প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে ভাৰতৰ বৃহত্তম ড্রোন উৎসৱ – ভাৰত ড্রোন মহোৎসৱ, ২০২২ৰ উদ্বোধন কৰে


“ঠিক আঠ বছৰৰ আগতে আমি ‘ন্যূনতম চৰকাৰ, সর্বোচ্চ প্রশাসন’ৰ পথ অনুসৰণ কৰি ভাৰতত সুপ্রশাসনৰ নতুন মন্ত্র বাস্তৱায়নৰ কাম আৰম্ভ কৰোঁ”

“বিভিন্ন প্রকল্পৰ সুবিধা যাতে সকলোৰে কাষ পায় আৰু প্রত্যন্ত অঞ্চলত ইয়াৰ সুবিধা পোৱা যায়, প্রযুক্তিয়ে সেয়া নিশ্চিত কৰাত সহায় কৰিছে”

“আমি প্রযুক্তিক দেশৰ বাবে নতুন শক্তি, গতি আৰু কামৰ পৰিমাণ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিছো”

“আজি প্রযুক্তিক মানুহৰ কাষলৈ নিয়াটো আমি নিশ্চিত কৰিছো”

“যেতিয়া প্রযুক্তি মানুহৰ কাষ পায় তেতিয়া তাৰ ব্যৱহাৰো সামগ্রিকভাৱে বৃদ্ধি পায়”

“সুপ্রশাসন আৰু সহজ জীৱনযাত্রা নিশ্চিত কৰাৰ বাবে আমাৰ অঙ্গীকাৰ বাস্তৱায়নৰ ক্ষেত্রত ড্রোন প্রযুক্তিৰ ব্যৱহাৰ বৃদ্ধি আৰু এটা গুৰুত্বপূৰ্ণ মাধ্যম”

Posted On: 27 MAY 2022 12:27PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভাৰতৰ বৃহত্তম ড্রোন উৎসৱ ‘ভাৰত ড্রোন মহোৎসৱ, ২০২২’-ৰ উদ্বোধন কৰে। এই অনুষ্ঠানত তেওঁ কিষাণ ড্রোন পাইলটসকলৰ সৈতে মতবিনিময় কৰে, খোলা আকাশত ড্রোন প্রদর্শনী প্রত্যক্ষ কৰে আৰু ড্রোন প্রদর্শনী কেন্দ্রত ষ্টার্ট-আপ সংস্থাসমূহৰ প্রতিনিধিৰ সৈতে মতবিনিময় কৰে। কেন্দ্রীয় মন্ত্রী শ্রী নৰেন্দ্র সিং তোমৰ, শ্রী গিৰিৰাজ সিং, শ্রী জ্যোতিৰাদিত্য সিন্ধিয়া, শ্রী অশ্বিনী বৈষ্ণৱ, শ্রী মনসুখ মাণ্ডভিয়া, শ্রী ভূপেন্দ্র যাদব, কেইবাজনো প্রতিমন্ত্রী আৰু ড্রোন শিল্পৰ সৈতে যুক্ত শিল্পোদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত আছিল। প্রধানমন্ত্রীয়ে ১৫০ জনৰ হাতত ড্রোন পাইলট প্ৰপত্র তুলি দিয়ে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রীয়ে ড্রোনৰ বিষয়ে তেওঁৰ আগ্রহ আৰু উৎসাহৰ কথা জনায়। তেওঁকয় যে ড্রোন শিল্পৰ সৈতে যুক্ত শিল্পোদ্যোগীসকলৰ উৎসাহ আৰু উদ্ভাৱনৰ বিভিন্ন নিদর্শন দেখি তেওঁ  আপ্লুত। প্রধানমন্ত্রীয়ে কৃষক আৰু তৰুণ ইঞ্জিনিয়াৰসকলৰ সৈতে তেওঁৰ মতবিনিময়ৰ কথা উল্লেখ কৰে। তেওঁ কয় যে ড্রোনৰ বিষয়ে যি উৎসাহ আৰু উদ্দীপনা দেখা গৈছে তাৰ মাধ্যমত এই কথা স্পষ্ট হয় যে ভাৰত এই ক্ষেত্রত যথেষ্ট শক্তিশালী আৰু অনাগত দিনত দেশ নেতৃত্বদানৰ অৱস্থাত সহজেই উপনীত হ'ব। “এই ক্ষেত্রখন কর্মসংস্থানৰ বাবেও যথেষ্ট সম্ভাৱনাময়।”

আঠ বছৰৰ আগতে নতুন এক যুগৰ সূচনাৰ কথা উল্লেখ কৰি শ্রী মোদীয়ে কয়, “ঠিক আঠ বছৰৰ আগতে আমি ‘ন্যূনতম চৰকাৰ, সর্বোচ্চ প্রশাসন’ৰ পথ অনুসৰণ কৰি ভাৰতত সুপ্রশাসনৰ নতুন মন্ত্র বাস্তৱায়নৰ কামআৰম্ভ কৰোঁ। এই পথ অনুসৰণ কৰি আমি সহজ জীৱনযাত্রা আৰু সহজে ব্যৱসায় কৰাৰ বিষয়টোক অগ্রাধিকাৰ দিছো। ‘সবকা সাথ, সবকা বিকাশ’ৰ পথ অনুসৰণ কৰি দেশৰ প্রত্যেক নাগৰিকৰ সৈতে যোগাযোগ গঢ়ি তোলা হৈছে, যাতে বিভিন্ন কল্যাণমূলক প্রকল্পৰ সুযোগ তেওঁলোকৰ কাষত পোৱাই দিয়া যায়।”

প্রধানমন্ত্রীয়ে কয় যে ইয়াৰ আগৰ চৰকাৰবিলাকে প্রযুক্তিক সমস্যা বুলি বিবেচনা কৰিছিল। প্রযুক্তিক সেই সময়ত দৰিদ্র-বিৰোধী বুলি সকলোৰে ওচৰত তুলনা কৰা হৈছিল। ইয়াৰ ফলত, ২০১৪ চনৰ আগলৈকে প্রযুক্তিৰ ব্যৱহাৰ সম্পর্কে এটা উদাসীন মনোভাব আছিল। প্রশাসনিক কামত প্রযুক্তিক যুক্ত কৰাৰ আগ্রহ চৰকাৰৰ নাছিল। ইয়াৰ ফলত দৰিদ্র, বঞ্চিত আৰু মধ্যবিত্ত মানুহ নানা সমস্যাৰ সম্মুখীন হৈছিল। ভয় আৰু বঞ্চনাৰ আশঙ্কাত বিভিন্ন জটিল পদ্ধতি অনুসৰণ কৰি প্রশাসনৰ কাম কৰা হৈছিল। তেওঁ কয় যে সময়ৰ সৈতে তাল মিলাই চলিলেই উন্নয়ন সম্ভৱ। বিভিন্ন প্রকল্পৰ সুবিধা যাতে সকলোৰে ওচৰ গৈ পায় আৰু প্রত্যন্ত অঞ্চলত ইয়াৰ সুবিধা পোৱা যায়, প্রযুক্তিয়ে সেয়া নিশ্চিত কৰাত সহায় কৰিছে। শ্রী মোদীয়ে কয় যে অন্ত্যোদয়াৰ লক্ষ্য অর্জনত আমি আগুৱাই গৈছো। জন ধন, আধাৰ, মোবাইল – জেএএম ত্রিধাৰাৰ মাধ্যমত দৰিদ্র মানুহৰ কাষত  বিভিন্ন প্রকল্পৰ সুফল পোৱাই দিয়া হৈছে। যোৱা আঠ বছৰৰ অভিজ্ঞতাই আমাৰ প্রযুক্তিৰ প্রতি বিশ্বাসক অধিক শক্তিশালী কৰিছে। “আমি প্রযুক্তিক দেশৰ বাবে নতুন শক্তি, গতি আৰু কামৰ পৰিমাণ বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰিছো।”   

 

প্রধানমন্ত্রীয়ে জনায় যে আজি ইউপিআই ফ্রেমৱর্ক দেশজুৰি গঢ়ি তোলা হৈছে। ইয়াৰ ফলত দৰিদ্র মানুহৰ বেংক একাউণ্টত কোটি কোটি টকা পৌঁছাই দিয়া সম্ভৱ হৈছে। মহিলা, কৃষক আৰু ছাত্রছাত্রীসকলে চৰকাৰৰ নানা প্রকল্পৰ সুবিধা পোনপটীয়াকৈ পাইছে। 

শ্রী মোদীয়ে এই প্রসঙ্গত ‘পিএম স্বামিত্ব যোজনা’ৰ কথা উল্লেখ কৰে। কেনেকৈ ড্রোন প্রযুক্তিক ব্যৱহাৰ কৰি বিৰাট এটা বিপ্লৱ গঢ়ি তোলা সম্ভৱ হৈছে তেওঁ তাৰ উদাহৰণ দিয়ে। এই প্রকল্পৰ মাধ্যমত প্রথমবাৰৰ বাবে দেশৰ গ্রামাঞ্চলত ডিজিটেল প্রযুক্তিৰ সহায়ত মানচিত্র প্ৰস্তুত কৰা হৈছে। মানুহৰ হাতত ডিজিটেল সম্পত্তিৰ কার্ড তুলি দিয়া হৈছে। “সুপ্রশাসন আৰু সহজ জীৱনযাত্ৰা নিশ্চিত কৰাৰ বাবে আমাৰ অঙ্গীকাৰ বাস্তৱায়নৰ ক্ষেত্রত ড্রোন প্রযুক্তিৰ ব্যৱহাৰ বৃদ্ধি আৰু এটা গুৰুত্বপূর্ণ উদ্যোগ। ড্রোন এটা উন্নত সৰঞ্জাম  হিচাপে সাধাৰণ মানুহৰ জীৱনত অবিচ্ছেদ্য অঙ্গ হৈ উঠিছে।”

প্রধানমন্ত্রীয়ে প্রতিৰক্ষা, বিপর্যয় ব্যৱস্থাপনা, কৃষি, পর্যটন, চলচ্চিত্র আৰু বিনোদন ক্ষেত্রত ড্রোন প্রযুক্তিৰ গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অনাগত দিনত এই প্রযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ বাধ্য। তেওঁ এই প্রসঙ্গত ‘প্রগতি’ৰ বৈঠকত আৰু কেদাৰনাথৰ বিভিন্ন চৰকাৰী প্রকল্প বাস্তৱায়নত তেওঁৰ সিদ্ধান্ত গ্রহণৰ কামত ড্রোনৰ ব্যৱহাৰৰ কথা উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে কয় যে আজি কৃষকৰ ক্ষমতায়নত আৰু তেওঁলোকৰ জীৱনযাত্ৰাত আধুনিকতাৰ স্পৰ্শ আনিবলৈ ড্রোন প্রযুক্তিয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। পথ, বিদ্যুৎ, অপটিকেল ফাইবাৰ আৰু ডিজিটেল প্রযুক্তি গাঁৱত পাই গৈছে কিন্তু, কৃষিকৰ্মই এতিয়াও পুৰণি পদ্ধতি অনুসৰণ কৰাত কৃষকসকল নানা সমস্যাৰ সম্মুখীন হয়, ফচলৰ ফলনো কম হয় আৰু শস্য নষ্ট হয়। এই প্রসঙ্গত তেওঁ মাটিৰ ৰেকর্ডৰ পৰা বন্যা আৰু খৰাঙত ত্রাণকাৰ্য পর্যন্ত – সকলোতেই ৰাজস্ব দপ্তৰৰ ওপৰত নির্ভৰশীলতাৰ কথা উল্লেখ কৰে। কিন্তু বর্তমান ড্রোন প্রযুক্তি এই সকলো সমস্যাৰ সমাধানত সহায়ক হৈছে। শ্রী মোদীয়ে জনায় যে কৃষিক্ষেত্রত নতুন নতুন ব্যৱস্থা লোৱা হৈছে,  যাৰ মাধ্যমত কৃষকে যাতে সহজেই প্রযুক্তি ব্যৱহাৰ কৰিব পাৰে সেয়া নিশ্চিত কৰা হৈছে।   

শ্রী মোদীয়ে এই প্রসঙ্গত অতীত দিনৰ কথা উল্লেখ কৰে। প্রযুক্তি আৰু উদ্ভাৱনক মাত্র সমাজৰ উচ্চতৰ শ্রেণীৰ মানুহেই ব্যৱহাৰ কৰিব পাৰিব, সেই সময়ত এনেধৰণৰ ধাৰণা আমাৰ মাজত আছিল। যেতিয়া প্রযুক্তি মানুহৰ কাষ পায় তেতিয়া তাৰ ব্যৱহাৰো সামগ্রিকভাৱে বৃদ্ধি পায়। কেইমাহমানৰ আগলৈকে ড্রোন ব্যৱহাৰৰ ক্ষেত্রত যথেষ্ট বিধিনিষেধ আছিল। “কিন্তু আমি খুব কম সময়ৰ ভিতৰত সেই বিধিনিষেধ প্রত্যাহাৰ কৰিছো। আমি উৎপাদন-ভিত্তিক উৎসাহ প্রকল্পৰ মাধ্যমত ভাৰতত ড্রোন উৎপাদনৰ বাবে এটা প্রয়োজনীয় পৰিবেশ গঢ়ি তুলিছো। আজি  প্রযুক্তিক মানুহৰ কাষলৈ নিয়াটো আমি নিশ্চিত কৰিছো।”

***

 

DS/AK



(Release ID: 1829317) Visitor Counter : 173