উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ পূৰ্বাঞ্চলত সামাজিক সমস্যা
Posted On:
19 DEC 2022 2:22PM by PIB Guwahati
মানৱ সৰবৰাহ, নিচাযুক্ত দ্ৰব্যৰ অবৈধ বেহাৰ দৰে সামাজিক সমস্যা ৰোধৰ লগতে এইচআইভি নিয়ন্ত্ৰণ-প্ৰতিৰোধ, আৰু উত্তৰ পূৰ্বাঞ্চলত সাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে চৰকাৰে যোৱা পাঁচোটা বছৰত তলত উল্লেখ কৰা পদক্ষেপসমূহ গ্ৰহণ কৰিছে-
১. মানৱ সৰবৰাহ ৰোধ তথা এনেবোৰ কাণ্ডৰ মোকাবিলা কৰাটো আৰক্ষী আৰু ৰাজহুৱা-শৃংখলাৰ বিষয় হিচাপে ৰাজ্যিক-সূচীৰ অন্তৰ্ভক্ত, সেয়ে এনে প্ৰসংগত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ প্ৰাথমিক দায়িত্ব সংশ্লিষ্ট ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ চৰকাৰৰ। তথাপিও কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপলৈ বিশেষ প্ৰয়োজনত সহযোগিতা আগবঢ়ায়। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০১৯-২০, ২০২০-২১ বৰ্ষত দেশৰ সকলোবোৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত প্ৰচলিত কাৰ্যনিৰ্বাহ কৰি থকা ‘মানৱ-সৰবৰাহ প্ৰতিৰোধী গোট’(এএইচটিইউ)সমূহক সক্তিশালী কৰাৰ লগতে সকলোবোৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ জিলাকে সামৰি নতুন গোট গঢ়ি তোলাৰ লক্ষ্যৰে ‘নিৰ্ভয়া পুঁজি’ৰ ৰূপত ৯৮.৮৬ কোটি টকাৰ বিত্তীয় সহযোগিতা আগবঢ়ায়। ‘ন্যায়িক-আলোচনাচক্ৰ’, ‘ৰাজ্যিক পৰ্যায়ৰ সন্মিলন’ আদি অনুষ্ঠিত কৰাৰ বাবেও মন্ত্ৰালয়টোৱে বিত্তীয় সাহায্য আগবঢ়ায়। কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে মানৱ সৰবৰাহৰ দৰে অপৰাধ ৰোধৰ বাবে সময়ে সময়ে প্ৰয়োজনীয় বিধি-নিৰ্দেশনা জাৰি কৰে। তদুপৰি ‘ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা আইন ২০০৮’ৰ ২০১৯চনত কৰা সংশোধনৰ জৰিয়তে আন্তঃৰাজ্যিক আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত হস্তক্ষেপৰ প্ৰয়োজন থকা প্ৰসংগসমূহ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ ‘ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা’(এনআইএ)-ক ভাৰতীয় দণ্ডবিধিৰ ৩৭০ আৰু ৩৭০-এ অনুচ্ছেদৰ আধাৰত কৰ্তৃত্ব প্ৰদান কৰে।
২) সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়(এমঅএছজেই)য়ে উত্তৰ-পূৰ্বাঞ্লৰ ৮খন ৰাজ্যকে ধৰি দেশত ‘নেশ্যনেল একশ্যন প্লান ফৰ ড্ৰাগ ডিমাণ্ড ৰিডাকশ্যন’(এনএপিডিডিআৰ)ৰূপায়ণৰ ব্যৱস্থা কৰিছে। ইয়াৰ জৰিয়তে ক) ৰাজ্য চৰকাৰ-কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক নিচাসক্তি প্ৰতিৰোধী শিক্ষা তথা সজাগতা সৃষ্টি, সামৰ্থ্য বৰ্দ্ধন, দক্ষতা বিকাশ, বৃত্তিমূলক প্ৰশিক্ষণৰ জৰিয়তে নিচাযুক্ত দ্ৰব্যৰ প্ৰাক্তন অনুৰাগীসকলক জীৱিকা-নিৰ্বাহৰ বাবে সহায় আগবঢ়োৱা, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিচাযুক্ত দ্ৰব্যৰ চাহিদা হ্ৰাস কৰাৰ বাবে আৰু খ)নিচাসক্তসকলৰ পুনৰ্বাসৰ বাবে সংহত পুনৰ্বাস কেন্দ্ৰ(আইআৰচিএ) স্থাপনৰ লগতে ইয়াৰ পৰিচালনা কৰা, কিশোৰসকলৰ মাজৰ পৰা নিচাযুক্ত দ্ৰব্যৰ আসক্তি আঁতৰোৱাৰ বাবে সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ নেতৃত্বত চলোৱা প্ৰয়াস(চিপিএলআই) আৰু ‘আউটৰীচ্চ এণ্ড ড্ৰপ ইন চেণ্টাৰ’(অডিআইচি) তথা চৰকাৰী চিকিত্সালয়সমূহত ‘নিচাসক্তি বিতাৰণ ব্যৱস্থা’(এটিএফ) স্থাপনৰ দৰে কাম-কাজৰ বাবে বিত্তীয় সহযোগিতা আগবঢ়ায়।
নিচাসক্তি আঁতৰোৱাৰ বাবে প্ৰাথমিক পৰামৰ্শ আগবঢ়োৱাৰ লগতে ‘হেল্পলাইন’ৰ জৰিয়তে সহায় বিচৰা লোকসকললৈ সহযোগিতা আবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰালয়টোৱে ‘১৪৪৪৬’ নম্বৰৰ এটা মাচুল-বিহীন ‘হেল্পলাইন’-ৰো দিহা কৰি আহিছে। মন্ত্ৰালয়টোৱে ‘নেশ্যনেল ইনষ্টিটিউট অব ছ’চিয়েল ডিফেন্স’(এনআইএছডি) আৰু ‘এছচিইআৰটি’, ‘কেন্দ্ৰীয় বিদ্যালয় সংগঠন’ আদিৰ দৰে সংস্থাসমূহৰ সহযোগিতাৰে ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱককে ধৰি অন্যান্য সংশ্লিষ্ট পক্ষসমূহৰ মাজত নিচাসক্তি বিৰোধী সজাগত সৃষ্টিৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
মন্ত্ৰালয়টোৱে উত্তৰ পূৰ্বাঞ্চলৰ ৬৭খন জিলাকে ধৰি দেশৰ ৩৭২খন নিৰ্বাচিত জিলাত ‘নিচা মুক্ত ভাৰত অভিযান’ ৰূপায়ণ কৰে। নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে সৃষ্টি কৰা অশুভ পৰিণতি সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিশেষকৈ উচ্চতৰ শিক্ষা প্ৰতিষ্ঠান- বিশ্ববিদ্যালয়, মহাবিদ্যালয়, স্কুল আদিৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে এনে আসক্তিয়ে অসুস্থ কৰা সকলক উদ্ধাৰ কৰাৰ বাবে সমগ্ৰ সমাজকে জড়িত কৰাৰ বাবে ইয়াৰ জৰিয়তে পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। এই পৰ্যন্ত ২৩,০২৭গৰাকী মহিলা আৰু ৫৫,৪৪১গৰাকী যুৱক-যুৱতী তথা ২১২৬টা শিক্ষানুষ্ঠানকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ১৬,৫০,৩০৯গৰাকী ব্যক্তিক এই অভিযানৰে সামৰি লোৱা হৈছে।
৩) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ১৯৯২ চনৰ পৰা ‘ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ কাৰ্যক্ৰম’ৰ অধীনত ‘ৰাষ্ট্ৰীয় এইডছ আৰু এছটিডি নিয়ন্ত্ৰণ কাৰ্যক্ৰম’(এনএচিপি) ৰূপায়ণৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশত ‘এইচআইভি’ৰ সক্ৰমণ প্ৰতিৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে। সম্প্ৰতি, ২০২১ চনৰ ১ এপ্ৰিলৰ পৰা ২০২৬ চনৰ ৩১ মাৰ্চলৈকে ৰূপায়িত হ ব লগা ‘এনএচিপি’-ৰ ‘পঞ্চমটো পৰ্যায়’ত কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ বিত্তীয় পৃষ্ঠপোষকতাৰে দেশৰ সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কৰ্তব্যৰত ‘এইডছ নিয়ন্ত্ৰণ সমিতি’(এছএচিএছ)সমূহে কাৰ্যনিৰ্বাহ কৰিব। উত্তৰ পূৰ্বাঞ্চলতে এইছোৱা সময়ত ‘এইচআইভি’ৰ প্ৰতিৰোধ, চিনাক্তকৰণ তথা চিকিত্সা প্ৰদানত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে।
‘এইচআইভি’-ৰ সংক্ৰমণ সন্দৰ্ভত জন সজাগতা সৃষ্টিৰ বাবে সময়ে সময়ে বিভিন্ন কাৰ্যক্ৰম গ্ৰহণ কৰি অহা হৈছে। ‘এইচআইভি’ সন্দৰ্ভত ‘নৰ্থ-ইষ্ট মাল্টি মিডিয়া কেম্পেইন’ৰ বিশেষ ব্যৱস্থা কৰা হৈছে। এই সম্পৰ্কীয় বিভিন্ন ক্ষেত্ৰত বিভিন্ন পক্ষসমূহৰে কাম-কাজ কৰাৰ বাবে এই কাৰ্যক্ৰমত ‘উত্তৰ পূব পৰিষদ’কো জড়িত কৰা হৈছে।
‘কাউন্সেলিং আৰু পৰীক্ষণ’ৰ মাধ্যমেৰে ‘এইচআইভি’-ৰ আগতীয়া চিনাক্তকৰণৰ লগতে ‘এইচআইভি(পিএলএইচআইভি)’ আক্ৰান্ত লোকক ‘এণ্টি-ৰেট্ৰো ভাইৰেল থেৰাপী কেন্দ্ৰ’ আৰু ‘লিংক-এআৰটি কেন্দ্ৰ’ৰ জৰিয়তে বিনামূলীয়াকৈ ‘এণ্টি-ৰেট্ৰো ভাইৰেল’(এআৰভি) ঔষধ প্ৰদানৰ জীৱনজোৰা ব্যৱস্থাও আগবঢ়োৱা হৈছে। উত্তৰ-পূৰ্বাঞ্চলত ২০২২ৰ ছেপ্টেম্বৰ মাহ পৰ্যন্ত ১৬৯২টা ‘এইচআইভি কাউন্সেলিং আৰু পৰীক্ষণ কেন্দ্ৰ’, আৰু ১০৪টা ‘এআৰটি’ আৰু ‘লিংক-এআৰটি কেন্দ্ৰ’ই কাৰ্যনিৰ্বাহ কৰি আছে।
৪) প্ৰাপ্তবয়স্ক সাক্ষৰতাৰ হাৰ উন্নত কৰাৰ বাবে শিক্ষা মন্ত্ৰালয়ে ‘সাক্ষৰ ভাৰত’ শীৰ্ষক এখন প্ৰাপ্ত বয়স্ক শিক্ষা আঁচনি ৰূপায়ণ কৰি আহিছে। ২০০৯ চনৰ অক্টোবৰৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনকে ধৰি দেশৰ ২৬খন ৰাজ্যৰ ৪০৪খন জিলাৰ গ্ৰামাঞ্চলসমূহত এইখন আঁচনি ৰূপায়ণ কৰা হৈছিল। পৰৱৰ্তি সময়ত আঁচনিখনৰ সময়সীমা ৩১.০৩.২০১৯ পৰ্যন্ত বৃদ্ধি কৰা হৈছিল।
তদুপৰি, কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় পৃষ্ঠপোষকতাৰে ২০২০-২২ সময়ছোৱাত প্ৰাপ্ত শিক্ষা সংক্ৰান্তীয় ‘পঢ়না লিখনা অভিযান’ আঁচনিখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে দেশৰ ৩৩খন ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলত ৰূপায়ণৰ ব্যৱস্থা কৰা হয়। এই আঁচনিৰ জৰিয়তে ৪৮.১৬লাখ প্ৰাপ্ত-বয়স্ক অনা-সাক্ষৰ লোকক সাক্ষৰ কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।
ভাৰত চৰকাৰে শেহতীয়া ভাবে ‘নিউ ইণ্ডিয়া লিটাৰেচী প্ৰগ্ৰেম’(এনআইএলপি) শীৰ্ষক এখন কেন্দ্ৰীয় আঁচনিলৈ অনুমোদন আগবঢ়াইছে। ২০২২-২৭ৰ সময়ছোৱাত ৰূপায়িত হ’ব লগা এইখন আঁচনিৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৫ বছৰ বয়সৰ ওপৰৰ সংখ্যালঘুসকলকে ধৰি ৫ কোটি অনা সাক্ষৰ লোকৰ মাজত শিক্ষাৰ প্ৰসাৰৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। আঁচনিখনৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰ ৭০০.০০কোটি আৰু ৰাজ্য চৰকাৰসমূহৰ অংশ ৩৩৭.৯০কোটিকে ধৰি মুঠ ১০৩৭.৯০ কোটি টকাৰ বিত্তীয় পুঁজিলৈ অনুমোদন জনোৱা হৈছে।
আজি লোকসভাত প্ৰদান কৰা এক লিখিত উত্তৰত এই তথ্য প্ৰকাশ কৰে ‘উত্তৰ পূৰ্বাঞ্চল উন্নয়ণ মন্ত্ৰালয়’ৰ মন্ত্ৰী শ্ৰী জি কিষণ ৰেড্ডীয়ে।
***
MG/DP/MPW/RK/KB
(Release ID: 1885087)