ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

অসম চৰকাৰে আয়োজন কৰা নাগৰিক অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি

দেশৰ সামগ্ৰিক প্ৰগতিৰ বাবে অসমৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণঃ ৰাষ্ট্ৰপতি মুৰ্মু

Posted On: 13 OCT 2022 9:06PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া (১৩ অক্টোবৰ, ২০২২) গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত তেওঁৰ সন্মানত অসম চৰকাৰে আয়োজন কৰা এক নাগৰিক অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে।

এই উপলক্ষে অনুষ্ঠানত আগবঢ়োৱা ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অসমবাসীৰ পৰা লাভ কৰা মৰম আৰু স্নেহে তেওঁক চুই গৈছে। এই ভ্ৰমণৰ জৰিয়তে তেওঁ ভাৰতৰ মহান পৰম্পৰা আৰু সাফল্যৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পাইছে। এনে অভূতপূৰ্ব আদৰণি জনোৱাৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে ৰাষ্ট্ৰগৰাকীয়ে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক মহিমা অতি আকৰ্ষণীয়। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধবদেৱৰ দৰে অসাধাৰণ ব্যক্তিয়ে ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পৰম্পৰাক সমৃদ্ধ কৰি সমাজখনক একত্ৰিত কৰাৰ বাবে কাম কৰিছিল। এই অঞ্চলৰ বড়ো সমাজৰ পৰা বহুত শিকিব পৰা যায়। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা আদি আচৰিত প্ৰতিভাই ভাৰতীয় সমাজ আৰু সংস্কৃতিক সীমাহীন উপহাৰ দিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতৰ ভৌগোলিক, সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ এক ৰামধেনু অসমত দেখা পোৱা যায়। দেশৰ সামগ্ৰিক প্ৰগতিৰ বাবে অসমৰ উন্নয়ন অতি গুৰুত্বপূৰ্ণ। ৰা্ষ্ট্ৰপতিগৰাকীয়ে আন্তঃগাঁথনিৰ ক্ষিপ্ৰ উন্নয়নৰ জৰিয়তে অসম আৰু উত্তৰ-পূব অঞ্চলৰ সুবিধাসমূহ ব্যাপক আৰু অত্যাধুনিক কৰি তোলা হৈছে বুলি জানিবলৈ পাই সুখী অনুভৱ কৰে৷ ইয়াৰ ফলত জনসাধাৰণৰ জীৱনটো সহজ হৈ পৰিছে আৰু উদ্যোগসমূহৰ বিকাশত নতুন গতি প্ৰদান কৰা হৈছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত চৰকাৰে দেশৰ পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নক বিশেষ অগ্ৰাধিকাৰ দিছে। অঞ্চলটোৱে এক্ট ইষ্ট পলিচি গ্ৰহণ কৰিছে, যিটোৱে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দক্ষিণ-পূব এছিয়াক সংযোগ কৰিছে। এই পৰিৱৰ্তনৰ লগে লগে অসমৰ উন্নয়নে আন্তৰ্জাতিক মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অসমত পৰ্যটন উদ্যোগৰ বাবে অপৰিসীম সম্ভাৱনা আছে। ‘মানাহ’ আৰু ‘কাজিৰঙা’ৰ দৰে মনোমোহা গন্তব্যস্থানৰ বাবেই অসমে পৰ্যটকক আকৰ্ষণ কৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পৰ্যটনৰ বিকাশৰ বাবে এক উন্নত পৰিস্থিতিতন্ত্ৰ প্ৰস্তুত কৰি আছে। অদূৰ ভৱিষ্যতে এই প্ৰচেষ্টাৰ ফল বৃহৎ পৰিসৰত দৃশ্যমান হ’ব বুলি বিশ্বাস কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু এই পৰিৱৰ্তনে যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

click here to see speech

**********

 

DS/SH/DB


(Release ID: 1867722) Visitor Counter : 180


Read this release in: English , Urdu , Hindi