উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়

ড’নাৰ মন্ত্ৰালয়ে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে উত্তৰ-পূব মহোৎসৱৰ আয়োজন কৰিব


সাতদিনীয়া মহোৎসৱখন(২৮ এপ্ৰিলৰ পৰা ০৪ মে’,২০২২লৈ)ৰ লক্ষ্য হ’ল ‘হাম কিছি ছে কম নহী’ৰ উদ্যমেৰে উত্তৰ-পূৰ্বাঞ্চলৰ সফলতাসমূহ দাঙি ধৰা

জন ভাগীদাৰী শৈলীত আঠখন ৰাজ্যতে বিভিন্ন ধৰণৰ কাৰ্যকলাপ আৰু অনুষ্ঠান ৰখা হৈছে

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৪ মে’,২০২২ত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব

Posted On: 26 APR 2022 8:45PM by PIB Guwahati

ড’নাৰ মন্ত্ৰালয়ে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে ২৮ এপ্ৰিলৰ পৰা ৪ মে, ২০২২ লৈ উত্তৰ-পূবৰ আঠখন ৰাজ্যতে উত্তৰ-পূব মহোৎসৱ আয়োজন কৰিছে। ভাৰতে ইয়াৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ অংশ হিচাপে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকাৰ সময়তে মন্ত্ৰালয়ে এই উৎসৱৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সৌন্দৰ্য আৰু বিভিন্ন ক্ষেত্ৰত ইয়াৰ সাফল্যৰ ওপৰত আলোকপাত কৰিব বিচাৰিছে।

২৮ এপ্ৰিলৰ পৰা ০৪ মে’,২০২২লৈ চলিবলগীয়া সাতদিনীয়া মহোৎসৱখনৰ লক্ষ্য হ’ল ‘হাম কিছি ছে কম নহী’ৰ দৃষ্টিভংগীৰে উত্তৰ-পূৰ্বাঞ্চলৰ সফলতাসমূহ দেশবাসীৰ সন্মুখত দাঙি ধৰা।

 

যোৱা ৮ বছৰত উত্তৰ-পূৰ্বাঞ্চলে যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত উল্লেখ্যনীয় উত্থান লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৪ চনৰ পূৰ্বে কেৱল গুৱাহাটীকহে ৰে'ল সেৱাই সংযুক্ত কৰিছিল, কিন্তু এতিয়া আৰু দুখন ৰাজধানীক সংযুক্ত কৰা হৈছে আৰু বাকী ৰাজধানী চহৰসমূহক ৰেল সেৱাৰে সংযুক্ত কৰাৰ কাম চলি আছে। একেদৰে, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ ৰাজধানী চহৰক চাৰি লেনৰ জৰিয়তে সংযুক্ত কৰাৰ কাম অব্যাহত আছে। প্ৰধানমন্ত্ৰী গ্ৰামীণ ছড়ক যোজনাৰ জৰিয়তে আভ্যন্তৰীণ অঞ্চলসমূহৰ যাতায়ত ব্যৱস্থাক উদগণি যোগোৱা হৈছে। আজিৰ তাৰিখলৈকে উত্তৰ-পূৰ্বাঞ্চলত ১৫টা কাৰ্যকৰী বিমানবন্দৰ আছে আৰু নতুন বিমানবন্দৰৰ উন্নীতকৰণ আৰু আধুনিকীকৰণৰ বাবে ২৪টা প্ৰকল্পৰ কাম চলি আছে। একেধৰণে, টেলিকম, শক্তি, আন্তঃৰাষ্ট্ৰীয় সংযোগ আৰু বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰতো বিভিন্ন প্ৰকল্প আগবাঢ়ি আছে।

 

"হম কিছি ছে কম নেহি"ৰ দৃষ্টিভংগীৰ অধীনত আঠখন ৰাজ্যতে বিভিন্ন কাৰ্যসূচী ৰখা হৈছে। এই কাৰ্যসূচীবোৰে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ সকলো ক্ষেত্ৰ সামৰি ল’ব। ইয়াৰ  ভিতৰত আছে আন্তঃগাঁথনি, বিনিয়োগৰ সম্ভাৱনা, শক্তিৰ প্ৰয়োজনীয়তা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশত মহিলাৰ ভূমিকা।

মহোৎসৱখনে সম্পূৰ্ণ এক সপ্তাহৰ ক্ৰীড়া অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ খেলুৱৈসকলৰ সাফল্যৰ ওপৰত আলোকপাত কৰিব। ৩ মে'ত এই ক্ৰীড়া ইভেণ্ট ইম্ফলত সমাপ্ত হ'ব। লগতে, ৰাজ্যসমূহে জন ভাগীদাৰী শৈলীত বিভিন্ন ধৰণৰ কাৰ্যকলাপ আৰু অনুষ্ঠানেৰে গোটেই সপ্তাহটো উদযাপন কৰিব।

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৪ মে, ২০২২ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া সামৰণি অনুষ্ঠানত উপস্থিত থকাৰ নিশ্চয়তা দিছে।

 

***

MG/RNM/MS



(Release ID: 1820494) Visitor Counter : 105


Read this release in: English , Urdu , Hindi , Manipuri