নৌ-পৰিবহন মন্ত্ৰালয়
উত্তৰ-পূবৰ প্ৰতি চৰকাৰৰ অংগীকাৰৰ ফলশ্ৰুতিত অঞ্চলটোত শান্তি ও অৰ্থনৈতিক পুনৰুত্থান চিৰস্থায়ী হৈ উঠিছেঃ শ্ৰী সৰ্বানন্দ সোণোৱাল
নব্য ভাৰতৰ বিকাশ ইঞ্জিনৰ চালিকাশক্তি হিচাপে কাম কৰিবলৈ উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাই অঞ্চলটোক শক্তিশালী কৰি তুলিছে
प्रविष्टि तिथि:
08 JUN 2022 8:11PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ ও জলপথ আৰু আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অৰুণাচল প্ৰদেশ আৰু পূৰ্বোত্তৰৰ জনসাধাৰণক এখনি শক্তিশালী, সমৃদ্ধিশালী নব্য ভাৰত গঢ়াৰ যাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীজনে কয় যে উত্তৰ-পূবৰ উত্থানৰ বাবে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে প্ৰদৰ্শন কৰা পূৰ্ণ আৰু অটল অংগীকাৰৰ ফলশ্ৰুতিত অঞ্চলটোত স্থায়ী শান্তিৰ সঞ্চাৰ হৈছে আৰু লগতে ইয়াৰ অৰ্থনৈতিক পুনৰুত্থান ঘটিছে। নব্য ভাৰতখনিৰ বিকাশৰ ইঞ্জিন হিচাপে উত্তৰ-পূবৰ ভূমিকাত অৰুণাচল প্ৰদেশৰ দায়িত্ব অপৰিহাৰ্য্য। আজি ইটানগৰস্থিত আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (RARI) পৰিদৰ্শনৰ পিছতে এখনি সংবাদমেল সম্বোধন কৰি এইদৰে কয় মন্ত্ৰীজনে।
২০১৪ ত মোদী চৰকাৰখন ক্ষমতালৈ অহাৰ পিছৰেপৰা ইয়াৰ সাফল্যৰাজি সম্পৰ্কে ব্যক্ত কৰি শ্ৰী সোণোৱালে কয়, ভাৰত আৰু ইয়াৰ নাগৰিকসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সবকা বিকাশ, সবকা প্ৰয়াস’ ৰ মন্ত্ৰেৰে অগ্ৰসৰ হৈছে। এই মন্ত্ৰকে শিৰোধাৰ্য্য কৰি চৰকাৰখনে প্ৰতিজন নাগৰিকৰে ইজ অৱ লিভিঙৰ বৰ্ধনৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত কাম অব্যাহত ৰাখিছে। তেওঁ কয়, অৰুণাচল প্ৰদেশত জল জীৱন অভিযানৰ অধীনত গ্ৰামাঞ্চলসমূহৰ ২.২০ লাখৰো অধিক গৃহস্থীয়ে টেপৰ পানীৰ সংযোগ লাভ কৰিছে। তেওঁ কয় যে অৰুণাচল প্ৰদেশত ৩৪,৫০০ ৰোধিক গৃহ প্ৰদানেৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাই ৰাজ্যখনৰ লোকসকলক বাসস্থানৰ সুবিধা আগবঢ়াইছে। অৰুণাচল প্ৰদেশৰ অভাৱী লোকসকলক উজ্জ্বলা আঁচনিৰ অধীনত ৪৮ হাজাৰৰো অধিক এলপিজি সংযোগ প্ৰদান কৰা হৈছে। চৰকাৰখনে কল্যাণমূলক কাৰ্য্যক্ৰমৰ জৰিয়তে নাগৰিকৰ জীৱনযাত্ৰা আৰামদায়ক আৰু মৰ্য্যাদাসম্পন্ন কৰি তুলিবলৈ কাম অব্যাহত ৰাখিছে বুলি তেওঁ লগতে কয়।
ভাৰতৰ বাবে বিকাশৰ নতুন ইঞ্জিন হিচাপে উত্তৰ-পূবৰ ভূমিকাৰ আলোকপাতেৰে মন্ত্ৰীজনে কয়, যোৱা আঠ বছৰত উত্তৰ-পূবৰ যোগাযোগ ব্যৱস্থাৰ ব্যাপক উন্নয়ন হৈছে। তেওঁ কয় যে উত্তৰ-পূবত আন্তঃৰাজ্যিক আৰু আন্তঃআঞ্চলিক সংযোগ গঢ়ি তোলাৰ মনোযোগী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ ফলত লজিষ্টিক আৰু পৰিবহণৰ ক্ষেত্ৰত সংযোগ বৃদ্ধি পাইছে। শ্ৰী সোণোৱালে কয়, উড়ানৰ দৰে আঁচনিসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আকাংক্ষাক ডেউকা প্ৰদান কৰিছে। মেড ইন ইণ্ডিয়া ডৰ্নিয়াৰ বিমানেৰে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ প্ৰথম বাণিজ্যিক বিমানৰ চলাচল অঞ্চলটোত এক বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই বিমানসমূহে ডিব্ৰুগড়-পাছিঘাট আৰু তেজু-লীলাবাৰী খণ্ডক সংযোগ কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত দীৰ্ঘদিনে অসম্পূৰ্ণ হৈ থকা বগীবিল সেতু আৰু ধলা-শদিয়া সেতু নিৰ্মাণৰ দৰে বৃহৎ আন্তঃগাঁথনি প্ৰকল্প; ইম্ফল-জিৰিবাম লাইনত নিৰ্মীয়মান বিশ্বৰ সৰ্বোচ্চ গাৰ্ডাৰ ৰেল দলং; অৰুণাচল প্ৰদেশ আৰু উত্তৰ-পূবত নিৰ্মিত অভিলেখ দৈৰ্ঘ্যৰ পথ বা অঞ্চলটোৰ অৰ্থনৈতিক আৰু বাণিজ্যিক সম্ভাৱনাৰ বৰ্ধনৰ বাবে জল পৰিবহণৰ পুনৰ উত্থান আদি সকলোবোৰ জনসাধাৰণৰ দীৰ্ঘ আকাংক্ষিত যোগাযোগ ব্যৱস্থাৰ বৈপ্লৱিক পৰিৱৰ্তন সাধনৰ সাক্ষ্য বুলি তেওঁ লগতে কয়।
কেন্দ্ৰীয় মন্ত্ৰীজনে বিষয়া-বৰ্গ আৰু ইটানগৰৰ জনসাধাৰণৰ সৈতে আৰএআৰআই চৌহদত এটি স্বচ্ছতা কাৰ্য্যসূচীটো অংশগ্ৰহণ কৰে।
***
(रिलीज़ आईडी: 1832452)
आगंतुक पटल : 168