সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

অসমৰ বৰপেটাত দিব্যাংগজন আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ‘সামাজিক অধিৰাকিতা শিৱিৰ’


বিভিন্ন শাখাত মুঠ ৫৫৩.৮২লাখ টকা ব্যয়সাপেক্ষ সৰ্বমুঠ ১৪,৫০৭টা সহায়ক সঁজুলি ইতিমধ্যে চিনাক্তকৰণ কৰা ২,১৯৪ দিব্যাংগজন আৰু ১,৮৮০গৰাকী জ্যেষ্ঠ নাগৰিকক বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব

Posted On: 06 MAY 2022 7:13PM by PIB Guwahati

ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনস্ত দিব্যাংগজন সবলীকৰণ বিভাগৰ অসমৰ উদ্যোগত আলমিকো আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগিত ৮ মে’ৰ দুপৰীয়া ১২ বজাত অসমৰ বৰপেটাক এম চি কলেজৰ খেলপথাৰত এডিআইপি আঁচনিৰ অধীনত ‘দিব্যাংগজন’ক আৰু ‘ৰাষ্ট্ৰীয় বয়শ্ৰী যোজনা’ৰ অধীনত জ্যেষ্ঠ নাগৰিকক বিনামূলীয়া সহায়ক সঁজুলি প্ৰদানৰ এক ‘সামাজিক অদিকাৰিতা শিৱিৰ’ আয়োজন কৰা হৈছে৷

বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত আলিমকোৱে চলোৱা মূল্যায়ন শিৱিৰৰ সময়ত চিনাক্ত কৰা ২,১৯৪ দিব্যাংগজন আৰু ১,৮৮০গৰাকী জ্যেষ্ঠ নাগৰিকক বিনামূলীয়াকৈ মুঠ ৫৫৩.৮২লাখ টকা ব্যয়সাপেক্ষ সৰ্বমুঠ ১৪,৫০৭টা সহায়ক সঁজুলি বিতৰণ কৰা হ’ব৷

অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কুমাৰী প্ৰতীমা ভৌমিক মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ অনুষ্ঠানত সাংসদ বৰপেটা(অসম)ৰ সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী আব্দুল খালেক, কোকৰাঝাৰ (অসম)ৰ সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী নৱ (হীৰা)শৰণীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব৷

 

***

MG/RNC/RK/DB


(Release ID: 1823821) Visitor Counter : 147


Read this release in: English , Urdu , Hindi