প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১২ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আদালাজত শ্ৰী অন্নপূৰ্ণাধাম ট্ৰাষ্টৰ হোষ্টেল আৰু শিক্ষা চৌহদ উদ্বোধন কৰে; জনসহায়ক ট্ৰাষ্টৰ হীৰামণি আৰোগ্য ধামৰ ভূমি পূজনো কৰে প্ৰধানমন্ত্ৰীয়ে


"সকলো সম্প্ৰদায়ে সামৰ্থ্য অনুসৰি তেওঁলোকৰ ভূমিকা পালন কৰে আৰু সমাজৰ বাবে তেওঁলোকৰ ভূমিকা পালন কৰাত পাতিদাৰ সম্প্ৰদায়ে কেতিয়াও পিছ পৰি নাথাকে"

প্ৰধানমন্ত্ৰীয়ে কয়, "ষ্টেচু অব ইউনিটীৰ জৰিয়তে ভাৰতে চৰ্দাৰ পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে"

"খাদ্যৰ অভাৱতকৈ খাদ্যৰ বিষয়ে জ্ঞানৰ অভাৱৰ পৰিণামতহে পুষ্টিহীনতাত ভোগা দেখা যায়"

"গুজৰাটে উদ্যোগ ৪.০ ৰ মানদণ্ড স্পৰ্শ কৰাৰ ক্ষেত্ৰত দেশক নেতৃত্ব দিয়া উচিত, কিয়নো এনে কৰাৰ সামৰ্থ্য আৰু শক্তি আছে ৰাজ্যখনৰ"

পোষ্ট কৰা হৈছে: 12 APR 2022 1:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে গুজৰাটৰ আদালাজত শ্ৰী অন্নপূৰ্ণাধাম ট্ৰাষ্টৰ হোষ্টেল আৰু শিক্ষা চৌহদ উদ্বোধন কৰে। উক্ত অনুষ্ঠানটোৰ সময়তে জনসহায়ক ট্ৰাষ্টৰ হীৰামণি আৰোগ্যধামৰ ভূমিপূজনো কৰে প্ৰধানমন্ত্ৰীয়ে। অনুষ্ঠানটোত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেলো উপস্থিত আছিল।

 

অনুষ্ঠান ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে দীৰ্ঘদিন ধৰি শ্ৰী অন্নপূৰ্ণাধামৰ ঐশ্বৰিক, আধ্যাত্মিক আৰু সামাজিক উদ্যোগৰ সৈতে জড়িত হৈ থাকিবলৈ পোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে স্বাস্থ্য, শিক্ষা আৰু পুষ্টিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাটো গুজৰাটৰ স্বভাৱ। সকলো সম্প্ৰদায়ে তেওঁলোকৰ সামৰ্থ্য অনুসৰি তেওঁলোকৰ ভূমিকা পালন কৰে আৰু সমাজৰ বাবে ভূমিকা পালন কৰাৰ ক্ষেত্ৰত পাতিদাৰ সম্প্ৰদায়ে  কেতিয়াও পিছ পৰি নাথাকে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সমৃদ্ধিৰ দেৱী মা অন্নপূৰ্ণাক সকলোৱে আৰু বিশেষকৈ পাতিদাৰ সম্প্ৰদায়ে গভীৰভাৱে শ্ৰদ্ধা কৰে যি দৈনন্দিন জীৱনৰ বাস্তৱতাৰ সৈতে গভীৰভাৱে সম্পৰ্কিত। প্ৰধানমন্ত্ৰীয়ে কয় যে মা অন্নপূৰ্ণাৰ প্ৰতিমূৰ্তিটো শেহতীয়াকৈ কানাডাৰ পৰা কাশীলৈ ঘূৰাই অনা হৈছিল। তেওঁ কয়, "যোৱা কেইবছৰমানত আমাৰ সংস্কৃতিৰ এনেধৰণৰ কেইবা ডজন প্ৰতীক বিদেশৰ পৰা ঘূৰাই অনা হৈছে"।

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ সংস্কৃতিত খাদ্য, স্বাস্থ্য আৰু শিক্ষাক সদায়ে যথেষ্ট গুৰুত্ব দিয়া হয় আৰু আজি শ্ৰী অন্নপূৰ্ণাধামে এই উপাদানসমূহ সম্প্ৰসাৰিত কৰিছে। আহি থকা নতুন সুবিধাসমূহে গুজৰাটৰ সাধাৰণ লোকসকলক যথেষ্ট উপকৃত কৰিব, বিশেষকৈ একেসময়তে ১৪ জন লোকৰ ডায়েলাইচিছৰ সুবিধা, ২৪ ঘণ্টা ৰক্ত যোগানৰ সুবিধা থকা ব্লাড বেংকে যথেষ্ট প্ৰয়োজনীয়তা পূৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে জিলা চিকিৎসালয়সমূহত বিনামূলীয়া ডায়েলাইচিছৰ সুবিধা আৰম্ভ কৰিছে।

গুজৰাটীসকলৰ বিষয়ে কৈ প্ৰধানমন্ত্ৰীয়ে ভাল কামৰ বাবে ন্যাস আৰু ইয়াৰ নেতৃত্বক প্ৰশংসা কৰে। তেওঁ কয় যে এই গণ্যমান্য ব্যক্তিসকলৰ মহান বৈশিষ্ট্য হৈছে গঠনমূলক কামৰ সৈতে আন্দোলন (আন্দোলন)ৰ মিশ্ৰণ। 'নৰম কিন্তু সংকল্পবদ্ধ' মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ নেতৃত্ব আৰু প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে সমবেত লোকসকলক প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত উন্নয়নৰ সমৃদ্ধ পৰম্পৰাৰ বিষয়ে উল্লেখ কৰে য'ত উন্নয়নৰ নতুন মানদণ্ড স্থাপন কৰা হৈছে। উন্নয়নৰ এই পৰম্পৰাক মুখ্যমন্ত্ৰীয়ে আগবঢ়াই নি থকা বুলিও তেওঁ মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ষ্টেচু অব ইউনিটীৰ জৰিয়তে ভাৰতে চৰ্দাৰ পেটেলক যথেষ্ট শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, যাৰ ফলত তেখেতৰ নাম সমগ্ৰ বিশ্বই জানিব পাৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মা অন্নপূৰ্ণাৰ ভূমি গুজৰাটত পুষ্টিহীনতাৰ কোনো স্থান থাকিব নালাগে। তেওঁ কয় যে পুষ্টিহীনতাও প্ৰায়ে অজ্ঞতাৰ বাবে হয়। তেওঁ সন্তুলিত আহাৰৰ বিষয়ে সজাগতা বিয়পোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। খাদ্যক স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰথম পদক্ষেপ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পুষ্টিহীনতা প্ৰায়ে খাদ্যৰ অভাৱৰ পৰিৱৰ্তে খাদ্যৰ বিষয়ে জ্ঞানৰ অভাৱৰ ফলত হয়। প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ সময়ত চৰকাৰে ৮০ কোটিৰো অধিক লোকৰ বাবে বিনামূলীয়া খাদ্যশস্য নিশ্চিত কৰাৰ কথা উল্লেখ কৰে। যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱা বাৰ্তালাপ সন্দৰ্ভত শ্ৰী মোদীয়ে কয় যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিক অৱগত কৰে যে যদিহে বাবে বিশ্ব বাণিজ্য সংস্থাৰ নিয়মসমূহ শিথিল কৰাৰ অনুমতি দিয়া হয়, তেনেহলে ভাৰতে আন দেশলৈ প্ৰেৰণ কৰাৰ বাবে খাদ্যশস্য আগবঢ়াব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মা অন্নপূৰ্ণাৰ কৃপাৰ ফলতেই ভাৰতীয় কৃষকসকলে  বিশ্বৰ জনসাধাৰণৰ যত্ন লৈ আহিছে।

প্ৰধানমন্ত্ৰীয়ে গুজৰাটত টিকাকৰণ অভিযানৰ প্ৰশংসা কৰে। তেওঁ ঔদ্যোগিক বিকাশৰ শেহতীয়া প্ৰৱণতাৰ প্ৰয়োজনীয়তা অনুসৰি দক্ষতা বিকাশৰ প্ৰসাৰৰ প্ৰয়োজনীয়তাৰ কথাও দোহাৰে। ফাৰ্মাচী মহাবিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰাৰম্ভিক প্ৰেৰণাৰ কথা উল্লেখ কৰি তেওঁ কয় যে দক্ষতা বিকাশৰ ক্ষেত্ৰত সমূহীয়া আৰু চৰকাৰৰ প্ৰচেষ্টাই বহুগুণে প্ৰভাৱ পেলায়। প্ৰধানমন্ত্ৰীয়ে কয়, গুজৰাটে উদ্যোগ ৪.০ ৰ মানদণ্ড স্পৰ্শ কৰাৰ ক্ষেত্ৰত দেশক নেতৃত্ব দিয়া উচিত, কিয়নো এনে কৰাৰ সামৰ্থ্য আৰু শক্তি আছে ৰাজ্যখনৰ

ডায়েলাইচিছ কৰা ৰোগীসকলৰ আৰ্থিক ক্ষেত্ৰত পৰা বিৰূপ প্ৰভাৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ সকলো জিলাতে বিনামূলীয়া ডায়েলাইচিছৰ সুবিধা বিয়পোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে, জন ঔষধি কেন্দ্ৰই সুলভ ঔষধ প্ৰদান কৰি ৰোগীসকলৰ বাবে ব্যয় হ্ৰাস কৰিছে। স্বচ্ছতা, পোষণ, জন ঔষধি, ডায়েলাইচিছ অভিযান, ষ্টেণ্ট আৰু আঁঠু সংৰোপণৰ মূল্য হ্ৰাসৰ দৰে পদক্ষেপে সাধাৰণ লোকৰ ওপৰত বোজা হ্ৰাস কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, আয়ুষ্মান ভাৰত আঁচনিয়ে দৰিদ্ৰ আৰু মধ্যবিত্ত ৰোগীসকলক বিশেষকৈ মহিলাসকলক সহায় কৰিছে।

হোষ্টেল আৰু শিক্ষা চৌহদত ৬০০জন শিক্ষাৰ্থীৰ বাবে ১৫০ টা কোঠাৰ সুবিধা আছে। অন্যান্য সুবিধাবোৰৰ ভিতৰত আছে জিপিএছচিৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ, ইউপিএছচি পৰীক্ষা, ই-লাইব্ৰেৰী, কনফাৰেন্স কোঠা, ক্ৰীড়া কোঠাৰ ব্যৱস্থা, টিভি কোঠা আৰু শিক্ষাৰ্থীসকলৰ বাবে প্ৰাথমিক স্বাস্থ্য সুবিধা ইত্যাদি।

জনসহায়ক ন্যাসে হীৰামণি আৰোগ্য ধামৰ উন্নয়ন সাধন কৰিব। ইয়াত শেহতীয়া চিকিৎসা সুবিধা থাকিব যাৰ ভিতৰত আছে একেসময়তে ১৪জন ব্যক্তিৰ ডায়েলাইচিছৰ সুবিধা, ২৪ঘণ্টা ৰক্ত যোগানৰ সুবিধা থকা ব্লাড বেংক, ২৪ ঘণ্টাই খোলা থকা চিকিৎসা দোকান, আধুনিক ৰোগ পৰীক্ষাগাৰ আৰু স্বাস্থ্য পৰীক্ষাৰ বাবে উন্নত মানৰ সঁজুলি। ই হ'ব আয়ুৰ্বেদ, হোমিঅ'পেথি, আকুপাংচাৰ, যোগ চিকিৎসা আদিৰ বাবে উন্নত সুবিধাৰ সৈতে এক ডে-কেয়াৰ কেন্দ্ৰ। ই প্ৰাথমিক চিকিৎসা প্ৰশিক্ষণ, টেকনিচিয়ান প্ৰশিক্ষণ আৰু চিকিৎসকৰ প্ৰশিক্ষণৰ সুবিধাও আয়োজন কৰিব।

 

 ***

DS/KG


(ৰিলিজ আই ডি : 1817434) অতিথি কক্ষ : 144