কেবিনেট
azadi ka amrit mahotsav

উমৈহতীয়া সীমান্তৱৰ্তী নদী কুশিয়াৰাৰপৰা ভাৰত আৰু বাংলাদেশে ১৫৩ কিউছেকলৈকে পানী প্ৰত্যাহাৰৰ ক্ষেত্ৰত ভাৰত আৰু বাংলাদেশৰ মাজৰ বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 28 SEP 2022 3:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি উমৈহতীয়া সীমান্তৱৰ্তী নদী কুশিয়াৰাৰপৰা ভাৰত আৰু বাংলাদেশে ১৫৩ কিউছেক পৰ্য্যন্ত পানী প্ৰত্যাহাৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰৰ মাজৰ বুজাবুজিৰ চুক্তি (MoU) ত কাৰ্য্যোত্তৰ অনুমোদন জনালে।

২০২২ ৰ ৬ ছেপ্টেম্বৰত ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয় আৰু বাংলাদেশ চৰকাৰৰ জলসম্পদ মন্ত্ৰালয়ৰ মাজত, ভাৰত আৰু বাংলাদেশে উমৈহতীয়া সীমান্তৱৰ্তী নদী কুশিয়াৰাৰপৰা খৰালি কালত (১ নৱেম্বৰৰপৰা ৩১ মে’লৈ) নিজা ব্যৱহাৰযোগ্য পানীৰ প্ৰয়োজনীয়তা পূৰণৰ অৰ্থে ১৫৩ কিউছেক পৰ্য্যন্ত পানী প্ৰত্যাহাৰৰ বাবে এই বুজাবুজিৰ চুক্তি (MoU) স্বাক্ষৰিত হৈছিল।

এই বুজাবুজিৰ চুক্তিৰ অধীনত অসম চৰকাৰে খৰালি কালত (১ নৱেম্বৰৰপৰা ৩১ মে’লৈ) কুশিয়াৰা নদীৰ উমৈহতীয়া অংশৰপৰা ১৫৩ কিউছেক পৰ্য্যন্ত পানী, খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আহৰণ কৰিব পাৰিব।

খৰালি কালত প্ৰতিটো পক্ষৰ পানী প্ৰত্যাহাৰত নজৰ ৰাখিবলৈ দুয়োখন দেশৰদ্বাৰা এটা যুটীয়া নিৰীক্ষণ টীম গঠন কৰা হ’ব।

 

***

DS/SB


(रिलीज़ आईडी: 1863308) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam