প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 14 FEB 2022 10:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৯ চনৰ আজিৰ দিনটোতে সংঘটিত পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দেশৰ প্ৰতি তেওঁলোকৰ অনবদ্য সেৱাৰ স্মৰণ কৰে৷

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

“২০১৯ চনৰ আজিৰ দিনটোতে সংঘটিত পুলৱামা আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দেশৰ প্ৰতি তেওঁলোকৰ অনবদ্য সেৱাৰ স্মৰণ কৰিছো৷ তেওঁলোকৰ সাহস আৰু সৰ্বোচ্চ ত্যাগে এখন শক্তিশালী আৰু সমৃদ্ধিশালী দেশৰ বাবে কাম কৰিবলৈ প্ৰতিগৰাকী ভাৰতীয়ক প্ৰেৰণা যোগায়৷”

***

DS/SH/DB



(Release ID: 1798454) Visitor Counter : 133