নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

সাগৰমালাৰ সাত বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সাগৰমালা প্ৰকল্পৰ ওপৰত আলোকপাত কৰে জেএনপিএয়ে

মহাৰাষ্ট্ৰত ১.০৫ লাখ কোটি টকাৰ ১৩১ টা প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ দিয়া হৈছে

জেএনপিএৰ প্ৰকল্পসমূহে বন্দৰত ব্যৱসায় সহজতৰ কৰাৰ বাবে উৎসাহিত কৰিব, ভাৰতীয় আমদানি আৰু ৰপ্তানিক অধিক উচ্চতালৈ লৈ যাবঃ জেএনপিএৰ অধ্যক্ষ

Posted On: 08 APR 2022 6:39PM by PIB Guwahati

জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষই (জেএনপিএ) আজি ৮এপ্ৰিলত মুম্বাইত সাগৰমালাৰ সাত বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে জেএনপিএৰ অধ্যক্ষ সঞ্জয় শেঠীৰ অধ্যক্ষতাত এক সংবাদ মেলৰ আয়োজন কৰে। সাগৰমালা হৈছে ২০১৫ চনত ভাৰত চৰকাৰে আৰম্ভ কৰা জাহাজ পৰিবহন মন্ত্ৰালয়ৰ মুখ্য কাৰ্যসূচী।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি জেএনপিএৰ অধ্যক্ষগৰাকীয়ে কয়, "বন্দৰকেন্দ্ৰিক ঔদ্যোগিকৰণক উৎসাহিত কৰাৰ বাবে চৰকাৰৰ সাগৰমালা কাৰ্যসূচীত জেএনপিএ-য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জেএনপিএৰ হাতত সাগৰমালাৰ অধীনত একাধিক প্ৰকল্প আছে যিসমূহ চৰ্তুকোণীয় দৃষ্টিভংগীৰ ওপৰত আধাৰিত –বিকাশক নতুন মাত্ৰা প্ৰদান কৰা আৰু ভাৰতত লজিষ্টিক ব্যয় হ্ৰাস কৰা, বন্দৰৰ জৰিয়তে সামগ্ৰিক অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰা আৰু মন্ত্ৰালয়ৰ দ্বাৰা উপকূলীয় সম্প্ৰদায়বোৰক শক্তিশালী কৰা।"

মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলত অপাৰ সম্ভাৱনাৰ কাৰণে ৰাজ্যখনত ১.০৫ লাখ কোটি টকা ব্যয় সাপেক্ষে ১৩১ টা প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ দিয়া হৌছে। শ্ৰী শেঠীয়ে কয়, ১৩১ টা প্ৰকল্পৰ মাজৰ ২৯টা প্ৰকল্প জেএনপিএ-য়ে লৈছে। তেওঁ আৰু কয় যে বাকী প্ৰকল্পসমূহৰ ৰূপায়ণ প্ৰক্ৰিয়া চলি আছে।

 

অধ্যক্ষগৰাকীয়ে এয়াও কয় যে, জেএনপিএৰ প্ৰকল্পসমূহে বন্দৰগাহসমূহত ব্যৱসায় সহজতৰ কৰি তুলিব আৰু ভাৰতীয় আমদানি-ৰপ্তানিক এক নতুন শিখৰলৈ লৈ যাব।

জেএনপিএ-য়ে সাগৰমালা কাৰ্যসূচীৰ পাঁচটা স্তম্ভৰ সৈতে সংগতি ৰাখি বিভিন্ন প্ৰকল্প হাতত লৈছেঃ বন্দৰ আধুনিকীকৰণ আৰু নতুন বন্দৰ উন্নয়ন, বন্দৰ সংযোগ বৃদ্ধি, বন্দৰকেন্দ্ৰিক ঔদ্যোগিকৰণ, উপকূলীয় সামূহিক উন্নয়ন আৰু উপকূলীয় পৰিবহন।

 

সাগৰমালা কাৰ্যসূচী

 

সামুদ্ৰিক আন্তঃগাঁথনিয়ে দেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ৰ সৈতে সংগতি ৰাখি, সাগৰমালা পদক্ষেপে আন্তঃগাঁথনি আৰু অধিক বৃদ্ধি কৰিব আৰু বাণিজ্য সহজতৰ কৰাৰ বাবে আঞ্চলিক সংযোগব্যৱস্থা উন্নত কৰাৰ বাবে বিনিয়োগ বৃদ্ধি কৰিব। সাগৰমালা প্ৰকল্পই ভাৰতীয় বন্দৰসমূহক অধিক উন্নত কৰি তুলিব। বন্দৰ আধুনিকীকৰণ, ৰে'ল, পথ, ক্ৰুজ পৰ্যটন, ৰ'ৰ', ৰোপেক্স, মীন পালন, উপকূলীয় আন্তঃগাঁথনি আৰু দক্ষতা বিকাশৰ দৰে বিভিন্ন দিশত বহুতো প্ৰকল্প হাতত লোৱা হৈছে।

সন্মিলনৰ সময়ত সাগৰমালা কাৰ্যসূচীৰ অধীনত জেএনপিএ-য়ে হাতত লোৱা অসংখ্য প্ৰকল্পৰ ওপৰত এটা ভিডিঅ' আৰু উপস্থাপন সংবাদ মাধ্যমৰ আগত উপস্থাপন কৰা হয়। ইয়াৰ পিছত অধ্যক্ষৰ সৈতে এক মতবিনিময় অধিৱেশন অনুষ্ঠিত হয়।

 

জেএনপিএ সম্পৰ্কেঃ নৱী মুম্বাইৰ জৱাহৰলাল নেহৰু বন্দৰ কৰ্তৃপক্ষ (জেএনপিএ) হৈছে ভাৰতৰ প্ৰধান কন্টেইনাৰ পৰিচালনা কৰা বন্দৰসমূহৰ মাজৰ অন্যতম। ১৯৮৯ চনৰ ২৬মে'ত ই আৰম্ভ হৈছিল। ইয়াৰ কাৰ্যকলাপৰ তিনি দশকতকৈও কম সময়ৰ ভিতৰত জেএনপিএ এক বাল্ক-কাৰ্গো টাৰ্মিনেলৰ পৰা দেশৰ এক প্ৰধান কণ্টেইনাৰ বন্দৰলৈ ৰূপান্তৰিত হৈছে।

 

বৰ্তমান জেএনপিএ-য়ে পাঁচটা কণ্টেইনাৰ টাৰ্মিনেল পৰিচালনা কৰেঃ জৱাহৰলাল নেহৰু পোৰ্ট কণ্টেইনাৰ টাৰ্মিনেল (জেএনপিচিটি),এনএছআইচিটি, গেটৱে টাৰ্মিনেলচ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(জিটিআইপিএল),এনএছআইজিটি আৰু নতুনকৈ আৰম্ভ কৰা ভাৰত মুম্বাই কণ্টেইনাৰ টাৰ্মিনেল প্ৰাইভেট লিমিটেড (বিএমচিটিপিএল)।

 

 

*************************************************

DJM/DL/PM/KG



(Release ID: 1815881) Visitor Counter : 152


Read this release in: English , Urdu , Hindi , Marathi