প্ৰতিৰক্ষা মন্ত্ৰালয়

১৯৭১ ৰ যুদ্ধত অসমৰ সৈনিকসকলক সম্বৰ্ধনা জ্ঞাপন; প্ৰাক্তন-সৈনিকসকলক ৰাষ্ট্ৰখনৰ গুৰুত্বপূৰ্ণ সম্পদ বুলি অভিহিত প্ৰতিৰক্ষা মন্ত্ৰীৰ


প্ৰাক্তন-সৈনিকসকলৰ কল্যাণৰ প্ৰতি চৰকাৰৰ অংগীকাৰৰ কথা স্মৰণ

দেশখনৰ ঐক্য ও অখণ্ডতা সুৰক্ষিত কৰিবলৈ চৰকাৰে সাহসী সিদ্ধান্ত গ্ৰহণত কুণ্ঠাবোধ নকৰেঃ শ্ৰী ৰাজনাথ সিং

Posted On: 23 APR 2022 4:51PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২০২২ ৰ ২৩ এপ্ৰিলত অসমৰ গুৱাহাটীত অনুষ্ঠিত এটি অনুষ্ঠানত ১৯৭১ ৰ ভাৰত-পাকিস্তানৰ মাজৰ যুদ্ধত অৱতীৰ্ণ সৈনিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে। ১৯৭১ ৰ যুদ্ধত শত্ৰুপক্ষৰ বিৰুদ্ধে যুঁজ দিয়া আৰু বিজয় নিশ্চিত কৰা বীৰসকলৰ বীৰত্ব, নিষ্ঠা আৰু ত্যাগক সন্মানাৰ্থে অসম চৰকাৰে আয়োজন কৰা এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত ৩০০ ৰোধিক সৈনিক, বীৰ নাৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই অংশগ্ৰহণ কৰে। ১৯৭১ ৰ যুদ্ধৰ বাংলাদেশী সৈনিক পদ্ম শ্ৰী সন্মানেৰে বিভূষিত লেফটেনেন্ট কৰ্ণেল কোৱাজি চাজ্জাদ আলী জাহিৰ (অৱসৰপ্ৰাপ্ত) তথা ১৯৬৫ ৰ যুদ্ধৰ কেইগৰাকীমান সৈনিকো ইয়াত উপস্থিত থাকে।

ভাষণ প্ৰদান কৰি শ্ৰী ৰাজনাথ সিঙে যুদ্ধৰ নায়ক ও বীৰ নাৰীসকলক সাক্ষাৎ কৰিবলৈ পাই সন্তোষ ব্যক্ত আৰু ৰাষ্ট্ৰখনৰ সেৱাত সৰ্বোচ্চ ত্যাগ কৰা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ প্ৰতিজন ভাৰতীয়ৰ বাবে অনুপ্ৰেৰণাস্বৰূপ সৈনিসকলক ৰাষ্ট্ৰখনৰ গুৰুত্বপূৰ্ণ সম্পদ বুলি অভিহিত কৰে। তেওঁ কয়, "এজন সেৱাৰত সৈনিক হৈছে ভাৰতৰ শক্তি আৰু এজন প্ৰাক্তন সৈনিক সেই শক্তিৰে থিয় দিবলৈ এক চিৰস্থায়ী অনুপ্ৰেৰণা।"

প্ৰাক্তন সৈনিকসকলক সম্বৰ্ধনা জনোৱাৰ বাবে অসম চৰকাৰখনক প্ৰশংসা কৰি প্ৰতিৰক্ষা মন্ত্ৰীজনে কয় যে এই অনুষ্ঠানে কেৱল সশস্ত্ৰ বাহিনীসমূহৰ প্ৰতিয়েই নহয়, বৰঞ্চ দেশখনৰ গণতান্ত্ৰিক প্ৰমূল্যবোধৰ প্ৰতিও সন্মানৰ ভাৱনা প্ৰতিফলিত কৰিছে। তেওঁ ১৯৭১ ৰ যুদ্ধত ভাৰতক এক ঐতিহাসিক বিজয়ৰ দিশে ধাৱিত কৰাৰ বাবে ফিল্ড মাৰ্শ্বেল ছেম মানেকশ্ব’, জেনেৰেল জগজিৎ সিং অৰোৰা, লেফটেনেন্ট জেনেৰেল জেএফআৰ জেকব, মেজৰ জেনেৰেল সুজন সিং উবান আৰু বায়ু সেনা প্ৰধান মাৰ্শ্বেল আইএইচ লতিফলৈ শ্ৰদ্ধা নিবেদন কৰে। "১৯৭১ ৰ যুদ্ধত আমাৰ বাহিনীসমূহত প্ৰতিটো ধৰ্মৰে সৈনিক আছিল। কিন্তু ইয়াৰ বাবেই আমি যুদ্ধত জয়ী হোৱা নাছিলো। ভাৰতীয়ত্বৰ শক্তিশালী পৰম্পৰাই আমাৰ সৈনিকসকলক একলগ কৰি ৰাখিছিল যাৰ ফলশ্ৰুতিত আমাৰ বিজয় নিশ্চিত হৈছিল", তেওঁ কয়।

শ্ৰী ৰাজনাথ সিঙে অভ্যন্তৰীণ আৰু বাহ্যিক ভাবুকিসমূহৰে মোকাবিলা কৰিবলৈ দেশখনৰ নিৰাপত্তা আহিলাসমূহ সুদৃঢ়কৰণৰ বাবে চৰকাৰখনৰ অটল অংগীকাৰৰ কথা উল্লেখ কৰি কয়, "আমি সকলো ধৰণৰ সন্ত্ৰাসবাদ দূৰ কৰাৰ বাবে দৃঢ় স্থিতি গ্ৰহণ কৰিছো আৰু আমাৰ নাগৰিকসকলক এই বিপদৰপৰা সুৰক্ষিত কৰিছো। প্ৰয়োজন সাপেক্ষে, আমি সীমান্তৰ সিপাৰৰপৰা উদ্ভৱ হোৱা সন্ত্ৰাসবাদ দূৰ কৰি দেখুৱাইছো।" তেওঁ ৰাষ্ট্ৰখনক আশ্বাস প্ৰদান কৰি কয় যে চৰকাৰখনে দেশৰ ঐক্য আৰু অখণ্ডতা সুৰক্ষিতকৰণৰ অৰ্থে সাহসী সিদ্ধান্ত গ্ৰহণত কুণ্ঠাবোধ নাই কৰা আৰু নকৰেও।

এই অনুষ্ঠানতে প্ৰতিৰক্ষা মন্ত্ৰীজনে 'দ্য ব্ৰেভহাৰ্টছ অৱ ১৯৭১' শীৰ্ষক এখনি গ্ৰন্থও উন্মোচন কৰে। অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা আন-আন বিশিষ্ট ব্যক্তিসকল এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকে।

 

***

 

Nampi/Savvy/SB



(Release ID: 1819763) Visitor Counter : 135