গৃহ মন্ত্ৰালয়

আজি জম্মু-কাশ্মীৰৰ ৰাজৌৰীত এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে


নৱমীৰ শুভক্ষণত দেশৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে বৈষ্ণো দেৱী মন্দিৰত প্ৰাৰ্থনা কৰে শ্ৰী অমিত শ্বাহে

জম্মু-কাশ্মীৰৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে শ্ৰী মোদীয়ে, যাৰ ফলত উন্নয়নৰ কাম দ্ৰুতগতিত চলি আছে আৰু শ্ৰী মোদীৰ প্ৰতি ইয়াৰ জনসাধাৰণৰ অপৰিসীম মৰম আৰু বিশ্বাসে চৰকাৰক জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগাইছে

পাহাৰী আৰু গুৰজাৰ-বকৰোৱাল জনগোষ্ঠীয়ে সদায় ভাৰতক ৰক্ষা কৰিবলৈ শিলৰ দৰে থিয় দি আহিছে আৰু দেশবাসী এই নিৰাপত্তাৰ এই অভেদ্য দেৱালৰ আধাৰত শান্তিৰে শুব পাৰিছে

মহাৰাজ হৰি সিঙৰ জন্মদিনত ৰাজ্যিক বন্ধ ঘোষণা কৰি শ্ৰী মোদীৰ নেতৃত্বত তেওঁৰ অৱদানক স্মৰণ কৰা হৈছে

৩৭০ আৰু ৩৫ ক অনুচ্ছেদ প্ৰত্যাহাৰৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ পিছপৰা শ্ৰেণী, দলিত, জনজাতীয় বান্দা আৰু পহাদীসকলক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিছে

৭০বছৰ ধৰি তিনিটা পৰিয়ালে ইয়াত শাসন কৰিছিল আৰু গণতন্ত্ৰক নিজৰ মাজতে আবদ্ধ কৰি ৰাখিছিল, কিন্তু ২০১৪ চনত শ্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এতিয়া জম্মু-কাশ্মীৰৰ শাসন ব্যৱস্থাই পঞ্চায়ত পৰ্যায়ত ৩০,০০০ জনপ্ৰতিনিধিৰ কাষ চাপিছে

ইয়াৰ পূৰ্বে

Posted On: 04 OCT 2022 7:19PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি জম্মু-কাশ্মীৰৰ ৰাজৌৰীত এখন জনসভাত ভাষণ প্ৰদান কৰে। নৱমীৰ শুভক্ষণত শ্ৰী অমিত শ্বাহে বৈষ্ণো দেৱী মন্দিৰত পূজা অৰ্চনা কৰাৰ লগতে দেশৰ প্ৰগতি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। এই উপলক্ষে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহা, কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত শ্ৰী অমিত শ্বাহে কয় যে ৰাজৌৰীত অনুষ্ঠিত এই বৃহ সমাৱেশ ৩৭০ অনুচ্ছেদ আঁতৰালে জম্মু-কাশ্মীৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হব বুলি দাবী কৰাসকলৰ প্ৰতি উচিত প্ৰত্যুত্তৰ। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি জনসাধাৰণৰ অপৰিসীম মৰম আৰু বিশ্বাসে চৰকাৰক জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণৰ কল্যাণৰ বাবে কাম কৰিবলৈ প্ৰেৰণা যোগাইছে। তেওঁ কয় যে পাহাৰী আৰু গুৰজাৰ-বকৰৱাল সম্প্ৰদায়ৰ জনসাধাৰণে সদায় ভাৰতক ৰক্ষা কৰিবলৈ শিলৰ দৰে থিয় দি আহিছে আৰু এনে এক অভেদ্য নিৰাপত্তাৰ দেৱালৰ অস্তিত্বৰ বাবে সকলো ভাৰতীয়ই শান্তিৰে শুব পাৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহাই মহাৰাজ হৰি সিঙৰ অৱদানক স্মৰণ কৰি তেওঁৰ জন্মদিনক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটোৰ উন্নয়নক তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। শ্ৰী শ্বাহে কয় যে ৭০ বছৰ ধৰি তিনিটা পৰিয়ালে জম্মু আৰু কাশ্মীৰত শাসন কৰিছিল আৰু তেওঁলোকৰ পৰিয়ালৰ ভিতৰত গণতন্ত্ৰত বাধাৰ সৃষ্টি কৰিছিল। কিন্তু ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৪ চনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু তাৰ পিছত ২০১৯ চনত তহচিল আৰু জিলা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এতিয়া জম্মু-কাশ্মীৰৰ শাসন ব্যৱস্থা, যিটো পূৰ্বতে তিনিটা পৰিয়ালৰ ভিতৰতে সীমাবদ্ধ আছিল, এতিয়া ৩০ হাজাৰ লোকক অন্তৰ্ভুক্ত কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে ২০১৯ চনৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৩৭০ আৰু ৩৫ক অনুচ্ছেদ প্ৰত্যাহাৰ কৰিছিল। তেওঁ কয় যে ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ লগে লগে পিছপৰা শ্ৰেণী, দলিত, জনজাতি আৰু পাহাৰীয়া লোকসকলে জম্মু আৰু কাশ্মীৰত নিজৰ অধিকাৰ লাভ কৰিছে। গৃহমন্ত্রীয়ে কয় যে এতিয়া প্রধানমন্ত্রী মোদীয়ে গণতন্ত্রক তিনিটা পৰিয়ালৰ ভিতৰতে যাতে সীমাবদ্ধ নাথাকে, বৰঞ্চ ৩০ হাজাৰ লোক ইয়াৰ অংশ হৈ পৰে, সেইটো সুনিশ্চিত কৰিছে৷ শ্ৰী শ্বাহে কয় যে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিশ্ৰুতি দিছিল যে অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰা হব আৰু ইয়াৰ বাবে সীমা নিৰ্ধাৰণ কৰাটো প্ৰয়োজনীয় আছিল। পূৰ্বৰ সীমা নিৰ্ধাৰণ আয়োগৰ নিয়ম অনুসৰি কৰা হোৱা নাছিল, বৰঞ্চ কেৱল তিনিটা পৰিয়ালক উপকৃত কৰাৰ বাবেহে কৰা হৈছিল। কিন্তু এতিয়া স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰকৃত সীমা নিৰ্ধাৰণ সম্পূৰ্ণ হৈছে আৰু পাহাৰীয়া অঞ্চলসমূহত আসন বৃদ্ধি কৰা হৈছে। সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সূচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজৌৰী, পুঞ্চ, দোডা আৰু কিষ্টৱাৰত জনসাধাৰণৰ ন্যায় সুনিশ্চিত কৰিছে। তেওঁ কয় যে তিনিওটা পৰিয়ালে শাসনকালত দুৰ্নীতিত লিপ্ত কৰিবলৈ একো বাদ দিয়া নাছিল৷ শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ ২৭ লাখ পৰিয়ালক পাঁচ লাখ টকা পৰ্যন্ত বিনামূলীয়া স্বাস্থ্য সুবিধা প্ৰদান কৰিছে, যিটো এই তিনিটা পৰিয়ালে যোৱা ৭০ বছৰত কেতিয়াও প্ৰদান কৰা নাছিল কাৰণ তেওঁলোকে দুৰ্নীতিত লিপ্ত হৈ দিল্লীৰ পৰা অহা ধন আত্মসা কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্নীতি নিয়ন্ত্ৰণৰ বাবে জম্মু-কাশ্মীৰত দুৰ্নীতি নিবাৰক ব্যুৰো গঠন কৰা হৈছে, পথ প্ৰদৰ্শক আইন কাৰ্যকৰী কৰা হৈছে, উমংগৰ জৰিয়তে মোবাইলযোগে অভিযোগ পঞ্জীয়ন কৰা আৰম্ভ কৰা হৈছে, ‘সতৰ্ক নাগৰিকমোবাইল এপ্লিকেচন মুকলি কৰা হৈছে, ভিজিলেন্স কাৰ্যালয় মুকলি কৰা হৈছে আৰু ইলেক্ট্ৰনিক ভিজিলেন্স ক্লিয়াৰেন্স ছিষ্টেমো স্থাপন কৰা হৈছে। তেওঁ কয় যে জম্মু-কাশ্মীৰত পৰ্যটনত সৰ্বাধিক যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ লাভ কৰিছে আৰু জানুৱাৰী, ২০২২ৰ পৰা আজিলৈকে ১.৬২ কোটি পৰ্যটকে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছে, যিটো স্বাধীনতাৰ ৭৫ বছৰৰ ভিতৰত সৰ্বাধিক। তেওঁ কয় যে পুঞ্চ, ৰাজৌৰী, জম্মু আৰু উপত্যকাকে ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চলত পৰ্যটনত সৰ্বাধিক কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে। শ্ৰী শ্বাহে কয় যে ৭০ বছৰ ধৰি জনসাধাৰণে জম্মু-কাশ্মীৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানৰ দাবী জনাই আহিছে। এই দাবী পূৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীনগৰৰ পৰা শ্বাৰজাহলৈ পোনপটীয়া বিমান যাত্ৰা আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বে শ্ৰীনগৰ আৰু জম্মুৰ পৰা নিশাৰ ভাগত কোনো বিমান চলাচলৰ ব্যৱস্থা নাছিল, প্ৰধানমন্ত্ৰী মোদীয়ে চহৰখনৰ পৰা নিশাৰ বিমান সেৱা আৰম্ভ কৰিলে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদী আৰু বিচ্ছিন্নতাবাদীৰ বিৰুদ্ধে এক নিৰন্তৰ অভিযান চলাইছে, যাৰ ফলত জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী কূটাঘাটৰ সংখ্যা তীব্ৰগতিত হ্ৰাস পাইছে। ২০০৬ চনৰ পৰা ২০১৩ চনৰ ভিতৰত সন্ত্ৰাসবাদী ঘটনাৰ সংখ্যা আছিল ৪৭৬৬টা আনহাতে ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পিছত ২০১৯ চনৰ পৰা ২০২২ চনলৈকে সংঘটিত সন্ত্ৰাসবাদী ঘটনা ৪৭৬৬ৰ পৰা মাত্ৰ ৭২১লৈ হ্ৰাস পাইছে৷ ইয়াৰ সমান্তৰালভাৱে নিৰাপত্তাৰক্ষী আহত হোৱাৰ ঘটনাও হ্ৰাস পাইছে। ইয়াৰ পৰা বুজা যায় যে জম্মু-কাশ্মীৰ এতিয়া সুৰক্ষিত। কেন্দ্রীয় গৃহমন্ত্রীয়ে কয় যে পূর্বতে শিলগুটি নিক্ষেপ কৰাৰ খবৰ আহিছিল, কিন্তু এতিয়া এনে হৈছে কাৰণ প্রধানমন্ত্রীয়ে যুৱক-যুৱতীসকলৰ হাতত থকা শিলগুটি সলনি কৰি লেপটপ দিছে, তেওঁলোকক সংস্থাপন দিছে আৰু জম্মু-কাশ্মীৰৰ বাবে এই পৰিৱৰ্তন অতি গুৰুত্বপূর্ণ৷

             কেন্দ্রীয় গৃহ আৰু সহযোগিতা মন্ত্রীগৰাকীয়ে কয় যে পূৰ্বতে ৰাজৌৰীত এখন চিকিসা মহাবিদ্যালয় হব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল৷ কিন্তু, আজি ইয়াত এখন চিকিসা মহাবিদ্যালয় মুকলি কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেৱল অঞ্চলটোৰ যুৱক-যুৱতীসকলক চিকিসক হোৱাৰ সুযোগ দিয়াই নহয়, বৰঞ্চ ইয়াৰ সকলো বাসিন্দাক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰিছে, যাতে অঞ্চলটোৰ ৰাইজে চিকিসাৰ বাবে আৰু জম্মুলৈ যাব নালাগিব। ইয়াৰ সমান্তৰালকৈ কথুৱা, ডোডা, অনন্তনাগ, বাৰামুলাতো চিকিসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰত চৰকাৰে কেৱল ৰাজৌৰীৰ মেডিকেল কলেজৰ বাবে ১৩৯ কোটি টকা ব্যয় কৰিছিল। ৪৮০ কোটি টকাৰে ৰাজৌৰী, ধননমণ্ডী আৰু সুৰংকোট পথ নিৰ্মাণৰ কামো আগুৱাই নিয়া হৈছে। সীমান্ত এলেকা উন্নয়ন কাৰ্যকৰী পৰিকল্পনাৰ অধীনত প্ৰধানমন্ত্ৰীয়ে ২১ কোটি টকাৰ লগতে ২৮ খন আঁচনি আৰম্ভ কৰে। প্ৰধানমন্ত্ৰী গ্ৰামীন চড়ক যোজনাৰ অধীনত ৩১৬৭ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়েও জম্মু-পুঞ্চ ঘাইপথৰ ফৰলেনৰ বাবে ১৩৩৭ কোটি টকা আবণ্টন দিছে।

কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ পাহাৰীয়া অঞ্চলৰ ২০,০০০ৰো অধিক ঘৰত বিদ্যু যোগান ধৰিছে। ৭৫ বছৰৰ পাছত অঞ্চলটোৰ ঘৰ ঘৰে বিদ্যু সংযোগ হৈছে৷ সমগ্ৰ জম্মু-কাশ্মীৰৰ ৩.৮০ লাখ ঘৰত বিদ্যু সুনিশ্চিত কৰা হৈছে। প্ৰধানমন্ত্ৰী উন্নয়ন পেকেজৰ অধীনত বহু কাম কৰা হৈছে। ইয়াৰ ভিতৰত ৬২৪ মেগাৱাট কিৰু এইচইপি প্ৰকল্প, ৫৪০ মেগাৱাট কৰ এইচইপি প্ৰকল্প আৰু শ্বাহপুৰকুণ্ডি জলসিঞ্চন আৰু শক্তি প্ৰকল্প উল্লেখযো্গ্য। শ্ৰী শ্বাহে কয় যে জম্মুত এইমছ, আইআইটি, ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন আদি স্থাপন কৰা হৈছে। ইয়াত চিকিসা মহাবিদ্যালয় আৰু জিএমচি প্ৰতিষ্ঠানো নিৰ্মাণ কৰা হৈছে। কেন্দ্রীয় গৃহ আৰু সহযোগিতা মন্ত্রীগৰাকীয়ে কয় যে স্বাধীনতাৰ প্রথম ৭২বছৰত ঔদ্যোগিক বিনিয়োগ কৰা হৈছে৷ ১৫,০০০ কোটি টকা জম্মু-কাশ্মীৰলৈ আহিছিল, আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে এক ঔদ্যোগিক নীতি ঘোষণা কৰি ২০১৯ চনৰ পৰা এতিয়ালৈকে মাত্ৰ ৩ বছৰত ৫৬,০০০ কোটি টকাৰ বিনিয়োগ সুনিশ্চিত কৰিছে আৰু ইয়াৰ ফলত জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন লাভ কৰিব। বহুতো সহায়ক গোট, ৪৫০০ৰো অধিক যুৱ ক্লাব আৰু আন বহুতো পৰিকল্পনাও গঠন হৈছে। জম্মু-কাশ্মীৰত প্ৰায় দুই লাখ লোকক আৱাস প্ৰদান কৰা হৈছে। পাঁচ লাখ ঘৰলৈ টেপৰ পানী সুনিশ্চিত কৰাৰ বাবে কাম কৰা হৈছে। পোষণ অভিয়ান, মাত্রু বন্দনা যোজনা আৰু স্বাস্থ্য অভিযানকো আগুৱাই নিয়া হৈছে৷

শ্ৰী অমিত শ্বাহে কয় যে জম্মু-কাশ্মীৰ অঞ্চলৰ উন্নয়নত প্ৰধানমন্ত্ৰী মোদীয়ে অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে পূৰ্বে জম্মু-কাশ্মীৰৰ পাহাৰী জনসাধাৰণক অন্যায় কৰা হৈছিল, কিয়নো তেওঁলোকে কোনো সংৰক্ষণৰ সুবিধা নাপালে। প্ৰধানমন্ত্ৰীয়ে ৩৭০নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰি সংৰক্ষণৰ পথ মুকলি কৰিলে। সংৰক্ষণ বিবেচনাৰ বাবে ন্যায়াধীশ শৰ্মাৰ আয়োগ গঠন কৰা হৈছিল, যিখন আয়োগে পাহাৰী, বকৰৱাল আৰু গুৰজাৰ জনসাধাৰণক সংৰক্ষণ দিবলৈ পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শসমূহৰ প্ৰশাসনিক প্ৰক্ৰিয়া শেষ হোৱাৰ লগে লগে গুৰজাৰ, বকৰৱাল আৰু পাহাৰী লোকসকলে সংৰক্ষণৰ সুবিধা লাভ কৰাৰ দিশত অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিক জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ মৰমেৰে বুজাব পৰা হৈছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়। গৃহমন্ত্রীগৰাকীয়ে কয় যে দুই এজন লোকে অঞ্চলটোত শান্তি নিবিচাৰে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে এই অঞ্চলৰ উন্নয়ন কৰিব বিচাৰিছে কিয়নো তেওঁ জানে যে পীৰপাঞ্জলৰ এই পাহাৰবোৰ যুগ যুগ ধৰি জনসাধাৰণে সুৰক্ষিত কৰি আহিছে আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে ভাৰতৰ সীমা সুৰক্ষাৰ বাবে তেজ দি আহিছে। আজিও দেশৰ বাকী অংশৰ দৰে ৰাজৌৰী আৰু পুঞ্চৰ যুৱক-যুৱতীসকলে নিযুক্তি দিব লাগে, অঞ্চলটোত উদ্যোগীকৰণৰ প্ৰসাৰ ঘটাব লাগে, ৰাইজে সংৰক্ষণৰ সুবিধা লাভ কৰিব লাগে আৰু অঞ্চলটোৰ পৰা বিধায়ক-সাংসদ নিৰ্বাচন কৰিব লাগে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ সামগ্ৰিক উন্নয়ন বিচাৰে। শ্ৰী অমিত শ্বাহে জনসাধাৰণক জম্মু-কাশ্মীৰক তিনিটা পৰিয়ালৰ শাসনৰ পৰা মুক্ত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীক সমৰ্থন কৰিবলৈ আহ্বান জনায়।

 

***

NW/RK/SM/AY/AK/RR/AS/DB



(Release ID: 1865422) Visitor Counter : 132


Read this release in: English , Urdu , Marathi , Hindi