আয়ুষ

‘ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠ’ৰ ২৫ সংখ্যক সমাৱৰ্তন উদ্বোধন কৰিলে আয়ুষ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে

Posted On: 11 MAR 2022 7:37PM by PIB Guwahati

আয়ুষ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি ‘ৰাষ্ট্ৰীয় আয়ুৰ্বেদ বিদ্যাপীঠ’(আৰএভি)ৰ ২৫ সংখ্যক সমাৱৰ্তন সমাৰোহখন আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে। আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ এক স্বতন্ত্ৰ বিদ্যায়তনিক প্ৰতিষ্ঠান ‘আৰএভি’-ৰ সমাৱৰ্তনখন উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰী শ্ৰী সোণোৱালে যুৱ বৈদ্যসকলক দেশৰ পৰম্পৰাগত চিকিত্সা পদ্ধতি আৰু জ্ঞানৰ উত্তৰণ, প্ৰচাৰ-প্ৰসাৰৰ লগতে ইয়াৰ সেৱাৰে সমগ্ৰ মানৱ জাতিৰ কল্যাণ সাধনত আত্মনিয়োগ কৰাৰ আহ্বান জনায়। নতুন দিল্লীত অনুষ্ঠিত সমাৱৰ্তন সমাৰোহখনত পৌৰহিত্য কৰে আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেশা আৰু বৈদ্য দেৱিন্দৰ ত্ৰিগুণাই।

ভাষণ প্ৰসংগত আয়ুৰ্বেদৰ উত্তৰণৰ বাবে কাম কৰি যোৱা ‘আৰএভি’-ক প্ৰশংসা কৰে মন্ত্ৰী শ্ৰী সোণোৱালে। ইফালে, উতসৰ্গিত মনোভাৱৰে সেৱা আগবঢ়োৱাই আয়ুৰ্বেদৰ ক্ষেত্ৰখনত ভাৰতক বিশ্বগুৰু হিচাপে প্ৰতিস্থা কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীকো মন্ত্ৰীগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে। তথ্য উল্লেখ কৰি তেওঁ, “বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ভাৰতত পৰম্পৰাগত চিকিত্সাৰ এটা বিশ্ব-কেন্দ্ৰ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তটোক আক্ষৰিক অৰ্থতে গৌৰৱৰ প্ৰসংগ” বুলি উল্লেখ কৰে।

‘ভিডিঅ’ কনফাৰেন্স’ ব্যৱস্থাৰে সমাৱৰ্তনত অংশগ্ৰহণ কৰা আয়ুষ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ মহেন্দ্ৰ মুঞ্জাপাৰাই তেওঁৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক আয়ুৰ্বেদৰ ক্ষেত্ৰখনত নতুন উদ্ভাৱন কৰাৰ বাবে নিজকে নিয়োজিত কৰাৰ আহ্বান জনায়।

অনুষ্ঠানত মন্ত্ৰী সোণোৱালে আয়ুৰ্বেদৰ উত্তৰণৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা দুই বৰেণ্য বৈদ্য ক্ৰমে বৈদ্য সুভাষ ৰাণাড়ে আৰু বৈদ্য তাৰাচান্দ শৰ্মাক ২০২১-২২ বৰ্ষৰ জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰে। তেওঁ ‘আৰএভি’ ১২ গৰাকী বৈদ্য আৰু ফেল’সকলকো সন্মানীত কৰে।

‘আয়ুষ মন্ত্ৰালয়’ৰ সচিবগৰাকীয়ে অনুষ্ঠানত দিয়া ভাষণত কয় যে বিগত সময়ত কেতিয়াও সম্পাদন নকৰা বহুবোৰ প্ৰকল্প সম্প্ৰতি ‘আৰএভি’-য়ে ৰূপায়ণ কৰিছে। তেওঁ আয়ুৰ্বেদৰ চৰ্চাত বুত্পত্তি অৰ্জন কৰা বিশিষ্ট ব্যক্তিসকলক শিক্ষকতাৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি অহাৰ বাবে গোঁহাৰি জনায়। ইয়ে, আয়ুৰ্বেদ প্ৰতিষ্ঠানসমূহত হোৱা শিক্ষক আৰু চিকিত্সকৰ অভাৱ পূৰণ কৰাৰ লগতে যোগান-শৃংখলৰ ক্ষেত্ৰতো ইতিবাচক সমাধানসূত্ৰ আগবঢ়াব বুলি তেওঁ আশা প্ৰকাশ কৰে।

সমাৱৰ্তন সমাৰোহত পৰামৰ্শদাতা আয়ুৰ্বেদ বৈদ্য মনোজ নেছাৰী, ‘এনচিআইএছএম’-ৰ অধ্যক্ষ বৈদ্য জয়ন্ত দেও পূজাৰী আৰু ‘আৰএভি’-ৰ সঞ্চালক বৈদ্য অনুপম শ্ৰীবাস্তৱ, ‘এইমছ, জম্মু’-ৰ সঞ্চালক ড০ শক্তি কুমাৰকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

***

SK/KB



(Release ID: 1805680) Visitor Counter : 109


Read this release in: English , Urdu , Hindi