উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

জি-২০ বৈঠকৰ পূৰ্বে সংশ্লিষ্ট মন্ত্ৰালয় আৰু আন্তঃমন্ত্ৰালয়ৰ সমন্বয়ৰ অৰ্থে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি. কিষাণ ৰেড্ডীৰ অধ্যক্ষতাত পৰ্য্যালোচনা বৈঠক


জি-২০ সন্মিলন অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত ২০ স্থানৰ ৮ উত্তৰ-পূব ভাৰতৰ

प्रविष्टि तिथि: 01 DEC 2022 8:13PM by PIB Guwahati

ভাৰত চৰকাৰৰ সাংস্কৃতিক, পৰ্যটন আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন (DoNER) দপ্তৰৰ মন্ত্ৰী শ্ৰী জি. কিষাণ ৰেড্ডীয়ে জি-২০ বৈঠকৰ পূৰ্বে ড’নাৰ, পৰ্যটন, সাংস্কৃতিক মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া-বৰ্গ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰে মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এই তিনিও মন্ত্ৰালয়ৰ এখনি পৰ্য্যালোচনা বৈঠকত পৌৰহিত্য কৰে। জি-২০ ৰ প্ৰাসংগিক ভিন্ন বিষয়বস্তু সন্দৰ্ভত জানুৱাৰী, ২০২৩ ৰপৰা আৰম্ভ হ’বলগীয়া মুঠ ১১ খন বৈঠক (প্ৰতিখন ৰাজ্যতে এখনকৈ আৰু গুৱাহাটীত চাৰিখন) উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত উক্ত কাৰ্য্যসূচীসমূহ সাফল্যমণ্ডিত কৰি তোলাৰ অৰ্থে মূল দিশসমূহৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰীজনে ইয়াৰ অৰ্থে কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় পৰ্য্যায়ৰ ব্যৱস্থাসমূহক সম্পূৰ্ণ সাজু কৰি তুলিবলৈ আহ্বান জনায়। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সমৃদ্ধিক বিশ্ববাসীৰ সন্মুখত থূপাই প্ৰদৰ্শন কৰাটো নিশ্চিত কৰিবলৈ কয়।

আজি ১ ডিচেম্বৰ, ২০২২ ত আমাৰ দেশে আনুষ্ঠানিকভাৱে পুৰাতন সংস্কৃতি আৰু একতাৰ নীতি তথা ‘বসুধৈৱ কুটুম্বকম’ ৰ বাৰ্তা শিৰোধাৰ্য্য কৰি জি-২০ ৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰিছে। জি-২০ য়ে একতাৰ দৃষ্টিক প্ৰোৎসাহিত কৰে। সেয়েহে ‘এখন পৃথিৱী, এটা পৰিয়াল, এটাই ভৱিষ্যৎ’ বিষয়বস্তু গ্ৰহণ কৰা হৈছে।

২০২৩ ৰ ৯-১০ ছেপ্টেম্বৰত জম্মু-কাশ্মীৰত জি-২০ ৰ ৰাষ্ট্ৰীয় আৰু চৰকাৰী নেতৃত্বৰ সন্মিলন অনুষ্ঠিত হ’ব। জি-২০ ৰ অধীনত প্ৰায় ২০০ খন বৈঠক অনুষ্ঠিত হ’ব। ইয়াত ভাগ ল’বলৈ আগমন ঘটিবলগীয়া সমগ্ৰ বিশ্বৰ আমাৰ অতিথিসকলক ভাৰতৰ আশ্চৰ্য্যজনক বৈচিত্ৰ্য, সৰ্বাংগীন পৰম্পৰা আৰু সাংস্কৃতিক সমৃদ্ধিৰ এক সম্যক অভিজ্ঞতা প্ৰদান কৰিবলৈ দেশখনৰ ভিন্ন চহৰত এইসমূহ অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

***

MG/RK/SB


(रिलीज़ आईडी: 1880427) आगंतुक पटल : 223
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri