আলোচনাৰ বাবে ৰাজহুৱা ডমেইনত ৰখা হৈছে। খচৰা প্ৰস্তুত কৰাৰ সময়ত অষ্ট্ৰেলিয়া, ইউৰোপীয় সংঘ, যুক্তৰাজ্য, ছিংগাপুৰ, জাপান আৰু আমেৰিকাৰ প্ৰাসংগিক আইনসমূহো বিতংভাৱে পৰীক্ষা কৰা হৈছে। এই বিধেয়কখনৰ লক্ষ্য হৈছে ভাৰতত টেলিকমিউনিকেচন নিয়ন্ত্ৰণ কৰা বৰ্তমানৰ আইনী কাঠামোৰ ঠাইত, য’ত ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫, বেতাঁৰ টেলিগ্ৰাফী আইন, ১৯৩৩ আৰু টেলিগ্ৰাফ তাঁৰ (অবৈধ দখল) আইন, ১৯৫০ অন্তৰ্ভুক্ত কৰা হৈছে।

  1. কৃত্ৰিম উপগ্ৰহ ব্ৰডবেণ্ড সেৱা আৰম্ভ: যিবোৰ অঞ্চলত স্থল সংযোগ উপলব্ধ নহয়, সেইবোৰ অঞ্চলত উপগ্ৰহ সঞ্চালিত প্ৰযুক্তিৰে সেৱা উপলব্ধ হ’ব পাৰে। উপগ্ৰহ বেকহ'লে অতি দূৰৱৰ্তী সম্প্ৰদায়সমূহক সংযুক্ত কৰিবলৈ উপগ্ৰহ-ভিত্তিক বেণ্ডউইডথ প্ৰদানকাৰীৰ ওপৰত নিৰ্ভৰ কৰে। ব্যৱহৃত প্ৰযুক্তিৰ সঠিক হলে উপগ্ৰহ বেকহ'ল দ্ৰুতভাৱে নিয়োগ কৰিব পাৰি, আৰু ইয়াৰ ফলত, অন্য বেকহ'ল প্ৰযুক্তিৰ বাবে প্ৰয়োজন হোৱা ব্যয়বহুল আৰু কাৰিকৰীভাৱে প্ৰত্যাহ্বানমূলক আন্তঃগাঁথনি নিৰ্মাণ কৰাৰো প্ৰয়োজন নাথাকে।

ভিএছএটিৰ আগশাৰীৰ অপাৰেটৰ(সমূহে) থলুৱা হাই থ্ৰুপুট উপগ্ৰহসমূহ ব্যৱহাৰ কৰি উপগ্ৰহ প্ৰযুক্তিৰ উন্নতিৰ ফলপ্ৰসূ লাভৱান হৈছে আৰু উত্তৰ-পূব, জে এণ্ড কে আৰু অন্যান্য অঞ্চলত সেৱা আগবঢ়াব। বিবিএনএল আৰু বিএছএনএলে ভাৰতনেট প্ৰকল্পৰ অধীনত ইছৰোৰ এইচটিএছ উপগ্ৰহ জিএছএটি-১১ আৰু জিএছএটি-১৯ ব্যৱহাৰ কৰি প্ৰায় ৬৭০০ জিপি/এলেকালৈ সংযোগ প্ৰদান কৰিছে যিবোৰ অন্য মাধ্যমৰ জৰিয়তে প্ৰৱেশযোগ্য নাছিল। অদূৰ ভৱিষ্যতে লিঅ’/এমইঅ’ উপগ্ৰহৰ পৰা ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰি দূৰৱৰ্তী আৰু পাহাৰীয়া অঞ্চলত ব্ৰডবেণ্ড সেৱাৰ মান উন্নত কৰাৰ সম্ভাৱনা আছে।

(iii) টেলিকম ছিকিউৰিটি অপাৰেচন চেণ্টাৰ (টিএছঅচি)ৰ জৰিয়তে চাইবাৰ সুৰক্ষা : ৰাষ্ট্ৰীয় দূৰসংযোগ আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণৰ ভৱিষ্যদ্বাণী আৰু চিনাক্তকৰণৰ উদ্দেশ্যেৰে ‘টেলিকম ছিকিউৰিটি অপাৰেচন চেণ্টাৰ’ (টিএছঅচি) স্থাপনৰ বাবে এখন আঁচনিত অনুমোদন জনাইছে। টেলিকমিউনিকেচন নেটৱৰ্কত হোৱা চাইবাৰ আক্ৰমণ আৰু এনে আক্ৰমণ আৰম্ভ কৰা বা আক্ৰমণৰ বলি হোৱা মেচিনসমূহ চিনাক্ত কৰাৰ বাবে ‘টি এছ অ’ চি’ ব্যৱহাৰ কৰা হয়। ‘টি এছ অ' চি’ক ‘ব্লক’ কৰা ‘এপ্লিকেচন’ৰ উপস্থিতি, কিছুমান এপ্লিকেচনে প্ৰদান কৰা ক্ষতিকাৰক যোগাযোগ আদি চিনাক্তকৰণৰ বাবেও ব্যৱহাৰ কৰা হয় ৰাষ্ট্ৰীয় দূৰসংযোগ আন্তঃগাঁথনি সুৰক্ষিত কৰিবলৈ দূৰসংযোগ।

(iv) টেলিকম এনালাইটিক্স ফৰ ফ্ৰড মেনেজমেণ্ট এণ্ড কনজিউমাৰ প্ৰটেকচন (টিএএফ-চিঅ’পি) প’ৰ্টেলৰ জৰিয়তে গ্ৰাহক সুৰক্ষা: ‘টেলিকম সেৱা প্ৰদানকাৰী’ (টিএছপি)সকলে গ্ৰাহকসকলক টেলিকম সম্পদসমূহৰ সঠিক আবণ্টন নিশ্চিত কৰাৰ লগতে সুৰক্ষা প্ৰদানৰ বাবে দূৰসংযোগ বিভাগে (ডিঅটি) কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। বৰ্তমানৰ নিৰ্দেশনা অনুসৰি একোগৰাকী মোবাইল গ্ৰাহকে নিজৰ নামত ৯টা পৰ্যন্ত মোবাইল সংযোগ পঞ্জীয়ন কৰিব পাৰিব। গ্ৰাহকক সহায় কৰিবলৈ, তেওঁলোকৰ নামত দিয়া মোবাইল সংযোগৰ সংখ্যা পৰীক্ষা কৰিবলৈ, আৰু যদি আছে তেওঁলোকৰ অতিৰিক্ত মোবাইল সংযোগ নিয়মীয়া কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ টিএএফচিঅপি প্ৰস্তুত কৰা হৈছে। কিন্তু ‘গ্ৰাহক অধিগ্ৰহণ প্ৰ-পত্ৰ’ (CAF) চম্ভালাৰ প্ৰধান দায়িত্ব সেৱা প্ৰদানকাৰীসকলৰ হাতত অৰ্পণ কৰা হৈছে।

***

RKJ/BK/KB



(Release ID: 1885952) Visitor Counter : 145


Read this release in: English , Marathi , Tamil , Malayalam