পৰ্যটন মন্ত্ৰালয়

আকাশমাৰ্গেৰে সংযোগ প্ৰদান কৰাৰ বাবে আৰচিএছ-উড়ান আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত কাৰ্যক্ষম হৈ আছে ১৮টা পথঃ শ্ৰী জি. কিষাণ ৰেড্ডি


২২টা আকৰ্ষণীয় স্থানত ‘উত্তৰ-পূৰ্বাঞ্চলৰ ভিউ পইণ্টৰ উন্নয়ন’ প্ৰকল্পত অনুমোদন জনাইছে পৰ্যটন মন্ত্ৰালয়েঃ শ্ৰী জি কিষাণ ৰেড্ডী

Posted On: 08 DEC 2022 5:14PM by PIB Guwahati

বজাৰ উন্নয়ন সাহায্য আঁচনিৰ সংশোধন কৰি উত্তৰ-পূৰ্বাঞ্চল(এনইআৰ)ৰ বাবে অনলাইন প্ৰচাৰৰ ব্যৱস্থা কৰাৰ লগতে আঁচনিৰ অধীনত অনুমোদিত আৰ্থিক সাহায্যৰ পৰিসৰ বৃদ্ধি কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈও মন্ত্ৰালয়ে আৰ্থিক সাহায্য প্ৰদান কৰে, য’ত পৰ্যটনৰ আন্তঃগাঁথনি উন্নয়ন, মেলা/উৎসৱ আৰু পৰ্যটন সম্পৰ্কীয় অনুষ্ঠানৰ প্ৰচাৰ, তথ্য প্ৰযুক্তি সম্পৰ্কীয় প্ৰকল্প, প্ৰচাৰ অভিযান, মানৱ সম্পদ উন্নয়ন, বজাৰ গৱেষণা আদিৰ বাবে সাহায্য প্ৰদান কৰা হয়।

ড’নাৰ মন্ত্ৰালয়েও পৰ্যটন কাৰ্যসূচী/ইভেণ্টসমূহক নিয়মীয়াকৈ সমৰ্থন জনাই আহিছে। পৰ্যটকক আকৰ্ষণ কৰিবলৈ বছৰি ‘ডেষ্টিনেচন নৰ্থ ইষ্ট’ অনুষ্ঠানৰ আয়োজন কৰা হয়।

মন্ত্ৰালয়ৰ স্বচ্ছতা কাৰ্য্য পৰিকল্পনা(এছএপি)ৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ২৭টা স্বচ্ছতাৰ কাম হাতত লোৱা হৈছে। আঞ্চলিক আকাশমাৰ্গৰ সংযোগৰ সুবিধা/উদ্দীপিত কৰিবলৈ আৰম্ভ কৰা আৰচিএছ-ইউডিএনৰ কেন্দ্ৰবিন্দু হৈছে উত্তৰ-পূৰ্বাঞ্চল। এই আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলত ১৮টা পথ কাৰ্যক্ষম হৈ আছে। ৰে’ল মন্ত্ৰালয়েও উত্তৰ-পূৰ্বাঞ্চলত গজ পৰিৱৰ্তন, ভিষ্টা ড’ম ডবা প্ৰৱৰ্তন আৰু ষ্টেচন উন্নীতকৰণৰ জৰিয়তে ইয়াৰ আন্তঃগাঁথনি উন্নীত কৰিছে।

উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনক উদ্গনি যোগোৱাৰ বাবে মন্ত্ৰালয়ে ২২টা আকৰ্ষণীয় স্থানত ‘উত্তৰ-পূৰ্বাঞ্চলত ভিউ পইণ্টৰ উন্নয়ন’ প্ৰকল্পত অনুমোদন জনায়। মন্ত্ৰালয়ে ২৫টা পৰ্যটন স্থানৰ তালিকা চিনাক্ত কৰি প্ৰেৰণ কৰিছে যিবোৰক ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত পৃথক আৰক্ষী ইউনিট গঠনৰ বাবে পাইলট প্ৰকল্প হিচাপে ল’ব পাৰি। মন্ত্ৰালয়ে ১২টা ভাষাত ২৪x৭ বহুভাষিক পৰ্যটন তথ্য প্ৰদান হেল্পলাইনো আৰম্ভ কৰিছে। পৰ্যটন কাৰ্য্যকলাপক উৎসাহিত কৰিবলৈ নিৰাপদ আৰু সন্মানীয় পৰ্যটনৰ বাবে আচৰণ বিধি গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত ১৯.১০.২০২২ তাৰিখে নতুন দিল্লীত পৰ্যটন আৰক্ষী আঁচনিৰ ওপৰত ডিজিপিৰ ৰাষ্ট্ৰীয় সন্মিলন আয়োজন কৰে।

ৰাজ্যসভাত আজি এক লিখিত প্ৰশ্নোৰ উত্তৰত এই তথ্য সদৰি কৰে পৰ্যটন মন্ত্ৰী শ্ৰী জি. কিষাণ ৰেড্ডিয়ে৷

***

NB/OA/DB



(Release ID: 1882022) Visitor Counter : 78