প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মধ্যপ্ৰদেশ ষ্টাৰ্টআপ নীতিৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Posted On: 13 MAY 2022 10:38PM by PIB Guwahati

নমস্কাৰ!

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান জী, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, ষ্টাৰ্ট আপ জগতখনৰ মোৰ বন্ধুসকল, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল!

আপোনালোক সকলোৱে নিশ্চয় দেখিছে যে মই ষ্টাৰ্ট-আপসমূহৰে জড়িত মধ্যপ্ৰদেশৰ যুৱ প্ৰতিভাসকলৰ সৈতে মত-বিনিময় কৰিছিলো আৰু মই উপলব্ধি কৰিলো আৰু আপোনালোকেও নিশ্চয় উপলব্ধি কৰিলে যে মনটো উৎসাহ, নতুন আশা আৰু উদ্ভাৱনৰ মনোভাৱেৰে ভৰি থকা মাত্ৰেকে ইয়াৰ প্ৰভাৱ স্পষ্টভাৱে দেখা যায়। আপোনালোক সকলোৰে সৈতে বাৰ্তালাপৰ সুযোগ লাভ কৰিলো আৰু এই মত-বিনিময় শুনাসকলে পৰম আত্মবিশ্বাসেৰে ক’ব পাৰে যে আজি দেশখনত আমাৰ এক সক্ৰিয় ষ্টাৰ্ট-আপ নীতি আছে, ষ্টাৰ্ট-আপ নেতৃত্বও অত্যন্ত অধ্যৱসায়ী। সেইবাবেই, নতুন যৌৱনসুলভ শক্তিৰে দেশখনৰ উন্নয়নে গতি লাভ কৰিছে। আজি মধ্যপ্ৰদেশত ষ্টাৰ্ট আপ পৰ্টেল আৰু আই-হাব, ইন্দোৰৰ শুভাৰম্ভ কৰা হৈছে। মধ্য প্ৰদেশৰ ষ্টাৰ্ট আপ নীতিৰ অধীনত ষ্টাৰ্ট আপ আৰু ইনকিউবেটৰসমূহলৈয়ো আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। মই মধ্য প্ৰদেশ চৰকাৰ, দেশখনৰ ষ্টাৰ্ট আপ বাতাবৰণ আৰু আপোনালোক সকলোকে এই প্ৰচেষ্টা গ্ৰহণ আৰু এই কাৰ্য্যসূচী আয়োজনৰ বাবে অভিনন্দন জনাইছো।

 

বন্ধুসকল,

আপোনালোকৰ নিশ্চয় মনত আছে, ২০১৪ ত আমাৰ চৰকাৰ গঠনৰ সময়ত দেশখনত প্ৰায় ৩০০-৪০০ টা ষ্টাৰ্ট-আপ আছিল আৰু ষ্টাৰ্ট-আপ শব্দটো শুনা নগৈছিল আৰু কোনেও এই সম্পৰ্কে কোৱাও নাছিল। কিন্তু আজি আঠ বছৰৰো কম সময়ৰ ভিতৰতে ভাৰতৰ ষ্টাৰ্ট আপৰ জগতখন সম্পূৰ্ণৰূপে ৰূপান্তৰিত হৈছে। আজি আমাৰ দেশত প্ৰায় ৭০ হাজাৰ স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্ট-আপ আছে। আজি ভাৰতত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ বাতাবৰণ আছে। আমি বিশ্বৰ সৰ্ববৃহৎ ইউনিকৰ্ন হাবসমূহৰ ভিতৰত লেখত ল’বলগীয়া শক্তি হিচাপেও আত্মপ্ৰকাশ কৰিছো। আজি ভাৰতত এটা ষ্টাৰ্ট আপ গড়ে ৮ বা ১০ দিনৰ ভিতৰতে ইউনিকৰ্নলৈ পৰিণত হয়। এবাৰ কল্পনা কৰকচোন! ইউনিকৰ্নলৈ পৰিণত হোৱা মানে ইমান কম সময়ৰ ভিতৰতে শূন্যৰপৰা আৰম্ভ কৰি প্ৰায় ৭০০০ কোটি টকাৰ মূল্যত উপনীত হোৱা। আৰু আজি প্ৰতি ৮–১০ দিনৰ মূৰে-মূৰে এই দেশত আমাৰ যুৱক-যুৱতীসকলে এটা নতুন ইউনিকৰ্ন গঠন কৰি আছে।

 

বন্ধুসকল,

এয়াই হৈছে ভাৰতৰ যুৱ-প্ৰজন্মৰ শক্তি, সফলতাৰ নতুন শিখৰত আৰোহণৰ ইচ্ছাৰ উদাহৰণ। আৰু মই অৰ্থনৈতিক জগতৰ নীতিসমূহ অধ্যয়নৰত বিশেষজ্ঞসকলক এটা কথা লক্ষ্য কৰিবলৈ আহ্বান জনাব খুজিছো। ভাৰতত আমাৰ ষ্টাৰ্ট-আপসমূহৰ আয়তন বিশাল আৰু ইয়াৰ বৈচিত্ৰ্যও বিশাল। এই ষ্টাৰ্ট-আপসমূহ কেৱল কোনো এখন ৰাজ্য বা দুখনমান মেট্ৰ’ চহৰতে সীমাবদ্ধ নহয়। এই ষ্টাৰ্ট-আপসমূহ ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে সৰু-সৰু চহৰসমূহতো বিয়পি আছে। তদুপৰি বিভিন্ন উদ্যোগৰে জড়িত প্ৰায় ৫০ ৰো অধিক ভিন্ন ধৰণৰ ষ্টাৰ্ট-আপ আছে। এইসমূহ প্ৰতিখন ৰাজ্য আৰু দেশখনৰ ৬৫০ ৰো অধিক জিলাত বিয়পি পৰিছে। প্ৰায় ৫০ শতাংশ ষ্টাৰ্ট-আপ টায়াৰ ২ আৰু টায়াৰ ৩ চহৰসমূহত আছে। সততে একাংশ লোকে এটা কথা ধাৰণা কৰে যে ষ্টাৰ্ট-আপ হৈছে কম্পিউটাৰৰ সৈতে জড়িত কিবা এটা বা যুৱক-যুৱতীসকলৰ কোনো কাৰ্য্যকলাপ বা ব্যৱসায়। এয়া ভুল ধাৰণা। বাস্তৱিকতে ষ্টাৰ্ট-আপৰ পৰিসৰ বিশাল। ষ্টাৰ্ট-আপে আমাক কঠিন প্ৰত্যাহ্বানৰাজিৰ সহজ সমাধান সূত্ৰ প্ৰদান কৰে। আৰু আমি দেখিবলৈ পাওঁ যে কালিৰ ষ্টাৰ্ট-আপসমূহ আজি বহুজাতিক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হৈছে। মই আনন্দিত যে আজি কৃষি, খুচুৰা ব্যৱসায়ৰ লগতে স্বাস্থ্য খণ্ডটোতো নতুন-নতুন ষ্টাৰ্ট আপৰ উত্থান ঘটিছে।

 

বন্ধুসকল,

আজি আমি ভাৰতৰ ষ্টাৰ্ট আপ বাতাবৰণক বিশ্ববাসীয়ে প্ৰশংসা কৰিলে প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে। কিন্তু বন্ধুসকল, এটা প্ৰশ্ন উত্থাপন হয়। ৮ বছৰ পূৰ্বলৈকে কাৰিকৰী জগতৰ কেতবোৰ বিশেষ পকেটত আলোচনাৰ অংশ হোৱা ষ্টাৰ্ট আপ শব্দটো সাধাৰণ ভাৰতীয় যুৱক-যুৱতীসকলৰ সপোন পূৰণৰ এক শক্তিশালী মাধ্যমত পৰিণত হৈছে। ই কেনেকৈ তেওঁলোকৰ দৈনন্দিন কথা-বতৰাৰ অংশ হৈ পৰিল? এনে আমূল পৰিৱৰ্তন কেনেকৈ হ’ল? এয়া হঠাতে হোৱা নাছিল। সুচিন্তিত কৌশলৰে স্পষ্ট লক্ষ্য, নিৰ্ধাৰিত দিশৰ ফলশ্ৰুতিত এনে পৰিৱৰ্তনসমূহ সাধন হ’ল আৰু মই আজি ইন্দোৰৰ ভূমিত থকা আৰু ষ্টাৰ্ট-আপ জগতখনৰ যুৱক-যুৱতীসকলকো লগ পোৱাৰ পৰিপ্ৰেক্ষিতত মই অনুভৱ কৰিছো যে আজি মই আপোনালোকক কেইটামান কথা কোৱা উচিত। ষ্টাৰ্ট আপ বিপ্লৱটোৱে কিদৰে বৰ্তমানৰ ৰূপ ল’লে? মই বিশ্বাস কৰো, প্ৰতিগৰাকী যুৱক-যুৱতীয়ে এই কথা জনাটো অতিশয় আৱশ্যকীয়। এয়াও এক প্ৰেৰণা। তদুপৰি ই ‘আজাদী কা অমৃতকাল’ ৰ বাবে এক বৃহৎ প্ৰেৰণা।

 

বন্ধুসকল,

ভাৰতত নতুন ধাৰণাৰে উদ্ভাৱন আৰু সমস্যা সমাধানৰ তাড়না দীৰ্ঘদিনীয়া। আইটি বিপ্লৱৰ এই যুগত আমি এই কথা অতি সুন্দৰকৈ অনুভৱ কৰিছো। কিন্তু দুৰ্ভাগ্যজনকভাৱে, সেই সময়ত আমাৰ যুৱক-যুৱতীসকলে যি ভাৱে উৎসাহ আৰু সমৰ্থন লাভ কৰিব লাগিছিল, সেইখিনি লাভ নকৰিলে। আইটি বিপ্লৱে গঢ়ি তোলা পৰিবেশটোক ‘চেনেলাইজ’ আৰু এটা দিশ প্ৰদান কৰিব লাগিছিল। কিন্তু সেয়া নহ’ল। আমি দেখিছো যে সমগ্ৰ দশকটো বৃহৎ - বৃহৎ কেলেংকাৰি, নীতিগত পক্ষাঘাত আৰু স্বজনপ্ৰীতিয়ে ক্ষতি কৰিছিল। এই দেশৰ এটা প্ৰজন্মৰ সপোনৰাজিক উপেক্ষা কৰা হৈছিল। আমাৰ যুৱক-যুৱতীসকলৰ সম্যক ধাৰণা আছিল আৰু উদ্ভাৱনৰ প্ৰতি আকাংক্ষা আছিল যদিও এই সকলোবোৰ পূৰ্বৰ চৰকাৰসমূহৰ নীতিত বা ‘নীতিৰ অভাৱ’ ত বিপৰ্যস্ত হৈ পৰিছিল।

 

বন্ধুসকল,

২০১৪ ৰ পিছত আমি যুৱক-যুৱতীসকলৰ মাজত এই ধাৰণা শক্তি আৰু এই উদ্ভাৱনৰ মনোভাৱক পুনৰুজ্জীৱিত কৰি তুলিছিলো। আমি ভাৰতৰ যুৱক-যুৱতীসকলৰ শক্তিক বিশ্বাস কৰিছিলো। আমি ‘আইডিয়া টু ইন’ভেশ্যন টু ইণ্ডাষ্ট্ৰী’ ৰ বাবে এক সম্পূৰ্ণ ৰ’ডমেপ প্ৰস্তুতৰে তিনিটা কথাত গুৰুত্ব আৰোপ কৰিছিলো।

 

প্ৰথম - 'আইডিয়া, ইন’ভেট, ইনকিউবেট আৰু ইণ্ডাষ্ট্ৰী' ৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি নিৰ্মাণ।

দ্বিতীয় - চৰকাৰী পদ্ধতিসমূহৰ সৰলীকৰণ

আৰু তৃতীয় - উদ্ভাৱনৰ বাবে মানসিকতাৰ পৰিৱৰ্তন; এটি নতুন বাতাবৰণ সৃষ্টি।

 

বন্ধুসকল,

এই সকলোবোৰ কথা মনত ৰাখি আমি বিভিন্ন ক্ষেত্ৰত একেলগে কাম কৰিবলৈ আৰম্ভ কৰিছিলো। ইয়াৰে এটা আছিল হেকাথন। সাত-আঠ বছৰ পূৰ্বে দেশখনত হেকাথন হ’বলৈ আৰম্ভ কৰোতে কোনেও ইয়াৰ জৰিয়তে ষ্টাৰ্ট-আপৰ বাবে এটা শক্তিশালী ভেটি সৃষ্টি হ’ব আৰু কাম কৰিব বুলি কল্পনা কৰিবপৰা নাছিল। আমি দেশখনৰ যুৱক-যুৱতীসকললৈ এটি প্ৰত্যাহ্বান নিক্ষেপ কৰিছিলো আৰু যুৱক-যুৱতীসকলে প্ৰত্যাহ্বান গ্ৰহণেৰে সমাধানৰ পথ উলিয়াইছিল। দেশখনৰ লাখ-লাখ যুৱক-যুৱতীয়ে জীৱনৰ এটা উদ্দেশ্য প্ৰোথিত কৰিছিল আৰু এই হেকাথনৰ জৰিয়তে তেওঁলোকৰ দায়িত্ববোধ বৃদ্ধি পাইছিল। ইয়াৰ ফলত দেশখনে সন্মুখীন হোৱা দৈনন্দিন সমস্যাৰাজি সমাধানত তেওঁলোকে অৰিহণা যোগাব পাৰে বুলি তেওঁলোকৰ মনত এটা বিশ্বাস জাগিছিল। এই উদ্দীপনাই ষ্টাৰ্ট-আপৰ বাবে এক প্ৰকাৰৰ লঞ্চ পেড হিচাপে কাম কৰিছিল। আমি কেৱল চৰকাৰখনৰ স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ কথা ক’বলৈ গ’লে, বিগত বছৰকেইটাত প্ৰায় ১৫ লাখ এনে প্ৰতিভাৱান যুৱক-যুৱতী ইয়াৰে জড়িত হৈছিল। সম্ভৱতঃ ইয়াত উপবিষ্ট আপোনালোকৰ মাজৰ একাংশও ইয়াৰ অংশ আছিল। মনত পৰিছে, এনে হেকাথনসমূহত শিকিবলগীয়া আৰু বুজিবলগীয়া একাধিক নতুন কথা আছিল, কিয়নো ময়ো এয়া বহুত ভাল পাইছিলো! দুদিন ধৰি যুৱক-যুৱতীসকলৰ হেকাথনৰ কাৰ্য্যকলাপৰ ওপৰত মনোযোগ ৰাখিছিলো। ময়ো তেওঁলোকৰ লগত ১২, ১ আৰু আনকি ৰাতি ২ বজালৈকে দলীয় আলোচনাত অংশগ্ৰহণ কৰিছিলো। তেওঁলোকৰ আগ্ৰহ মই দেখা পাইছিলো। মই তেওঁলোকৰ কাৰ্য্যকলাপ, তেওঁলোকে সমস্যা সমাধান কৰাৰ ধৰণ আৰু সফলতাৰ অৰ্থে তেওঁলোকৰ উজ্জ্বল দৃষ্টি পৰ্য্যবেক্ষণ কৰিছিলো। মই এই সকলোবোৰ কথা পৰ্য্যবেক্ষণ কৰিছিলো। আৰু মই আনন্দিত যে আজিও দেশখনৰ কোনোবা এক স্থানত যিকোনো এক হেকাথন অব্যাহত আছে। অৰ্থাৎ দেশখনে ষ্টাৰ্ট-আপ গঢ়াৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াৰ্থে নিৰন্তৰভাৱে কাম কৰি আছে।

 

বন্ধুসকল,

৭ বছৰ পূৰ্বে ষ্টাৰ্ট আপ ইণ্ডিয়া অভিযান আছিল ‘আইডিয়া টু ইণ্ডাষ্ট্ৰী’ ৰ ধাৰণাটোক আনুষ্ঠানিক ৰূপ প্ৰদানৰ অৰ্থে এক বৃহৎ পদক্ষেপ। আজি ই হাতে-হাত ধৰি ধাৰণাক উদ্যোগলৈ ৰূপান্তৰিতকৰণৰ এক প্ৰধান মাধ্যমত পৰিণত হৈছে। পৰৱৰ্তী বছৰত আমি দেশখনত উদ্ভাৱনৰ এক মানসিকতা গঢ়ি তুলিবলৈ অটল উদ্ভাৱন অভিযানৰ শুভাৰম্ভ কৰিছিলো। ইয়াৰ অধীনত বিদ্যালয়সমূহত অটল টিংকাৰিং লেবৰপৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়সমূহত ইনকিউবেচন চেন্টাৰ আৰু হেকাথনলৈকে এক বিশাল বাতাবৰণ সৃষ্টি কৰা হৈছে। আজি সমগ্ৰ দেশখনৰ ১০ হাজাৰৰো অধিক বিদ্যালয়ত অটল টিংকাৰিং লেব কাৰ্য্যক্ষম হৈ আছে। এইসমূহত ৭৫ লাখৰো অধিক শিশুৱে আধুনিক প্ৰযুক্তিৰে পৰিচিত হৈ উদ্ভাৱনৰ আদিপাঠ শিকিছে। সমগ্ৰ দেশখনতে স্থাপিত এই অটল টিংকাৰিং লেবসমূহে ষ্টাৰ্ট আপৰ বাবে নাৰ্চাৰী ক্লাছ হিচাপে কাম কৰি আছে। এজন ছাত্ৰই মহাবিদ্যালয়ত নামভৰ্তি কৰা মাত্ৰেকে তেওঁৰ নতুন ধাৰণাটোক ইনকিউবেট কৰিবলৈ দেশখনত ৭০০ ৰোধিক অটল ইনকিউবেচন চেন্টাৰ স্থাপন কৰা হৈছে। দেশখনে ৰূপায়ণ কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্ভাৱনীমূলক মনটোৰ অধিক বৰ্ধনত সহায় কৰিব।

 

বন্ধুসকল,

ইনকিউবেচনৰ উপৰিও ষ্টাৰ্ট আপৰ বাবেও পুঁজি যোগান অত্যন্ত গুৰুত্বপূৰ্ণ। চৰকাৰখনৰ সুনিৰ্দিষ্ট নীতিৰ বাবেই তেওঁলোকে সাহায্য লাভ কৰিছে। চৰকাৰখনে কেৱল নিজাববীয়াকৈ পুঁজি সৃষ্টিয়েই নহয়, বৰঞ্চ ব্যক্তিগত খণ্ডৰে ষ্টাৰ্ট-আপসমূহক জড়িতকৰণৰ বাবে বিভিন্ন মঞ্চ গঢ়ি তুলিছে। একেধৰণৰ পদক্ষেপ গ্ৰহণেৰে আজি হাজাৰ-হাজাৰ কোটি টকাৰ ব্যক্তিগত বিনিয়োগ ষ্টাৰ্ট-আপ বাতাবৰণটোলৈ গতি কৰিছে আৰু দিনক দিনে এয়া বৃদ্ধি পাইছে।

 

বন্ধুসকল,

বিগত বছৰসমূহত দেশখনত কৰ ৰেহাই আৰু অন্যান্য ইনচেনটিভ প্ৰদানৰ দৰে একাধিক সংস্কাৰ নিৰলসভাৱে সাধন কৰা হৈছে। মহাকাশ খণ্ডটোত মেপিং, ড্ৰোন আদি প্ৰযুক্তিগত দিশত সাধিত বিভিন্ন সংস্কাৰৰ জৰিয়তে ষ্টাৰ্ট-আপৰ বাবে নতুন ক্ষেত্ৰৰ দুৱাৰ মুকলি হৈ পৰিছে।

 

বন্ধুসকল,

আমি ষ্টাৰ্ট-আপসমূহৰ আন প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ প্ৰদান কৰিছো। ষ্টাৰ্ট-আপ গঠনৰ পিছত আৰু ইয়াৰ সেৱা আৰু সামগ্ৰী সহজে বজাৰত উপলব্ধ হোৱাৰ পিছত ইয়ো চৰকাৰৰ দৰে ডাঙৰ ক্ৰেতা লাভ কৰিছে। গতিকে, ভাৰত চৰকাৰে ‘জেম’ পৰ্টেলৰ এক বিশেষ ব্যৱস্থা কৰিছে। আজি ‘জেম’ পৰ্টেলত ১৩ হাজাৰৰো অধিক ষ্টাৰ্ট আপ পঞ্জীয়নভুক্ত হৈছে। আৰু আপোনালোকে জানি আনন্দিত হ’ব যে এই পৰ্টেলত ষ্টাৰ্ট-আপসমূহে ৬৫০০ কোটি টকাৰো অধিক মূল্যৰ ব্যৱসায় কৰিছে।

 

বন্ধুসকল,

আধুনিক আন্তঃগাঁথনিৰে জড়িত আন এটি ডাঙৰ কাম কৰা হৈছে। ডিজিটেল ইণ্ডিয়াই ষ্টাৰ্ট-আপ বাতাবৰণৰ সম্প্ৰসাৰণত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। সস্তীয়া স্মাৰ্ট ফোন আৰু সস্তীয়া ডাটায়ো গ্ৰামাঞ্চলৰ মধ্যবিত্ত শ্ৰেণী আৰু দৰিদ্ৰ লোকসকলক সংযোগ কৰিছে। ইয়াৰ ফলত ষ্টাৰ্ট-আপৰ বাবে নতুন পথ আৰু নতুন বজাৰ মুকলি হৈছে। ‘আইডিয়া টু ইণ্ডাষ্ট্ৰী’ ৰ এনে প্ৰচেষ্টাৰ বাবেই আজি ষ্টাৰ্ট আপ আৰু ইউনিকৰ্নসমূহে দেশখনৰ লাখ-লাখ যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছে।

 

বন্ধুসকল,

এটা ষ্টাৰ্ট-আপে নিজেই অহৰহ উদ্ভাৱন কৰি থাকে। ইয়াৰ জৰিয়তে পূৰ্বৰ কথা কোৱা হোৱা নাই। এয়াই হৈছে এটা ষ্টাৰ্ট-আপৰ মৌলিক চৰিত্ৰ। ই সদায় ভৱিষ্যতৰ কথা কয়। আজি স্বচ্ছ শক্তি আৰু জলবায়ু পৰিৱৰ্তনৰপৰা আৰম্ভ কৰি স্বাস্থ্যসেৱালৈকে সকলো ক্ষেত্ৰতে ষ্টাৰ্টআপসমূহৰ বাবে উদ্ভাৱনৰ অপাৰ সুযোগ আছে। আমাৰ দেশখনত পৰ্যটনৰ সম্ভাৱনা বৃদ্ধিত ষ্টাৰ্ট-আপসমূহেও এটি মুখ্য ভূমিকা পালন কৰিছে। একেদৰে ষ্টাৰ্ট-আপসমূহেও ভকেল ফৰ লোকেল শীৰ্ষক জনসাধাৰণৰ আন্দোলনটোক সুদৃঢ়কৰণত বহুখিনি কৰিব পাৰে। আমাৰ ষ্টাৰ্ট-আপসমূহে এটা বিশাল নেটৱৰ্ক প্ৰশস্ত কৰিব পাৰে আৰু আমাৰ দেশখনৰ কুটিৰ শিল্পসমূহক ব্ৰেণ্ডিঙৰ লগতে হস্তশিল্পী আৰু শিপিনীসকলৰ প্ৰশংসনীয় কৰ্মৰাজিক আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ নিয়াৰ ক্ষেত্ৰত এক বিশাল মঞ্চ প্ৰদান কৰিব পাৰে। আমাৰ ভাৰতৰ জনজাতীয় ভাই-ভনীসকল, বনবাসীসকলে অনেক সুন্দৰ সামগ্ৰী তৈয়াৰ কৰে। এয়াও ষ্টাৰ্ট-আপসমূহৰ বাবে কাম কৰাৰ এক বৃহৎ বিকল্প বা নতুন ক্ষেত্ৰ হৈ পৰিব পাৰে। একেদৰে আপোনাসৱৰ অৱগত যে ম’বাইল গেমিঙৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ শীৰ্ষ ৫ খন দেশৰ অন্যতম। ভাৰতৰ গেমিং উদ্যোগটোৰ বৃদ্ধিৰ হাৰ ৪০ শতাংশৰো অধিক। এই বৰ্ষৰ বাজেটত আমি এভিজিচি অৰ্থাৎ এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং আৰু কমিক খণ্ডটোৰ সমৰ্থনতো গুৰুত্ব আৰোপ কৰিছো। ভাৰতৰ ষ্টাৰ্ট আপসমূহৰ বাবেও এয়াও এক বিশাল খণ্ড, যিয়ে ইয়াৰ নেতৃত্ব প্ৰদান কৰিব পাৰে। তেনে এটাই খণ্ড হ’ল খেলনা উদ্যোগ। খেলনা সম্পৰ্কে ভাৰতৰ এক অতি চহকী ঐতিহ্য আছে। ভাৰতৰ ষ্টাৰ্ট-আপসমূহে ইয়াক সমগ্ৰ বিশ্বৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ কৰি তুলিব পাৰে। বৰ্তমান সময়ত বিশ্বৰ বজাৰত খেলনাৰ অংশত ভাৰতৰ অৱদান এক শতাংশৰো কম। মোৰ দেশৰ যুৱক-যুৱতী, ধাৰণা লৈ থকা যুৱক-যুৱতীসকলে এই অংশ বৃদ্ধিৰ ক্ষেত্ৰত বহুখিনি কৰিব পাৰে। আপোনালোকে এই ষ্টাৰ্ট-আপ খণ্ডত মনোনিৱেশ কৰিব পাৰে আৰু বহুখিনি অৰিহণা যোগাব পাৰে। মই আনন্দেৰে ক’ব খুজিছো যে ভাৰতৰ ৮০০ ৰোধিক ষ্টাৰ্ট-আপেই ক্ৰীড়াৰ সৈতে জড়িত। আপোনাসৱেও এই কথা শুনি আনন্দ পাইছে বুলি মই ভাবিছো। এয়াও যে এখন ক্ষেত্ৰ হ’ব পাৰে, সেই কথা কোনেও কল্পনা কৰিবপৰা নাছিল। ইয়াতো খেলা-ধুলাৰ সংস্কৃতি, ক্ৰীড়াৰ মনোভাৱৰ বিকাশ ঘটিছে। ষ্টাৰ্ট-আপসমূহৰ বাবে এই ক্ষেত্ৰতো একাধিক সম্ভাৱনা আছে।

 

বন্ধুসকল,

দেশখনৰ সফলতাক আমি এক নতুন গতি প্ৰদান কৰিব লাগিব। আমি ইয়াক নতুন শিখৰলৈ লৈ যোৱাটো আৱশ্যকীয়। আজি ভাৰত হৈছে জি-২০ দেশসমূহৰ ভিতৰত দ্ৰুততম বিকাশশীল অৰ্থনীতি। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি। স্মাৰ্টফোনৰ ডাটা ব্যৱহাৰৰ ক্ষেত্ৰত আজি ভাৰত বিশ্বৰ এক নং স্থানত আছে। ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত দ্বিতীয় স্থানত আছে। আজি ভাৰত গ্ল’বেল ৰিটেইল ইনডেক্সত দ্বিতীয় স্থানত আছে। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম শক্তি উপভোক্তা দেশ। বিশ্বৰ তৃতীয় বৃহত্তম উপভোক্তা বজাৰখন ভাৰতত আছে। যোৱাটো বিত্তীয় বৰ্ষত ভাৰতে $৪১৭ বিলিয়ন ডলাৰৰো অধিক অৰ্থাৎ ৩০ লাখ কোটি টকাৰ ব্যৱসায়িক সামগ্ৰী ৰপ্তানিৰে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ভাৰতে আজি নিজৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ অৰ্থে পূর্বে কেতিয়াও নকৰা পৰিমাণৰ বিনিয়োগ কৰিছে। ভাৰতে আজি ইজ অৱ লিভিং আৰু ইজ অৱ ডুয়িং বিজনেছত অধিক গুৰুত্ব প্ৰদান কৰিছে। এই সকলোবোৰ কথাই প্ৰতিজন ভাৰতীয়কে গৌৰৱান্বিত কৰিব। এই সকলোবোৰ প্ৰচেষ্টাই আত্মবিশ্বাসৰ ভাৱ জগাই তোলে। ভাৰতৰ বিকাশৰ কাহিনী, ভাৰতৰ সফলতাৰ কাহিনী এতিয়া এই দশকত এক নতুন উদ্যমেৰে আগবাঢ়ি যাব। এয়া ভাৰতৰ 'আজাদী কা অমৃত মহোৎসৱ' ৰ ক্ষণ। আমি স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰিছো। আজি আমি কৰা সকলো কামেই নৱ্য ভাৰতৰ ভৱিষ্যৎ আৰু দেশখনৰ দিশ নিৰ্ধাৰণ কৰিব। এনে সমন্বিত প্ৰচেষ্টাৰে আমি ১৩৫ কোটি ভাৰতীয়ৰ আকাংক্ষাৰাজি পূৰণ কৰিম। ভাৰতৰ ষ্টাৰ্ট আপ বিপ্লৱ এই ‘অমৃতকাল’ ৰ এক অতিশয় গুৰুত্বপূৰ্ণ চিহ্ন হৈ পৰিব বুলি মই নিশ্চিত। যুৱসমাজৰ আটাইলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

 

একেদৰে মধ্য প্ৰদেশ চৰকাৰখনকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো!

বহু-বহু ধন্যবাদ।

 

***

DS/LP/AK/IG/SB



(Release ID: 1832035) Visitor Counter : 138