কেবিনেট
azadi ka amrit mahotsav

ছত্তিশগড়ত বিজাপুৰ, দান্তেৱাড়া আৰু সুকমা জিলাৰ প্রত্যন্ত ঠাইৰ পৰা কেন্দ্রীয় সংৰক্ষিত পুলিচ বাহিনীত (চিআৰপিএফ) কনষ্টেবল পদত স্থানীয় আদিবাসী যুৱকৰ নিয়োগৰ ক্ষেত্রত শিক্ষাগত যোগ্যতাত ৰেহাই দিয়াৰ প্রস্তাৱলৈ মন্ত্রীসভাৰ সঁহাৰি

Posted On: 01 JUN 2022 4:37PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত ছত্তিশগড়ৰ দক্ষিণাঞ্চলীয় তিনিখন জিলা বিজাপুৰ, দান্তেৱাড়া আৰু সুকমাৰ পৰা কেন্দ্রীয় সংৰক্ষিত পুলিচ বাহিনীত (চিআৰপিএফ) কনষ্টেবল পদত ৪০০জন স্থানীয় আদিবাসী যুৱকৰ নিয়োগৰ বাবে ন্যূনতম শিক্ষাগত যোগ্যতাত ৰেহাই দি দশম শ্রেণীৰ পৰিৱর্তে অষ্টম শ্রেণী পর্যন্ত কৰাৰ বিষয়ে গৃহ মন্ত্রালয়ৰ প্রস্তাৱটো অনুমোদিত হৈছে।

স্থানীয় সংবাদপত্রসমূহত বিজ্ঞাপন প্রকাশৰ সমান্তৰালকৈ, সেই জিলাৰ প্রত্যন্ত ঠাইত এই নিয়োগ সম্পর্কে ব্যাপক প্রচাৰৰ যাৱতীয় পদক্ষেপ গ্রহণ কৰা হ'ব। তাৰ লগতে, চিআৰপিএফ কনষ্টেবল পদত নৱনিযুক্তসকলক প্রশিক্ষণৰ প্রাথমিক পর্বত প্রথা অনুসৰি শিক্ষাৰ ব্যৱস্থা কৰিব।

ছত্তিশগড়ৰ এই তিনিখন জিলাৰ প্রত্যন্ত ঠাইৰ ৪০০জন আদিবাসী যুৱকৰ কর্মসংস্থানৰ সুযোগ হ'ব। তদুপৰি, গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা নিয়োগৰ ক্ষেত্রত দৈহিক মাপকাঠিত প্রয়োজনীয় ৰেহাই দিয়া হ'ব।

চিআৰপিএফ হৈছে কেন্দ্রীয় সশস্ত্র পুলিচ বাহিনীসমূহৰ ভিতৰত এটা। এই বাহিনী আইন-শৃঙ্খলা বজাই ৰখা, হিংসাত্মক ঘটনা দমন আৰু অভ্যন্তৰীণ নিৰাপত্তাৰ কামত যুক্ত। সম্প্রতি চিআৰপিএফৰ ফালৰ পৰা ছত্তিশগড়ত পিছপৰা ঠাইবিলাকৰ ৪০০জন স্থানীয় আদিবাসী যুৱকক কনষ্টেবল (জেনেৰেল ডিউটি) পদত নিয়োগৰ পৰামৰ্শ দিয়া হয়। কনষ্টেবল পদত স্থানীয় আদিবাসী যুৱকক নিয়োগ কৰাৰ পাছত চিআৰপিএফে তেওঁলোকক দশম শ্রেণী পর্যন্ত শিক্ষাৰ সুযোগ কৰি দিব। ইয়াৰ পাছত, দশম শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ হ'লেই তেওঁলোকক স্থায়ীভাৱে সেই পদত নিয়োগ কৰা হ'ব। পঠন-পাঠনৰ বাবে এই যুৱকসকলক প্রবেচন পিৰিয়ডত প্রয়োজনীয় শিক্ষাৰ উপকৰণ, কিতাপপত্র আৰু কোচিং  দিয়া হ'ব। প্রয়োজনত প্রবেচন পিৰিয়ডৰ মিয়াদ বঢ়োৱাও হ'ব পাৰে, যাতে তেওঁলোকে দশম শ্রেণীৰ পৰীক্ষাত উত্তীর্ণ হোৱাৰ সুযোগ পায়। দশম শ্রেণীৰ পৰীক্ষা দিয়াৰ বাবে এই যুৱকসকলৰ কেন্দ্র/ৰাজ্য চৰকাৰে স্বীকৃত উন্মুক্ত শিক্ষা প্রতিষ্ঠানবিলাকত নাম নথিভুক্ত কৰা হ'ব।

উল্লেখ কৰিব পাৰি যে ২০১৬-১৭ত ছত্তিশগড়ৰ ৪খন জিলা বিজাপুৰ, দান্তেৱাড়া, নাৰায়ণপুৰ আৰু সুকমাৰ পৰা তপশিলি আদিবাসী যুৱকসকলক নিয়োগ কৰি চিআৰপিএফে বস্তাৰীয় বেটেলিয়ন গঢ়ি তোলে। কিন্তু, ন্যূনতম শিক্ষাগত যোগ্যতা দশম শ্রেণী উত্তীর্ণ প্রার্থীৰ সংখ্যা যথেষ্ট নথকাত এই ৪খন জিলাৰ প্রত্যন্ত অঞ্চলৰ স্থানীয় যুৱকসকলক লৈ এই বাহিনী গঠনৰ পৰিকল্পনাত প্রত্যাশিত ফল পোৱা নাই।

 

***

DS


(Release ID: 1830396) Visitor Counter : 158