গৃহ মন্ত্ৰালয়

আগৰতলাত উত্তৰ-পূৰ্বাঞ্চলৰ ডিজিপি আৰু চিপিঅ’ৰ মুৰব্বীসকলৰ ২৭ সংখ্যক সন্মিলন সম্পন্ন

Posted On: 23 NOV 2022 7:04PM by PIB Guwahati

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ইন্টেলিজেন্স ব্যুৰ’ আৰু ত্ৰিপুৰা আৰক্ষীৰ যুটীয়া উদ্যোগত ২২-২৩ নৱেম্বৰ, ২০২২ ত আগৰতলাত উত্তৰ-পূৰ্বাঞ্চলৰ ডিজিপি আৰু চিপিঅ’ৰ মুৰব্বীসকলৰ ২৭ সংখ্যক সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ডিজিপিসকলৰ লগতে ১২ টা কেন্দ্ৰীয় সংস্থাৰ আঞ্চলিক মুৰব্বী আৰু ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ (প্ৰফেচাৰ) মাণিক সাহাই সন্মিলনখনি উদ্বোধন কৰি সাম্প্ৰতিক নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মাজত অধিক সমন্বয়ত গুৰুত্ব আৰোপ কৰে। উত্তৰ-পূর্বাঞ্চলৰ উন্নয়নত ভাৰত চৰকাৰৰ অগ্ৰাধিকাৰ প্ৰদান সম্পৰ্কে উল্লেখ কৰি মুখ্যমন্ত্রীজনে উন্নয়নৰ বাবে শান্তি আৰু নিৰাপত্তা অতিশয় অপৰিহাৰ্য্য বুলি কয়। ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী সত্যদেও নাৰায়ণ আৰ্য্যই সামৰণি কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সকলো সংস্থাকে ৰাষ্ট্ৰীয় স্বাৰ্থত একেলগে কাম কৰিবলৈ আহ্বান জনায়।

সন্মিলনত অংশগ্ৰহণকাৰীসকলে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বিদ্যমান সকলো প্ৰত্যাহ্বানেৰে মোকাবিলাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াত বিদ্ৰোহৰপৰা আৰম্ভ কৰি সুৰক্ষাজনিত প্ৰত্যাহ্বানসমূহৰে মোকাবিলা কৰিবলৈ আৰক্ষী ইউনিটৰ সামৰ্থ্য বিকাশ, ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্কক বাধা প্ৰদান, ম্যানমাৰৰ শেহতীয়া ঘটনাৰাজিৰ প্ৰভাৱ আৰু অন্যান্য সীমান্ত সম্পৰ্কীয় সমস্যা আৰু ভাৰত চৰকাৰৰ এক্ট ইষ্ট পলিচিৰ সফল ৰূপায়ণৰ অৰ্থে নিৰাপত্তা সম্পৰ্কীয় প্ৰয়োজনীয়তা সন্দৰ্ভত আলাপ-আলোচনা কৰা হয়।

এই সন্মিলনত ৰাজ্যকেইখন আৰু কেন্দ্ৰীয় সংস্থাসমূহৰ মাজত সহযোগিতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰা হয়। সন্মিলনৰ আলোচনা কালত উক্ত প্ৰসংগসমূহত একাধিক সুনিৰ্দিষ্ট পৰামৰ্শ আগবঢ়োৱা হয়। ইয়াত অংশগ্ৰহণকাৰীসকলে নিজ-নিজ ৰাজ্যত এই পৰামৰ্শৰাজি কাৰ্য্যকৰী কৰিব।

***



(Release ID: 1878377) Visitor Counter : 90


Read this release in: English , Urdu , Hindi , Manipuri