মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনা আছে- শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

এই কনক্লেভে উদ্যোগ, শৈক্ষিক মহল ও নীতি নিৰ্ধাৰকসকলৰ মাজৰ সংযোগ সুদৃঢ় কৰিবঃ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

ভাৰত আৰু বিশ্বৰ গৱেষণা ও উন্নয়নৰ অগ্ৰাধিকাৰসমূহ পূৰণৰ বাবে এনইআৰচি, ২০২২ এক বৈশ্বিক মাপকাঠি হ’বঃ শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

আইআইটি, গুৱাহাটীত উত্তৰ-পূব গৱেষণা কনক্লেভ, ২০২২ উদ্বোধন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

Posted On: 20 MAY 2022 6:11PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আজি আইআইটি, গুৱাহাটীত উত্তৰ-পূব গৱেষণা কনক্লেভ (NERC), ২০২২ ৰ উদ্বোধন কৰে। শ্ৰী প্ৰধানে তেওঁৰ ভাষণত কয় যে এই কনক্লেভে উদ্যোগ, শৈক্ষিক মহল ও নীতি নিৰ্ধাৰকসকলৰ মাজৰ সংযোগ সুদৃঢ় কৰিব আৰু সম্পদৰে সমৃদ্ধ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু দেশখনৰ গৱেষণা, ষ্টাৰ্ট-আপ আৰু উদ্যোগশীলতাৰ বাতাবৰণটোক অধিক উজ্জীৱিত কৰি তুলিব।

 

গৱেষণাৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি শিক্ষামন্ত্ৰীজনে কয় যে গৱেষণাৰ উদ্দেশ্য হ’ব লাগে দেশখনৰ দীৰ্ঘদিনীয়া সমস্যাৰাজিৰ সমাধান সূত্ৰ অন্বেষণ আৰু সকলো লোককে একত্ৰিত কৰা, একেলগে কাম কৰা আৰু অতিশয় দুৰ্বল লোকসকলৰ কল্যাণৰ বাবে একেলগে প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা। তেওঁ লগতে কয় যে এনইআৰচি, ২০২২ ভাৰত আৰু বিশ্বখনৰ গৱেষণা ও উন্নয়নৰ অগ্ৰাধিকাৰাজি পূৰণৰ বাবে এক বৈশ্বিক মাপকাঠি হ’ব। শ্ৰী প্ৰধানে দেশখনক নতুন শিখৰত উপনীত কৰাবলৈ যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক ‘কৰ্তব্য আৰু দায়িত্বৰ পথত অগ্ৰসৰ’ হ’বলৈ আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰীজনে লগতে অৱগত কৰে যে গৱেষণা বাতাবৰণটোক সুদৃঢ়, তৃণ-মূল পৰ্য্যায়ত উদ্ভাৱনক উৎসাহিত আৰু ভাৰতক আত্মনিৰ্ভৰশীলতাৰ দিশত আগুৱাই নিবলৈ চৰকাৰখনে এনইপি, ২০২০ ৰ পৰামৰ্শৰাজি অনুসৰি ৫০,০০০ কোটি টকা প্ৰস্তাৱিত ব্যয় সাপেক্ষে ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন স্থাপনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। তেওঁ লগতে কয় যে গৱেষণা আৰু উদ্ভাৱনক প্ৰোৎসাহিত কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনা আছে।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণ প্ৰসংগত কয় যে ভাৰতৰ দৰে দ্ৰুত উন্নয়নশীল দেশ এখনৰ বাবে গৱেষণা আৰু উন্নয়ন অতিশয় গুৰুত্বপূৰ্ণ। প্ৰগতিশীল সমাজ ব্যৱস্থাত গৱেষণা আৰু উন্নয়নক সদায়েই প্ৰাথমিক বিল্ডিং ব্লক হিচাপে গণ্য কৰা হয় কিয়নো ই উদ্ভাৱনৰ প্ৰক্ৰিয়াটোত আৰু আমাৰ জ্ঞান আৰু বুজাবুজিৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, তেওঁ লগতে কয়।

শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে তেওঁৰ ভাষণত কয় যে উত্তৰ-পূব গৱেষণা কনক্লেভ হৈছে উদ্যোগী আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে নিজা উদ্ভাৱনসমূহক থূপাই প্ৰদৰ্শনৰ এখনি মঞ্চ। তেওঁ কয় যে উত্তৰ-পূবৰ বাবে এয়া এক অতিশয় উপযোগী পদক্ষেপ যিয়ে নীতি নিৰ্ধাৰক, উদ্যোগপতি আৰু গৱেষকসকলক একেখন মঞ্চত সমবেত কৰিছে। এই ভব্য কাৰ্য্যসূচীয়ে অঞ্চলটোৰ শৈক্ষিক খণ্ডটোত যথেষ্ট প্ৰভাৱ পেলাব বুলি তেওঁ লগতে কয়।

এনইআৰচি কনক্লেভখনিত ভাষণ প্ৰদান কৰি শিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্রী শ্ৰী সুভাষ সৰকাৰে কয় যে চৰকাৰে দেশখনৰ প্রতিটো প্রান্ততে শিক্ষা খণ্ডৰ অগ্ৰগতি সাধনৰ বাবে কাম কৰি আছে৷

কেন্দ্ৰীয় জাহাজ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূব গৱেষণা কনক্লেভে অদূৰ ভৱিষ্যতে যুৱ প্ৰজন্মক তেওঁলোকৰ সপোন পৰিপূৰণত সহায় কৰিব বুলি তেওঁৰ ভাষণত উল্লেখ কৰে।

এই উপলক্ষে, অসম চৰকাৰ আৰু আইআইটি, গুৱাহাটীৰ মাজত ‘অসম এডভান্সড হেল্থ ইন’ভেশ্যন ইনষ্টিটিউট (AAHI)’ শীৰ্ষক এখনি বুজাবুজিৰ চুক্তি (MoU) ও স্বাক্ষৰিত হয়।

আজিৰ কাৰ্য্যসূচীত পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ শিক্ষামন্ত্ৰী শ্ৰী ৰনোজ পেগু, অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, লোকসভাৰ সাংসদ শ্ৰীমতী কুইন ওজা আৰু আইআইটি, গুৱাহাটীৰ সঞ্চালক প্ৰফেছাৰ টি.জি. সীতাৰাম প্ৰমুখ্যে আন-আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ সকলো শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানৰ সৰ্বোত্তম গৱেষণা ও উন্নয়নমূলক কাৰ্যকলাপসমূহক থূপাই প্ৰদৰ্শনৰ অৰ্থে উত্তৰ-পূব গৱেষণা কনক্লেভ, ২০২২ ৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে লগতে উত্তৰ-পূব ভাৰতৰ শৈক্ষিক মহল আৰু উদ্যোগৰ পাৰস্পৰিক ক্ৰিয়া-কলাপৰ বাবে এক উমৈহতীয়া মঞ্চ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। এই কনক্লেভে তদুপৰি স্থানীয় থলুৱা প্ৰযুক্তি আৰু উদ্ভাৱনৰ বিকাশৰ বাবে এটি অনুকূল পৰিবেশ সৃষ্টি, উদ্যোগশীলতাৰ সুযোগ সৃষ্টি আৰু ভেটি স্থাপন আৰু অনুবাদ গৱেষণাৰ প্ৰোৎসাহনৰ বাবে বিশাল প্ৰতিভাসমূহক একত্ৰিতকৰণৰ দিশতো কাম কৰিব।

**********



(Release ID: 1827016) Visitor Counter : 150


Read this release in: English , Urdu , Hindi , Manipuri