গৃহ মন্ত্ৰালয়

মুখ্য অতিথি হিচাপে শ্বিলঙত অসম ৰাইফলছৰ ১৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ৰ


অসম ৰাইফলছৰ দীঘলীয়া ইতিহাসত সকলো অৰ্ধসামৰিক বাহিনীৰ ভিতৰত সৰ্বাধিক সংখ্যক বীৰত্ব বঁটা লাভৰ অনন্য গৌৰৱ আছে আৰু ই ফলপ্ৰসূ যুঁজাৰু দক্ষতা থকা সংস্থা হিচাপে পৰিগণিত হৈছে

অসম ৰাইফলছে উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহৰ বিৰুদ্ধে যুঁজ আৰু ভাৰত-ম্যানমাৰ সীমান্তত ড্ৰাগছৰ চোৰাং বেহা প্ৰতিৰোধত দৃষ্টান্ত দাঙি ধৰিছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নিৰাপত্তা বাহিনীসমূহৰ স্বাৰ্থ সদায়েই মূল অগ্ৰাধিকাৰ হৈ আহিছে আৰু তেখেতৰ নেতৃত্বত চৰকাৰে নিৰাপত্তা বাহিনীসমূহ আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে একাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে

গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কৈছে যে অসম ৰাইফলছ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰহৰী আৰু বীৰত্ব আৰু সাহসিকতাৰ সমৃদ্ধ ইতিহাস সম্বলিত দেশখনৰ প্ৰবীণতম অৰ্ধসামৰিক বাহিনী

অসম ৰাইফলছে লিংগ সমতা আৰু নাৰী সবলীকৰণৰ অৰ্থে সমন্বিত প্ৰচেষ্টা কৰিছে, যি ইয়াৰ মহিলা জোৱানৰ দক্ষতাত প্ৰতিফলিত হৈছে

Posted On: 24 MAR 2022 5:47PM by PIB Guwahati

আজি কেন্দ্ৰীয় গৃহ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে মুখ্য অতিথি হিচাপে শ্বিলঙত অসম ৰাইফলছৰ ১৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে। শ্ৰী নিত্যানন্দ ৰায়ে তদুপৰি দেশখনৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা বীৰ সৈনিকসকললৈ শ্ৰদ্ধা নিবেদন কৰে। এই কাৰ্য্যসূচীত অসম ৰাইফলছৰ সঞ্চালক প্ৰধান লেফটেনেন্ট জেনেৰেল পি.চি. নায়াৰ, অসম ৰাইফলছৰ জ্যেষ্ঠ বিষয়া আৰু জোৱানসকল আৰু সমগ্ৰ দেশৰ তেওঁলোকৰ পৰিয়ালবৰ্গয়ো ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উপস্থিত থাকে।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে তেওঁৰ ভাষণত কয় যে ১৮৩৫ ত "কাছাৰ লেভি" হিচাপে অসম ৰাইফলছ প্ৰতিষ্ঠা কৰা হৈছিল। অসম ৰাইফলছৰ দীঘলীয়া ইতিহাসত সকলো অৰ্ধসামৰিক বাহিনীৰ মাজত সৰ্বাধিক সংখ্যক বীৰত্ব বঁটা লাভৰ অনন্য গৌৰৱ আছে। বাহিনীটো ফলপ্ৰসূ যুঁজাৰু দক্ষতা থকা সংস্থা হিচাপে পৰিগণিত হৈছে।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীজনে কয় যে অসম ৰাইফলছে ইয়াৰ গৌৰৱময় ইতিহাসৰ সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰৰ বিদ্ৰোহ প্ৰভাৱিত অঞ্চলসমূহত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছে আৰু ড্ৰাগছ সৰবৰাহ ৰোধৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰিছে। অসম ৰাইফলছ হৈছে এক সকলোতে-দক্ষ বাহিনী, ইয়াৰ দুটা বেটেলিয়ন জম্মু-কাশ্মীৰত নিয়োজিত আৰু এটা এনডিআৰএফ বেটেলিয়ন আছে, যি প্ৰাকৃতিক দুৰ্য্যাগসমূহৰ সময়ত ইয়াৰ সক্ৰিয় ভূমিকা পালন কৰিছে। শ্ৰী নিত্যানন্দ ৰায়ে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে দেশখনৰ লগতে নিৰাপত্তা বাহিনীসমূহৰ স্বাৰ্থ সদায়েই মূল অগ্ৰাধিকাৰ হৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত চৰকাৰখনে নিৰাপত্তা বাহিনীসমূহ আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে একাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কৈছে যে অসম ৰাইফলছ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰহৰী আৰু বীৰত্ব আৰু সাহসিকতাৰ সমৃদ্ধ ইতিহাস সম্বলিত দেশখনৰ প্ৰবীণতম অৰ্ধসামৰিক বাহিনী। শ্ৰী ৰায়ে কয়, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে পাঁচটা অতিৰিক্ত বেটেলিয়ন গঠনৰ বাবে নীতি-গত অনুমোদন জনাইছে যাতে ফিল্ড পোষ্টিঙৰ পিছত জোৱানসকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে বন্ধুত্বপূৰ্ণ পৰিবেশত বসবাসৰ সুযোগ লাভ কৰিব পাৰে। এই কথা মনত ৰাখি চৰকাৰখনে অসম ৰাইফলছক এনডিপিএছ আইনৰ অধীনত ক্ষমতা প্ৰদান কৰিছে। ই এটা সুচিন্তিত সিদ্ধান্ত আছিল, যাৰ ফলত অসম ৰাইফলছে যোৱা বছৰত প্ৰায় ৪০ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী আৰু ড্ৰাগছ জব্দ কৰিছে।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীজনে কয় যে বাহিনীটোৰ গাঁথনিগত কাৰ্য্যকলাপ আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ উদ্দেশ্যেৰে নিয়োগ আৰু কেডাৰ পৰ্য্যালোচনাৰ অৰ্থে কাম অব্যাহত আছে। ২০০৩ ত পূৰ্বৱৰ্তী কেডাৰ সমীক্ষা সম্পন্ন হৈছিল, নতুন কেডাৰ সমীক্ষাই সময়ৰ প্ৰয়োজনীয়তা পূৰণ আৰু সাংগঠনিক দক্ষতাৰ অগ্ৰগতি সাধনত সহায় কৰিব। শ্ৰী ৰায়ে কয়, অসম ৰাইফলছৰ আধুনিকীকৰণৰ পৰিকল্পনাতো অনুমোদন জনোৱা হৈছে আৰু বৰ্তমানে ই ৰূপায়ণৰ পৰ্য্যায়ত আছে। ইয়াৰ লগতে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, যোগাযোগ ব্যৱস্থা, নিৰীক্ষণ আৰু প্ৰশিক্ষণৰ বাবে আন্তঃগাঁথনিও সুদৃঢ় কৰা হ'ব। শ্ৰী ৰায়ে কয় যে ক’ভিড-১৯ মহামাৰীটোৰদ্বাৰা সৃষ্ট প্ৰত্যাহ্বান সত্বেও, বাহিনীটোৱে ৫,১৯২ জন জোৱান নিয়োগৰে এক প্ৰশংসনীয় কাম সম্পন্ন কৰিছে। ইয়াৰোপৰি, ৪,০০০ জোৱানৰ নিয়োগ প্ৰক্ৰিয়া আগবাঢ়িছে।

শ্ৰী নিত্যানন্দ ৰায়ে কয় যে অসম ৰাইফলছে লিংগ সমতা আৰু মহিলা সবলীকৰণৰ অৰ্থে সমন্বিত প্ৰচেষ্টা কৰিছে যাৰ ফলশ্ৰুতিত ১,১৮৭ গৰাকী মহিলাক বাহিনীটোত অন্তৰ্ভুক্ত কৰা হৈছে। গৃহ ৰাজ্যমন্ত্ৰীজনে বাহিনীটোত মহিলা জোৱানৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশা ব্যক্ত কৰে। তেওঁ কয় যে কংগো গণতান্ত্রিক প্রজাতন্ত্রত মহিলা টীমৰ নিয়োজনে দেশখনক বিশ্বৰ এক মহাশক্তি হিচাপে গঢ়ি তুলিবলৈ আমাৰ আকাংক্ষাক সুদৃঢ় কৰিছে। ভাৰতে বহু বছৰ ধৰি ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাত বৰঙণি যোগাই অহাৰ লগতে অসম ৰাইফলছৰ ৰাইফলৱ’মেন টীমৰ সংযোজনে ৰাষ্ট্ৰ সমাজৰ প্ৰতি আমাৰ অংগীকাৰত আন এক সামাজিক আৰু মানৱীয় মাত্ৰা যোগ কৰে। মই এই সাফল্য সম্ভৱ কৰি তোলা সেই সকলো ৰাইফলৱ’মেনক অভিনন্দন জনাইছো আৰু ভৱিষ্যতে আৰু অধিক ভাল কাম কৰিব বুলি আশা প্ৰকাশ কৰিলো। মহিলা সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে অসম ৰাইফলছ প্ৰশংসাৰ যোগ্য, যি এই ৰাইফলৱ’মেনৰ দক্ষতাত প্ৰতিফলিত হৈছে।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীজনে কয় যে অসম ৰাইফলছৰ সকলো পদবীয়ে দেশখনৰ নিৰাপত্তাৰ বাবে একাধিক অসুবিধাৰ সন্মুখীন হ'ব লাগিব, সেয়েহে চৰকাৰখনৰ বাবে তেওঁলোকৰ কল্যাণ সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয়। ই ই-আৱাস পৰ্টেলৰ দৰে কেইবাটাও কল্যাণকামী আঁচনিৰ শুভাৰম্ভ কৰিছে যিয়ে জোৱানসকলৰ কল্যাণ নিশ্চিতকৰণৰ বাবে চৰকাৰখনৰ অংগীকাৰক প্ৰতিফলিত কৰে। চৰকাৰৰ "ভাৰত কে বীৰ" উদ্যোগে ২০১৬ ৰপৰা প্ৰাণ বিসৰ্জন দিয়া ৪৪ জন সাহসী জোৱানৰ পৰিয়াললৈ প্ৰায় ৫.৫৭ কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়াইছে। ইয়াৰোপৰি, বাহিনীটোত সেৱা আগবঢ়াই থকা আৰু অৱসৰপ্ৰাপ্ত জোৱানসকলৰ সন্তানৰ শিক্ষাৰ বাবে ব্যাপক সুযোগ প্ৰদান কৰিবলৈ, চৰকাৰখনে নিৰ্বাচিত চিকিৎসা মহাবিদ্যালয়সমূহত এমবিবিএছ/ বিডিএছ আসনত সংৰক্ষণৰ সুবিধা আগবঢ়াইছে, যিসমূহ বাহিনীটোৰদ্বাৰা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হৈছে।

শ্ৰী নিত্যানন্দ ৰায়ে কয় যে চিভিক একশ্যন প্ৰগ্ৰেমৰ অধীনত স্থানীয় নাগৰিকসকলৰ বাবে অসম ৰাইফলছে চিকিৎসা শিবিৰ, নাৰী সবলীকৰণ আঁচনি, ৰাষ্ট্ৰীয় একত্ৰীকৰণ ভ্ৰমণ আৰু অন্যান্য কাৰ্য্যকলাপ অব্যাহত ৰাখিছে। এইসমূহ উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক উন্নয়নৰ ভেটি প্ৰদানৰ অৰ্থে সমাজৰ দুৰ্বল শ্ৰেণীটোৰ বাবে অব্যাহত ৰাখিব লাগে। প্ৰায় ৩১ লাখ গছপুলি ৰোপণ কৰা হৈছে যি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ সকলো বাহিনীৰ ভিতৰতে সৰ্বাধিক। তেওঁ কয়, অসম ৰাইফলছৰ সকলো জোৱানকে ক’ভিড-১৯ টীকাকৰণৰ তিনিওটা পালি প্ৰদান কৰা হৈছে, এনেদৰে অতি কম সময়ৰ ভিতৰতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্ধাৰণ কৰা লক্ষ্যত উপনীত হোৱা গৈছে।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীজনে আজি অসম ৰাইফলছৰ ১৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কয়, মাতৃভূমিৰ সেৱাত নিয়োজিত এই বাহিনীৰ বীৰ জোৱানসকলক মই ক'ব খুজিছো যে চৰকাৰখনে সদায় তেওঁলোকৰ যত্ন ল'ব। তেওঁ কয়, শীঘ্ৰেই অসম ৰাইফলছ কেৱল দেশখনতে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়তো এক সৰ্বোচ্চ শক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি মই আশাবাদী।

 

***

NW/RK/AY/RR/SB



(Release ID: 1809529) Visitor Counter : 191


Read this release in: English , Urdu , Manipuri