গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গৃহ পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে আজি ৪ৰ্থ নেচনেল য়ং ছুপাৰিনটেনডেণ্টছ অফ পুলিচ কনফাৰেঞ্চ আৰু পুলিচ এক্সপ'ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ পৰামৰ্শক্ৰমে, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে চাইবাৰ অপৰাধৰ মোকাবিলাত আৰু চাইবাৰ আক্ৰমণ প্ৰতিৰোধত জোৰ দিছে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ পৰামৰ্শক্ৰমে, গৃহ পৰিক্ৰমা মন্ত্ৰালয় চাইবাৰ অপৰাধৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সংকল্পবদ্ধ আৰু সাজু

দেশজুৰি সকলো ১৬,৩৪৭টা আৰক্ষী চকীত ক্ৰাইম এণ্ড ক্ৰিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড ছিষ্টেম (চিচিটিএনএছ) বলৱৎ কৰা হৈছে আৰু ৯৯ শতাংশ আৰক্ষী চকীত, ১০০ শতাংশ এফআইআৰ পোনপটীয়াকৈ চিচিটিএনএছত পঞ্জীয়ন কৰি থকা হৈছে

ইয়াৰ উপৰিও, উপ আৰক্ষী চকীৰ পৰ্যায়লৈকে চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃগাঁথনি স্থাপন সম্পূৰ্ণ হৈছে, চাইবাৰ অপৰাধৰ বিৰুদ্ধে বিশ্লেষণাত্মক আহিলা সৃষ্টিও ৪০ শতাংশলৈকে সম্পূৰ্ণ কৰা হৈছে

বিপিআৰ এণ্ড ডিয়ে সমগ্ৰ দেশত আৰক্ষীক পৰামৰ্শ দি তথা সহযোগ কৰি শান্তি, সংহতি নিশ্চিত কৰিবলৈ আৰু আইন শৃংখলা পৰিস্থিতি বজাই ৰাখিবলৈ আৰু নিদৰ্শনীয় কাম কৰি আছে

আৰক্ষীয়ে সুৰক্ষিত বাতাবৰণ নিশ্চিত কৰি ৰাষ্ট্ৰীয় শান্তি আৰু সংহতি বজাই ৰাখিছে

অপৰাধীয়ে গুৰ

Posted On: 29 SEP 2022 4:56PM by PIB Guwahati

গৃহ পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে আজি ৪ৰ্থ নেচনেল য়ং ছুপাৰিনটেনডেণ্টছ অফ পুলিচ কনফাৰেঞ্চ আৰু পুলিচ এক্সপ'ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। এই অনুষ্ঠানত, বিপিআৰএণ্ডডি (ব্যুৰ' অফ পুলিচ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট)ৰ সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহ (চিএপিএফ) আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনসমূহ (চিপিঅ')ৰ সঞ্চালক প্ৰধানসকল/মহা পৰিদৰ্শকসকল/ ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশৰ উপ- মহা পৰিদৰ্শকসকল, য়ুথ ছুপাৰিনটেনডেণ্টছ অফ পুলিচ, কমাণ্ডেণ্টসকল আৰু উদ্যোগৰ প্ৰতিনিধিৰ লগতে অন্য গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।

গৃহ পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে এই বছৰৰ সন্মিলনৰ বাবে বিপিআৰএণ্ডডিয়ে বাছনি কৰা বিষয় 'ইনভেচন এণ্ড ৰিছাৰ্চ ইন চাইবাৰ ক্ৰাইম মেনেজমেণ্ট, ড্ৰোণছ এণ্ড কাউণ্টাৰ ড্ৰোণছ' এই সময়ত খুবেই প্ৰাসংগিক। তেওঁ কয় যে ইয়াৰ আৰম্ভণিৰে পৰা, বিপিআৰএণ্ডডিয়ে উত্তম অনুশীলন আৰু মানদণ্ড বজাই ৰাখি সক্ষমতা নিৰ্মাণ, প্ৰশাসনিক আৰু সংস্কাৰমূলক সংশোধন, আৰক্ষীৰ আধুনিকীকৰণ আৰু উন্নীতকৰণত জড়িত হৈ আছে। দেশৰ সেৱাত বিপিআৰএণ্ডডিয়ে ৫২ বছৰৰ দীঘলীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু ব্যুৰ'ই সমগ্ৰ দেশত আৰক্ষীক পৰামৰ্শ দি তথা সহযোগ কৰি শান্তি, সংহতি নিশ্চিত কৰিবলৈ আৰু আইন শৃংখলা পৰিস্থিতি বজাই ৰাখিবলৈ আৰু নিদৰ্শনীয় কাম কৰি আছে।

শ্ৰী নিত্যানন্দ ৰায়ে কয় যে আৰক্ষী হৈছে ৰাজহুৱা প্ৰশাসনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ আৰু জনজীৱনৰ প্ৰতিটো পৰিসৰত তেওঁলোকৰ উপস্থিতি অনুভূত হয়। এটা সুৰক্ষিত বাতাবৰণ নিশ্চিত কৰি আৰক্ষী হৈছে ৰাষ্ট্ৰীয় শান্তি আৰু সংহতিৰ ৰক্ষক, আৰু এনেকৈ, তেওঁলোক দেশৰ বিকাশৰ যাত্ৰাৰ এটা আৱশ্যকীয় অংশ। তেওঁ কয় যে আমাৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহে দুটা ক্ষেত্ৰত পৰিৱৰ্তনৰ সাক্ষ্য বহন কৰিছে, প্ৰথম, নিতৌ নতুন অপৰাধমূলক প্ৰত্যাহ্বান সমাধা কৰিবলৈ প্ৰযুক্তি আহৰণৰ লগতে অপৰাধৰ ধৰণ ভালদৰে চিনাক্ত কৰিবলৈ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইত্যাদিৰ ব্যৱহাৰ, আৰু দ্বিতীয়তে, দ্ৰুতগতিত সলনি হৈ থকা অপৰাধৰ ধৰণ আৰু সিবিলাকৰ সঠিক ধাৰণা কৰি তাৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা। শ্ৰী ৰায়ে কয় যে অপৰাধীয়ে ক্ৰমবৰ্ধমান ৰূপত এই প্ৰযুক্তিগত সুবিধাবোৰ লৈছে আৰু সমাজৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি কৰিছে। সময়ৰ প্ৰয়োজন হৈছে এই প্ৰত্যাহ্বানবিলাকৰ মোকাবিলা কৰা, অপৰাধীৰ আগত আইন প্ৰয়োগকাৰী সংস্থাসমূহক ৰখা আৰু নাগৰিকৰ জীৱন আৰু আন্তঃগাঁথনি সুৰক্ষিত কৰা। তেওঁ কয় যে চাইবাৰ আক্ৰমণ, ৰেনছম-ৱেৰ আক্ৰমণ, আইডেণ্টিটি লীক আৰু আন্তঃগাঁথনি ভংগ আদি হৈছে চাইবাৰ ছিকিউৰিটি ডমেইনত সংঘটিত হৈ থকা কিছুমান প্ৰধান অপৰাধৰ ধৰণ।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে কয় যে সাধাৰণ মানুহৰ জীৱনত চাইবাৰ অপৰাধ আৰু চাইবাৰ আক্ৰমণৰ এক বৃহৎ প্ৰভাৱ থাকে। লগতে, সমুদায়ৰ মাজত উত্তেজনা আৰু অবিশ্বাস সৃষ্টি কৰিবলৈ, ঘৃণা বিয়পাবলৈ, চাইবাৰ ফ্ৰড সংঘটিত কৰিবলৈ আৰু মিছা তথা মনেসজা বাতৰি বিয়পাবলৈ সামাজিক মাধ্যমৰো অপব্যৱহাৰ হৈ আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ পৰামৰ্শক্ৰমে, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আমাৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ সক্ষমতা বৃদ্ধি কৰি চাইবাৰ অপৰাধৰ মোকাবিলাত আৰু চাইবাৰ আক্ৰমণ প্ৰতিৰোধত জোৰ দিছে। অপৰাধৰ মোকাবিলা কৰিবলৈ আৰু অপৰাধৰ সময়মতে বিচাৰ ব্যৱস্থাৰ বাবে আমাৰ আইনী প্ৰণালীৰ উন্নয়নৰ বাবে ৰণনীতিগত প্ৰতিষ্ঠান স্থাপন কৰিবলৈ আমি নিৰন্তৰ প্ৰয়াস চলাই আছো। শ্ৰী ৰায়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে চাইবাৰ অপৰাধৰ ক্ৰমবৰ্ধমান ঘটনাৰ এক সমন্বিত আৰু ফলপ্ৰসু উপায়েৰে মোকাবিলা কৰিবলৈ ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক'-অৰ্ডিনেচন চেণ্টাৰ (আই৪চি) স্থাপন কৰিছে। এই ক'-অৰ্ডিনেচন চেণ্টাৰৰ ৭টা উপাদান আছে, যাৰ এটা গুৰুত্বপূৰ্ণ উপাদান নেচনেল চাইবাৰ ৰিছাৰ্চ এণ্ড ইনভেচন চেণ্টাৰ (বিপিআৰএণ্ডডি)ত আছে। তেওঁ কয় যে অনলাইন বিত্তীয় প্ৰবঞ্চনাত ধন হেৰুওৱা নাগৰিকক সক্ৰিয় আৰু সময়োচিত সহায় কৰিবলৈ চৰকাৰে এটা সমৰ্পিত টল ফ্ৰী হেল্পলাইন নম্বৰ, ১৯৩০, আৰু মানুহে এই ক্ষেত্ৰত অভিযোগ দাখিল কৰিব পৰাকৈ এটা পৰ্টেল সূচনা কৰা হৈছে।

শ্ৰী নিত্যানন্দ ৰায়ে কয় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ পৰামৰ্শক্ৰমে, গৃহ পৰিক্ৰমা মন্ত্ৰালয় চাইবাৰ অপৰাধৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সংকল্পবদ্ধ আৰু সাজু। দেশজুৰি সকলো ১৬,৩৪৭টা আৰক্ষী চকীত ক্ৰাইম এণ্ড ক্ৰিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড ছিষ্টেম (চিচিটিএনএছ) বলৱৎ কৰা হৈছে আৰু ৯৯ শতাংশ আৰক্ষী চকীত, ১০০ শতাংশ এফআইআৰ পোনপটীয়াকৈ চিচিটিএনএছত পঞ্জীয়ন কৰি থকা হৈছে।  ইয়াৰ উপৰিও, উপ আৰক্ষী চকীৰ পৰ্যায়লৈকে চাইবাৰ অপৰাধৰ সৈতে মোকাবিলা কৰিবলৈ আন্তঃগাঁথনি স্থাপন সম্পূৰ্ণ হৈছে, চাইবাৰ অপৰাধৰ বিৰুদ্ধে বিশ্লেষণাত্মক আহিলা সৃষ্টিও ৪০ শতাংশলৈকে সম্পূৰ্ণ কৰা হৈছে।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰালয়ে কৈছে যে যদি আমি আমাৰ আভ্যন্তৰীণ নিৰাপত্তা, সীমা সুৰক্ষা আৰু আওহতীয়া ঠাইবোৰৰ নিৰাপত্তা শক্তিশালী কৰাৰ কথা কওঁ, তেন্তে অভিযান চলাবলৈ, নিৰীক্ষণ কৰিবলৈ, আওহতীয়া ঠাইত যোগাযোগ স্থাপন কৰিবলৈ ড্ৰোণ উপকাৰী হ'ব পাৰে। ইয়াৰ উপৰিও, সেইবোৰ ঔষধ, খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহন আৰু প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত ঠাইবোৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযানতো ব্যৱহৃত হ'ব পাৰে। তেওঁ কয় যে ভাৰত ড্ৰোণ উৎসৱৰ উদ্বোধনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড্ৰোণৰ ব্যৱহাৰক কৃষি আধুনিকীকৰণত এটা ক্ৰান্তি আৰু নতুন অধ্যায় হিচাপে অভিহিত কৰিছিল। সম্পত্তিৰ ডিজিটেল মেপিং কৰি থকা হৈছে আৰু অদূৰ ভৱিষ্যতত ড্ৰোণ সেৱাৰ সহায়ত গাঁওবিলাকত মাটি পৰীক্ষাৰ গৱেষণাগাৰ স্থাপন কৰি নিয়োগৰ নতুন পৰিসৰ সৃষ্টি কৰিব পৰা যাব। লগতে, ন্যূনতম ক্ষতিৰে নিজৰ উৎপাদন সময়মতে আদায় কৰাত ড্ৰোণে কৃষক আৰু মীন পালককো সহায় কৰিব পাৰে আৰু লগতে কম কষ্টতে ই শস্যত কীটনাশক ছটিওৱাত সহায় কৰিব। তেওঁ কয় যে বিপিআৰএণ্ডডিয়ে গৱেষণা-ভিত্তিক সমাধানৰ বিকাশ সাধন কৰিবলৈ একাডেমীয়া, ইণ্ডাষ্ট্ৰী আৰু এলইএৰ মাজত সমন্বয় সাধন কৰিছে।

 

***

NW/AY/AK/RR/AS


(Release ID: 1863658) Visitor Counter : 138


Read this release in: English , Urdu , Telugu