উপ-ৰাষ্ট্ৰপতি সচিবালয়

উপ ৰাষ্ট্ৰপতিয়ে ৰাজহুৱা ক্ষেত্ৰত আলোচনা আৰু বক্তব্যৰ স্থান শক্তিশালী কৰিবলৈ আহ্বান জনায়



'সংবাদ মাধ্যমে আত্মনিৰীক্ষণ কৰা উচিত, বঞ্চিত কণ্ঠস্বৰক মূলসুঁতিত প্ৰৱেশ কৰিবলৈ দিয়া উচিত

উপ ৰাষ্ট্ৰপতিয়ে 'সামাজিক নৈতিকতা' সংৰক্ষণত বুদ্ধিজীৱীসকলৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে; নাগৰিক সমাজক শেহতীয়া বিষয়বোৰৰ ওপৰত মাত মাতিবলৈ আহ্বান জনায়

উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখৰে 'লোকমন্থন'ৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰে

উপ ৰাষ্ট্ৰপতিয়ে গুৱাহাটীৰ কামাখ্যা মন্দিৰ দৰ্শন কৰি প্ৰাৰ্থনা জনায়

Posted On: 22 SEP 2022 2:49PM by PIB Guwahati

উপ ৰাষ্ট্ৰপতি শ্ৰী জগদ্বীপ ধনখৰে আজি ৰাজহুৱা ক্ষেত্ৰত আলোচনা আৰু বক্তব্যৰ বাবে সমৃদ্ধ স্থানৰ প্ৰয়োজনীয়তাৰ আহ্বান জনাই 'আনৰ অসহিষ্ণুতা' দৃষ্টিভংগী চিন্তাৰ মুক্ত আদান-প্ৰদানৰ দৃষ্টিভংগীৰ বিৰোধী বুলি উল্লেখ কৰে ৷

বিতৰ্ক, আলোচনা আৰু জ্ঞান আদান-প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ এক মহান ঐতিহ্য আছে বুলি স্মৰণ কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ৰাজহুৱা ক্ষেত্ৰত, বিশেষকৈ আইন সভাসমূহত আলোচনাৰ মানদণ্ড উন্নত কৰাৰ বাবে অতীতৰ পৰা শিক্ষা ল'ব পাৰি।

শ্ৰী ধনখৰে লগতে কয় যে 'এক-উত্থানৰ দৌৰত আৰু জনসাধাৰণৰ নিৰন্তৰ দৃষ্টিৰ অধীনত, টেলিভিছন বা ছ'চিয়েল মিডিয়াত বিতৰ্ক- এক যুঁজৰ ক্ষেত্ৰলৈ পৰিৱৰ্তিত হৈছে'। তেওঁ সংবাদ মাধ্যমক আত্মনিৰীক্ষণ কৰি অনন্য, মৌলিক আৰু বঞ্চিত কণ্ঠস্বৰক মূলসুঁতিত প্ৰৱেশ কৰাৰ সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image001NKJN.jpg

https://static.pib.gov.in/WriteReadData/userfiles/image/image002740K.jpg

সুস্থ, মুক্ত মনৰ আলোচনাৰ প্ৰয়োজনীয়তাৰ প্ৰতি আহ্বান জনাই উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে "সামাজিক গাঁথনি আৰু সামাজিক মাধ্যমৰ এলগৰিথমত উদ্ভাসিত হোৱা আমাৰ প্ৰতিধ্বনি কক্ষৰ পৰা ওলাই অহাৰ সময় হৈছে"। "আমি শুনাৰ দক্ষতা পুনৰুজ্জীৱিত কৰিব লাগিব; আমি বক্তব্যৰ কলা পুনৰ আৱিষ্কাৰ কৰিব লাগিব", তেওঁ এইদৰে কয়।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি গুৱাহাটীত প্ৰজ্ঞা প্ৰৱাহে আয়োজন কৰা ৰাষ্ট্ৰীয় কথোপকথন 'লোকমন্থন'ৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰে। উত্তৰ-পূব ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক নীতিৰ ওপৰত আলোকপাত কৰাৰ বাবে আয়োজকসকলক প্ৰশংসা কৰি শ্ৰী ধনখৰে কয় যে তেওঁলোকৰ বৈচিত্ৰ্যৰ ক্ষেত্ৰত "অঞ্চলটোৰ সাংস্কৃতিক আচৰণসমূহ শান্তি, সম্প্ৰীতি আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ সৰ্বোত্তম ভাৰতীয় মূল্যবোধৰ সৈতে প্ৰতিধ্বনিত হয়"।

https://static.pib.gov.in/WriteReadData/userfiles/image/image006S5PI.jpg

 

সমবেত লোকসকলক সম্বোধন কৰি উপ ৰাষ্ট্ৰপতিয়ে ভাৰতীয় সমাজত বুদ্ধিজীৱী সকলৰ ভূমিকাৰ কথা উল্লেখ কৰি কয় যে কেনেদৰে ঋষিসকলে নৈতিক বিষয়ত ৰজাসকলক পৰামৰ্শ দিছিল আৰু সমাজত সম্প্ৰীতি আৰু স্থিৰতা নিশ্চিত কৰিছিল। বুদ্ধিজীৱীসকলক প্ৰচলিত বিষয়সমূহৰ ওপৰত মাত মাতিবলৈ আহ্বান জনাই তেওঁ কয় যে "যদি আমাৰ বুদ্ধিজীৱীসকলে বৰ্তমান সময়ত নীৰৱতা অৱলম্বন কৰাৰ সিদ্ধান্ত লয়, তেন্তে সমাজৰ এই অতি গুৰুত্বপূৰ্ণ অংশটো চিৰদিনৰ বাবে নীৰৱ হৈ থাকিব লাগিব। তেওঁলোকে মুক্তভাৱে আলোচনা আৰু বক্তব্য অনুশীলন কৰিব লাগিব যাতে সামাজিক নৈতিকতা আৰু ঔচিত্য সংৰক্ষিত হয়।"

সংবিধানত মত প্ৰকাশৰ স্বাধীনতা আৰু সংবিধান সভাৰ বিতৰ্কৰ সমৃদ্ধ মানদণ্ডৰ সৈতে জড়িত প্ৰাধান্যৰ কথা উল্লেখ কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এয়া হ’ল ভাৰতে দীৰ্ঘদিন ধৰি পালন কৰি অহা মুক্ত-উৎসাহী আৰু সুস্থ আলোচনাৰ গুৰুত্বৰ প্ৰমাণ। "মত প্ৰকাশৰ স্বাধীনতা হৈছে গণতন্ত্ৰৰ অমৃতৰ দৰে", তেওঁ কয়।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে নাগৰিক সমাজৰ বুদ্ধিজীৱীসকলক বিবেচনামূলক প্ৰণালীৰ জৰিয়তে ৰাজ্যখনৰ তিনিটা শাখা - আইনসভা, কাৰ্যবাহী আৰু ন্যায়পালিকাৰ সুসংগত ভাৰসাম্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এক সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, "গণতান্ত্ৰিক মূল্যবোধ আৰু মানৱ অধিকাৰ নিশ্চিতভাৱে বুদ্ধিজীৱী সকলে আলোচনা আৰু বক্তব্যৰ সক্ৰিয় স্থিতি গ্ৰহণৰ জৰিয়তে উদ্ভাসিত হৈ উঠিব"।

https://static.pib.gov.in/WriteReadData/userfiles/image/image004TJG2.jpg

সকলো ভাৰতীয়ৰ মাজত "উমৈহতীয়া সাংস্কৃতিক সূত্ৰ"ৰ বিষয়ে আলোকপাত কৰি শ্ৰী ধনখৰে কয় যে 'আমাৰ 'অসাধাৰণ সাংস্কৃতিক ঐক্য'ৰ সৌন্দৰ্য আৰু শক্তি আমাৰ ৰাষ্ট্ৰীয় জীৱনৰ প্ৰতিটো দিশতে প্ৰতিফলিত হয়। সাংসাৰিক, ধৰ্মনিৰপেক্ষ বিষয়ৰ পৰা আৰম্ভ কৰি উচ্চ আধ্যাত্মিক দিশলৈকে – খেতিয়কসকলে ৰোৱাৰ সময়ত গোৱা গানৰ পৰা পৰিৱেশৰ প্ৰতি আমাৰ সামগ্ৰিক দৃষ্টিভংগীলৈকে – ভাৰতীয়তাৰ অন্তৰ্নিহিত একতা অনুভৱ কৰিব পাৰি'।

এই সন্দৰ্ভত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আমাৰ নিজৰ ইতিহাসৰ এক অনুভূতি বিকশিত কৰিবলৈ আহ্বান জনায়, যাৰ ভিতৰত আছে লোক পৰম্পৰা, স্থানীয় কলাৰ প্ৰকাৰ আৰু অসংখ্য উপভাষা। তেতিয়াহে আমি সঁচাকৈয়ে মন আৰু আত্মাত স্বতন্ত্ৰ হ'ব পাৰোঁ। তেওঁ লগতে যুৱচামক নিজৰ বাবে চিন্তা কৰিবলৈ আৰু "কেৱল সঠিক দক্ষতাৰে নহয়, সঠিক মানসিকতাৰে" সজ্জিত হ'বলৈ সক্ষম হোৱাৰ বাবে আহ্বান জনায়।

https://static.pib.gov.in/WriteReadData/userfiles/image/image005JNXQ.jpg

অনুষ্ঠানত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে পৰম্পৰাগতভাৱে নৃত্য প্ৰদৰ্শন 'গায়ন বায়ন' উপভোগ কৰে। তেওঁ লোকমন্থনৰ বাবে এখন স্মৰণিকা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ সংকলন ' ইন পাৰচুইট অব্ এ ড্ৰীম' শীৰ্ষক দুখন গ্ৰন্থও মুকলি কৰে।

ইয়াৰ পিছত উপ ৰাষ্ট্ৰপতিগৰাকী গুৱাহাটীৰ ৰাজ ভৱনত উপস্থিত হয় য'ত তেওঁ ৰাজ্যখনৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে বাৰ্তালাপ কৰে। তাৰ পিছত, শ্ৰী ধনখৰে তেওঁৰ পত্নী ড০ সুদেশ ধনখৰৰ সৈতে গুৱাহাটীৰ প্ৰসিদ্ধ কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰে আৰু প্ৰাৰ্থনা জনায়।

অনুষ্ঠানটোত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰজ্ঞা প্ৰৱাহৰ ৰাষ্ট্ৰীয় আহ্বায়ক শ্ৰী জে নন্দকুমাৰ, লোকমন্থন ২০২২ৰ কাৰ্যকৰী সভাপতি ড০ গাৰ্গী নাৰায়ণ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলো উপস্থিত আছিল।

 

***

MS/RK/MANN



(Release ID: 1861499) Visitor Counter : 154